পৃষ্ঠা:নক্সা.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
নক্সা

( ৭ )


কৃষ্ণা একাদশী তিথিত
 দেখি ‘দেউৰ’ লৰালৰি
কত পতিত যজমান শ্ৰাদ্ধ
 পাকতে থব অন্ত কৰি।

(৮)


দক্ষিণাৰ গোন্ধ্‌ পালেই তেওঁ
 বতাহ বৰষুণ এফালকৈ
নিশাৰ নিশায়ে দেও দি দি
 দানৰ কড়ি গোটায় গৈ।

( ৯ )


লৰা জন্মিলে বেজাৰ মনত
 ছোৱালীত কিন্তু নথৈ ৰঙ্‌
পাঁচ বছৰীয়া নৌ-হওঁতেই
 ধন সাঁচিব সাজে টঙ্‌।

(১০)


নাচাই পাত্ৰক যোগ্যাযোগ্য
 বুকুৰ দেৱীক অকালতে
ডাকত বিকি আদহীয়াত
 গোটাই লয় ধন ইচ্ছা মতে।