পৃষ্ঠা:নক্সা.djvu/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
নক্সা


(১৮)

যি দেশৰ আজি ধৰ্ম্ম সমাজতো
এনে বেমেজালী অন্যায়াচাৰ
সেই দেশ যে ভাই! তললৈ নাবাব
কোৱা কিটো যাব কৰি বিচাৰ?

হাজো।
৩।২।২৩ ইং


মহৎবাণী।

গাই সমসুৰে জাতীয় সঙ্গীত
সত্যৰ পতাকা হাতত লৈ
কৰ্চ্চুট, কপট, বাদ-বিসম্বাদ
তিয়াগী ওলোৱা আগুয়ান হৈ।
শুনা কান পাতি মোহন সুৰত
বাজিছে অপূৰ্ব্ব কি ঐক্য বীণ্‌!
ই টানত যেন সাজু মহাবিশ্ব,
প্ৰেম-সাগৰত যাবলৈ লীণ্‌!
ভ্ৰাতৃ-প্ৰণয়ত পৰস্পৰে সৌ
বিনয় বচনে সদ্ভাষা কৰি
বিলাইছে হৃদয় কেনে প্ৰীতি ভাৱে
পবিত্ৰ মহান্‌ আদৰ্শ ধৰি।