পৃষ্ঠা:নক্সা.djvu/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
নক্সা৷

( ৭ )


কলিকতিয়া বাবু ভায়াৰ
 নহল অলপো চূৰ্ত্তিগা’ত
তোমাৰ হাতত গা ঢালি দি
 জিৰনী লৈছে সুখ শয্যাত!

( ৮ )


তুমি কিন্তু ছেগ্‌ চাই আছা
ছেগ্ পালেই দিবা লাফ্‌
গা’ৰ মলি ধুই গঙ্গা জলত
হৈ পৰিবা তেনেই চাফ্‌।

( ৯ )


শ্ৰমতে শ্ৰীসম্পদ বাঢ়ে
শ্ৰমীৰ আসন ওপৰ ঠাইত
এলাহ সাৱটি গা’ ঘেলালে
 শোক-সন্তাপ পায় যথোচিত।

কলিকতা।
৮৷১২৷২২ ইং