পৃষ্ঠা:নক্সা.djvu/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
নক্সা

( ৩ )


আছিল বপুৰা তেনেই দুখীয়া
 ভাতে কাপোৰে হীণ্‌!
বাটৰুৱা যি সিও এদিনা
 কৰিছিল তাক ঘিন্!

( 8 )


‘কেন্দু কোনাৰ’ পেটুৱা’ কমাৰে
 গঢ়াই কুঠাৰ ফাল
গাওঁৰ জতুৱা হালোৱাইক দি
 পায় ধান-চাউল গাল।

( ৫ )


উপায় ৰহিত ছাগুৰায়ে এই
 কমাৰৰ ভাতি টানি
কোনোও মতে পেট্‌টি পোহে
 ৰোজ-গুজৰাণ্‌ আনি

( ৬ )


এনেকৈ সি ভালে মান দিন
 খাটি ইয়াতে ভাই!
কাঢ়ি ললে নিজ গুৰুৰ বিদ্যা
 কামৰ আও ভাও চাই।