পৃষ্ঠা:নক্সা.djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নক্সা

( ৬ )


ঘৰে ঘৰে ‘ঝি’ চাক্‌ৰাণী
 মহিমা সিহতৰ কোনে পায়?
কাউৰীৰ লগত অহা-যোৱা
 আঁটি গুৰিৰ সুং সুতা নাই।

( ৭ )


মানুহ-গাৰীৰ হেদোঁল দোপত
 বাটেৰে খোজ পোৱাতো টান্‌।
গাঁথি কটাৰ ভয়ত আকউ
 থাকিব লাগে সাৱধান!!

( ৮ )


বিনা কামে ইয়াত টিকিব নোৱাৰি
 কামেহে মিলায় পেটৰ ভাত,
নীচেই অকণ তৃণ ডালিৰো
 বন্ধা আছে মূল্য গা’ত।

(৯)


পিন্ধা উৰাৰ ধূণ-পেচ চাই
 ‘সু’ ‘কু’ মানুহ ঠাৱৰা টান্‌
ভালটি বোলাই খোজ পেলালে
 লাভৰ ঘৰত হয় লোক্‌চান!