কমতাপুৰ ধ্বংস কাব্য আৰু বিৰহিণী বিলাপ কাব্য/বিৰহিণী বিলাপ কাব্য/প্ৰথম সৰ্গ

ৱিকিউৎসৰ পৰা

[ ১৭৭ ]

বিৰহিণী বিলাপ কাব্য।

⸻⸻

প্ৰথম সৰ্গ।

⸺০০০⸺

সখী

“মম মৰণমেব বৰমতিবিতথ কে'তনা।
কিমিহমিষহামি বিৰহানলমচেতনা॥
মামহহ বিধুৰয়তি মধুৰ মধু যামিনী।
কাপি হৰিমনুভবতি কৃত সুকৃত কামিনী॥
অহহ কলয়ামি বলয়ামি বলয়াদি মণিভূষণং।
হৰি বিৰহদহন বহনেন বহু দূষণ॥
কুসুমসুকুমাৰতনুমতনু শৰ লীলয়া।
স্ৰগপি হৃদি হন্তি মামতি বিষমশীলয়া॥"
   ⸻⸺জয়দেৱ।

[ ১৭৮ ]
(ক)
সখি! কিনো ক’ম আৰু মোৰ দুখ!

নহ’ল যে মোৰ সংসাৰত সুখ॥

মই যে তাপিনী ঘৰতো অকল

লগত নাট যে কোনো!
পালেহি বাৰিষা স্বামী গুছি গ’ল
তাকে দিনে ৰাতি গুণো॥

সখি! আজি মোৰ জনমিছে ভয়,

অথিৰ অবিৰ পৰাণ হৃদয়!

গৰজিছে মেঘ ঘোৰ গৰজনে,

কঁপিছে হৃদয় মোৰ!
থমকি থমকি নাচিছে বিজুলী
ল’ৰিছে পৰণ-জোঁৰ॥

দুষ্ট মউপীয়া ‘পিউ পিউ’ কৰি

দহিছে অন্তৰ আজি!
জলা অগণিত আহুতি ঢালিছে
বনৰ দুৰন্ত পখী!

⸺÷♦÷⸺
[ ১৭৯ ]
(খ)
সখি ঐ!

  নপৰে দুখৰ ওৰ, ভৰা বাৰিষাৰ
  এনুৱা কালত স্বামী শূণ্য ঘৰ মোৰ।

  কোৱ-মুৱা মেঘে গাজে দিনে নিশা

  বৰষে বাৰিষা পানী;
  স্বামী বিদেশত, বিৰহৰ জুয়ে
  দহিছে হৃদয় খনি!

  মেঘেৰে সইতে নাচিছে বিজুলী

  ম’ৰাই ধৰিছে ছালী;
  ভেকুলীয়ে মাতে, মাতে দাউকীয়ে,
  তিতিছে শুকান বালী।

  সখি ঐ! ইয়াকে দেখি শুনি মোৰ

  জ্বলিছে বুকুত জুই;
  পোঁৰে হিয়া খনি নাপাওঁ তৰণী
  মাটীয়ে বালীয়ে শুই!

⸺÷♦÷⸺


(গ)
সখি ঐ!

  অভাগিণী মোৰ সুখ নহ’ল!
  স্বামীকে ভাবোতে জীৱন গ’ল;

[ ১৮০ ]
  বাটলৈ চাওঁতে বিষালে চকু

  বিৰহৰ জুয়ে পুৰিলে বুকু।

  “শীঘ্ৰে আহোঁ” বুলি পলালে স্বামী,

  নুশুনিলে ৰাধা, বুলিলো কান্দি॥

  প্ৰেম ভালপােৱা পাহৰি গ'ল,

  অভাগীৰ আশা মনতে ৰ'ল!

  যত দুখ মােৰ কিমানে ক’ম!

  নলওঁ যে আৰু নাৰী জনম॥

(ঘ)
সখি ঐ

  পৰিছোঁ পাৱত, কোৱাঁছোন মােক
  কলৈনো যে গল’ স্বোৱামী ধন?
  বিৰহৰ জুয়ে দহে ঘনে হিয়া
  পুৰিহে ই দেহা শুকান বন॥

  মােৰ প্ৰাণস্বামী কিহত ভুলিলে?

  পালেগৈ ক’ত কেনে সুন্দৰী?
  কোন সেই নাৰী নাৰীৰ কলঙ্ক,
  অভাগীৰ ধন ৰাখিলে ধৰি?

[ ১৮১ ]
নতুন তিৰুতা পাই মোৰ স্বামী

নতুন প্ৰেমৰ ভুঞ্জিছে সুখ।
কিন্তু যে অভাগী কান্দিছোঁ বাগৰি
নেদেখি স্বামীৰ সুন্দৰ মুখ॥

নিয়াঁ শোলোকাই কানৰ থুৰিয়া

নিয়াঁ শোলোকাই হাতৰ খাৰু;
মণি বিৰি মোৰ নিয়াঁ শোলোকাই
অলঙ্কাৰ সখি! নিপিন্ধোঁ আৰু॥

যদি বা দাসীক ত্যজিলে স্বামীয়ে

কিনো কাম আছে লাহত মোৰ?
কপালৰ ফোঁট দিয়াঁ মছি সখি!
জন্মিছে মনত কেলেশ ঘোৰ॥

লই যোৱাঁ মোৰ ধন অলঙ্কাৰ,

নইৰ সোতত দিয়াঁ উটাই।
নালাগে নিপিন্ধো আৰু সাজ-পাৰ
লাহ-বিলাহত সকাম নাই॥

⸺÷♦÷⸺


(ঙ)

দিন গ’ল, সন্ধ্যা হ’ল,
লাহে লাহে পখী গ’ল,

[ ১৮২ ]

 ক’লিম’লী নিশা আহে মাৰি ক’লা ধুন!
 ক’তা?—তেওঁ নাহিল দেখোন?

 গাভৰু ছোৱালী মই

 কিৰূপে সহিম ঐ?
 হৃদয়ৰ জ্বল জুই বিৰহ-যাতনা?
 নাহিল দেখোন তেওঁ?— সখি! কি ছলনা?

 পৰাণ সঁপিলে যাত নাহিলে উলটি তেওঁ,

 হৃদয়ৰ দুখ মোৰ ক’তা বুজিলে কেও?

(হায়!) কতদিন কত ফুল তুলিছিলো কোছ ভৰি

 তেঁওক পিন্ধাম বুলি অতি হাবিয়াস কৰি॥

 কিন্তু মোৰ সেই ফুল শুকাল!—-শুকাল।

 নাপালো পিন্ধাব মোৰ কপাল!-কপাল।

⸺÷♦÷⸺


(চ)

সখি ঐ! কেতিয়া আহিল স্বামী?
 ইপৰ সিপৰ কৰি দিনটো কটালো সখি!
 এদিন দুদিন কৰি পঠিয়ালো মাহ;
 এমাহ দুমাহ কৰি বছৰো যে গ’ল গুছি

[ ১৮৩ ]

 বছৰ বছৰ কৰি যুগ পালে নাশ!
 নাই আৰু সখি। মােৰ জীৱনত আশ!

 এনুৱা বয়স যদি বিৰহতে যায় সখি!

 কি কৰিম পাছে আৰু প্ৰাণ পতি লই

 কি দিন কি ৰাতি সখি! ত'কে ভাবো মই॥
⸺·×·⸺


(ছ)
সখি ঐ!

 নজনা আছিলাে,
 ভালেই আছিল,—
 সুখৰ হেপাহ নাছিল মােৰ!
 নিচিনো স্বোৱামী,
 প্রণয় নুবুজোঁ,
 অজলা ভাবত আছিলো ভােৰ॥

 হৃদয় পদুম আছিল অফুলা,

 নিচিনো ভােমােৰা কেনুৱা ধন!
 কাল পাই সখি! ফুলিল পদুম,
 পৰিল ভােমােৰা, প্রেমিক মন॥
(কিন্তু) লুটুৰা ভোমােৰা যাতেই চঞ্চল!
 পদুমৰ মধু পদুমে থই,

[ ১৮৪ ]

কেতেকী ফুলত মধু আশা কৰি

পৰিল ভােমোৰা পগলা হই॥
⸺·×·⸺


(জ)
মনৰ বেদনা সখি! মনতে থাকিল মােৰ

হৃদয়ৰ জুই ৰ’ল হৃদয়তে জ্বলি!
অকলে যেতিয়া মোক যায় এৰি থই তেওঁ,
একোকে নহ’ল কোৱা কওঁ—কওঁ বুলি॥
২কওঁ-কওঁ বুলিছিলাে, ক’ব হায়! নােৱাৰিলো,
লাজে ধৰিলেহি আগভেটি!
অন্তৰৰ কথা একো নােলাল নিচেই সখি!
কথা মােৰ হ’ল লেটিপেটি!!
৩তেওঁৰ মুখলৈ চাই কতনো কান্দিলো সখি!
নামানিলে তেওঁ, কিন্তু গ’ল প্ৰবাসত!
লাজৰ সন্মান ৰাখি দুৰ্ঘটনা হ'ল মােৰ
জ্বলিছে অগনি আজি হিয়াৰ মাজত॥
৪পুৰিছে অন্তৰ মোৰ নাথাকে পৰাণ সখি!
কোমল ছোৱালী আৰু সহিম কতনা?
কাকনো বুলিম সখি, কোনেনো শুনিব ঐ?

কোৱাঁ সখি কি ৰূপেনো গুছাও যন্ত্ৰণা?
⸺·×·⸺
[ ১৮৫ ]
(ঝ)
সেই মুখ খনি সদাই মনত

পৰে মােৰ সখি! তোমাৰে শপত।

ভূলে ভূলাে বুলি খােজোঁ ভূলিব,

যাতনাতে প্ৰাণ খোজে মৰিব।

ভাবোঁ মনে মনে কাজ কাম কৰোঁ,

তেওঁৰ নামটো আৰু নুসুমৰোঁ।

কিন্তু সখি! মনে নামানে একো,

সি হেতু সদাই ভাবিয়ে থাকোঁ
সেই বুলি সখি? লাগে বৰ দুখ,—
যাৰ নিমিত্তেই পাওঁ অত শোক,—

তেওঁ যে নাচায় চকু ফুৰাই,
সি দুখত মাথোঁ কান্দো বীনাই।
⸺·×·⸺
(ঞ)

সখি ঐ!
 যেই দিনা তেওঁ
 যায় প্ৰবাসত,
 কান্দিলো বহুত মই।
 চিয়ঁৰি চিয়ঁৰি

[ ১৮৬ ]

ইনালো বীনালো
আউলী-বাউলী হই॥

হাত দি মুৰত শপত কৰিলে,

সাদৰে মােলই চাই,—
কিন্তু কোৱাঁ সখি! কিয়নো পুৰুষে
শপত পাহৰি যায়?

বাটলৈ চাওঁতে হিয়া বিয়াকুল

পালেহি বসন্ত কাল;
কুউ কুউ কৰি কুলিয়ে মাতিছে,
উৰিছে পখিলা হাল॥

গুজৰে ভোমোৰা, বলিছে মলয়া,

হাঁহিছে প্ৰকৃতি সতী;
এনুৱা কালত কোনে ধৰি ৰাখে

মােৰ পৰাণৰ পতি?
⸺·×·⸺
(ট)

সখি ঐ।
 কিৰূপে সহিম মই
 বিৰহ বিকাৰ?
 জীবন মৰণ মােৰ দুয়োটা শঙ্কট হ’ল,

[ ১৮৭ ]

দিয়াঁ বুদ্ধি, কিনো কৰোঁ?
কৰাঁ সখি! উপকাৰ। .

যাৰ নাম দিনে ৰাতি

নুগুছে মনৰ পৰা,—
যাৰ ভাল পােৱা সখি! সোঁৱৰোঁ সদাই,—
বিৰহ-সাগৰ-মাজে
যাৰ মিলনৰ আশে
দুখে শােকে আছোঁ সখি! আজিও জীয়াই॥

মৰিলে যে সেই মুখ

(তেওঁৰ অমিয়া মুখ)
নাপাওঁ দেখিব’ আৰু এই জনমত।
সেই ভয়ে হায় সখি!
নোখোজে মৰিব প্ৰাণি,
কান্দো সিকাৰণে আজি তােমাৰ আগত
৪কি ৰূপে বা ৰাখোঁ প্ৰাণ!
জ্বলিছে বিৰহ জুই,
পুৰিছে হৃদয় মােৰ শুকান বননী।
প্ৰেম সাগৰত সখি!
উঠিছে বিৰহ-ঢউ

কৰিছে আকুল মােক নাপাওঁ তৰণী॥
⸺·×·⸺
[ ১৮৮ ]

সখি ঐ!
 বিদৰে হৃদয় হায়!—
 কিৰূপে সহিম?
 তেওঁৰ বিৰহে প্ৰাণ কি কৰি ৰাখিম?

 স্বামীৰ বিৰহ বাণ ব্যাকুল কৰিছে প্ৰাণ

 তেঁওৰ সুন্দৰ মুখ নােৱাৰি ভূলিব,—
 তিয়াগি তেঁওক সখি!
 নােৱাৰি থাকিব॥

 প্ৰাণ যদি যায় সখি! তাত একো নাই হানি;

 যদিহে এবাৰ পাওঁ দেখা সেই মুখ খনী॥

 প্ৰণয় ফাঁহেৰে বান্ধি আকাশৰ জোন ধৰি,

 পিম সখি! প্ৰেম শুধা,— ভালপােৱা দিম,—
 কলৈকো নিদিওঁ যাব,

 ঘৰতে ৰাখিম॥
⸺·×·⸺
()

সখি ঐ!
 পুৰুষৰ কেনুৱা হৃদয়?
 তিৰুতাৰ প্ৰাণ সখি! বধিবৰ কাৰণে কি

[ ১৮৯ ]

 ‘পুৰুষ জনম’ পালে
 পুৰুষ নিৰ্দ্দয়?

 এয়েকি তেঁওৰ কাম

 চুৰ কৰি মন প্ৰাণ,
 মিছা-মিছি প্ৰণয়ৰ চিন দেখুৱাই
 অৱশেষে ৰমণীক দিব উটুৱাই,

 বিৰহৰ সাগৰত

 নৈশ বিৰাজে যত,
 হয় য'ত জলা-কলা ৰমণী হৃদয়?

 জানিলো আজিহে সখি! পুৰুষ নিৰ্দ্দয়॥
⸺·×·⸺
(ঢ)

সখি ঐ।
 আছিল যি হিয়া মােৰ, ইন্দ্ৰৰ নন্দন বন,
 নিতে হাঁহিছিল,
 মউসনা ভাল পােয় মন্দাকিনী নই, সখি!
 ধীৰে বলিছিল॥

 ভাগিল হৃদয় সেই,

 শুকাল প্ৰেমৰ নই,
 ‘আকাশ কুসুম’ সখি! সৰি সৰি গ’ল!
 কোৱাঁ সখি! কোৱাঁ মােৰ কিহত কিবাটো হ’ল?

[ ১৯০ ]
এই যে আকউ সখি! কত আশা আহিছে!

মিলন পিয়াহে মোক বিয়াকুল কৰিছে!!

সপোন দেখাৰ দৰে

কত যে প্ৰেমৰ কথা,
কৰবাৰ পৰা আহি বিয়াপিছে হৃদয়ত;
কিমানে বৰ্ণাম সখি! অকাঁ আছে হৃদয়ত॥

সেয়া যে কুলিয়ে সখি! গাইছে গছত গান,—

ব্যাকুল কৰিছে মোৰ ঘনে ঘনে মন প্ৰাণ॥

আকাশত জোনে সখি! হাঁহিছে আনন্দ মনে,—

বাজিছে কিন্তু ঐ সখি!—শেল মোৰ প্ৰাণে ঘনে॥


কমতাপুৰ ধ্বংস কাব্য (page 190 crop)
কমতাপুৰ ধ্বংস কাব্য (page 190 crop)