কমতাপুৰ ধ্বংস কাব্য আৰু বিৰহিণী বিলাপ কাব্য/বিৰহিণী বিলাপ কাব্য/দ্বিতীয় সৰ্গ
⸺·×·⸺
(সূৰ্য)
যিটী গ’ল, ক’তা? আৰু নাহিল দেখোন?
মিছাতে আহিব বুলি ভাবিছোঁ মাথোন!
পশ্চিম-পৰ্ব্বত-পিনে
যোৱা তুমি সন্ধিয়াত, আহা পুঁৱা হ’লে,
কিন্তু মোৰ যিটী গ’ল কিয়নো নাহিলে?
নেদেখি পৰাণ যায়!)
তোমাৰ পোহৰে দেৱ! দেখোঁ ত্ৰিভূবন! —
কিয়নো নেদেখো মাথোঁ স্বোৱামী ৰতন?
পোহৰাঁ পাতাল ভূমি,
স্বৰগ পোহৰাঁ,—কৰাঁ উজ্জল সংসাৰ!
হৃদয় কিয়নো মোৰ দোৰ্ঘোৰ এন্ধাৰ?
তুমি পাত্-পাত্ কৰি
ত্ৰিজগত আছা ঘুৰি,
দেখিছা সকলো ঠাই, জগতৰ প্ৰাণী,
(চন্দ্ৰ)
পৰাণ-শীতল-কাৰী, শাঁত কৰে মন।
শান্তি দাতা, মনোহৰ,
প্ৰেমিক-প্ৰেমিকা নাচে তোমাক দেখিলে;—
কোৱাঁ দেৱ! কোৱাঁ মোৰ প্ৰাণ কিয় জ্বলে?
মই কিয় পাওঁ দুখ?
কিয় কান্দে প্ৰাণ মোৰ দেখি তযু মুখ?
তোমাৰ হাঁহিত মই কিয় পাওঁ দুখ?
নিষ্কলঙ্ক, সুধাকৰ!—
লোকে কয়,—তুমি বৰ কোমল হৃদয়!
মাথোঁ পৰ দুখে হাঁহা, পালো পৰিচয়!
তুমি কঠিন হৃদয়,—
নিৰ্দ্দয় তোমাৰ মন,—কৰা উপহাস
অভাগিণী তিৰুতাক!—“চাবাছ! চাবাছ!”
স্বভাব চঞ্চল বৰ,—
মিচিকীয়া হাঁহি তযু নাথাকে সদাই,—
আউশীৰ অন্ধকাৰে পেলাব লুকাই!
শুৱণী গোলাপ পাহি,
কিন্তু তুমি সেই হাঁহি পাবা ওলোটাই;–
কোৱা দেৱ! স্বোৱামীক পামনে ঘুৰাই?
প্ৰাণৰ প্ৰণয়ী মোৰ?
পামনে তেতিয়া দেৱ! স্বোৱামী প্ৰাণৰ?
যেতিয়া ঘূৰাই পাবা হাঁহিটী নিজৰ?
কিয়নো হাঁহিছ তই, স্বৰগৰ তৰা
মৃদু মিচিকীয়া হাঁহি?
কিয়নো মাৰিলি ঠাহি
হৃদয়ত শেল মোৰ? কিয় জুই দিলি?
উপহাস তই মোক কিয়নো কৰিলি
মুখ হাঁহিমুৱা কই,
বিদ্ৰুপি হাঁহিলি মোক অনন্দ মনত!
জানিলো আজিহে,—দুষ্ট থাকে স্বৰগত!
মোৰ এই বুকু হায়!
বিৰহ যাতনা পাই
কি ৰাতি কি দিন চকু-পানীৰে তিতিছে।
মোৰ দুখ দেখি আজি জগতে কান্দিছে!!
বুৰাইছোঁ খাল খোৰ,
কিন্তু হায় তৰা। তই বিদ্ৰূপি হাঁহিছ!
মাৰি মিচিকিয়া হাঁহি ৰঙ্গেৰে চাইছ!!
কোমলালে টান মাটি,
নোৱাৰিলে মাত্ৰ তোৰ কোমলাব মন!
কৰিলি দুগুণে মোৰ হৃদয় দহন!!
তৰা! নিৰদয় তই,
শোক সাগৰত মোক দিলি ওপঙ্গাই!
জানিলো, দয়ালু লোক আকাশতো নাই!!
সেই তৰ। কলফনি
এনে তৰালই কাৰ ভকতি ওপজে?
এনুৱা তৰাক কোনে তৰা বুলি ভজে?
পাছে উপহাস কৰে,
এনুৱা তৰাৰ হাঁহি কোনে হাঁহি বোলে?
এনুৱা হাঁহিত হায়! কাৰ মন ভুলে?
এই শোক সদাই সহিম,
কি দিনত, কি ৰাতিত,
কি শোৱা ধাৰি পাটীত,
হৃদয়ত এই শোক থাকিবই জ্বলি!
ভাল, স্বৰগৰ তৰা! আজি শোক দিলি॥
মোৰ যেৱে যাব জীৱ,
একেবাৰে শোক ভূমি পৃথিবীক এৰি!
বিজুলী।
কিয়নো হাঁহিছ, ৰাঙ্গলী বিজুলী!
নীলা আকাশত তই?
তইতো নহৱ জীয়াৰী ছোৱালী,
ইমান হাঁহিবি, হঁই?
তো-দৰে নাহাঁহে কেও!
কচোন, বিজুলী! এনে হাঁহি তোক
শিকালে কোনেনো, তেও?
নকৰে ইদৰে ৰঙ্গ!
যদিওবা হাঁহে, তেতিয়াই এৰে
দেখিলে স্বামীৰ খঙ্গ!!
কিয় অত হাঁহ তই?
দাঁত উলিয়াই হাঁহ ঘনে ঘনে,
লাজ নালাগেনে, হঁই!
নহয় মাৰৰ ঘৰ!
শাহ শহুৰৰ আগতে হাঁহিছ
তইতো নীলাজী বৰ!!
নাপাৱ অলপো লাজ।
জানো বিধতাই চৰজিলে তোক
পিন্ধাই নিলাজী সাজ!!
বাৰিষা কালৰ মেঘ।
তোক হঁহা দেখি খঙ্গেৰে গজিছে
ৰখা অ’ হাঁহিৰ বেগ॥
নুশুন মেঘৰ হাক!
মোৰে মূৰ খাব, কছোঁ বাৰু মোক,
ভাল কি নাপাৱ তাক?
গুঁজৰি গামৰি মেঘ!
তথাপিতো তই অলপো নৰৱ,
নাৰাখ হাঁহিৰ বেগ!
ততই হাঁহিছ তই!
আপোনাৰ স্বামী ইমান বাঁধিছে,
ভয় নালাগেনে হঁই?
বৰ ৰঙ্গ পাৱ? সি কাৰণে হাঁহ তই?
অইনে কান্দিলে হাঁহ খেক্ খেক্,
এনে নিদাৰুণী হঁই?
হাঁহিছ মাথোন তই?
বাৰিষা কালৰ ক’লা মেঘে সতে
ভুমুক-ভুমুকি কই?
নালাগিলে বেয়া তোৰ?
হিয়াখনি নেকি শিলেৰে বন্ধোৱা
অন্তৰ বন্ধোৱা লোৰ?*
- লোৰ অৰ্থ লৌহ নিৰ্মিত।
আইৰ কোলাত শুই,
নীলা আকাশত ফেলেক-ফেলেক
হাঁহি যে আছিলি তই!
আয়ে নিচুকাইছিলে,
নাকান্দিবি আক, সৌৱা আকাশত
চাছোঁ ৰঙ্গা জীবা জ্বলে॥
চেলেকি খাইছে পানী!
“নাকান্দিবি আাৰু, নাকান্দিবি, আই।
তোকো লই যাব টানি॥”
কথাটী মিছা নহয়।
সঁছাকৈয়ে তই সঁছা ৰাক্ষসিণী,
ভালেতো নিৰ্দ্দয়া তই?
এনে দয়ামায়া হীন;
নিশ্চয় জানিলো তই ৰাক্ষসিণী,
পালো আজি তোৰ ছিন॥
পাই ছ অপোন পতি,
কেনুৱা বিৰহ বিচ্ছেদ-যন্ত্ৰনা,
নাই পোৱা একো এটী॥
হাঁহিছ ভৰাই প্ৰাণ!
বিষম চক্ৰত পৰি কন্দা নাই,
নুবুজ শোকৰ গান॥
(কিন্তু) সদাইতো মেঘ নাথাকে বিজুলী,
এদিন কান্দিবি তই!
এতিয়া নাকান্দ মোৰ কান্দোনত,
(মাৰ-যাওঁ-যাওঁ-হোৱা বেলি)।
হঁহুৱাই কন্দুবাই
গোটেই দিনতে তুমি
গোটেই জগত খনি, হায় দিবাকৰ!
অস্ত আচলত গই
শুইছা এতিয়া তুমি,
লুকাইছা নিজ ৰূপ ৰূপহ সুন্দৰ॥
বিৰহিণী অভাগীক?
পৰি আছে কান্দি কাটি নইৰ পাৰত।
নেদেখি প্ৰাণৰ পতি
জ্বলিছে বুকুত জুই,
হিয়া ঢাকুৰিছে আজি পৰি বিৰহত!
হৃদয়-বীনাৰ তাঁৰ,
ঝংকাৰ নীৰৱ যেন হ'ল একেবাৰে॥
জীৱন হইছে জানো
“চাহাৰা” মৰুভূমি,
প্ৰেমৰ সাগৰ জানাে ভৰা বলুকাৰে!!
ৰ’বাছোঁ খন্তেক তুমি,
ৰ’বাছোঁ অলপ, হেৰা কালৰ কিঙ্কৰ!
নৰ’লা অলপো তুমি?
নুশুনিলা কথা মােৰ?
নাই পােৱা জানাে তুমি দুখ বিৰহৰ?
যােৱাঁ বাৰু, দিবাকৰ!
নৰ’লা অলপাে তুমি?
যােৱাঁ তুমি যোৱাঁ গই চিৰ কাললই!
নেদেখো আকউ যেন
পূৱ ফালে দি তােমাক,
নােলােৱা আকউ তুমি যেন ৰঙ্গা হই॥
বাৰিষা কালৰ মেঘ!
শুনিছোঁ দেখােন মই,
কটকী আছিলি বােলে
তই তাহানি কালত।
চিত্ৰকুট পৰ্ব্বতৰ
বিৰহ ব্যাকুল যক্ষে
পঠিয়াইছিলে বােলে
তােকে প্ৰিয়াৰ কাষত?
সেই মেঘ? লই বাৰু
কালিদাসে “মেঘদূত”
কাব্য কৰিলে ৰচনা?
যদি হৱ, তেনে মেঘ!
কৰ মোকো উপকাৰ,
অথিৰ কৰিছে মোকো
তেনে বিৰহ যাতনা !
স্বামীৰ আগত গই,
“যুগমীয়া কৰি প্ৰাণ
তেওঁতে অৰ্পিছোঁ মই ।
কবি মই মোৰ কথা
(শুনি জানো লাগে বেথা)
অকলে কান্দিছো মই
চকুলো দুধাৰি লই॥
* * *
অাৰু ক’বি (ক’লো তোক,)
বোলে, কিয় দিছে শোক?
ক’বি তই, অভাগিনী
মৰে প্ৰাণ এৰি থই॥