পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/১৭৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


(ক)
সখি! কিনো ক’ম আৰু মোৰ দুখ!

নহ’ল যে মোৰ সংসাৰত সুখ॥

মই যে তাপিনী ঘৰতো অকল

লগত নাট যে কোনো!
পালেহি বাৰিষা স্বামী গুছি গ’ল
তাকে দিনে ৰাতি গুণো॥

সখি! আজি মোৰ জনমিছে ভয়,

অথিৰ অবিৰ পৰাণ হৃদয়!

গৰজিছে মেঘ ঘোৰ গৰজনে,

কঁপিছে হৃদয় মোৰ!
থমকি থমকি নাচিছে বিজুলী
ল’ৰিছে পৰণ-জোঁৰ॥

দুষ্ট মউপীয়া ‘পিউ পিউ’ কৰি

দহিছে অন্তৰ আজি!
জলা অগণিত আহুতি ঢালিছে
বনৰ দুৰন্ত পখী!

⸺÷♦÷⸺