পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/১৮৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
১১
প্ৰথম সৰ্গ ।

দিয়াঁ বুদ্ধি, কিনো কৰোঁ?
কৰাঁ সখি! উপকাৰ। .

যাৰ নাম দিনে ৰাতি

নুগুছে মনৰ পৰা,—
যাৰ ভাল পােৱা সখি! সোঁৱৰোঁ সদাই,—
বিৰহ-সাগৰ-মাজে
যাৰ মিলনৰ আশে
দুখে শােকে আছোঁ সখি! আজিও জীয়াই॥

মৰিলে যে সেই মুখ

(তেওঁৰ অমিয়া মুখ)
নাপাওঁ দেখিব’ আৰু এই জনমত।
সেই ভয়ে হায় সখি!
নোখোজে মৰিব প্ৰাণি,
কান্দো সিকাৰণে আজি তােমাৰ আগত
৪কি ৰূপে বা ৰাখোঁ প্ৰাণ!
জ্বলিছে বিৰহ জুই,
পুৰিছে হৃদয় মােৰ শুকান বননী।
প্ৰেম সাগৰত সখি!
উঠিছে বিৰহ-ঢউ

কৰিছে আকুল মােক নাপাওঁ তৰণী॥
⸺·×·⸺