সমললৈ যাওক

পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/১৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বিৰহিণী বিলাপ কাব্য।

 ক’লিম’লী নিশা আহে মাৰি ক’লা ধুন!
 ক’তা?—তেওঁ নাহিল দেখোন?

 গাভৰু ছোৱালী মই

 কিৰূপে সহিম ঐ?
 হৃদয়ৰ জ্বল জুই বিৰহ-যাতনা?
 নাহিল দেখোন তেওঁ?— সখি! কি ছলনা?

 পৰাণ সঁপিলে যাত নাহিলে উলটি তেওঁ,

 হৃদয়ৰ দুখ মোৰ ক’তা বুজিলে কেও?

(হায়!) কতদিন কত ফুল তুলিছিলো কোছ ভৰি

 তেঁওক পিন্ধাম বুলি অতি হাবিয়াস কৰি॥

 কিন্তু মোৰ সেই ফুল শুকাল!—-শুকাল।

 নাপালো পিন্ধাব মোৰ কপাল!-কপাল।

⸺÷♦÷⸺


(চ)

সখি ঐ! কেতিয়া আহিল স্বামী?
 ইপৰ সিপৰ কৰি দিনটো কটালো সখি!
 এদিন দুদিন কৰি পঠিয়ালো মাহ;
 এমাহ দুমাহ কৰি বছৰো যে গ’ল গুছি