সমললৈ যাওক

পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/১৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(খ)
সখি ঐ!

  নপৰে দুখৰ ওৰ, ভৰা বাৰিষাৰ
  এনুৱা কালত স্বামী শূণ্য ঘৰ মোৰ।

  কোৱ-মুৱা মেঘে গাজে দিনে নিশা

  বৰষে বাৰিষা পানী;
  স্বামী বিদেশত, বিৰহৰ জুয়ে
  দহিছে হৃদয় খনি!

  মেঘেৰে সইতে নাচিছে বিজুলী

  ম’ৰাই ধৰিছে ছালী;
  ভেকুলীয়ে মাতে, মাতে দাউকীয়ে,
  তিতিছে শুকান বালী।

  সখি ঐ! ইয়াকে দেখি শুনি মোৰ

  জ্বলিছে বুকুত জুই;
  পোঁৰে হিয়া খনি নাপাওঁ তৰণী
  মাটীয়ে বালীয়ে শুই!

⸺÷♦÷⸺


(গ)
সখি ঐ!

  অভাগিণী মোৰ সুখ নহ’ল!
  স্বামীকে ভাবোতে জীৱন গ’ল;