পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/১৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
এই যে আকউ সখি! কত আশা আহিছে!

মিলন পিয়াহে মোক বিয়াকুল কৰিছে!!

সপোন দেখাৰ দৰে

কত যে প্ৰেমৰ কথা,
কৰবাৰ পৰা আহি বিয়াপিছে হৃদয়ত;
কিমানে বৰ্ণাম সখি! অকাঁ আছে হৃদয়ত॥

সেয়া যে কুলিয়ে সখি! গাইছে গছত গান,—

ব্যাকুল কৰিছে মোৰ ঘনে ঘনে মন প্ৰাণ॥

আকাশত জোনে সখি! হাঁহিছে আনন্দ মনে,—

বাজিছে কিন্তু ঐ সখি!—শেল মোৰ প্ৰাণে ঘনে॥


কমতাপুৰ ধ্বংস কাব্য (page 190 crop)
কমতাপুৰ ধ্বংস কাব্য (page 190 crop)