পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/১৮০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে


  বাটলৈ চাওঁতে বিষালে চকু

  বিৰহৰ জুয়ে পুৰিলে বুকু।

  “শীঘ্ৰে আহোঁ” বুলি পলালে স্বামী,

  নুশুনিলে ৰাধা, বুলিলো কান্দি॥

  প্ৰেম ভালপােৱা পাহৰি গ'ল,

  অভাগীৰ আশা মনতে ৰ'ল!

  যত দুখ মােৰ কিমানে ক’ম!

  নলওঁ যে আৰু নাৰী জনম॥

(ঘ)
সখি ঐ

  পৰিছোঁ পাৱত, কোৱাঁছোন মােক
  কলৈনো যে গল’ স্বোৱামী ধন?
  বিৰহৰ জুয়ে দহে ঘনে হিয়া
  পুৰিহে ই দেহা শুকান বন॥

  মােৰ প্ৰাণস্বামী কিহত ভুলিলে?

  পালেগৈ ক’ত কেনে সুন্দৰী?
  কোন সেই নাৰী নাৰীৰ কলঙ্ক,
  অভাগীৰ ধন ৰাখিলে ধৰি?