সমললৈ যাওক

পৃষ্ঠা:কমতাপুৰ ধ্বংস কাব্য.djvu/১৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বিৰহিণী বিলাপ কাব্য।

কেতেকী ফুলত মধু আশা কৰি

পৰিল ভােমোৰা পগলা হই॥
⸺·×·⸺


(জ)
মনৰ বেদনা সখি! মনতে থাকিল মােৰ

হৃদয়ৰ জুই ৰ’ল হৃদয়তে জ্বলি!
অকলে যেতিয়া মোক যায় এৰি থই তেওঁ,
একোকে নহ’ল কোৱা কওঁ—কওঁ বুলি॥
২কওঁ-কওঁ বুলিছিলাে, ক’ব হায়! নােৱাৰিলো,
লাজে ধৰিলেহি আগভেটি!
অন্তৰৰ কথা একো নােলাল নিচেই সখি!
কথা মােৰ হ’ল লেটিপেটি!!
৩তেওঁৰ মুখলৈ চাই কতনো কান্দিলো সখি!
নামানিলে তেওঁ, কিন্তু গ’ল প্ৰবাসত!
লাজৰ সন্মান ৰাখি দুৰ্ঘটনা হ'ল মােৰ
জ্বলিছে অগনি আজি হিয়াৰ মাজত॥
৪পুৰিছে অন্তৰ মোৰ নাথাকে পৰাণ সখি!
কোমল ছোৱালী আৰু সহিম কতনা?
কাকনো বুলিম সখি, কোনেনো শুনিব ঐ?

কোৱাঁ সখি কি ৰূপেনো গুছাও যন্ত্ৰণা?
⸺·×·⸺