অসমীয়া খণ্ডবাক্য-কোষ/অ-ঔ

ৱিকিউৎসৰ পৰা
[  ]

অসমীয়া খণ্ডবাক্য-কোষ।


অ।

অঁকৰা মৈত উঠা—ক্ৰি, চহোৱা মাটি মৈৰে সমান কৰা হয়। মৈৰ ওপৰত এজন মানুহ উঠে আৰু গৰুৱে তাক টানি লৈ যায়। অঁকৰা মানুহে মৈত উঠিবলৈ পালে তাৰপৰা নামিব নোখোজে। এতেকে,--কোনো কাৰ্য্যত হাত দিলে তাক এৰিব নোখোজা, কোনো কাৰ্য্য আঁকোৰ্গোজালিকৈ কৰিবলৈ ধৰা, to persist in doing a thing obstinately.

অকলশৰীয়া পহু—বিং, পহু লগেৰে চৰে। এতেকে,—লগৰীয়া নোহাৱা মানুহ, a lonely helpless person.

অকলৈ শকত—বিণ, সকাম-নিকামত দুই চাৰি ভকত লাগে। এতেকে,—পৰৰ সাহায্য নোহোৱাকৈ আপোনা-আপুনি সক্ষম, self-sufficient

অকাল-কুষ্মাণ্ড—বিং, অকালত প্ৰসৱ হোৱা কুষ্মাণ্ডৰ দৰে লোপ্ থোপ্ ভ্ৰূণ, অমঙ্গলীয়া মানুহ, an abominable person.

অগুৰুৱা—বিণ, গুৰুত শৰণ নোলোৱা, অশৰণীয়া, অনাচাৰী, uninitiated, impure.

অচলা ভক্তি—বিং, লৰচৰ নোহোৱা ভক্তি, স্থিৰ ভক্তি, unshakeable faith, deep piety.

অচলা লক্ষী—বি, লক্ষ্মী = ঐশ্বৰ্য-বিভূতিৰ অধিষ্ঠাত্ৰী দেবী। অচলা=স্থানান্তৰ নোহোৱা। এতেকে-চিৰস্থায়ী ঐশ্বৰ্য্য বিভূতি, abiding fortune. অচিন কাঠৰ থোৰাকো নলগোৱা—ক্ৰি, যি কাঠ চিনি পোৱা নাযায়, তাৰ থোৰাকো [  ] ঢেঁকীত লগাব নালাগে। এতেকে,-যাৰ আঁতি-গুৰি চিনি পোৱা নাযায় তেনে মানুহেৰে সৈতে সামান্য কাৰ্যতো সম্পৰ্ক নৰখা, to keep absolutely no concern in any matter, however trivial it may be, with one whose antecedents are not known.

অজগৰ সাপ— বিং, লৰিব-চৰিব নোৱাৰা গাৱাল মানুহ, উঠিব লৰিবলৈ মন নোযোৱা ধোদা মানুহ, a corpulent person, a sluggard.

অজাতিত খোৱা— ক্ৰি, খোৱা= সম্ভোগ কৰা, অজাতি=যাৰ জাতি নাই, হীন−জাতীয়। এতেকে, -হীনজাতীয় তিৰোতা সম্ভোগ কৰা, to have sexual intercourse with a woman of low caste.

অজামিল— বিং, আগৰ দিনত এই নামে এজন মহাপাপী বামুণ আছিল। এতেকে,-মহা, দুষ্ট মানুহ, a too wicked person.

অজীণ-পাতকী— বিণ যি মানুহে লোকৰ লগত জীণ যাব নোৱাৰা পাতক কৰে তেনে মানুহ, a quarrelsome person.

অজীণাশ— বি. [অজীৰ্ণাশী] যি মানুহে লোকৰ লগত খাই বৈ জীণ যাব নোৱাৰে অৰ্থাৎ মিলিব নোৱাৰে তেনে মানুহ, a quarrelsome person.

অজৌ−কালৰ বজৌ−গুটি—বি, [আজো-কালৰ বজ্ৰ-গুটি] আজো-ককাৰ দিনৰ বজ্ৰময় গুটি, অৰ্থাৎ বহু বয়স হোৱা হাড়-টান কটীয়া মানুহ (বহু-দিনীয়া গছ হলে তাৰ গুটিবিলাক নিচেই সৰু হয় এই ভাব বুজোৱা হৈছে, a strong built dwarfish follow.

অণ্ঠে-কণ্ঠে শুকোৱা—ক্ৰি, বৰকৈ বেজাৰ পালে অণ্ঠে-কণ্ঠে শুকায়। এতেকে, বৰকৈ বেজাৰ পোৱা, to be deeply aggrieved.

অ’ত থিয় হোৱা ত’ত থিয় হোৱা— ক্ৰি, অ’ত থিয় হৈ ত’ত থিয় হৈ বেলি পৰিবৰ হৈছে নে নাই চাই থাকে যাতে গধূলি হলে কাম-বন এৰি জিৰাব পৰা যায়। এতেকে -অবাবত কাল নিওৱা, to waste time in idleness

অতি চিৰী হ’লে হত-চিৰী হোৱা— ক্ৰি, [অতি-শ্ৰী হ’লে হত শ্ৰী হোৱা] কোনো কামৰ মাত্ৰা অতিৰিক্ত হ’লে ফল ভাল নোহোৱা, to come to grief if one goes to extremes.

অতি ভক্তি হ’লে চোৰৰ লক্ষণ হোৱা— ক্ৰি, যি মানুহে নিয়মিত ভক্তিৰ বহিৰ্ভূত [  ] অহি-টানে ৩ অবচন

ভক্তি দেখায়, সেই মানুহৰ শৰীৰত চোৰৰ লক্ষণ থাকে, অৰ্থাৎ সেই মানুহ প্ৰকৃততে দুষ্ট স্বভাৱযুক্ত। এতেকে -অতি ভাল বুজালে ••দুষ্ট স্বভাৱ)= to prove to be really a bad man by a ….long the limit of any good thing.

অহি-টানে- অতিকৈ টান হয় তথাপি utmost.

অ......- {নিস্ফল সেৱা} বেয়া ঠাইলৈ যোৱা অৰ্থাৎ নিস্ফল সেৱা, | : to have no effect to come to no one)

........- থাউনি নেপাৱ সাগৰ অৰ্থাৎ ডাঙ্গৰ বিপদ, deepest calamity.

অবচন- {ণ, যি আনৰ হাক বচন নামানে, অৰীতিৱ, holding b……., immoral.

অধিক মাছত বগলি কণা হোৱা- ক্ৰি পানীত মাছ অধিক দেখিলে বগলিয়ে এই টোকে খাব নে সেইটোকে খাব ঠিক কৰিব নোৱাৰি কণাৰ দৰে নেদেখাৰ ভাৱেৰে খাপ দি থাকোঁতেই এটি-দুটিকৈ আটাইখিনি মাছ পলাই সাৰি যায়। এতেকে, অধিক আনন্দত চূৰ্তি হেৰুওৱা, to be confused in the excess of joy.

অপাৰ সমুদ্ৰ -বি, পাৰ পাবলৈ নাইকিয়া সাগৰ অৰ্থাৎ উদ্ধাৰৰ উপায় নথকা বিপদ, go into .. calamity.

অপুত্ৰকৰ পুত্ৰ-বি’, যাৰ পুত্ৰ নাই তাৰ যদি পুত্ৰ ওপজে, তেনেহ’লে আনন্দৰ সীমা নাথকে। এতেকে,-আপুৰুগীয় বস্তু, a rare and valuable thing.

অপহুতা অপ্সৰা- বি, দেৱতা সকলৰ লগত অনেক অনুচৰ থাকে, সেইবিলাকক ‘অপহুতা অপ্সৰা’ বোলা হয়। সেইবলাকে নানা-প্ৰকাৰ ব্যভিচাৰ কাৰ্য্য কৰে। ডাঙ্গৰ মানুহক দেৱতাৰে তুলনা কৰা হৈছে। এতেকে, -- কোনো ডাঙ্গৰ মনুহৰ লগত কুৎচাৰণৰ অনিষ্টকাৰী অনুচবৰ্গ, the staff of attendants of a great personage who will, about doing mischief to people.

অবচন বোলা—ক্ৰি, কব-নলগীয়া কথা কোৱা, অশিষ্ট ভাষা ব্যৱহাৰ কৰা, to [  ] use uncivil language.

অবাইচ্‌ মাত—বিং, [অবাচ্য মাত] কব-নলগীয়া মাত, অশিষ্ট ভাষা, uncivil language.

অভ্যাসত কৰ্ণপথে শৰ কৰা—ক্ৰি, আগৰ দিনত আসামত অভ্যাসৰ দ্বাৰা কাণৰ বাটে দি কাঁড় সৰকাই ধনুৰ্ব্বিদ্যাত পাৰ্গতালি দেখাইছিল। এতেকে,—অভ্যাসৰ দ্বাৰা কঠিন কাৰ্য্যও সিদ্ধি কৰিব পৰা, to be able to work wonders by habit.

অমঙ্গল মাতি অনা—ক্ৰি, উদ্ভণ্ডালি কৰিলে অমঙ্গল নিজে মাতি অনাৰ দৰে হয়। এতেকে —উদ্ভণ্ডালিৰ দ্বাৰা অমঙ্গল চপোৱা, to bocome sub- ject to evil by deliberately committing excess in anything.

অময়া ভকত—বিং, [অমায়া ভকত] যাৰ মায়া অৰ্থাৎ ভেদ-জ্ঞান নাই তেনে পুৰুষ, সমদৰ্শী পুৰুষ, a high-souled person in whoso eye all worldly distinctions vanish.

অময়া লৰা—বিং, [অমায়া লৰা] সৰু ল'ৰাই ৫ বছৰ বয়সলৈকে মায়াৰ অতীত অৱস্থাত থাকে। এতেকে,—কেঁচুৱা ল’ৰা, an infant.

অময়া সুখ—বিং, [অমায়া সুখ] মায়া দুখৰ হেতু। যাৰ মায়া নাই, তেওঁৰ অবিচ্ছিন্ন সুখ। এতেকে,—পৰম সুখ, bliss, highest happi- ness.

অমাতৰ মাত—বিং, যাৰ মাত বেগতে শুনিবলৈ পোৱা নাযায় তেনে জনৰ মাত, অতি শুৱলা মাত, a siren voice, sweetest voice.

অমূৰ্ত্তক জ্বৰ—বিং, চহা মতে জ্বৰ এটা অপদেৱতা। জ্বৰে কেতিয়াবা মূৰ্ত্তি ধৰি দেখা দিয়ে। এই স্থলত অমুৰ্ত্তকভাৱে আবিৰ্ভূত হৈছে বুলি কোৱা হৈছে অৰ্থাৎ সি স্বয়ং আহি অমূৰ্ত্তকভাৱে জ্বৰীয়া মানুহটোৰ গাত লম্ভিছে। এতেকে,—অতি উগ্ৰ জ্বৰ, very high fever.

অ’ৰ গোঁসাই ত’লৈ নিয়া—ক্ৰি, বামুণে ভাগ ভাগ কৰি ফুল থয়। এটা এটা ভাগক এজন এজন গোঁসাই অৰ্থাৎ দেৱতা বুলি কল্পনা কৰি লোৱা হয়। পূজা কৰোঁতে অ’ৰ ফুল ত’লৈ নিয়ে অৰ্থাৎ ইয়াৰপৰা এপাহ ফুল নি তাত থয় গৈ, আৰু তাৰপৰা এপাহ ফুল নি আন এঠাইত [  ] থয় গৈ। এতেকে,—কোনো বস্তু এঠাইৰপৰা আন এঠাইলৈ নিয়া অৰ্থাৎ বিশৃঙ্খল কৰা, to scatter about things in confusion, to put things into disorder.

অলপতে কলপ কটা—ক্ৰি, সাপে মোট সলোৱাকে কলপ কটা বোলে। অলপতে কলপ কাটিছে বুলিলে বুজা যায় যে অলপ পূৰ্ব্বতে সাপ সেই ঠাইত আছিল, আৰু ভাগ্যে হে তাত থকা মানুহ জনৰ কোনো অপকাৰ নহ’ল। এতেকে,—অলপতে ৰক্ষা পোৱা, কথমপি সাৰি যোৱা, to have a narrow escape.

অলপ পানীৰ মাছ—বিং, তাকৰীয়া পানীত মাছে চেল-চেলাই ফুৰে। এতেকে,— চেল-চেলাই ফুৰা অলপ-ধতুৱা তুচ্ছ মনুহ, a contemptible person.

অৱস্থা নাইকিয়া—বিণ, [শৰীৰৰ অৱস্থা-নাইকীয়া] অতি-ক্ষীণ, emaciated.

অ হৰি অ ৰাম বোলা—ক্ৰি, সবাহ-হুৰুষাত ‘অ হৰি অ ৰাম’ বুলি নাম ধৰা হয়। এতেকে,—ঈশ্বৰক চিত্তি কোনো কাৰ্য্য আৰম্ভ কৰা, to begin a work auspiciously.

আ।

আইটী বাইটী বুলি ফুৰা,—ক্ৰি, কোনো তিৰোতা আইটী আৰু কোনো তিৰোতাক বাইটী এনে সম্বোধন কৰি ফুৰা অৰ্থাৎ হলিগলিকৈ ফুৰা, to live in a too familiar way with all.

আইটী-মাক—বিং, জীয়েকক আইটী বুলি মতা যায়। এতেকে,—ঘৈণীয়েক, the mother of ones daughter i.e, wife.

আই ধৰ বাই ধৰ লগা—ক্ৰি, কোনো বিপদ হলে আই ধৰা বাই ধৰ বুলিৰ যাৰে তাৰে [  ] সাহায্য খোজা হয়। এতেকে,—বিপদগ্ৰস্ত হোৱা, to be over- taken by dire calamity.

আই হেৰ বাই হেৰ বুলি ফুৰা—ক্ৰি, লোকক কাবৌ-কোকালি কৰি ফুৰা, to pursue a begging policy.

আও-কঠীয়াৰ সঁচ—বিং, বেয়া জাতৰ কঠীয়াৰ সঁচ, নীচ বংশৰ মানুহ, a person of low origin.

আওমৰণেৰে মৰা—ক্ৰি, বেয়া মৰণেৰে মৰা, অস্বাভাবিক মৃত্যু পোৱা, to die an unnatural death.

আঁকৰীৰে গৃহবাস—বিং, একো কথা-বতৰা নজনা ঘৈণীৰে সৈতে গৃহস্থালি পাতিলে আমনি-জঞ্জাল সহিব লাগে। এতেকে,—অপৰিত্যজ্জ্য। অশুভ, খেদিব নোৱৰা জঞ্জাল. a necessary evil.

আঁচলত জীউ বন্ধা—ক্ৰি, অতি ভয় পাই জীউ শৰীৰৰ-পৰা বাজ হোৱাত বিহুৰ আঁচলত ধৰি বান্ধি থোৱা হৈছে, এনে ভাব বুজোৱা হৈছে। এতেকে,— অতি ভয় পোৱা to be terror-stricken beyond measure.

আঁচলৰ ধন—বিং, দুখুনী তিৰোতাই ৰিহাৰ আঁচলত ধন বান্ধি থয়। এতেকে,— অতি আদৰৰ কোনো সম্পত্তি, an object of endear- ment.

আঁচু-কাঠৰ তল পোৱা—ক্ৰি, (উপকথা) আঁচু কাঠৰ তল পাই আঁচু-পানীত গা বোলাই ৰঙ্গা হৈ শিয়ালে নিজক ৰজা বুলি ঘোষণা কৰি অন্যান্য জন্তু- বিলাকৰ ওপৰত ফাঁকি কৰি ৰাজত্ব কৰিছিল। পাচে লগৰীয়া শিয়ালে হোৱা দিয়াত সিও স্বভাৱ-সিদ্ধ ধৰ্ম্ম অনুসৰি হোৱা দিবলৈ ধৰাত তাৰ ফাঁকি ওলাই পৰিল। এতেকে,—বৰলোকৰ লগত থাকি ইতৰ লোকে বৰলোকালি কৰিবলৈ চেষ্টা কৰা to find oneself in the company of a great man and imitate him unsuccess- fully (said of a person of little consequence).

আঁঠ-আঙ্গুলীয়া কপাল—বিং, কপালত সৌভাগ্য লিখা থাকে। যাৰ কপাল আঁঠ- আঙ্গুলীয়া অৰ্থাৎ অধিক বহল তাৰ সৌভাগ্য অধিক। এতেকে,— অত্যন্ত সৌভাগ্য, exceptionally good luck.

আঁঠিয়া কল গিলা—ক্ৰি, আঁঠিয়া কল কপ্‌-কপ্‌-কৰে গিলিব পৰা যায়। অসমীয়া মানুহে ল’ৰাক আঁঠিয়া কল খুৱায় বাবে আঁঠিয়া কল বোলা [  ] হৈছে। এতেকে,—কোনো কাৰ্য্য অতি সহজে সম্পাদন কৰা, to do a thing quite easily.

আঁঠু লোৱা—ক্ৰি, [আঁঠু পাৰি লোৱা] মাটিত আঁঠু পাৰি বহা, to fall on the knees.

আঁঠুৰ মাজত মূৰ সুমোৱা—ক্ৰি, বুঢ়া মানুহ কুঁজা হৈ মূৰটো দুই আঁঠুৰ মাজত সুমাই থাকে। এতেকে,—নিস্তেজভাৱে কাৰ্য্য কৰা, এলাহত কাল-যাপন কৰা, to do a thing effortlessly, to waste time in idleness.

আঁঠুৱা চাই ঠেং মেলা—ক্ৰি, আঁঠুৱা যিমান দীঘল হয়, সেই অনুসাৰে ঠেং মেলিব লাগে। আঁঠুৱা পূৰা দীঘল হ’লে ঠেং পূৰা দীঘলকৈ মেলিব লাগে। আঁঠুৱা চুটি হ’লে ঠেং কোঁচাই থব লাগে। তাকে নকৰিলে, ঠেং লাগি আঁঠুৱা দাং খাই মহ সোমাই পৰে, নাইবা আঁঠুৱা ফাটিব পাৰে। এতেকে,—নিজৰ সামৰ্থ্য চাই কাৰ্য্য কৰ, আয় চাই ব্যয় কৰা to act according to one's means, to live within one's income.

আঁঠুৱা তলৰ মহ—বিং, আঁঠুৱাৰ ভিতৰলৈ মহ সোমালে তাক মাৰিব পাৰি। এতেকে,—সহজে যাক নষ্ট কৰিব পাৰি তেনে জন, সমূলি পৰৰ অধীন মানুহ a person who is at the mercy of another, a helpless person.

আঁঠুৱে আঁঠুৱে সাঁতোৰা—ক্ৰি, [আঁঠুৱেৰে আঁঠুৱেৰে সাঁতোৰ] বামত সাঁতোৰা অৰ্থাৎ বগুৱা বাই চুচৰি ফুৰ, মহাকষ্টত হেবাথুৰি খাই ফুৰা, to be involved in a dire calamity.

আঁঠে-পষে—ক্ৰি বিণ, আঁঠ দিনৰ মূৰত বা পষেকৰ মূৰত, মাজে সময়ে, occasionally

আঁহ ফল—ক্ৰি, বহুত আঁহ মিলি জৰী হয়। জৰী ফালি প্ৰত্যেক আঁহ বেলেগ কৰি দেখুওৱা হয় বোলা হৈছে। এতেকে,—পৰিয়ালৰ মানুহক প্ৰত্যেকৰ বেলেগ স্বাৰ্থ এনে ভাব বুজাই দিয়া, মিল ভাঙ্গি অমিল কৰা, to cause disagreement among people by explaining that their interests clash with one another instead of being identical as supposed.

আঁহে আঁহে কথা থকা—বিণ, শৰীৰৰ প্ৰতি আঁহে কথা থকা, বহু বিষয় বিদিত [  ] থকা, টেঙ্গৰ possessing all manner of experiences good or evil, subtle.

আকাজ-ভাগী—বিণ, কাৰ্য্যভাগী নোহোৱা, তাঁত সূতা বব নজনা তিৰোতা, অকৰ্ম্মণ্য তিৰোতা, an unaccomplished woman.

আকাৰ ইকাৰ মতা—ক্ৰি, [ আকাৰ-ইঙ্গিত মতা ] কথাৰে নামাতি আকাৰ- ইঙ্গিতেৰে মতা, ঠাৰে-চিঁয়াৰে মতা, to insinuate, to give an oblique hint.

আকালৰ ভাত—বিং, দুৰ্ঘোৰ বিপদৰ যথোপযোগী সাহায্য, timely succour, opportune relief.

আকাশত চাং পতা—ক্ৰি, খুঁটা নোহোৱকৈ চাং পতা, মূল সঁজুলি নোহোৱাকৈ কোনো বিষয়ৰ আলোচনা কৰা, to form an utopian scheme.

আকাশৰ তৰা বিচৰা—ক্ৰি, পাব নোৱৰা বস্তুলৈ হেঁপাহ কৰা, দূৰাগত আশা কৰা, to aim at the impossible.

আকালো নোহোৱা ভঁড়ালো নোহোৱা—বিণ, ধান সমূলি নাথাকিলে আকাল হয়, অধিককৈ থাকিলে ভঁড়ালত সাঁচি থোৱা হয়। এতেকে,—অতি দুখীয়াও নহয় অতি চহকীও নহয় এনেরূপ, মজলীয়া অৱস্থাপন্ন, neither poor nor rich, of moderate means.

আকাশী চৰগ ভাগি পৰা—ক্ৰি, আকাশৰপৰা বজ্ৰপাত হোৱা, অৰ্থাৎ অকস্মাৎ বিষম দুৰ্ঘটনা হোৱা, the falling of a bolt from the blue.

আগ কৰা— ক্ৰি, প্ৰধান পাতি লোৱা; ভক্তিৰ চিন-স্বরূপে সম্মুখলৈ বঢ়াই দিয়া; ভবিষ্যতে ভক্তি-উপহাৰ দিবৰ নিমিত্তে মনতে সঙ্কল্প কৰা, to acknowledge as leader, chief or representative; to put forward as a token of respect; to promise men- tally to make an offering as a mark of devotion.

আগনি খাৰণী টোপা—বিং, যি টোপা খাৰণী প্ৰথমে সৰে সেই টোপা খাৰণী অতি চোকা। এতেকে,—অতি চোকা মানুহ, a scold.

আগ পাত আগ ঢাৰি—বিং, মানী লোকক সবাহত সকলোৰে আগত ঢাৰি অৰ্থাৎ আসন দিয়া হয় আৰু সকলোতকৈ আগৈয়ে পাত অৰ্থাৎ মাহ-প্ৰসাদ দিয়া হয়। এতেকে,—বিশিষ্ট সম্মান, foremost rank.

আগ পিচ কৰা—ক্ৰি, কোনো বস্তু কোনো লোকৰ এবেলি আগলৈ নি [  ] গোৱা আৰু এবেলি পিচলৈ নি থোৱা অৰ্থাৎ আল-পৈচান ধৰা, ওচৰতে লাগি-ভাগি মান-সম্ভ্ৰম দেখুওৱা, to attend on a great man.

আগ-মঙ্গহ খোৱা—ক্ৰি, বুকুৰ আগ-মঙ্গহ নষ্ট হলে মানুহ জীয়াই নাথাকে। এতেকে,—অন্তৰত অতিপাত বেজাৰ দিয়া, to wound one's feelings mortally.

আগ বঢ়াই অনা—ক্ৰি, [আগলৈ বঢ়াই অনা] সম্ভ্ৰম বুজাই নিজৰ আগ কৰি অলপ বাট লৈ অহা, to welcome.

আগৰ আগ ভাগ—বিং, সবাৰো আগ ভাগ, শ্ৰেষ্ঠ ভাগ, the first share, the lion's share.

আগৰ গৰু বাঘে খোৱা–ক্ৰি, জাকত যি গৰু আগ হৈ থাকে, বাঘে হাবিত তাকে ধৰি লৈ যায়। এতেকে,—কোনো কাৰ্য্যৰ আগত থাকি বিপদগ্ৰস্ত হোৱা, to incur risk by taking one's place in the front line.

আগ-ৰণুৱা—বিণ, যি ৰণত আগত যায়, অগ্ৰগণ্য, সাহিয়াল, forward.

আগলৈ শৰাই দিয়া—ক্ৰি, সম্মুখলৈ শৰাই বঢ়াই দিয়া, ভক্তি জনোৱা, to show mark of respect.

আগাম পুৰাম—বিং, [আগম পুৰাণ] আগম অতি প্ৰাচীন শাস্ত্ৰ, পুৰাণ তাৰ বহু পাচৰ শাস্ত্ৰ। এতেকে,—আগৰপৰা পাচলৈ সকলো কথা আদ্যোপান্ত, বৃত্তান্ত, a complete account.

আগ ধৰি—ক্ৰি-বিণ, বহু মানুহে খোজ কাঢ়ি গলে আগ পিচ কৰি যায়। যিটো মানুহে আগত যায় সি লানিৰ আগটো ধৰি অৰ্থাৎ পোনাই ৰাখি যায় বোলা হৈছে। এই স্থলত, এই বাক্য ‘স্থান-বোধক’ অৰ্থৰপৰা ‘কাল- বোধক’ অৰ্থলৈ বাগৰিছে। এতেকে’—আগৈয়ে, প্ৰথমে, at first, at the outset, beforehand.

আগ-গুৰি নোহোৱা বন—বিং, কাঠি-কামিৰ বন কৰোঁতে বাঁহৰ আগ কোন ফালে আছে আৰু গুৰি কোন ফালে আছে ঠিক কৰি লৈ সেই দিহাৰে চল লগাই কাটি কোনো বস্তু তৈয়াৰ কৰে। তাকে নকৰিলে কাম বিশৃঙ্খল হৈ পৰে। এতেকে,—বিশৃঙ্খল কাম, disorderly work.

আঘৈণী ঘৈণী হোৱা—ক্ৰি, যি তিৰোতা ঘৈণী হবৰ নিমিত্তে অনুপযুক্ত, সেই তিৰোতাই ঘৈণী হবলৈ পালে বৰকৈ আয়ম ধৰে। এতেকে,— অযোগ্য মানুহে কোনো বিষয়ে উন্নতি লাভ কৰিলে বৰকৈ আয়ম ধৰা, [ ১০ ] the mean exhibiting of power by an unworthy woman.

আঙ্গুলীৰ মূৰত দিন লেখা—ক্ৰি, সাধাৰণ মানুহে দিন লেখিবলৈ হলে আঙ্গুলীৰ মূৰত লেখে। কোনো কাৰ্য্য হবলৈ আৰু কেই দিন আছে, আঙ্গুলীৰ মূৰত দিনে দিনে লেখি থাকে বোলা হৈছে। এতেকে,—অধৈৰ্য্য হৈ অপেক্ষা কৰা, to wait impatiently for anything

আঙ্গুলীৰ মূৰত লেখিব পৰা—বিণ, সাধাৰণ মানুহে লেখ কৰিবলৈ হলে আঙ্গুলীৰ মূৰত লেখে। কিন্তু আঙ্গুলীৰ মূৰত অধিক সংখ্যা লেখিব পৰা নাযায়। এতেকে,—অল্প-সংখ্যক, that can be counted on one's finger's ends, a few.

আছে দান দিয়া, নাই সমিধান দিয়া—ক্ৰি, [দান আছে দান দিয়া, দান নাই সমিধান দিয়া] কোনো মানুহে বস্তু খুজিলে যদি দিব পৰা যায়, তাক সেই বস্তু দিব লাগে। যদি দিব পৰা নাযায়, তেনেহলে সমিধান দিব লাগে অৰ্থাৎ মুখেৰে সোধ-পোছ কৰিব লাগে। এতেকে,—অনুৰোধ ৰক্ষা কৰা বা ৰক্ষা কৰিব নোৱৰাৰ কাৰণ শিষ্টভাৱে বুজাই কোৱা, to comply with a request if possible or to explain poli- tely the reason for inability of compliance.

আজি কালি—ক্ৰি-বিণ, বৰ্ত্তমান কালত, now-a-days, at present.

আটাইৰে একো পাল—বিং, আটাই মানুহৰে একে বিধীয়া কষ্ট বা অসুবিধাৰ পাল, like difficulties for all by turns.

আড়িৰ মূৰ চিতলৰ গদা—বিং, আড়ি মাছৰ মূৰ আৰু চিতল মাছৰ গদা সমূলি কাঁইটীয়া বাবে খাব পৰা নাযায়। এতেকে,—কোনো বস্তু বা কাৰ্য্যৰ বেয়া অংশ, the worst part of anything.

আতোল-তোল দৈয়ন দিয়া—বিণ, বিয়াত দৰা-কন্যাক দৈয়ন দিয়া হয়। তেতিয়া দৰা-কন্যাক অতিকৈ আদৰ-সাদৰ কৰা হয়। দৈয়ন = দৈ+আনি। আতোল-তোল=আহ্‌ তোল্‌ তোল্‌। দৈ অনা জনে বিতত হৈ আন এজনক এই বুলি কোৱাৰপৰা এই বাক্যৰ উৎপত্তি হৈছে:- “আহ্‌, তোল্‌ তোল্‌, দৈ আনি দে”, অৰ্থাৎ “আহ্‌, খৰকৈ দৈ-বাটি- টো তুলি দৈ দে, মই সানি দিওঁ”। এতেকে,—অতিকৈ আদৰ[ ১১ ] সাদৰ কৰা, dearly beloved.

আদৰা দৰা—বিং, যাক বিয়ালৈ পূৰ্ব্বে আদৰি অনা হৈছে তেনে দৰা, অৰ্থাৎ দ্বিতীয় বিয়াৰ দৰা, a widower bridegroom.

আদৰি অনা—ক্ৰি, যথোচিত অভ্যৰ্থনা কৰি অনা, to welcome with due ceremonies.

আধা-কটা—বিণ, নেজ এডোখৰ কাটিলে কুকুৰ চোকা হয়। এতেকে, দুষ্ট, টটাটিঙ্গা, cunning.

আধা-খুণ্ডা—বিণ, (আধা-খুণ্ডা = গুৰি নোহোৱা, খৰচীয়া)। হুঁটা, rough.

আধা-পেটী ভাত—বিং, আধা-পেটীকৈ খোৱা ভাত অৰ্থাৎ অপূৰ্ণ কামনা, a partially satisfied desire.

আধ্যা পৰা—ক্ৰি, পুথিৰ আধ্যা অন্ত পৰা অৰ্থাৎ সৰ্ব্বনাশ হোৱা, আহৰি হোৱা to be done for.

আনা-জৰীৰে গণা—ক্ৰি, সাধাৰণতে জৰীৰে মালা গথা হয়, আনা-জৰীৰে মালা গাথিব পৰা নাযায়। এতেকে,—অতি নিপুণভাৱে কোনো কাৰ্য্য- সম্পাদন কৰা, to do a thing by a skilful contrivance.

আপটৰ পট—বিং, যাৰ তুল্য পট নাই তেনে প্ৰকাৰৰ পট, অতি সুন্দৰ ছবি, অতুল সৌন্দৰ্য্যযুক্ত মানুহ, a perfect picture of beauty, an exeed- ingly beautiful person.

আপদ চোচোৱা—ক্ৰি, [ আপদ সূচোৱা] আপদৰ সূচনা কৰা অৰ্থাৎ পাচত আপদ হব এনে ভাব কোনো কথা বা কাৰ্য্যৰ দ্বাৰা পূৰ্ব্বতে বুজোৱা, to say or act ominously.

আপদৰ কালত ঔৱে গল্‌ হেঙ্গোৱা—ক্ৰি, ঔ-টেঙ্গা খালে গল নেহেঙ্গায়। কিন্তু এই স্থলত কোৱা হৈছে যে আপদৰ কালত ঔৱে গল হেঙ্গায়। এতেকে,—আপদৰ কালত দুৰ্ব্বল মানুহেও দ্ৰোহ আচৰা, the doing of harm to a person who has fallen on evil times by one who is too weak.

আপদৰ মাত—বিং, আপদ-কালৰ আশ্বাস-বাণী, আপদ-কালত সহানুভূতি দেখুওৱা বুজনি, an expression of sympathy in times of distress.

আপুনি নাঙ্গঠা হৈ জগতক বৰ দিয়া—ক্ৰি, মহাদেৱে সকলোকে বৰ দি বিভূতি[ ১২ ] শালী কৰে, কিন্তু নিজে নাঙ্গঠা (দিগম্বৰ)। এতেকে,—নিজে শোচনীয় অৱস্থা পোৱা কিন্তু পৰৰ উপকাৰ কৰা, to do good to all although oneself badly off.

আপোনাৰ নাক কাটি সতিনীৰ যাত্ৰা-ভঙ্গ কৰা—ক্ৰি, (উপকথা) অমঙ্গলীয়া ঘটনা দেখিলে কোনো ঠাইলৈ যাত্ৰা কৰিব নাপায়। তিৰোতা মানুহে মাকৰ ঘৰলৈ যোৱা এটি অতি আনন্দৰ বিষয়। কোনো তিৰোতাই মাকৰ ঘৰলৈ যাবলৈ ওলাওঁতে সতিনীয়েকে খিয়ালত তেওঁক বাধা দিবলৈ আন একো উপায় নাপাই নিজৰ নাকটো কাটি পেলালে। এই অমঙ্গ- লীয়া ঘটনা দেখি সিজনা তিৰোতাৰ যাত্ৰা-ভঙ্গ হল। এতেকে,—নিজৰ মহা অনিষ্ট কৰিও পৰৰ সামান্য অনিষ্ট কৰিবলৈ কুণ্ঠিত নোহাৱা, not to shrink from doing a serious injury to oneself, only if it serves to put some one else to some sort of inconvenience however slight it may be.

আপোনে ছপোন ভৰোৱা—ক্ৰি, আপোন আৰু এপোন শব্দৰ সাদৃশ্যৰ পৰা এই বাক্যৰ উৎপত্তি হৈছে। এতেকে,—আত্মীয় মানুহে অধিক অপকাৰ কৰা, to do serious injury to an intimate friend or a kinsman.

আবতৰীয়া বেঙ্গেনাই মোক তোল মোক তোল কৰা—ক্ৰি, বতৰত বেঙ্গেনা গছ ৰুলে বেঙ্গেনা যেনে ভাল হয়, আবতৰত গছ ৰুলে বেঙ্গেনা তেনে ভাল নহয়। আবতীৰয়া বেঙ্গেনাই “মোক তোল মোক তোল” অৰ্থাৎ “মই বঢ়িয়াকৈ লাগি আছোঁ, মোক তুলি লৈ যা” এই বুলি কয় বোলা হৈছে। এতেকে,—কোনো অযোগ্য মানুহে নিজক বখানি কথা কোৱা, to speak highly of oneself without the neces- sary qualification.

আবৰী জাতি—বিং, বৰী জাতিৰ ওলোটা, যাক বৰাব নোৱাৰি তেনে জাতি, অসভ্য জাতি, a savage tribe.

আবৰী বাবৰী কোৱা—ক্ৰি, [ আবৰী বাবৰী ভাষা কোৱা ] আবৰী মানুহৰ দোৱান বুজিব পৰা নাযায়। ‘বাবৰী’ অনুৰূপ অব্যয়। এতেকে,—যিহকে তিহকে কোৱা, বলকা, to speak aimlessly, to talk at random, to rave, [ ১৩ ] আভুৱা ভঁৰা—ক্ৰি, [আভুৱাক ভৰা] আভুৱাক যেনেকৈ ভঁৰা যায় তেনেকৈ ভঁৰা, প্ৰবঞ্চনা কৰা, to hoodwink, to impose on.

আভোকৰ ন মুঠিয়েই জোৰা—ক্ৰি, সাধাৰণ মানুহে ছ মুঠি চাউলৰ ভাত খায়। এই স্থলত কোৱা হৈছে যে ৰান্ধিবৰ নিমিত্তে ন মুঠি চাউল লৈছে, অথচ কৈছে যে আভোক বাবে ইমানেই জুৰিব। এতেকে,—মুখেৰে নিস্পৃহাৰ ভাব দেখুৱাই কাৰ্য্যেৰে অতি-স্পৃহা দেখুওৱা, to show indifference or anything outwardly, although too anxious to have it.

আমঠু ক’লা পৰা—ক্ৰি, ডাঙ্গৰ বেজাৰত আমঠু ক’লা পৰে অৰ্থাৎ নিস্তেজ হয়। এতেকে,—ডাঙ্গৰ বেজাৰ পোৱা, to be stung to the quick, to be mortified.

আমাৰ তেওঁ -বিং, ঘৈণীয়েকে গিৰিয়েকৰ নাম নধৰি ‘আমাৰ তেওঁ’ বোলে। এতেকে,—স্বামী, my so-and-so, i.e. husband.

আয়ুসত চাউল থকা—ক্ৰি, চাউল অৰ্থাৎ ভাত খাই কাল যাপন কৰা হয়। এতেকে,—আয়ুসত কাল থকা অৰ্থাৎ আয়ুসৰ কাল পূৰ্ণ নোহোৱা, the subsisting of the tenure of life.

আয়ুসত বল থকা—ক্ৰি, হিন্দুমতে আয়ুসৰ বল পূৰ্ব্ব জন্মৰ কৰ্ম্মজনিত পুণ্য- নিৰ্দ্ধাৰিত। এতেকে,—আয়ুসত পুণ্যৰ বল থকা অৰ্থাৎ পুণ্যৰ ফল-স্বৰূপে আয়ুস থকা, the lasting of life as a reward of virtue.

আৰৈত্‌কৈ উখুৱাৰ খচ্‌খচনি টান হোৱা—ক্ৰি, আৰৈ চাউলৰ ভাতে পেট খচ্‌খচায়, উখুৱা চাউলৰ ভাতে পেট খচ্‌নখচায়। এই স্থলত আৰৈতকৈ উখুৱাৰ খচ্‌খচনি টান বোলা হৈছে। এতেকে,—যি মানুহে খচ্‌খচাব লাগে সি খচ্‌নখচাই যি মানুহে খচ্‌খচাব নালাগে সি খচ্‌খচোৱা। [খচ্‌খচোৱা=(ভাতৰ পক্ষে) খোচা বিন্ধা কৰা। (মানুহৰ পক্ষে) নেৰা-নেপেৰাকৈ ধৰা, টানি ধৰা, জোৰ দি ধৰা, ] the making of a demand with greater insistence by an unconcerned person than by the person who is directly interested in the matter.

আৰৈয়া—বিণ, আৰৈ অৰ্থাৎ নিসিজোৱা ধানৰ চাউলৰ নিচিনা, ছঁটা-মুটা, rough. [ ১৪ ] আলচ পতা—ক্ৰি, [ আলোচনা পতা] চক্ৰান্ত কৰা, to plot, to design.

আল-লগা বামুণ—বিং, ‘পিঠিয়াল’ ‘ঘৰিয়াল’ ইত্যাদি আলযুক্ত বামুণ। এই বিলাক বামুণ পূৰ্ব্বে শুদিৰ আছিল। লেকাই চেটিয়াই লগুণ পিন্ধাই ইহঁতক ৰণলৈ পঠিয়াইছিল। ৰণৰ পাচত ইহঁতৰ লগুণ ৰৈ গল। এতেকে,—নীচ বামুণ। (নিন্দা প্ৰয়োগ) a Brahmin of impure origin, a low Brahmin.

আলাষৰ লাড়ু—বিং, কেঁচুৱা লৰাক লাড়ুৰে তুলনা কৰা হৈছে। কেঁচুৱা লৰা সোটমোচ হৈ থকা বাবে ঘূৰণীয়া লাড়ুটোৰ নিচিনা দেখা যায়। প্ৰভেদ এই যে লাড়ু মাটিত থাকে, কিন্তু কেঁচুৱা লৰা আলাষত থাকে অৰ্থাৎ কোলাত উঠি ফুৰে এতেকে,—অতি আদৰৰ মানুহ, a dearly beloved person.

আলি বাটত চালি ধৰা—ক্ৰি, কোনো মানুহে সাজ-পাৰ পিন্ধি মুকলি ঠাইত থাকিলে বতাহত কাপোৰ-কানি উড়ি ফেৰ মেলি পৰে। তেতিয়া সেই মানুহক চালি ধৰা ম’ৰাৰ নিচিনা দেখা যায়। ‘আলিবাট’ বুলি অতি প্ৰকাশ্য ঠাই বুজোৱা হৈছে। এতেকে,—ৰেহ-ৰূপ প্ৰকাশ কৰি দেখুওৱা, to make a vain display of beauty.

আলুতে পোখাই উঘলা—ক্ৰি, [আলুৱেৰে পোখাৰে উঘলা] গছ উঘালিলে যদি তাৰ আলু মাটিত থাকি যায় তেনেহলে তাৰপৰা আকৌ গছ গজি আছে। আৰু যদি পোখা থাকে, তেনেহলে সিও ডাঙ্গৰ হৈ ঘাই গছৰ নিচিনা হব। এই স্থলত, এনে ভাবে গছ উঘালে বোলা হৈছে যে ভবিষ্যতে তেনে গছ হবৰ আশা কোনো প্ৰকাৰে নাথাকে। এতেকে,—কোনো মানুহক নিৰ্ব্বংশ কৰা। তাৰ পৰা,—সৰ্ব্বস্বান্ত কৰা, to destroy root and branch, to ruin completely.

আলেকৰ পালেক—বিং, [পূৰা বচন:-আলেকৰ পালেক, কুকুৰা-চোৱাৰ ভাৰীৰ ভাগিনীয়েক। ] কুকুৰা-চোৱাই ৰজাৰ কুকুৰা পুহিছিল। তেনে- কুৱা সরু বিষয়াৰ ভাৰ কঢ়িওৱা মানুহ, তাৰে ভাগিনীয়েক। ‘আলেকৰ পালেক’ ছন্দ মিলাবৰ নিমিত্তে ব্যৱহৃত হৈছে, তাৰ নিজা অৰ্থ নাই। এতেকে,—একো সম্বন্ধে নোপোৱা মানুহ। (বিদ্ৰুপ প্ৰয়োগ) one thoroughly unconnected by relationship (used ironically). [ ১৫ ] আলৌ-লৌৱা গৌৰী—বিং, পাৰ্ব্বতী মেনকাৰ আলসুৱা জীয়েক আছিল। এতেকে,—আলসুৱা ছোৱালী, a dearly beloved delicate girl.

আশাধাৰী জীৱ—বিণ, আশাৰ ওপৰত প্ৰাণ ধাৰণ কৰা মানুহ, man who lives through hope.

আশাত নিৰাশ হোৱা—ক্ৰি, আশা কৰি থাকোঁতে আশা-ভগ্ন হোৱা, to be broken-hearted.

আশা বৈতৰণী নদী—বিং, বৈতৰণী নদীৰ সোঁত অতি প্ৰৱল। মানুহ মৰিলে এই নৈ পাৰ হৈ পৰলোকলৈ যাব লাগে। এতেকে,—অতি প্ৰবল, আৰু মৰণকাল পৰ্য্যন্ত চলি থকা আশাৰ সোঁত, hope as long as life lasts.

আশীৰ্ব্বদীয়া লৰা—বিং, আশীৰ্ব্বাদৰ দ্বাৰা জন্ম পোৱা লৰা অৰ্থাৎ বাপেকৰ সম্পৰ্ক নোহোৱাকৈ ওপজা লৰা, জহৰা লৰা, (ব্যঙ্গাৰ্থ) all illegitimate child, (used ironically).

আহুদি খুওৱা—ক্ৰি, (আহুদি=অশুদ্ধি, এবিধ কুমন্ত্ৰ ক্ৰিয়া)। এই ক্ৰিয়াৰ দ্বাৰা মানুহক সৰ্ব্বতোভাৱে বশবৰ্ত্তী কৰিব পৰা যায়। এতেকে,— পৰৰ কুৎসা ৰটি কোনো মানুহক নিজৰ মতলৈ অনা, to convert a person to one's way of thinking by questionable methods.


ই।

ই-কাণ সি-কাণ হৈ সহস্ৰ-কাণ হোৱা—ক্ৰি, ই-কাণৰপৰা সি-কাণলৈ গলে সহস্ৰ কাণলৈ যায়, অৰ্থাৎ কোনো কথা এজনৰপৰা আন এজনে শুনিলে ক্ৰমশঃ তাক সকলো মানুহে জানিবলৈ পায় গৈ। এতেকে,— [ ১৬ ] কোনো কথা দ্বিতীয় মানুহক কলেই সি সৰ্ব্বত্ৰ প্ৰচাৰিত হোৱা, to spread far and wide if known to a second person.

ইচাট বিচাট কৰা
ইচাটি বিচাটি কৰা
} —ক্ৰি, “বিচাট" বিষাদ শব্দৰ অপ্ৰভ্ৰংশ। “ইচাট” অনুৰূপ

শব্দ। এতেকে,—বিহ্বল হোৱা, to be ill at ease, to feel restless.

ই তিনি গুণৰ বাজ—বিণ, সত্ত্ব, ৰজ, তম, এই তিনি গুণ। এই তিনিও গুণৰ বাজ বুলি কোৱা হৈছে। এতেকে,—কোনো কাৰ্য্যেৰে সৈতে যৎকিঞ্চিৎ ভাৱেও সম্পৰ্কিত নোহোৱা, throughly unconnected, outside the pale.

ইন্দ্ৰৰ অমৰাৱতী—বিং, অমৰাৱতী দেৱৰাজ ইন্দ্ৰৰ নগৰ আছিল। স্বয়ং বিশ্বকৰ্মাই ইয়াক নিৰ্ম্মাণ কৰিছিল। এতেকে,—বিচিত্ৰ নগৰ, a picturesque city.

ইন্দ্ৰৰ সভাত ফেঁচাৰ কুৰুলি—বিং, ইন্দ্ৰ দেৱৰাজ। তেওঁৰ সভাত সকলো দেৱতা থাকে, আৰু তেওঁ স্বয়ং সভাপতি। সেই সভা অত্যন্ত গহীন আৰু তাত গুৰুতৰ বিষয়ৰ মীমাংসা হয়। তেনেকুৱা সভাৰ সভ্য সকলৰ বক্তৃতাৰ মাজত ফেঁচাৰ কুৰুলি হাস্যাস্পদ কাণ্ড বুলি কোৱা হৈছে। এতেকে,—গহীন আৰু ডাঙ্গৰ সভাত অপদাৰ্থ মানুহৰ বক্তৃতা, a speech of a contemptible person in an august assembly.

ই-পুৰী—বিং, এই পুৰী, ইহলোক, this world.

ই সি—বিং, এই বস্তু সেই বস্তু অৰ্থাৎ কিবাকিবি, this or that, something.

ঈ।

ঈশ্বৰৰ হলে লীলা বোলা, মানুহৰ হলে কীলা বোলা—ক্ৰি, [ঈশ্বৰৰ দোষ হলে লীলা বোলা, মানুহৰ দোষ হলে কীলা বোলা ] হিন্দুমতে শ্ৰীকৃষ্ণ [ ১৭ ] স্বয়ং ঈশ্বৰ। লৰা-কালত তেওঁ অত্যাচাৰ কৰিছিল। সেইবিলাক কাৰ্য্যক মানুহে ঈশ্বৰৰ লীলা বুলি কয়। কিন্তু সাধাৰণ মানুহে যদি তেনেকুৱা অত্যাচাৰ কৰে, তেনেহলে সকলোৱে “তাক কীলা” এই বুলি কয়। এতেকে,—বৰলোকৰ দোষকো গুণৰ শাৰীত পেলোৱা কিন্তু ইতৰ লোকক সেই একে প্ৰকাৰৰ দোষতেই অতিৰিক্ত দণ্ড দিয়া, to call the faults of a great man accomplish- ments, but those of a common man crimes deserving of heavy punishment.

ঈশ্বৰে চকু মেলি চোৱা—ক্ৰি, ঈশ্বৰৰ দৃষ্টি পৰা, শুভ দিন উদিত হোৱা, the coming on of better days.

উ।

উঁই-চিৰিঙ্গাই জুইত পৰি মৰিবলৈ পাখি গজা—ক্ৰি, উঁই-চিৰিঙ্গাৰ যেতিয়া পাখি গজে, তেতিয়া সি উৰি গৈ জুইত পৰি জাহ যায়। এতেকে,—তুচ্ছ মানুহৰ সৌভাগ্য তাক নষ্ট কৰিবৰ নিমিত্তে দেখা দিয়া, to possess fortune light-heartedly so that it serves simply to cause one's ruin ultimately.

উকহে খোৱা—বিং, উকহ পোকে খালে অৰ্থাৎ কামুৰিলে মানুহ বিতত হয়। এতেকে,—বিতত, অধৈৰ্য্য, impatient, restless.

উগ্ৰসেন বুদ্ধি মাধৱত নোসোধা—ক্ৰি, উগ্ৰসেন শ্ৰীকৃষ্ণৰ মোমায়েক আছিল। তেওঁ শ্ৰীকৃষ্ণৰ পৰামৰ্শ নোলোৱাকৈ কোনো কাৰ্য্য নকৰিছিল। কিন্তু বিপদ-কালত তেওঁৰো বুদ্ধি হত হল। এতেকে,—বিপদ-কালত [ ১৮ ] মুগ্ধ হলে ‘যোগ্যতম’ মানুহৰো পৰামৰ্শ নোলোৱা, not to take advice even from the worthiest man when one loses his head in dire distress.

উচটাই গাই-গৰু বোওৱা—ক্ৰি, হিন্দু মানুহে গাই-গৰুৰে হাল বালে জাতি-ভ্ৰষ্ট হয়। এই স্থলত, উচটাই হিন্দুৰ দ্বাৰা গাই-গৰু বোওৱা হৈছে বোলা হৈছে। এতেকে,—কোনো অন্যায় কাৰ্য্য নিজে নকৰি উচটনিৰ দ্বাৰা পৰৰ দ্বাৰা কৰোৱা, to incite some one else to do a wrongful act.

উজটিত পৰি মৰা—বিণ, নিশকতীয়া মানুহে উজটি খাই মাটিত পৰিয়েই প্ৰাণ হেৰুৱায়। এতেকে,—অলপ ধতুৱা, wanting in calibre or stamina.

উঠি-অহা—বিণ, (উঠা = বঢ়া) বয়স বাঢ়িলে বিদ্যা-বুদ্ধিও বাঢ়ে। এতেকে,— জীৱনৰ প্ৰথম আধা ছোৱা কালত বয়স পাই যোৱা, উন্নতিশীল, growing, promising, rising.

উঠি পৰি লগা—ক্ৰি, গধুৰ বস্তু লৰাবলৈ উঠে, কিন্তু লৰাব নোৱাৰি পৰি যায় এই দৰে চেষ্টা কৰা অৰ্থাৎ অত্যন্ত পুৰুষাৰ্থ কৰা, to make utmost effort.

উঠি বহা—ক্ৰি, নৰিয়া মানুহে ঢাৰি-পাটীত পৰি থাকে, উঠি বহিব পৰা হলেই ৰোগ ভাল হ’ল বুলি ধৰিব পৰা যায়। এতেকে,—বিপদৰপৰা উদ্ধাৰ পোৱা, to get rid of any difficulty.

উঠি-ৰজা—বিং, [উঠি ফুৰা ৰজা] উঠি-লৰি মানুহক চলাই ফুৰা ৰজা। এতেকে,— পৰৰ ওপৰত প্ৰভুত্ব চলোৱা মানুহ, ক্ষমতাশীল পুৰুষ, a man of power and influence.

উদক ভেঁটা-ৰখীয়া পতা—ক্ৰি, মাছ ধৰিবৰ নিমিত্তে মানুহে পানীত ভেঁটা বান্ধে। খল-খলনি শুনি মাছে ভেঁটাৰ ওপৰে জঁপিয়াই যাবলৈ চেষ্টা কৰে বাবে কোনো এজন মানুহক ভেঁটা-ৰখীয়া পতা হয়। এই স্থলত কোৱা হৈছে যে উদক অৰ্থাত স্বভাৱতে যি মাছৰ লুভীয়া তেনে প্ৰাণীক ভেঁটা- ৰখীয়া পতা হৈছে। এতেকে,—যাৰ যি বস্তুলৈ অতিৰিক্ত লোভ তাক সেই বস্তুৰ ৰখীয়া পতা, to appoint a naturally hostile person as guardian or protector. [ ১৯ ] উদৰ সাত পুৰুষে কেঁচা মাছ খোৱা—ক্ৰি, মানুহে মাছ সিজাই খায়। ঈদে পূৰ্ব্ব কালৰপৰা কেঁচা মাছ খাই আহিছে। এতিয়া সি সেই অভ্যাস এৰি মাছ সিজাই খাব নোৱাৰে। এতেকে,—পূৰ্ব্ব কালৰ চলিত ৰীতি সহজে এৰিব নোৱৰা, to be unable to give up easily a custom which has been prevalent since a long time.

উধনীয়া ভেম—বিং, উধানৰ সমান অৰ্থাৎ ডাঙ্গৰ ভেম, great vanity.

উধৰ পৰা মুধলৈ—ক্ৰি-বিণ, [ অধৰ পৰা উধলে ] (অধ = অধঃ। উধ =উৰ্দ্ধ)। ‘অধৰ’ পৰ ‘ওধ’ আৰু ‘ওধৰ’ পৰা ‘উধ’ শব্দ বাগৰি ওলাইছে। অধ শব্দে ‘উধ’ ৰূপ ধৰাত পিচৰ ‘উধ’ শব্দে উচ্চাৰণৰ সুচলৰ অৰ্থে মুধ আকৃতি ধৰিলে। এতেকে,—তলৰ পৰা ওপৰলৈ, গোটেই, সমূলি, from top to bottom, entirely.

উপকাৰীক অজগৰে খোৱা—ক্ৰি, যদি কোনো মানুহে সাপক বধ নকৰি এৰি দিয়ে, তেনেহলে সাপে চল পালে সেই মানুহকে খুটিব, উপকাৰ মানি তাৰ প্ৰাণ ৰক্ষা নকৰে। এতেকে,-ক্ৰুৰ প্ৰকৃতিৰ মানুহে উপকাৰ নামানি উপকাৰীৰ সৰ্ব্বনাশ কৰা, অকৃতজ্ঞ হৈ মহা অনিষ্ট সাধন কৰা, to harm the benefactor.

উপজি গোট ভাত গিলা—ক্ৰি, কেঁচুৱা লৰাক ভাত ফেনেকি খুওৱা হয়, সি গোটা ভাত গিলিব নোৱাৰে। এতেকে,—কোনো ডাঙ্গৰ কাৰ্য্য লাহে লাহে কৰিবলৈ চেষ্টা নকৰি একে দোপতে কৰিবলৈ যোৱা, to try to do a difficult thing all at once instead of step by step.

উপজি ৰাতিপুৱা—বিং, [ উপজি হোৱা ৰাতিপুৱা ] ৰাতি মানুহ টোপনিত মৰাৰ নিচিনা হৈ থাকে। ৰাতিপুৱা হলে টোপনিৰপৰা উঠি ওপজাৰ নিচিনা হয়। এতেকে,—নিচেই ৰাতিপুৱা, the first stage of the morning.

উবুৰি খাই ধৰা—ক্ৰি কোনো টান কাৰ্য্য থিয় হৈ কৰিব নোৱাৰি উবুৰি খাই ধৰি কৰিবলৈ চেষ্টা কৰা হয়। এতেকে,— অত্যন্ত পুৰুষাৰ্থ কৰা, to try to the utmost.

উভতি নচা—ক্ৰি, ওভত হৈ অৰ্থাৎ মূৰ তললৈ আৰু ভৰি ওপৰলৈ কৰি নচা, অতপালি কৰা, to act perversely.

উভতি বাট বোলা—ক্ৰি, ওভত হৈ অৰ্থাৎ মূৰ তললৈ আৰু ভৰি ওপৰলৈ কৰি [ ২০ ] খোজ কঢ়া অৰ্থাৎ বিপৰীতভাৱে কাৰ্য্য কৰা, to act in an unusual manner.

উভলা গছ দেখি আটায়ে বাগি কুঠাৰ মৰা—ক্ৰি, যি গছ থিয় হৈ থাকে, তাৰ ওচৰলৈ কোনো মানুহ নাযায়। কিন্তু যি গছ উভলি পৰি থাকে, যেয়ে সেয়ে গৈ তাক বাগি কুঠাৰেৰে কাটে। এতেকে,—পৰি থকা অৰ্থাৎ দুৰ্ব্বল মানুহ দেখি যেয়ে সেয়ে অপকাৰ কৰা, the injuring by anybody and everybody of a person who has fallen on evil times.

উভঁহা উত্তৰ—বিং, [ উভঁহীয়া উত্তৰ ] (উভহা= উভ+আঁহ+ঈয়া) আঁহৰ দিহেৰে কোৱা নহয় এনে উত্তৰ অৰ্থাৎ প্ৰশ্নানুযায়ী নহয় এনে উত্তৰ, an evasive reply.

উভৈ নদী—বিণ, [উভয় নদী] পানী অধিক হলে নদীৰ উভয় পাৰ উপচি যায়। এতেকে,—উপচি যোৱা, অপৰিমিত, overflowing, enormous, too much.

উমনি লোৱা—ক্ৰি, চৰায়ে পোৱালি জগাবৰ নিমিত্তে কণীৰ ওপৰত বহুদিন উমনি লয়। এতেকে,—কোনো কাৰ্য্যত অতিৰিক্ত কাল ব্যাপৃত থকা, to keep oneself employed in anything for an unduly long time.

উমৈহতীয়া শ বাহি শ হোৱা—ক্ৰি, যাৰ আত্মীয়-স্বজন সৰহ, সেই মানুহ ৰাতি মৰিলে শ বাহি হয় অৰ্থাৎ বেগতে তাৰু ৰাতি নৌ পুৱাওঁতেই মৰিশালিলৈ নিব পৰা নাযায়, কিয়নো শ কান্ধত লবলৈ ইটোৱে সিটোৱে বাগি ধৰি থকে। অসমীয়া মানুহৰ মতে শ বাহি হোৱা ঘৃনিত কাৰ্য। এতেকে,—উমৈহতীয়া কাৰ্য্য সুকলমে শীঘ্ৰে সমাধা নোহাৱা, the doing of a joint business in a bad way

উৰহিৰ ওৰ—ক্ৰি, (ওৰ = গোড়, মূল) উচ্চাৰণৰ সাদৃশ্য বশতঃ উৰহিৰ ’ওৰ’ বোলা হৈছে। এতেকে,—কোনো মানুহৰ কথা, বিষয় বা কাৰ্য্যৰ মূল, the root cause of anything.

উৰি অহা—ক্ৰি, বাহৰপৰা চৰাই-পোৱালি কাঢ়ি নিলে মাকে উৰি খুঁটিবলৈ আহে। এতেকে,—কোবেৰে খং-মুৱাকৈ অহা, to rush threateningly. [ ২১ ] উলাহৰ মাদলি—বিণ, (মাদলি – ডিঙ্গিত পিন্ধা অলঙ্কাৰ)। উলাহ বুজোৱা মাদলি। এতেকে,—হৰ্ষোৎফুল্ল মনুহ a person in high glee.

উলুৰ লগত বগৰি পোড়া—ক্ৰি উলুৱনীৰ মাজে মাজে বগৰি গছ থাকে। খেতি- বাতিৰ নিমিত্তে মাটি মুকলি কৰিবলৈ উলুৱনীত জুই লগাই দিয়া হয়। সেই জুইত উলু যে পোড়েই বগৰি গছো পুড়ি যায়। এতেকে - সঙ্গদোষত অপৰাধী মানুহৰ লগত নিৰপৰাধী মানুহক দণ্ড কৰা, to punish an innocent person along with a guilty person on the ground of association.

উৱাই ৰাতি পুৱাই যোৱা—ক্ৰি [পুহাই ৰাতি পুৱাই যোৱা] পুহ-মহীয়া ৰাতি বৰ দীঘল। এতেকে,—দীঘল ৰাতি অতিবাহিত হোৱা, the passing away of the longest night.

উশাহতে ক্ৰি-বিণ, এবেলি উশাহ লওঁতে যিমান পৰ লাগে সিমান পৰতে, মুহূৰ্ততে, at once, immediately.

উশাহ পোৱা—ক্ৰি [উশাহ ঘূৰি পোৱা] উশাহ নিৰুধ হৈ থাকি আকৌ পোৱা, শকাহ পোৱা, বিপদত অলপ তৰণি পোৱা, to be relieved.


ঊ।

উণৈছত বা বলোৱা—ক্ৰি , [উণপঞ্চাশৎ বায়ু বলোৱা] বায়ু উণপঞ্চাশ প্ৰকাৰ বুলি প্ৰসিদ্ধ। বেগেৰে লৰি-ধাপৰি ফুৰিলে বতাহ বলি যায়। এতেকে,— আনন্দত মতলীয়াভাৱে ফুৰা, ৰঙ্গত উধাৱ হোৱা, to be excessive- ly hilarious

ঊণৈছ বিছ—বিং, উণৈছ আৰু বিছৰ ভিতৰত যিমান প্ৰভেদ, সিমান প্ৰভেদ; নিচেই অলপীয়া প্ৰভেদ, a slight difference. [ ২২ ] ঊষা পটেশ্বৰী—বিং, ঊষা শোনিতপুৰৰ বাণ ৰজাৰ জীয়েক, আৰু শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধৰ ঘৈণীয়েক। তেওঁ অতি সুন্দৰী আছিল। (পটেশ্বৰী = ৰাজ-পাটৰ ঈশ্বৰী অৰ্থাৎ প্ৰধান ৰাজ-মহিষী; তাৰপৰা, ৰূপৱতী তিৰোতা। এতেকে,—অতি ৰূপৱতী তিৰোতা, an extremely beautiful woman.


এ।

এই অনা দেওৱা—ক্ৰি, সান্দহ, কৰাই আদি জলপানৰ নিমিত্তে খোলাত এবাৰত যিমান চাউল দিয়া যায় তাক ‘অনা’ বোলে। সেই চাউল দেই গলে ’এই অনা দেলে’ বুলি কোৱা হয়। এতেকে, কোনো এবাৰৰ কাৰ্য্য নিস্ফল হোৱা, the coming to nothing of a particular venture.

এঁহ গছৰ পৰা কেঁহ গছলৈ—ক্ৰি, [ আঁহ গছৰপৰা কেশ গছলৈ] আঁহ-ডালৰ- পৰা চুলি-ডাললৈ, নিচেই ক্ষুদ্ৰ বিষয় পৰ্য্যন্ত, to the minutest things.

এক গাৱঁৰ এক মাৱৰ—বিং, [এক গাৱঁৰ প্ৰজা এক মাৱৰ সন্তান] একে মাকৰ সন্তানৰ ভিতৰত যেনে প্ৰীতি-স্নেহ থাকে, একে গাওঁৰ প্ৰজাৰ ভিতৰতো তেনেকুৱা প্ৰীতি-স্নেহ থাকে। এতেকে—একে গাওঁৰ প্ৰজা- বিলাকৰ ভিতৰত সহোদৰ ভাই-ককাইৰ তুল্য প্ৰীতিভাৱ, brother- ly feelings among persons of the same place.

এক দেৱ এক সেৱ বিং, “এক দেৱ এক সেৱ এক বিনে নাই কেৱ” এইটি মহা- পুৰুষীয়া ধৰ্ম্মৰ মত। (এক দেৱ = এক মাত্ৰ দেৱ, অৰ্থাৎ শ্ৰীকৃষ্ণ, এক সেৱ = এক মাত্ৰ সেৱ অৰ্থাৎ কৃষ্ণৰ সেৱা। ) এতেকে,— একমাত্ৰ ধ্যান-ধাৰণা, whole-hearted devotion, warm [ ২৩ ] attachment.

একছি পুৰুষ—বিং, একৈছ পুৰুষ, বহু পুৰুষ, many generations.

একা-চেকা মানুহ—বিং, ম’হ-গৰুৱে চঁক খালে যি পোনে যাব সেই পোনেই গৈ থাকে, তাক ওভোতাই আনিব পৰা নাযায়। এতেকে,—কোনো কাৰ্য্যৰ পোনে ঢাল ললে সেই কাৰ্য্যৰপৰা ওভোতাই যাক আনিব পৰা নাযায় তেনে মানুহ, a wayward fellow.

একালে সোমাই একাণে ওলোৱা—ক্ৰি, কোনো কথা একাণে সোমাই তেতিয়াই একাণে (আন কাণে) ওলোৱা অথাৎ শুনা মাত্ৰকতে পাহৰি যোৱা, কথা মনত নথকা, to forget a thing as soon as it is heard.

একাদশত গুৰু হোৱা,—ক্ৰি, (‘একাদশত বৃহস্পতি হোৱা’ চোৱাঁ। বৃহস্পতি দেৱতা সকলৰ গুৰু। )

একাদশত বৃহস্পতি হোৱা—ক্ৰি, ( জ্যেতিষীয়া মাত ) জন্ম-পত্ৰিকাৰ একাদশত যদি বৃহস্পতি থাকে তেনেহলে ফল অত্যন্ত শুভ হয়। এতেকে,—ভাগ্য সুপ্ৰসন্ন হোৱা, the smiling of fortune.

একাদশীয়া বামুণে গৰাহ গৰাহ কৰা—ক্ৰি, একাদশী তিথিত বামুণে লঘোন দিয়ে। লঘোন ভাঙ্গোতে ভোকত ডাঙ্গৰ-ডাঙ্গৰকৈ একো গৰাহ ভাত খায়। এতেকে,—কোনো কাৰ্য্য হুঁটাহেৰে কৰা, to do a thing with extreme avidity.

একীল খালে এবুধি চপা—ক্ৰি, যদি এটা কীল খোৱা যায় তেনেহলে তাৰ লগতে এটা বুদ্ধি চাপে অৰ্থাৎ মাৰ-কীল খালে হে শিক্ষালাভ হয়। এতেকে,—ঠেকা পাই শিক্ষা পোৱা, to learn a lesson by sad experience.

একে মুখেই ধান-চিৰা দিয়া, একে মুখেই চাউল-চিৰা দিয়া—ক্ৰি, এবেলি এখন মুখেৰে ধান-চিৰা দিম বুলি কৈ ঘূৰি সেই মুখেৰেই চাউল-চিৰা দিম বুলি কয়, এনে বোলা হৈছে। এতেকে,—কথা সলাই কোৱা, to change opinions one after the other.

একে খুণ্ডাতে যোৱা—ক্ৰি, [একে খুণ্ডাতে মৰি যোৱা] মহ গৰুৱে মানুহক মূৰেৰে খুণ্ডা মাৰে। টানকৈ খুণ্ডা মাৰিলে একে খুণ্ডাতে মানুহ মৰে। [ ২৪ ] গুল্ম পিত্ব আদি কোনো কোনো ৰোগেও বুকুত খুণ্ডা মাৰি ধৰে আৰু কেতিয়াবা তেনেকুৱা একে খুণ্ডাতে মানুহ মৰে। এতেকে,— তৎক্ষণাৎ প্ৰাণ হেৰুওৱা, to meet with instantaneous death.

একে পাতত খোৱা একে কান্ধত লোৱা মানুহ—বিং, একে পাতত অৰ্থাৎ একে শাৰীত খায় আৰু একে চাঙ্গিতে মৰা-শ শ্মশানলৈ নিয়ে এনেকুৱা মানুহ অৰ্থাৎ একে খেলৰ মানুহ; লগৰ সঙ্গৰ মানুহ; অতি মিলৰ মানুহ, persons belonging to the same clan, communi- ty, class; companions in weal or woe.

একৈয়া বোটলা—ক্ৰি, খলি-খেল খেলোঁতে যি একৈয়া গুটি বোটলে সি মুঠৰ ওপৰত বহু গুটি পায়। এতেকে,—ঠায়ে ঠায়ে অলপ আৰ্জ্জন কৰি বহু আৰ্জ্জনৰ গৰাকি হোৱা, to make a fortune by securing small but constant gains.

এখন তাল নবজা—ক্ৰি, তাল বজাবলৈ হলে দুখন তাল লাগে, এখন তাল নাবাজে। সেইৰূপে, দন্দ কৰিবলৈ হলেও দুজন মানুহ লাগে। এতেকে,— দুই পক্ষৰ এক পক্ষ ভাল হলে দন্দ লাগিবৰ স্থল নোহোৱা, the existing of no room for quarrel when any one of the two parties does not want to quarrel.

এখনকে দহখনকৈ লগোৱা—ক্ৰি, এখন বন যদি বেয়াকৈ কৰা হয় তেন্তে সেই এখনকে ডাঙ্গি দহখন বন বেয়াকৈ কৰা হৈছে বুলি দেখুৱাই কথা লগোৱা, অতিপাতকৈ কথা লগোৱা, to speak ill of others by coloured statements.

এগোট হোৱা—ক্ৰি, কেইবা গোট মানুহ লগ হৈ এগোটৰ নিচিনা হোৱা, একমত হোৱা, to be of one mind, to be united.

এচহীয়া মানুহ—বিং, কাঠ ফালিলে পোনে পোনে নাফাটি কেতিয়াবা সি বেঁকাকৈ ফাঁটি যায়। (এচহীয়া = এটা চাহিৰ সমান অৰ্থাৎ আগৰ ফাললৈ একণিমান। ) এতেকে,—পোন বাটে কাৰ্য্য নকৰি তৎক্ষণাৎ যেই বাটে মন যায় সেই বাটে কাৰ্য্য কৰা মানুহ, a perverse person.

এছাল ছিগিলেও কথা নেৰা—ক্ৰি, ইমানকৈ কথা কয় বোলা হৈছে যে জিবাৰ এছাল [ ২৫ ] অৰ্থাৎ এখন ছাল বা প্ৰথম ছাল ছিগি যায়। এতেকে,—তৰ্কত হাৰ নামানি যেনে তেনে প্ৰকাৰে নিজৰ মত এৰি নিদিয়া, to adhere to one's opinion dogmatically.

এটকা মহন্তৰ শপথ—বিং, ‘এটকা’ শব্দে পূৰ্ণসংখ্যা বুজাইছে। এটকা মহন্ত = পূৰ্ণসংখ্যাৰ মহন্ত অৰ্থাৎ পূৰ্ণাঙ্গ ধৰ্ম্ম। এতেকে,—যৎপৰোনাস্তি ডাঙ্গৰ শপথ, an oath in the name of all that is sacred.

এটা চকু কণা কৰা, এখন কাণ কলা কৰা—ক্ৰি, এফালে নেদেখাকৈ আৰু এফালে নুশুনাকৈ থকা, আওকণীয়া ভাও ধৰি থকা, বৰকৈ মন কাণ নিদিয়া, to be inattentive.

এটা চাউল পিটিকিলে এচৰু ভাতৰ গম পোৱা—ক্ৰি, ভাত সিজিছে নে নাই সিজা চাবলৈ হলে এটা চাউল হাতেৰে পিটিকি চোৱা হয়। তাৰপৰা গোটেই চৰু ভাত সিজা নিসিজাৰ গম পোৱা যায়। এতেকে,—কোনো মানুহৰ এটা কথা জানিলেই তাৰ সমুদায় স্বভাৱ জনা, to be able to know tho character of a person by knowing a single incident of his life.

এঠাইত কাটিলে সাত ঠাইত গজা—বিণ, কোনো গছ যদি কাটি দিয়া হয়, তেনে- হলে কটা-ঠাইৰ তলতে পোখা ওলায়। এই স্থলত কোৱা হৈছে যে তাক এঠাইত কটা হৈছিল, কিন্তু সি সাত ঠাইত গজিল, অৰ্থাৎ আগৈয়ে এডাল গছ আছিল, কিন্তু এতিয়া সাত ডাল গছ হ’ল। এতেকে,— যাক কোনো মতে অপকাৰ কৰিব পৰা নাযায় তেনে মানুহ, অতি টেঙ্গৰ মানুহ, a too clever person.

এডালি চুলিকে দুডালি কৰা—ক্ৰি, একণিমান বস্তুকে দুফাল কৰা অৰ্থাৎ সামান্য বিষয়তো বেলেগ ভাব দেখুওৱা, to show a spirit of disunion even in the minutest affairs.

এডালি চুলিকে সাত ফাল কৰা—ক্ৰি, এডালি চুলিকে অৰ্থাৎ নিচেই একণিমান বস্তুকে ভাগ কৰি সাত ফাল কৰা অৰ্থাৎ অতি কৃপণতা কৰা, to act miserly in an extreme degree.

এডিঙ্গি পানীত পৰি পিয়াহত মৰা—ক্ৰি, ডিঙ্গিৰ ওচৰলৈকে পানী থাকিলে সেই পানী মুখ মেলি খাবৰ নিমিত্তে নিচেই উজু। এই স্থলত কোৱা হৈছে যে সিমানতো পানী খাবলৈ নাপাই পিয়াহত মৰে। [ ২৬ ] এতেকে,—ধন-সম্পত্তি থকাতো তাক ভোগ কৰিবলৈ নোপোৱা, সম্পত্তি থকা স্বত্বেও কৃপণত কৰা, to comfort oneself as a poor man though living in plenty.

এডেও দুডেওকৈ লোটা নিবৰ চেও ধৰ,—ক্ৰি ডেও মৰাৰ ছলেৰে লাহে লাহে লোটাৰ পোনে চাপি আহি কোনেও নেদেখাকৈ লোট, চুৰ কৰি লৈ যায় বোলা হৈছে। এতেকে,— নিৰ্দ্দোষ কাৰ্য্য কৰাৰ ফাঁকটি কৰি পৰ?-অপহৰণৰ চেষ্টা কৰা, to attempt to rob a person by arming an attitude of innocence.

এডোখৰ বেলি—বিং [সৰহীয়া এডোখৰ বেলি] বহু সময়, a considerable time

এধমকত— ক্ৰি-বিণ, ধম্‌-ধম্‌ কৰে অহা কোনো এবাৰত, suddenly and precipitately on one occasion.

এধুমুহাত— ক্ৰি-বিণ, ধুমুহাৰ দৰে কোবেৰে অহা কোনো এবাৰত, suddenly and precipitately on one occasion.

এনেই উৰ্ব্বশী দুৱাৰে বাট দিয়া—ক্ৰি, উৰ্ব্বশী স্বৰ্গৰ অপ্সৰী। তেওঁ ইন্দ্ৰৰ সভাৰ নাচনী আছিল, আৰু আকাশেদি উড়ি ফুৰিব পাৰিছিল। এই স্থলত, উৰ্ব্বসী=অতি চঞ্চলা তিৰোতা। এনেকুৱা তিৰোতাক বন্ধ কৰি ৰাখিলেও তেওঁ যেনে তেনে প্ৰকাৰে এপোনে বাট উলিয়াই ঘৰৰপৰা বাজ হয়। তাকে নকৰি যদি দুৱাৰ মেলি সেই পোনে যাবলৈ বাট থোৱা যায়, তেনেহলে তেওঁ যে ঘৰৰপৰা ওলাই যাব, তাৰ কোনো সন্দেহ নাথাকে। এতেকে,—দুষ্ট মানুহক দুষ্টালি কৰিবলৈ চল লগাই দিয়া, to put a wicked person in a field where he can give full play to his evil propensities.

এনেই বুঢ়ী নাচনী তাতে নাতিনীয়েকৰ বিয়া হোৱা— ক্ৰি বুঢ়ী মানুহৰ নাতিনী চাবলৈ বৰ হেঁপাহ। নাতিনী ডাঙ্গৰ হৈ বিয়া হলে বুঢ়ীৰ আনন্দ বৰকৈ বাঢ়ে। তাতে যদি বুঢ়ী নাচনী হয়, তেনেহলে সেই বিয়াত তাইৰ নাচোনৰ সীমা নাথাকে। এতেকে,—অতিৰিক্ত আনন্দৰ কাৰণ হোৱা, the coming of pleasure to a person who is by nature pleasurably disposed.

এন্দুৰক সেন্দূৰ পিন্ধোৱা—ক্ৰি, এন্দুৰ ঘিণ-লগা-প্ৰাণী, তাক সেন্দূৰ পিন্ধালে [ ২৭ ] ভাল নেদেখি। এতেকে,— স্বভাৱতে যি ঘৃণিত তাক কৃত্ৰিম উপায়ৰ দ্বাৰা সুন্দৰ কৰিবৰ নিমিত্তে যত্ন কৰা to attempt to beautify a naturally ugly person.

এন্দুৰে মাটি খনা, ঘৰতে বাহা হোৱা—ক্ৰি, চোৰে মাটিৰ তলেদি সিন্ধি খানে। এন্ৰুৰেও সিন্ধিৰ নিচিনাকৈ গত খানে। চোৰ কৰিবৰ, মানুহ, কিন্তু এন্দুৰ ঘৰৰ ভিতৰতে থাকে। এতেকে— ঘৰৰ ভিতৰত কোনো ডাঙ্গৰ অপৰাধ হলে ঘৰৰ পৰিয়ালৰ ভিতৰতে কোনো এজন মানুহে সেই অপৰাধ কৰ, the doing of serious crime in a family by one of the members of that family

এন্ধাৰতে খেপিওৱা— ক্ৰি, এন্ধাৰত কোনো বস্তু হাতৰে খেপিয়ালে বিচাৰি পোৱা নাযায়৷ এতেকে, কণা-মুনাকৈ বিচৰা, to grope in the dark.

এন্ধাৰত দলি মৰা- ক্ৰি, এন্ধাৰত লক্ষ্য দেখা নাযায়। তেতিয়া দলি মাৰিলে দলি লাগিবও পাৰে, নালাগিবও পাৰে। এতেকে,-- কণামুনাকৈ কোনো কাৰ্য্য কৰা, to act at random.

এফলীয়া ভাৰে কাম-হাড় ভঙ্গা—ক্ৰি, এখন ভাৰ দুমুৰে দুটা মানুহে ধৰি কঢ়িয়ালে যদি ভাৰ এফলীয়া হয় অৰ্থাৎ যদি এফালে অধিক গধুৰ হয় তেনেহলে সেই ফালৰ ভাৰীৰ দুখ অধিক হয়। এতকে,—জুটীয়া কাৰ্য্যত অধিক ভাৰ বোৱা অংশীদাৰৰ কষ্ট মাৰাত্মক হোৱা, to be over- burdened singly in a joint business.

এফাল শেনে খোৱা—বিণ, ভাল বস্তু দেখিলে শেনে থাপ মাৰি লৈ যায়। কোনো মানুহ এনে সুন্দৰ বোলা হৈছে যে শেনে মুখৰ একাল অৰ্থাৎ এখন গাল থাপ মাৰি নি খাই পেলায় আৰু ফলস্বৰূপে তেওঁৰ এখন গাল। নাইকিয়া হয়। এতেকে,--অতি সুন্দৰ, (বিদ্ৰুপ), too beautiful (used ironically.)।

এবেলি সাপে খুটিলে লেজুতো ভয় হোৱা—ক্ৰি, লেজু দেখিবলৈ সাপৰ নিচিনা। এই স্থলত কোৱা হৈছে যে এবেলি যি মানুহক সাপে খুটিছে, তাৰ লেজু দেখিও সাপ বুলি ভ্ৰম হয়। এতেকে—কোনো বিষয়ত এবেলি ভয় পালে তত্তুল্য সামান্য বিষয়তো ভয় পোৱা, to get frightened on account previous sad experience of a real danger by any danger which is similar to it though unreal [ ২৮ ] in character.

এবুৰি ছ-অঁৰা— বিণ, কুড়িটাই এবুৰি আৰু চাৰিটাই এ-অঁৰা এই-ৰূপে অঙ্কৰ লেখ হয়। (ছ-অঁৰা= চৌবিছ। ) এতেকে,—বহু, অধিক, excessive, too many.

এমা-দিমা লৰা—বিং, [ এমাহ দুই মাহৰ লৰা] এমাহ-দুমাহ বয়সীয়া লৰা, কেঁচুৱা লৰা (এম-দিমা শব্দ ‘ডিম' শব্দৰপৰা ওলোৱা সম্ভৱ দেখা নাযায়। ) children of tender years.

এৰা-পাত খোৱা—বিণ, ছাগলীয়ে এৰা-পাত খায়। এতেকে,—অনৰ্থক বেল- বেলাই ফুৰা, talkative, chatty.

এলাতকৈ চেলাৰ বিষ টান হোৱা—ক্ৰি, এলা = আল্লা। চেলাই কামুৰিলে ধ্যান- ভঙ্গ হয়। ঐহিক কষ্ট সহিবলৈ টান। পৰকালৰ যাতনা হৃদয়ঙ্গম কৰিব পৰা নাযায়। এতেকে,—ভবিষ্যৎ কষ্টতকৈ বৰ্ত্তমান কষ্ট গুৰুতৰ হোৱা, to be troubled more by feelings of existing difficulties than by ideas of any future danger however great it may be.

এশখন মুখেৰে কোৱা—ক্ৰি, একেটা কথাকে বহু বাৰ বহু ৰকমেৰে সলাই কোৱা, বাৰে-পতি কথা সলাই বহু বাৰ বহু মিছা কোৱা, to talk different- ly on different occasions, to speak any number of lies.

এশ গৰু মাৰিলে বাঘৰ মৰণ হোৱা—ক্ৰি, প্ৰবাদ আছে যে বাঘে বধ কৰা গৰুৰ সংখ্যা বাঢ়ি গৈ যেতিয়া এশ হয় তেতিয়া বাঘৰ মৰণ মিলে অৰ্থাৎ মানুহৰ হাতত তাৰ প্ৰাণ যায়। এতেকে,—অতিৰিক্ত পাপ হলে নষ্ট হোৱা, to be ruined as a result of an excess of vice,

এসাজি খুওৱাৰ সমান ৰং পোৱা—ক্ৰি, নিমন্ত্ৰণ কৰি এসাজি ভাত খুৱালে যিমান ৰং পোৱা যায় সিমান ৰং পোৱা অৰ্থাৎ বৰকৈ ৰং পোৱা, to be extremely delighted.

এহাতৰ হূল দুহাতে কাঢ়িব নোৱৰা—ক্ৰি, হূল এহাতত ফুটে, কিন্তু দুই হাতেৰে ধৰি আজুৰিও তাক কাঢ়িব পৰা নাযায়। এতেকে,—কোনো বেয়া কাৰ্য্য সহজে কৰি পিচত বহু কষ্ট কৰিও তাৰ উপশম কৰিব নোৱৰা, not to be able to undo even with a great effort a [ ২৯ ] mischief which has been done quite easily.

এহাতলৈকে হাত চুচি খোৱা—ক্ৰি, দৈ-গাখীৰৰ কলহত হাত কীলাকুটিলৈকে সুমাই দিলে কীলকুটিৰপৰা এহাতলৈকে ঠাৰিত গাখীৰ লাগি আহে। মানুহ জনে সেই হাত চুচি গাখীৰ খায় অৰ্থাৎ গোটেই কলহ গাখীৰ একণো বাকি নোথোৱাকৈ খায় বোলা হৈছে। এতেকে, — অতিৰিক্ত ভোজন কৰা to eat a giant’s meal.

এহাতে চাপৰি নবজা—ক্ৰি, [ 'এখন তাল নবজা' চোৱাঁ। ]

এহেও নোহোৱা তেহেও নোহোৱা -ক্ৰি, [ এহেতো নোহোৱা তেহেতো নোহাৱা ] এই ঠাইতো নোহোৱা সেই ঠাইতো নোহোৱা ক’তো একো নোহোৱা, সকলো বিষযে নিস্ফল হোৱা, to be unsuccessful here as well as there i. e. not to be able to get on anywhere.

⸻⸺

ঐ।

ঐদেহি-বৈদেহি গোৱা—ক্ৰি, [ আই ঐ দেহি বাই ঐ দেহি গোৱা ] যিহকে মন যায় তাকে বলকা, নানা-প্ৰকাৰ অৰ্থশূন্য কথা কোৱা, to talk incoherently.

ঐয়া-হৈয়া—ক্ৰি, বিহুত বহু মানুহে জুম পাতি ’ঐয়া-হৈয়া’ শব্দ উচ্চাৰণ কৰে। এতেকে,—অধিক মানুহে হাই-উৰুমি কৰি খেলিমেলিকৈ কাৰ্য্য কৰা, to act in confusion.

⸻⸺