পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
আপোনাৰ
আবৰী
১২

শালী কৰে, কিন্তু নিজে নাঙ্গঠা (দিগম্বৰ)। এতেকে,—নিজে শোচনীয় অৱস্থা পোৱা কিন্তু পৰৰ উপকাৰ কৰা, to do good to all although oneself badly off.

আপোনাৰ নাক কাটি সতিনীৰ যাত্ৰা-ভঙ্গ কৰা—ক্ৰি, (উপকথা) অমঙ্গলীয়া ঘটনা দেখিলে কোনো ঠাইলৈ যাত্ৰা কৰিব নাপায়। তিৰোতা মানুহে মাকৰ ঘৰলৈ যোৱা এটি অতি আনন্দৰ বিষয়। কোনো তিৰোতাই মাকৰ ঘৰলৈ যাবলৈ ওলাওঁতে সতিনীয়েকে খিয়ালত তেওঁক বাধা দিবলৈ আন একো উপায় নাপাই নিজৰ নাকটো কাটি পেলালে। এই অমঙ্গ- লীয়া ঘটনা দেখি সিজনা তিৰোতাৰ যাত্ৰা-ভঙ্গ হল। এতেকে,—নিজৰ মহা অনিষ্ট কৰিও পৰৰ সামান্য অনিষ্ট কৰিবলৈ কুণ্ঠিত নোহাৱা, not to shrink from doing a serious injury to oneself, only if it serves to put some one else to some sort of inconvenience however slight it may be.

আপোনে ছপোন ভৰোৱা—ক্ৰি, আপোন আৰু এপোন শব্দৰ সাদৃশ্যৰ পৰা এই বাক্যৰ উৎপত্তি হৈছে। এতেকে,—আত্মীয় মানুহে অধিক অপকাৰ কৰা, to do serious injury to an intimate friend or a kinsman.

আবতৰীয়া বেঙ্গেনাই মোক তোল মোক তোল কৰা—ক্ৰি, বতৰত বেঙ্গেনা গছ ৰুলে বেঙ্গেনা যেনে ভাল হয়, আবতৰত গছ ৰুলে বেঙ্গেনা তেনে ভাল নহয়। আবতীৰয়া বেঙ্গেনাই “মোক তোল মোক তোল” অৰ্থাৎ “মই বঢ়িয়াকৈ লাগি আছোঁ, মোক তুলি লৈ যা” এই বুলি কয় বোলা হৈছে। এতেকে,—কোনো অযোগ্য মানুহে নিজক বখানি কথা কোৱা, to speak highly of oneself without the neces- sary qualification.

আবৰী জাতি—বিং, বৰী জাতিৰ ওলোটা, যাক বৰাব নোৱাৰি তেনে জাতি, অসভ্য জাতি, a savage tribe.

আবৰী বাবৰী কোৱা—ক্ৰি, [ আবৰী বাবৰী ভাষা কোৱা ] আবৰী মানুহৰ দোৱান বুজিব পৰা নাযায়। ‘বাবৰী’ অনুৰূপ অব্যয়। এতেকে,—যিহকে তিহকে কোৱা, বলকা, to speak aimlessly, to talk at random, to rave,