পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
আলৌ
ই-কাণ
১৫

আলৌ-লৌৱা গৌৰী—বিং, পাৰ্ব্বতী মেনকাৰ আলসুৱা জীয়েক আছিল। এতেকে,—আলসুৱা ছোৱালী, a dearly beloved delicate girl.

আশাধাৰী জীৱ—বিণ, আশাৰ ওপৰত প্ৰাণ ধাৰণ কৰা মানুহ, man who lives through hope.

আশাত নিৰাশ হোৱা—ক্ৰি, আশা কৰি থাকোঁতে আশা-ভগ্ন হোৱা, to be broken-hearted.

আশা বৈতৰণী নদী—বিং, বৈতৰণী নদীৰ সোঁত অতি প্ৰৱল। মানুহ মৰিলে এই নৈ পাৰ হৈ পৰলোকলৈ যাব লাগে। এতেকে,—অতি প্ৰবল, আৰু মৰণকাল পৰ্য্যন্ত চলি থকা আশাৰ সোঁত, hope as long as life lasts.

আশীৰ্ব্বদীয়া লৰা—বিং, আশীৰ্ব্বাদৰ দ্বাৰা জন্ম পোৱা লৰা অৰ্থাৎ বাপেকৰ সম্পৰ্ক নোহোৱাকৈ ওপজা লৰা, জহৰা লৰা, (ব্যঙ্গাৰ্থ) all illegitimate child, (used ironically).

আহুদি খুওৱা—ক্ৰি, (আহুদি=অশুদ্ধি, এবিধ কুমন্ত্ৰ ক্ৰিয়া)। এই ক্ৰিয়াৰ দ্বাৰা মানুহক সৰ্ব্বতোভাৱে বশবৰ্ত্তী কৰিব পৰা যায়। এতেকে,— পৰৰ কুৎসা ৰটি কোনো মানুহক নিজৰ মতলৈ অনা, to convert a person to one's way of thinking by questionable methods.


ই।

ই-কাণ সি-কাণ হৈ সহস্ৰ-কাণ হোৱা—ক্ৰি, ই-কাণৰপৰা সি-কাণলৈ গলে সহস্ৰ কাণলৈ যায়, অৰ্থাৎ কোনো কথা এজনৰপৰা আন এজনে শুনিলে ক্ৰমশঃ তাক সকলো মানুহে জানিবলৈ পায় গৈ। এতেকে,—