পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
আলচ
আলেকৰ
১৪

আলচ পতা—ক্ৰি, [ আলোচনা পতা] চক্ৰান্ত কৰা, to plot, to design.

আল-লগা বামুণ—বিং, ‘পিঠিয়াল’ ‘ঘৰিয়াল’ ইত্যাদি আলযুক্ত বামুণ। এই বিলাক বামুণ পূৰ্ব্বে শুদিৰ আছিল। লেকাই চেটিয়াই লগুণ পিন্ধাই ইহঁতক ৰণলৈ পঠিয়াইছিল। ৰণৰ পাচত ইহঁতৰ লগুণ ৰৈ গল। এতেকে,—নীচ বামুণ। (নিন্দা প্ৰয়োগ) a Brahmin of impure origin, a low Brahmin.

আলাষৰ লাড়ু—বিং, কেঁচুৱা লৰাক লাড়ুৰে তুলনা কৰা হৈছে। কেঁচুৱা লৰা সোটমোচ হৈ থকা বাবে ঘূৰণীয়া লাড়ুটোৰ নিচিনা দেখা যায়। প্ৰভেদ এই যে লাড়ু মাটিত থাকে, কিন্তু কেঁচুৱা লৰা আলাষত থাকে অৰ্থাৎ কোলাত উঠি ফুৰে এতেকে,—অতি আদৰৰ মানুহ, a dearly beloved person.

আলি বাটত চালি ধৰা—ক্ৰি, কোনো মানুহে সাজ-পাৰ পিন্ধি মুকলি ঠাইত থাকিলে বতাহত কাপোৰ-কানি উড়ি ফেৰ মেলি পৰে। তেতিয়া সেই মানুহক চালি ধৰা ম’ৰাৰ নিচিনা দেখা যায়। ‘আলিবাট’ বুলি অতি প্ৰকাশ্য ঠাই বুজোৱা হৈছে। এতেকে,—ৰেহ-ৰূপ প্ৰকাশ কৰি দেখুওৱা, to make a vain display of beauty.

আলুতে পোখাই উঘলা—ক্ৰি, [আলুৱেৰে পোখাৰে উঘলা] গছ উঘালিলে যদি তাৰ আলু মাটিত থাকি যায় তেনেহলে তাৰপৰা আকৌ গছ গজি আছে। আৰু যদি পোখা থাকে, তেনেহলে সিও ডাঙ্গৰ হৈ ঘাই গছৰ নিচিনা হব। এই স্থলত, এনে ভাবে গছ উঘালে বোলা হৈছে যে ভবিষ্যতে তেনে গছ হবৰ আশা কোনো প্ৰকাৰে নাথাকে। এতেকে,—কোনো মানুহক নিৰ্ব্বংশ কৰা। তাৰ পৰা,—সৰ্ব্বস্বান্ত কৰা, to destroy root and branch, to ruin completely.

আলেকৰ পালেক—বিং, [পূৰা বচন:-আলেকৰ পালেক, কুকুৰা-চোৱাৰ ভাৰীৰ ভাগিনীয়েক। ] কুকুৰা-চোৱাই ৰজাৰ কুকুৰা পুহিছিল। তেনে- কুৱা সরু বিষয়াৰ ভাৰ কঢ়িওৱা মানুহ, তাৰে ভাগিনীয়েক। ‘আলেকৰ পালেক’ ছন্দ মিলাবৰ নিমিত্তে ব্যৱহৃত হৈছে, তাৰ নিজা অৰ্থ নাই। এতেকে,—একো সম্বন্ধে নোপোৱা মানুহ। (বিদ্ৰুপ প্ৰয়োগ) one thoroughly unconnected by relationship (used ironically).