পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
এডেও
এন্দুৰক
২৬

এতেকে,—ধন-সম্পত্তি থকাতো তাক ভোগ কৰিবলৈ নোপোৱা, সম্পত্তি থকা স্বত্বেও কৃপণত কৰা, to comfort oneself as a poor man though living in plenty.

এডেও দুডেওকৈ লোটা নিবৰ চেও ধৰ,—ক্ৰি ডেও মৰাৰ ছলেৰে লাহে লাহে লোটাৰ পোনে চাপি আহি কোনেও নেদেখাকৈ লোট, চুৰ কৰি লৈ যায় বোলা হৈছে। এতেকে,— নিৰ্দ্দোষ কাৰ্য্য কৰাৰ ফাঁকটি কৰি পৰ?-অপহৰণৰ চেষ্টা কৰা, to attempt to rob a person by arming an attitude of innocence.

এডোখৰ বেলি—বিং [সৰহীয়া এডোখৰ বেলি] বহু সময়, a considerable time

এধমকত— ক্ৰি-বিণ, ধম্‌-ধম্‌ কৰে অহা কোনো এবাৰত, suddenly and precipitately on one occasion.

এধুমুহাত— ক্ৰি-বিণ, ধুমুহাৰ দৰে কোবেৰে অহা কোনো এবাৰত, suddenly and precipitately on one occasion.

এনেই উৰ্ব্বশী দুৱাৰে বাট দিয়া—ক্ৰি, উৰ্ব্বশী স্বৰ্গৰ অপ্সৰী। তেওঁ ইন্দ্ৰৰ সভাৰ নাচনী আছিল, আৰু আকাশেদি উড়ি ফুৰিব পাৰিছিল। এই স্থলত, উৰ্ব্বসী=অতি চঞ্চলা তিৰোতা। এনেকুৱা তিৰোতাক বন্ধ কৰি ৰাখিলেও তেওঁ যেনে তেনে প্ৰকাৰে এপোনে বাট উলিয়াই ঘৰৰপৰা বাজ হয়। তাকে নকৰি যদি দুৱাৰ মেলি সেই পোনে যাবলৈ বাট থোৱা যায়, তেনেহলে তেওঁ যে ঘৰৰপৰা ওলাই যাব, তাৰ কোনো সন্দেহ নাথাকে। এতেকে,—দুষ্ট মানুহক দুষ্টালি কৰিবলৈ চল লগাই দিয়া, to put a wicked person in a field where he can give full play to his evil propensities.

এনেই বুঢ়ী নাচনী তাতে নাতিনীয়েকৰ বিয়া হোৱা— ক্ৰি বুঢ়ী মানুহৰ নাতিনী চাবলৈ বৰ হেঁপাহ। নাতিনী ডাঙ্গৰ হৈ বিয়া হলে বুঢ়ীৰ আনন্দ বৰকৈ বাঢ়ে। তাতে যদি বুঢ়ী নাচনী হয়, তেনেহলে সেই বিয়াত তাইৰ নাচোনৰ সীমা নাথাকে। এতেকে,—অতিৰিক্ত আনন্দৰ কাৰণ হোৱা, the coming of pleasure to a person who is by nature pleasurably disposed.

এন্দুৰক সেন্দূৰ পিন্ধোৱা—ক্ৰি, এন্দুৰ ঘিণ-লগা-প্ৰাণী, তাক সেন্দূৰ পিন্ধালে