পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
এবুৰি
এহাতৰ
২৮


in character.

এবুৰি ছ-অঁৰা— বিণ, কুড়িটাই এবুৰি আৰু চাৰিটাই এ-অঁৰা এই-ৰূপে অঙ্কৰ লেখ হয়। (ছ-অঁৰা= চৌবিছ। ) এতেকে,—বহু, অধিক, excessive, too many.

এমা-দিমা লৰা—বিং, [ এমাহ দুই মাহৰ লৰা] এমাহ-দুমাহ বয়সীয়া লৰা, কেঁচুৱা লৰা (এম-দিমা শব্দ ‘ডিম' শব্দৰপৰা ওলোৱা সম্ভৱ দেখা নাযায়। ) children of tender years.

এৰা-পাত খোৱা—বিণ, ছাগলীয়ে এৰা-পাত খায়। এতেকে,—অনৰ্থক বেল- বেলাই ফুৰা, talkative, chatty.

এলাতকৈ চেলাৰ বিষ টান হোৱা—ক্ৰি, এলা = আল্লা। চেলাই কামুৰিলে ধ্যান- ভঙ্গ হয়। ঐহিক কষ্ট সহিবলৈ টান। পৰকালৰ যাতনা হৃদয়ঙ্গম কৰিব পৰা নাযায়। এতেকে,—ভবিষ্যৎ কষ্টতকৈ বৰ্ত্তমান কষ্ট গুৰুতৰ হোৱা, to be troubled more by feelings of existing difficulties than by ideas of any future danger however great it may be.

এশখন মুখেৰে কোৱা—ক্ৰি, একেটা কথাকে বহু বাৰ বহু ৰকমেৰে সলাই কোৱা, বাৰে-পতি কথা সলাই বহু বাৰ বহু মিছা কোৱা, to talk different- ly on different occasions, to speak any number of lies.

এশ গৰু মাৰিলে বাঘৰ মৰণ হোৱা—ক্ৰি, প্ৰবাদ আছে যে বাঘে বধ কৰা গৰুৰ সংখ্যা বাঢ়ি গৈ যেতিয়া এশ হয় তেতিয়া বাঘৰ মৰণ মিলে অৰ্থাৎ মানুহৰ হাতত তাৰ প্ৰাণ যায়। এতেকে,—অতিৰিক্ত পাপ হলে নষ্ট হোৱা, to be ruined as a result of an excess of vice,

এসাজি খুওৱাৰ সমান ৰং পোৱা—ক্ৰি, নিমন্ত্ৰণ কৰি এসাজি ভাত খুৱালে যিমান ৰং পোৱা যায় সিমান ৰং পোৱা অৰ্থাৎ বৰকৈ ৰং পোৱা, to be extremely delighted.

এহাতৰ হূল দুহাতে কাঢ়িব নোৱৰা—ক্ৰি, হূল এহাতত ফুটে, কিন্তু দুই হাতেৰে ধৰি আজুৰিও তাক কাঢ়িব পৰা নাযায়। এতেকে,—কোনো বেয়া কাৰ্য্য সহজে কৰি পিচত বহু কষ্ট কৰিও তাৰ উপশম কৰিব নোৱৰা, not to be able to undo even with a great effort a