পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঈশ্বৰে
উগ্ৰসেনে
১৭

স্বয়ং ঈশ্বৰ। লৰা-কালত তেওঁ অত্যাচাৰ কৰিছিল। সেইবিলাক কাৰ্য্যক মানুহে ঈশ্বৰৰ লীলা বুলি কয়। কিন্তু সাধাৰণ মানুহে যদি তেনেকুৱা অত্যাচাৰ কৰে, তেনেহলে সকলোৱে “তাক কীলা” এই বুলি কয়। এতেকে,—বৰলোকৰ দোষকো গুণৰ শাৰীত পেলোৱা কিন্তু ইতৰ লোকক সেই একে প্ৰকাৰৰ দোষতেই অতিৰিক্ত দণ্ড দিয়া, to call the faults of a great man accomplish- ments, but those of a common man crimes deserving of heavy punishment.

ঈশ্বৰে চকু মেলি চোৱা—ক্ৰি, ঈশ্বৰৰ দৃষ্টি পৰা, শুভ দিন উদিত হোৱা, the coming on of better days.

উ।

উঁই-চিৰিঙ্গাই জুইত পৰি মৰিবলৈ পাখি গজা—ক্ৰি, উঁই-চিৰিঙ্গাৰ যেতিয়া পাখি গজে, তেতিয়া সি উৰি গৈ জুইত পৰি জাহ যায়। এতেকে,—তুচ্ছ মানুহৰ সৌভাগ্য তাক নষ্ট কৰিবৰ নিমিত্তে দেখা দিয়া, to possess fortune light-heartedly so that it serves simply to cause one's ruin ultimately.

উকহে খোৱা—বিং, উকহ পোকে খালে অৰ্থাৎ কামুৰিলে মানুহ বিতত হয়। এতেকে,—বিতত, অধৈৰ্য্য, impatient, restless.

উগ্ৰসেন বুদ্ধি মাধৱত নোসোধা—ক্ৰি, উগ্ৰসেন শ্ৰীকৃষ্ণৰ মোমায়েক আছিল। তেওঁ শ্ৰীকৃষ্ণৰ পৰামৰ্শ নোলোৱাকৈ কোনো কাৰ্য্য নকৰিছিল। কিন্তু বিপদ-কালত তেওঁৰো বুদ্ধি হত হল। এতেকে,—বিপদ-কালত