পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
উলাহৰ
ঊণৈছ
২১

উলাহৰ মাদলি—বিণ, (মাদলি – ডিঙ্গিত পিন্ধা অলঙ্কাৰ)। উলাহ বুজোৱা মাদলি। এতেকে,—হৰ্ষোৎফুল্ল মনুহ a person in high glee.

উলুৰ লগত বগৰি পোড়া—ক্ৰি উলুৱনীৰ মাজে মাজে বগৰি গছ থাকে। খেতি- বাতিৰ নিমিত্তে মাটি মুকলি কৰিবলৈ উলুৱনীত জুই লগাই দিয়া হয়। সেই জুইত উলু যে পোড়েই বগৰি গছো পুড়ি যায়। এতেকে - সঙ্গদোষত অপৰাধী মানুহৰ লগত নিৰপৰাধী মানুহক দণ্ড কৰা, to punish an innocent person along with a guilty person on the ground of association.

উৱাই ৰাতি পুৱাই যোৱা—ক্ৰি [পুহাই ৰাতি পুৱাই যোৱা] পুহ-মহীয়া ৰাতি বৰ দীঘল। এতেকে,—দীঘল ৰাতি অতিবাহিত হোৱা, the passing away of the longest night.

উশাহতে ক্ৰি-বিণ, এবেলি উশাহ লওঁতে যিমান পৰ লাগে সিমান পৰতে, মুহূৰ্ততে, at once, immediately.

উশাহ পোৱা—ক্ৰি [উশাহ ঘূৰি পোৱা] উশাহ নিৰুধ হৈ থাকি আকৌ পোৱা, শকাহ পোৱা, বিপদত অলপ তৰণি পোৱা, to be relieved.


ঊ।

উণৈছত বা বলোৱা—ক্ৰি , [উণপঞ্চাশৎ বায়ু বলোৱা] বায়ু উণপঞ্চাশ প্ৰকাৰ বুলি প্ৰসিদ্ধ। বেগেৰে লৰি-ধাপৰি ফুৰিলে বতাহ বলি যায়। এতেকে,— আনন্দত মতলীয়াভাৱে ফুৰা, ৰঙ্গত উধাৱ হোৱা, to be excessive- ly hilarious

ঊণৈছ বিছ—বিং, উণৈছ আৰু বিছৰ ভিতৰত যিমান প্ৰভেদ, সিমান প্ৰভেদ; নিচেই অলপীয়া প্ৰভেদ, a slight difference.