পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
এহাতলৈকে
ঐয়া-হৈয়া
২৯


mischief which has been done quite easily.

এহাতলৈকে হাত চুচি খোৱা—ক্ৰি, দৈ-গাখীৰৰ কলহত হাত কীলাকুটিলৈকে সুমাই দিলে কীলকুটিৰপৰা এহাতলৈকে ঠাৰিত গাখীৰ লাগি আহে। মানুহ জনে সেই হাত চুচি গাখীৰ খায় অৰ্থাৎ গোটেই কলহ গাখীৰ একণো বাকি নোথোৱাকৈ খায় বোলা হৈছে। এতেকে, — অতিৰিক্ত ভোজন কৰা to eat a giant’s meal.

এহাতে চাপৰি নবজা—ক্ৰি, [ 'এখন তাল নবজা' চোৱাঁ। ]

এহেও নোহোৱা তেহেও নোহোৱা -ক্ৰি, [ এহেতো নোহোৱা তেহেতো নোহাৱা ] এই ঠাইতো নোহোৱা সেই ঠাইতো নোহোৱা ক’তো একো নোহোৱা, সকলো বিষযে নিস্ফল হোৱা, to be unsuccessful here as well as there i. e. not to be able to get on anywhere.

⸻⸺

ঐ।

ঐদেহি-বৈদেহি গোৱা—ক্ৰি, [ আই ঐ দেহি বাই ঐ দেহি গোৱা ] যিহকে মন যায় তাকে বলকা, নানা-প্ৰকাৰ অৰ্থশূন্য কথা কোৱা, to talk incoherently.

ঐয়া-হৈয়া—ক্ৰি, বিহুত বহু মানুহে জুম পাতি ’ঐয়া-হৈয়া’ শব্দ উচ্চাৰণ কৰে। এতেকে,—অধিক মানুহে হাই-উৰুমি কৰি খেলিমেলিকৈ কাৰ্য্য কৰা, to act in confusion.

⸻⸺