পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
আই
আঁঠিয়া
 

সাহায্য খোজা হয়। এতেকে,—বিপদগ্ৰস্ত হোৱা, to be over- taken by dire calamity.

আই হেৰ বাই হেৰ বুলি ফুৰা—ক্ৰি, লোকক কাবৌ-কোকালি কৰি ফুৰা, to pursue a begging policy.

আও-কঠীয়াৰ সঁচ—বিং, বেয়া জাতৰ কঠীয়াৰ সঁচ, নীচ বংশৰ মানুহ, a person of low origin.

আওমৰণেৰে মৰা—ক্ৰি, বেয়া মৰণেৰে মৰা, অস্বাভাবিক মৃত্যু পোৱা, to die an unnatural death.

আঁকৰীৰে গৃহবাস—বিং, একো কথা-বতৰা নজনা ঘৈণীৰে সৈতে গৃহস্থালি পাতিলে আমনি-জঞ্জাল সহিব লাগে। এতেকে,—অপৰিত্যজ্জ্য। অশুভ, খেদিব নোৱৰা জঞ্জাল. a necessary evil.

আঁচলত জীউ বন্ধা—ক্ৰি, অতি ভয় পাই জীউ শৰীৰৰ-পৰা বাজ হোৱাত বিহুৰ আঁচলত ধৰি বান্ধি থোৱা হৈছে, এনে ভাব বুজোৱা হৈছে। এতেকে,— অতি ভয় পোৱা to be terror-stricken beyond measure.

আঁচলৰ ধন—বিং, দুখুনী তিৰোতাই ৰিহাৰ আঁচলত ধন বান্ধি থয়। এতেকে,— অতি আদৰৰ কোনো সম্পত্তি, an object of endear- ment.

আঁচু-কাঠৰ তল পোৱা—ক্ৰি, (উপকথা) আঁচু কাঠৰ তল পাই আঁচু-পানীত গা বোলাই ৰঙ্গা হৈ শিয়ালে নিজক ৰজা বুলি ঘোষণা কৰি অন্যান্য জন্তু- বিলাকৰ ওপৰত ফাঁকি কৰি ৰাজত্ব কৰিছিল। পাচে লগৰীয়া শিয়ালে হোৱা দিয়াত সিও স্বভাৱ-সিদ্ধ ধৰ্ম্ম অনুসৰি হোৱা দিবলৈ ধৰাত তাৰ ফাঁকি ওলাই পৰিল। এতেকে,—বৰলোকৰ লগত থাকি ইতৰ লোকে বৰলোকালি কৰিবলৈ চেষ্টা কৰা to find oneself in the company of a great man and imitate him unsuccess- fully (said of a person of little consequence).

আঁঠ-আঙ্গুলীয়া কপাল—বিং, কপালত সৌভাগ্য লিখা থাকে। যাৰ কপাল আঁঠ- আঙ্গুলীয়া অৰ্থাৎ অধিক বহল তাৰ সৌভাগ্য অধিক। এতেকে,— অত্যন্ত সৌভাগ্য, exceptionally good luck.

আঁঠিয়া কল গিলা—ক্ৰি, আঁঠিয়া কল কপ্‌-কপ্‌-কৰে গিলিব পৰা যায়। অসমীয়া মানুহে ল’ৰাক আঁঠিয়া কল খুৱায় বাবে আঁঠিয়া কল বোলা