পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
উচতাই
উদক
১৮

মুগ্ধ হলে ‘যোগ্যতম’ মানুহৰো পৰামৰ্শ নোলোৱা, not to take advice even from the worthiest man when one loses his head in dire distress.

উচটাই গাই-গৰু বোওৱা—ক্ৰি, হিন্দু মানুহে গাই-গৰুৰে হাল বালে জাতি-ভ্ৰষ্ট হয়। এই স্থলত, উচটাই হিন্দুৰ দ্বাৰা গাই-গৰু বোওৱা হৈছে বোলা হৈছে। এতেকে,—কোনো অন্যায় কাৰ্য্য নিজে নকৰি উচটনিৰ দ্বাৰা পৰৰ দ্বাৰা কৰোৱা, to incite some one else to do a wrongful act.

উজটিত পৰি মৰা—বিণ, নিশকতীয়া মানুহে উজটি খাই মাটিত পৰিয়েই প্ৰাণ হেৰুৱায়। এতেকে,—অলপ ধতুৱা, wanting in calibre or stamina.

উঠি-অহা—বিণ, (উঠা = বঢ়া) বয়স বাঢ়িলে বিদ্যা-বুদ্ধিও বাঢ়ে। এতেকে,— জীৱনৰ প্ৰথম আধা ছোৱা কালত বয়স পাই যোৱা, উন্নতিশীল, growing, promising, rising.

উঠি পৰি লগা—ক্ৰি, গধুৰ বস্তু লৰাবলৈ উঠে, কিন্তু লৰাব নোৱাৰি পৰি যায় এই দৰে চেষ্টা কৰা অৰ্থাৎ অত্যন্ত পুৰুষাৰ্থ কৰা, to make utmost effort.

উঠি বহা—ক্ৰি, নৰিয়া মানুহে ঢাৰি-পাটীত পৰি থাকে, উঠি বহিব পৰা হলেই ৰোগ ভাল হ’ল বুলি ধৰিব পৰা যায়। এতেকে,—বিপদৰপৰা উদ্ধাৰ পোৱা, to get rid of any difficulty.

উঠি-ৰজা—বিং, [উঠি ফুৰা ৰজা] উঠি-লৰি মানুহক চলাই ফুৰা ৰজা। এতেকে,— পৰৰ ওপৰত প্ৰভুত্ব চলোৱা মানুহ, ক্ষমতাশীল পুৰুষ, a man of power and influence.

উদক ভেঁটা-ৰখীয়া পতা—ক্ৰি, মাছ ধৰিবৰ নিমিত্তে মানুহে পানীত ভেঁটা বান্ধে। খল-খলনি শুনি মাছে ভেঁটাৰ ওপৰে জঁপিয়াই যাবলৈ চেষ্টা কৰে বাবে কোনো এজন মানুহক ভেঁটা-ৰখীয়া পতা হয়। এই স্থলত কোৱা হৈছে যে উদক অৰ্থাত স্বভাৱতে যি মাছৰ লুভীয়া তেনে প্ৰাণীক ভেঁটা- ৰখীয়া পতা হৈছে। এতেকে,—যাৰ যি বস্তুলৈ অতিৰিক্ত লোভ তাক সেই বস্তুৰ ৰখীয়া পতা, to appoint a naturally hostile person as guardian or protector.