পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
আভুৱা
আৰৈয়া
১৩

আভুৱা ভঁৰা—ক্ৰি, [আভুৱাক ভৰা] আভুৱাক যেনেকৈ ভঁৰা যায় তেনেকৈ ভঁৰা, প্ৰবঞ্চনা কৰা, to hoodwink, to impose on.

আভোকৰ ন মুঠিয়েই জোৰা—ক্ৰি, সাধাৰণ মানুহে ছ মুঠি চাউলৰ ভাত খায়। এই স্থলত কোৱা হৈছে যে ৰান্ধিবৰ নিমিত্তে ন মুঠি চাউল লৈছে, অথচ কৈছে যে আভোক বাবে ইমানেই জুৰিব। এতেকে,—মুখেৰে নিস্পৃহাৰ ভাব দেখুৱাই কাৰ্য্যেৰে অতি-স্পৃহা দেখুওৱা, to show indifference or anything outwardly, although too anxious to have it.

আমঠু ক’লা পৰা—ক্ৰি, ডাঙ্গৰ বেজাৰত আমঠু ক’লা পৰে অৰ্থাৎ নিস্তেজ হয়। এতেকে,—ডাঙ্গৰ বেজাৰ পোৱা, to be stung to the quick, to be mortified.

আমাৰ তেওঁ -বিং, ঘৈণীয়েকে গিৰিয়েকৰ নাম নধৰি ‘আমাৰ তেওঁ’ বোলে। এতেকে,—স্বামী, my so-and-so, i.e. husband.

আয়ুসত চাউল থকা—ক্ৰি, চাউল অৰ্থাৎ ভাত খাই কাল যাপন কৰা হয়। এতেকে,—আয়ুসত কাল থকা অৰ্থাৎ আয়ুসৰ কাল পূৰ্ণ নোহোৱা, the subsisting of the tenure of life.

আয়ুসত বল থকা—ক্ৰি, হিন্দুমতে আয়ুসৰ বল পূৰ্ব্ব জন্মৰ কৰ্ম্মজনিত পুণ্য- নিৰ্দ্ধাৰিত। এতেকে,—আয়ুসত পুণ্যৰ বল থকা অৰ্থাৎ পুণ্যৰ ফল-স্বৰূপে আয়ুস থকা, the lasting of life as a reward of virtue.

আৰৈত্‌কৈ উখুৱাৰ খচ্‌খচনি টান হোৱা—ক্ৰি, আৰৈ চাউলৰ ভাতে পেট খচ্‌খচায়, উখুৱা চাউলৰ ভাতে পেট খচ্‌নখচায়। এই স্থলত আৰৈতকৈ উখুৱাৰ খচ্‌খচনি টান বোলা হৈছে। এতেকে,—যি মানুহে খচ্‌খচাব লাগে সি খচ্‌নখচাই যি মানুহে খচ্‌খচাব নালাগে সি খচ্‌খচোৱা। [খচ্‌খচোৱা=(ভাতৰ পক্ষে) খোচা বিন্ধা কৰা। (মানুহৰ পক্ষে) নেৰা-নেপেৰাকৈ ধৰা, টানি ধৰা, জোৰ দি ধৰা, ] the making of a demand with greater insistence by an unconcerned person than by the person who is directly interested in the matter.

আৰৈয়া—বিণ, আৰৈ অৰ্থাৎ নিসিজোৱা ধানৰ চাউলৰ নিচিনা, ছঁটা-মুটা, rough.