সমললৈ যাওক

পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অতি-টানে
অবচন

ভক্তি দেখায়, সেই মানুহৰ শৰীৰত চোৰৰ লক্ষণ থাকে, অৰ্থাৎ সেই মানুহ প্ৰকৃততে দুষ্ট স্বভাৱযুক্ত। এতেকে—অতি ভাল বুজালে প্ৰকৃততে দুষ্ট স্বভাৱযুক্ত হোৱা, to prove to be really a bad man by exceeding the limit of any good thing.

অতি-টানে— ক্ৰি. বিণ, যদিও কোনো বিষয় অতিকৈ টান হয় তথাপি at most.

অথলে যোৱা—[অস্থলে যোৱা] বেয়া ঠাইলৈ যোৱা অৰ্থাৎ নিস্ফল হোৱা, to have no effect to come to no use

অথাই সাগৰ— বি. থাউনি নোপোৱা সাগৰ অৰ্থাৎ ডাঙ্গৰ বিপদ, deepest calamity.

অধৰমী— বি. যি ধৰ্ম্মৰ হাক বচন নামানে, অৰীতিয়া, holding heterodox ideas, immoral.

অধিক মাছত বগলি কণা হোৱা— ক্ৰি. পানীত মাছ অধিক দেখিলে বগলিয়ে এইটোকে খাব নে সেইটোকে খাব ঠিক কৰিব নোৱাৰি কণাৰ দৰে নেদেখাৰ ভাৱেৰে খাপ দি থাকোঁতেই এটি-দুটিকৈ আটাইখিনি মাছ পলাই সাৰি যায়। এতেকে,— অধিক আনন্দত চূৰ্তি হেৰুওৱা, to be confused in the excess of joy.

অপাৰ সমুদ্ৰ—বি. পাৰ পাবলৈ নাইকিয়া সাগৰ অৰ্থাৎ উদ্ধাৰৰ উপায় নথকা বিপদ, greatest calamity.

অপুত্ৰকৰ পুত্ৰ—বি, যাৰ পুত্ৰ নাই তাৰ যদি পুত্ৰ ওপজে, তেনেহ’লে আনন্দৰ সীমা নাথাকে। এতেকে,—আপুৰুগীয় বস্তু, a rare and valuable thing.

অপহুতা অসুৰা— বি, দেৱতা সকলৰ লগত অনেক অনুচৰ থাকে, সেইবিলাকক ‘অপহুতা অসুৰা’ বোলা হয়। সেইবলাকে নানা-প্ৰকাৰ ব্যভিচাৰ কাৰ্য্য কৰে। ডাঙ্গৰ মানুহক দেৱতাৰে তুলনা কৰা হৈছে। এতেকে,— কোনো ডাঙ্গৰ মনুহৰ লগত ফুৰা সাধাৰণৰ অনিষ্টকাৰী অনুচৰবৰ্গ, the staff of attendants of a great personage who will, about doing mischief to people.

অবচন বোলা—ক্ৰি, কব-নলগীয়া কথা কোৱা, অশিষ্ট ভাষা ব্যৱহাৰ কৰা, to