পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
এটকা
এডিঙ্গি
২৫

অৰ্থাৎ এখন ছাল বা প্ৰথম ছাল ছিগি যায়। এতেকে,—তৰ্কত হাৰ নামানি যেনে তেনে প্ৰকাৰে নিজৰ মত এৰি নিদিয়া, to adhere to one's opinion dogmatically.

এটকা মহন্তৰ শপথ—বিং, ‘এটকা’ শব্দে পূৰ্ণসংখ্যা বুজাইছে। এটকা মহন্ত = পূৰ্ণসংখ্যাৰ মহন্ত অৰ্থাৎ পূৰ্ণাঙ্গ ধৰ্ম্ম। এতেকে,—যৎপৰোনাস্তি ডাঙ্গৰ শপথ, an oath in the name of all that is sacred.

এটা চকু কণা কৰা, এখন কাণ কলা কৰা—ক্ৰি, এফালে নেদেখাকৈ আৰু এফালে নুশুনাকৈ থকা, আওকণীয়া ভাও ধৰি থকা, বৰকৈ মন কাণ নিদিয়া, to be inattentive.

এটা চাউল পিটিকিলে এচৰু ভাতৰ গম পোৱা—ক্ৰি, ভাত সিজিছে নে নাই সিজা চাবলৈ হলে এটা চাউল হাতেৰে পিটিকি চোৱা হয়। তাৰপৰা গোটেই চৰু ভাত সিজা নিসিজাৰ গম পোৱা যায়। এতেকে,—কোনো মানুহৰ এটা কথা জানিলেই তাৰ সমুদায় স্বভাৱ জনা, to be able to know tho character of a person by knowing a single incident of his life.

এঠাইত কাটিলে সাত ঠাইত গজা—বিণ, কোনো গছ যদি কাটি দিয়া হয়, তেনে- হলে কটা-ঠাইৰ তলতে পোখা ওলায়। এই স্থলত কোৱা হৈছে যে তাক এঠাইত কটা হৈছিল, কিন্তু সি সাত ঠাইত গজিল, অৰ্থাৎ আগৈয়ে এডাল গছ আছিল, কিন্তু এতিয়া সাত ডাল গছ হ’ল। এতেকে,— যাক কোনো মতে অপকাৰ কৰিব পৰা নাযায় তেনে মানুহ, অতি টেঙ্গৰ মানুহ, a too clever person.

এডালি চুলিকে দুডালি কৰা—ক্ৰি, একণিমান বস্তুকে দুফাল কৰা অৰ্থাৎ সামান্য বিষয়তো বেলেগ ভাব দেখুওৱা, to show a spirit of disunion even in the minutest affairs.

এডালি চুলিকে সাত ফাল কৰা—ক্ৰি, এডালি চুলিকে অৰ্থাৎ নিচেই একণিমান বস্তুকে ভাগ কৰি সাত ফাল কৰা অৰ্থাৎ অতি কৃপণতা কৰা, to act miserly in an extreme degree.

এডিঙ্গি পানীত পৰি পিয়াহত মৰা—ক্ৰি, ডিঙ্গিৰ ওচৰলৈকে পানী থাকিলে সেই পানী মুখ মেলি খাবৰ নিমিত্তে নিচেই উজু। এই স্থলত কোৱা হৈছে যে সিমানতো পানী খাবলৈ নাপাই পিয়াহত মৰে।