দদাইৰ পজা

ৱিকিউৎসৰ পৰা

Lua error in Module:Edition at line 239: attempt to index field 'aswikisource' (a nil value).

[  ]
 

দদাইৰ পজা

 

গুৱাহাটীৰ আৰ্ল ল কলেজৰ

শ্ৰীজ্ঞানদাভিৰাম বড়ুৱা প্ৰণীত

আৰু প্ৰকাশিত।

 


প্ৰথম তাঙ্গৰণ।



 

সাম্য-প্ৰেস্,

৬নং কলেজ-স্কোৱাৰ, কলিকতা।

শ্ৰীদেবেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ

দ্বাৰা মুদ্ৰিত।


১৯৩০।

বেচ তিনি মহা (৸০) মাথোন।

 

[  ]

শ্ৰীশ্ৰীশঃ।

শ্ৰীমান মনোভিৰাম, শ্ৰীমান নয়নাভিৰাম,

শ্ৰীমতী ইৰা আৰু শ্ৰীমান চিত্তাভিৰামৰ

হাতত এই কিতাপখনি দিলোঁ।

বাবা-

[  ]

পাতনি

 এই কিতাপখনি Uncle Tom's Cabin মোৰ অসমীয়া ভাষাত অনুবাদ হোৱা মই শুনা নাই সেই দেখি মোৰ অতি সসীম বুদ্ধিৰে এই কিতাপখনিৰ অলপ আভাস মোৰ ভাষাত লেখি অসমীয়া জনা আৰু পঢ়া মানুহক দিম বুলি এইসৰু কিতাপখনি লেখিলোঁ। এই কিতাপখনি সকলো ভাষাতে লেখা হৈছে। অসমীয়াত নাই। সেই দেখিয়েই শত দোষ থকা সত্ত্বেও এই কিতাপখনি মোৰ ভাষাত ছপা কৰি উলিয়ালোঁ।

 এই কিতাপখনি লেখা মানুহ মুনিহ নহয়। তিৰুতা। যুক্তৰাজ্যৰ The National Era (ন্যাশনেল ঈৰা) নামে এখন কাকতত মিসেস্ হ্যাৰিয়েট বীচৰ ষ্টো নামৰ এজন পাদ্ৰী দুহিতায় ১৮৫১ খৃষ্টাব্দৰ জহ কালি লেখিবলৈ আৰম্ভ কৰি ১৮৫২ খৃষ্টাব্দত শেহ কৰি এই কিতাপখনি যুক্তৰাজ্যক দিয়ে। তাৰ পাছত বষ্টনৰ এজন ছাপাখানাৰ গৰাকীয়ে সেই কাকতবোৰ ১৮৫২ খৃষ্টাব্দত কিতাপৰ আকাৰেৰে ছপায়। তেতিয়া যুক্তৰাজ্যত তোলপাৰ লাগি গল। কোনে লেখিছে? ক’ৰ মানুহ তেওঁ? তেতিয়া যুক্তৰাজ্যত (দক্ষিণ ৰাজ্যবোৰত বিশেষকৈ) দাসত্ব প্ৰথা সজীব আৰু বলবান অৱস্থাত। দহ বছৰ পাছত প্ৰজা—প্ৰতিনিধি (ৰজা) এব্ৰেম লিংকনৰ [  ] (Abraham Lincoln) সৈতে মিসেস্ ষ্টোৰ দেখা হোৱাত (মিসেস্ ষ্টো চুটি চাপৰ আছিল) ৰাজ-প্ৰতিনিধিয়ে হাঁহি শুধিলে “আপুনিয়েই আমাৰ দক্ষিণৰ সৈতে যুজৰ কাৰণ নে?” সঁচাকৈয়ে কবলৈ গ’লে, এই কিতাপখনিয়ে মানুহৰ মনৰ অৱস্থা কেনে কৰিছিল ডাঙ্গৰ কিতাপ এখনি লৈ এতিয়া পঢ়িলেই আমি গম পাওঁ। Abraham Lincolnৰ জীৱনী পঢ়িলেও এই কথা গম পাওঁ। এই মহাত্মাৰ বিষয়ে এখন নাটকও আছে, সেইখনো পঢ়া ভাল। অসমীয়াই Booker Washington (বুকাৰ ওয়াশ্বিংটন) বিষয়ে অলপ জানে। তেওঁলোকে এই বিষয়ে কিছু পৰিমাণে আভাস পাইছে।

 মেৰি কিতাপখনি অতি চমু। এই কিতাপখনিয়ে এটি বস্তুক দূৰৈৰ পৰা জুমি চোৱাৰ দৰে কাম কৰিব। ওচৰৰ পৰা চাবলৈ নেপালে এটি ভাল বস্তু দূৰৈৰ পৰা চোৱাও ভাল। সৰুৰে পৰা শুনি আহিছোঁ, “The be is mightier than the sword” মিসেস্ ষ্টোৰ কাপ অস্ত্ৰৰকৈ ডাঙ্গৰ নহলেও অস্ত্ৰক সহায় কৰিছিল। যেতিয়া কোনো ডাঙ্গৰ মানুহ আমাৰ গাঁও কি নগৰৰ ওচৰেদি যায় আমি তেওঁৰ ওচৰলৈ যাব নোৱাৰিলে কি তেওঁৰে সৈতে কথা কব নোৱাৰিলে তেওঁক দূৰৈৰ পৰা নেচাওঁ নে? চাব নোৱাৰিলেও তেওঁক দূৰৈৰ পৰা চাবলৈ ইচ্ছা নহয় নে? এনে ভাব হয় বুলিয়েই এই মহৎ কিতাপখনিৰ চমু বিৱৰণী মোৰ অসমীয়া বন্ধু সকলৰ আগত উলিয়ালোঁ।
[  ]  মিসেস্ হ্যাৰিয়েট এলিজাবেথ বীচাৰ ষ্টো (Harriet Elizabeth Beecher Stowe) যুক্তৰাজ্যৰ কনেক্‌টিকাট্‌ ৰাজ্যৰ লিচফীল্ড নগৰত ১৮১১ খৃষ্টাব্দৰ ১৪ জুন তাৰিখে উপজিছিল। তেওঁৰ বাপেক ধৰ্ম্মযাজক আছিল। মাক-বাপেক পুৰণি ঘৰৰ মানুহ। পঁচিশ বছৰ বয়সত তেওঁৰ কেল্‌ভিন্‌ এলিস্‌ ষ্টো নামৰ প্ৰফেসৰ এজনৰ সৈতে বিয়া হৈছিল। গিৰীয়েকৰ বেমাৰী শৰীৰ। এনে অৱস্থা সত্ত্বেও তেওঁ সাহিত্য চৰ্চ্চা কৰিছিল। সাহিত্য চৰ্চ্চা কৰিও গৃহস্থালী কামৰ সময় পাইছিল কিন্তু।

 মিসেস্ ষ্টোই চিন্‌চিনাটিত (ওহাইও প্ৰদেশৰ) ওঠৰ বছৰ বাস কৰিছিল। তেওঁ থকা ঠাইৰ নৈখনৰ সিপাৰেই গোলামী প্ৰথা চলিছিল। ইপাৰ আৰু সি পাৰ। বহুত গোলাম ক্যান্যাডালৈ সেই নৈখন পাৰ হৈ পলাই গৈছিল। মিসেস্ ষ্টোৰ বন্ধুবান্ধৱ সকলে এনেবোৰ দাসক আশ্ৰয় দি ক্যান্যাডালৈ পঠাই দিছিল। দাসত্বৰ (Slavery) কুফল দেখি তেওঁৰ কোমল হৃদয় দ্ৰৱ হৈছিল। সেই কাৰণেই তেওঁ এই বিষয়ে বহুত লেখি ইউৰোপৰ সহানুভূতি পাবৰ নিমিত্তে ইউৰোপলৈ গৈও সেই বিষয় প্ৰচাৰ কৰিছিল।

 আমি যেতিয়া এ্যামেৰিকা বুলি কওঁ আমি যুক্তৰাজ্যৰ কথাহে ভাবোঁ। এই মহাদেশ দুই ভাগে বিভক্ত-উত্তৰ আৰু দক্ষিণ। উত্তৰ ফালে ক্যানাডা আৰু যুক্তৰাজ্যই প্ৰধান বিভাগ। প্যান্যামা যোজকে উত্তৰ আৰু দক্ষিণ ভাগক যোগ [  ] কৰিছে। আমাৰ এই দক্ষিণ ভাগৰ সৈতে সম্পৰ্ক নাই। উত্তৰ ভাগৰ সৈতেহে সম্পৰ্ক। যুক্তৰাজ্যৰ উত্তৰ ৰাজ্য আৰু দক্ষিণ ৰাজ্যবোৰৰ ভিতৰতেই যুজ লাগিছিল। দক্ষিণ ৰাজ্যবোৰ দাস প্ৰথাৰ ফলীয়া উত্তৰ ৰাজ্যবোৰ এই প্ৰথাৰ বিপক্ষে আছিল। ক্যান্যাডাত দাসত্ব প্ৰথা নাছিল।

 পাতনি নবহলাঁও আশা কৰোঁ তোমালোকে আৰু অসমীয়া আন আন লৰা-ছোৱালীবিলাকে এই কিতাপ পঢ়ি ভাল পাবাহঁক।

শ্ৰীজ্ঞানদাভিৰাম বড়ুৱা।


[  ]
 

 লৰালৰিকৈ প্ৰুফ্‌ চোৱাৰ বাবে কেটামান দোষ ৰৈ গ’ল। অহা বাৰে এই দোষবোৰ শুধৰাম। দোষ মোৰেই। মুদ্ৰাযন্ত্ৰৰ কোনো দোষ নাই।

জ্ঞা. ব.

 

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )