পৃষ্ঠা:দদাইৰ পজা.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 মিসেস্ হ্যাৰিয়েট এলিজাবেথ বীচাৰ ষ্টো (Harriet Elizabeth Beecher Stowe) যুক্তৰাজ্যৰ কনেক্‌টিকাট্‌ ৰাজ্যৰ লিচফীল্ড নগৰত ১৮১১ খৃষ্টাব্দৰ ১৪ জুন তাৰিখে উপজিছিল। তেওঁৰ বাপেক ধৰ্ম্মযাজক আছিল। মাক-বাপেক পুৰণি ঘৰৰ মানুহ। পঁচিশ বছৰ বয়সত তেওঁৰ কেল্‌ভিন্‌ এলিস্‌ ষ্টো নামৰ প্ৰফেসৰ এজনৰ সৈতে বিয়া হৈছিল। গিৰীয়েকৰ বেমাৰী শৰীৰ। এনে অৱস্থা সত্ত্বেও তেওঁ সাহিত্য চৰ্চ্চা কৰিছিল। সাহিত্য চৰ্চ্চা কৰিও গৃহস্থালী কামৰ সময় পাইছিল কিন্তু।

 মিসেস্ ষ্টোই চিন্‌চিনাটিত (ওহাইও প্ৰদেশৰ) ওঠৰ বছৰ বাস কৰিছিল। তেওঁ থকা ঠাইৰ নৈখনৰ সিপাৰেই গোলামী প্ৰথা চলিছিল। ইপাৰ আৰু সি পাৰ। বহুত গোলাম ক্যান্যাডালৈ সেই নৈখন পাৰ হৈ পলাই গৈছিল। মিসেস্ ষ্টোৰ বন্ধুবান্ধৱ সকলে এনেবোৰ দাসক আশ্ৰয় দি ক্যান্যাডালৈ পঠাই দিছিল। দাসত্বৰ (Slavery) কুফল দেখি তেওঁৰ কোমল হৃদয় দ্ৰৱ হৈছিল। সেই কাৰণেই তেওঁ এই বিষয়ে বহুত লেখি ইউৰোপৰ সহানুভূতি পাবৰ নিমিত্তে ইউৰোপলৈ গৈও সেই বিষয় প্ৰচাৰ কৰিছিল।

 আমি যেতিয়া এ্যামেৰিকা বুলি কওঁ আমি যুক্তৰাজ্যৰ কথাহে ভাবোঁ। এই মহাদেশ দুই ভাগে বিভক্ত-উত্তৰ আৰু দক্ষিণ। উত্তৰ ফালে ক্যানাডা আৰু যুক্তৰাজ্যই প্ৰধান বিভাগ। প্যান্যামা যোজকে উত্তৰ আৰু দক্ষিণ ভাগক যোগ