দদাইৰ পজা/নৱম অধ্যায়

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
দদাইৰ পজা
লেখক হ্যাৰিয়েট বীচৰ ষ্টো, translated by জ্ঞানদাভিৰাম বৰুৱা
দদাইৰ পজা বা টম্‌ দদাইৰ পজা হৈছে হ্যাৰিয়েট বীচৰ ষ্টোৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ দাসত্ব-প্ৰথাক লৈ লিখা ইংৰাজী ভাষাৰ উপন্যাস Uncle Tom's Cabin-ৰ জ্ঞানদাভিৰাম বৰুৱাই কৰা অসমীয়া অনুবাদ। (ePub ফাইল ৰূপে ডাউনলোড কৰক PDF ফাইল ৰূপে ডাউনলোড কৰক mobi ফাইল ৰূপে ডাউনলোড কৰক)

[ ১০৫ ]  টমক এই নিষ্ঠুৰ লেগ্ৰীৰ তাত থৈ এতিয়া ব’লা যাওঁ জৰ্জ তেওঁৰ ঘৈণীয়েক আৰু পুতেকৰে সৈতে কেনে আছে চাই আহোঁগৈ।

 ডৰ্কাস্ খুড়ীক মনত আছে নে? সেবিকা জনক। টম লোকাৰে ডৰ্কাসৰ যত্নত লাহে লাহে ভাল হৈ আহিব ধৰিছে। লোকাৰে কিন্তু এনে ধৌধৌৱা বগা বিছনাত এনেকৈ কেতিয়াও শোৱা নাছিল।

 এদিন কপালৰ গাঠি ঠোপাকৈ লোকাৰে ডৰ্কাসক শুধিলে, “সেই ল'ৰাটো আৰু ছোৱালীজনী ইয়াতেই আছে হবলা।”

 “আছে” ডৰ্কাসে ক'লে।

 “তেনেহলে সিহঁত এতিয়াই ইয়াৰ পৰা যাওক। যিমান সোনকালে যাব পাৰে তিমানেই ভাল।”

 ধীৰভাৱে ডৰ্কাসে নিজৰ সিয়া কাম কৰি থাকি উত্তৰ দিলে, “এৰা, যাব বোধ কৰোঁ।”

 “হেৰা শুনা, আমাৰ বহুত চোৰাংচোৱা আছে, সিহঁতে এই যুক্তৰাজ্যৰ পৰা ক্যানাডালৈ যোৱা বাটবোৰৰ ফালে চকু ৰাখে। স্যাণ্ডাস্কিত সিহঁতে ইহঁতৰ নিমিত্তে ভালকৈ চকু [ ১০৬ ] ৰাখিব। মই জানো। এতিয়া মই কৈয়েই পেলাওঁ। সিহঁতে ধৰা নপৰিলেই মই ভাল পাওঁ এতিয়া। এই মাৰ্ক্স হতশ্ৰী যোৱাটোক সেকা দিব লাগে, পাজিটোক। কবা যে ছোৱালীজনীক যেন আন কোনো ৰকম কাপোৰ পিন্ধোৱা হয়। তাই বিষয়ে সকলো ঠাইতে জাননী দিয়া হৈছে। তাইক যেন ইলাইজা বুলি সিহঁতে চিনি নেপায়।”

 "বাৰু সেই বিষয়ে আমি কিবা এটা কৰিম।” ধীৰ ভাবে তেওঁ উত্তৰ দিলে। সেৰিকা হলে ধীৰ মৰমীয়াল, কষ্ট সহিব পৰা মানুহ হ'ব লাগে। আমাৰ ভাৰতত সেবিকা লাগে।

 যি কাৰণেই হওক, মাৰ্ক্সৰ হিংসাতেই হওক কি সিহঁতক মৰম কৰিয়েই হওক যি কি কাৰণেই হওক এই ফেৰি কথা লোকাবে কৈ বৰ উপকাৰ কৰিলে।

 টম লোকাৰৰ কথা একাষাৰ আৰু কওঁ। বহুত দিন বেমাৰত ভুগি আৰু কুয়েকাৰ পৰিয়ালৰ মৰম পাই গোলাম ধৰা কাম এৰি দিলে। গোলামৰ সলনি ভালুক, কুকুৰ নেচিয়া বাঘ আৰু আন আন বনৰ অধিবাসীক ধৰিবলৈ আৰম্ভ কৰি দিলে। যুক্তৰাজ্যত ই এটা বৰ ডাঙ্গৰ বনৰীয়া জন্তু ধৰা মানুহ বুলি খ্যাতি লাভ কৰিলে। মানুহ ধৰা কনিবকৈ যে ই ভাল লোকাৰে শেহত জানিলে। ভালেই হ'ল।

 টমৰ কথা শুনি সিহঁত দুই দল হ’ল। এদল জিম আৰু তাৰ মাক আৰু আন দল হ’ল জৰ্জ, ইলাইজা আৰু [ ১০৭ ] হাৰি। জিমহঁতক আগৈয়ে বেলেগে পঠিয়াই দিয়া হ'ল। দুৰাতিমান পাছত ইহঁত গ'ল। গৈ স্যানডাক্সিত কোনো মিত্ৰ মানুহৰ লগত এৰাতি জৰ্জহঁত থাকিল গৈ।

 ইলাইজাই লৰাৰ কাপোৰ পিন্ধিলে। চুলি কোচা কাটিবৰ সময়তহে ইলাইজাৰ মন বেয়া লাগিছিল। গিৰীয়েকক ক'লে, “চুলি কোচা যাব, বেয়া লাগিছে। তোমাৰ বেয়া লগা নাই নে জৰ্জ।” জৰ্জে এটা দুখৰ হাঁহি হাঁহিলে। তাৰ পাছত কেচিৰে চুলিখিনি কাটিলে। চুলি গ'লে আকৌ গজিব কিন্তু এবাৰ ধৰা পৰিলে আৰু মুক্তি নাই।

 বৰুজেৰে মুৰ আচুৰি গিৰীয়েকৰ আগত থিয় হৈ হাঁহি, অলপ লাজকুৰীয়া ভাবেৰে কলে, “কেনে সুন্দৰ ল’ৰা সাজিছোঁ, চোৱা।” জৰ্জে কলে, “ইলাইজা, তুমি সকলো সময়তে সুন্দৰ।”

 ইলাইজাই গিৰীয়েকৰ হাতখন চুই শুধিলে, “তোমাৰ বেজাৰ কিয় জৰ্জ? আৰু চব্বিশ্ ঘণ্টাৰ পাছত ক্যান্যাডা পাম গৈ। শুনিছোঁ বোলে জাহাজত এদিন এৰাতি মাথোন, তাৰ পাছত-----"

 জৰ্জে ইলাইজাক ওচৰলৈ আনি ক'লে, “ইলাইজা, এৰা, তাকে ভাবিছে। এতিয়া ইমান ওচৰ চাপি আহিছোঁ। আৰু এই খিনিতে যদি কিবা এটা হয়। তেনেহলে—ইলাইজা, তেনেহলে আৰু মই সহিব নোৱাৰিম।”

 সহধৰ্মিণীয়ে ক'লে, “ভয় নকৰিবা। প্ৰভুয়ে আমাৰ মুক্তি [ ১০৮ ] দিব নোখোজাহেতেন আমি ইমান খিনি বাট আহিব নোৱাৰিলোঁ হয়। প্ৰভু আমাৰ সহায়। মোৰ দৃঢ় বিশ্বাস, প্ৰভু আমাৰ লগৰীয়া হৈ আজিয়েই আমাক মুক্তি দিব।”

 জৰ্জে ক'লে, “বাৰু তোমাৰ কথাই হওক।” এই বুলি জৰ্জে উঠি ক'লে, “বলা এতিয়া যাওঁ।” অলপ পৰ ঘৈণীয়েকৰ ফালে চাই ক'লে, “সঁচাসঁচিকৈয়ে, তোমাক বৰ সুন্দৰ দেখি। এতিয়া মুৰত টুপি পিন্ধা।” কেনেকৈ মতা মানুহে টুপি পিন্ধে দেখুৱাই দিলে।

 মিসেস্ স্মিথ্ বুলি এজন মানুহে হেৰিক ছোৱালীৰ কাপোৰ পিন্ধাই খোটালীটোলৈ আনিলে। মাকে দেখি চুমা খাই ক'লে, “চোৱাচোন্ চোৱা কেনে দিপলিপ্, ছোৱালীটি আমাৰ আহিছে।”

 হেৰিয়ে মাকৰ ফালে আচৰিত ভাবে চাই থাকিল। (মাজে মাজে দীঘল হুমুনিয়াহ কাঢ়ি ) ইলাইজাই শুধিলে, “হেৰিয়ে তাৰ মাকক চিনি পাইছে নে?” হেৰিয়ে মাকক সাবটি ধৰিলে।

 জৰ্জে কলে, “ইলাইজা, তাৰ সৈতে কথা নকবা। তাক বেলেগে ৰাখিব লাগে নহয়। মিসেস্ স্মিথ, আপুনি আমাৰ পেহি দেই। মনত থাকে যেন। ইলাইজা, তুমি হাত দুখন দস্তানা পিন্ধি ঢাকি থোৱা। নহলে তোমাৰ কোমল হাত দুখনেই আমাক বিপদত পেলাব।” এনেবোৰ কথা কৈ গাড়ীত উঠিল গৈ। [ ১০৯ ]  সৌভাগ্যবশতঃ মিসেস্ স্মিথক তেওঁলোকে সেই ঠাইতে পালে। তেওঁ ক্যান্যাড়াত থাকে। আৰু তেওঁক হেৰিৰ পেহিয়েক হবলৈ কোৱা হ'ল। হেৰিক দুদিনমান মিসেস স্মিথৰ লগত সেই গুণে ৰখা হৈছিল।

 গাড়ীৰ পৰা তেওঁলোক নামিল। ডেকা লৰা দুটাৰ ( জৰ্জ আৰু ইলাইজা। ভিতৰৰ এজনে (জজে) মালপত্ৰ বোৰৰ ঠিকঠাক কৰিলে গৈ আৰু ইলাইজাই মিসেস্ স্মিথ আৰু হেৰিক জাহাজত বহুৱালেগৈ। জজে কোনোবাই কোৱা শুনিলে “মই প্ৰত্যেক যাত্ৰীকে ভালকৈ চাইছে, তেনে কোনো যাত্ৰীকে দেখা নাই, বুজিছা নে?”

 এই মানুহটী জাহাজৰ কেৰাণীজন আৰু যিটিৰ সৈতে কথা কৈছিল, সি আছিল, মাৰ্কস্। মাৰ্কসে ক'লে, “তিৰুতাজনী আমাৰ বগা মানুহৰ দৰেই বগা আৰু মুনিহটোও বগা মিউলাটো। তাৰ হাতত এটা ছাপৰ চিন আছে।”

 জৰ্জে টিকিট কিনিছিল। হাতখন অলপ কঁপিল। তাৰ পাছত আৰু একো নহল। জাহাজত লাহে লাহে আন যাত্ৰীৰ দৰে বহিলগৈ। মিসেস্ স্মিথ আৰু হেৰিয়ে তিৰুতাৰ কেবিনলৈ গ'ল। জৰ্জ আৰু ইলাইজাই এফালে কথা পাতি থাকিল। অলপ পৰ পাছত মাৰ্কস্ গুছি যোৱা দেখি জৰ্জৰ আনন্দ হল। তাৰ পাছতেই জাহাজ এৰি দিলে।

 মুক্তি। ইৰি হ্ৰদৰ পানী সেই দিন সূৰ্যৰ পোহৰত কেনে [ ১১০ ] জিলিক-মিলিক কৰিছিল। কি সুন্দৰ বতাহ : জাহাজ খনৰ গতিয়েই ২ কেনে গম্ভীৰ আৰু মিঠা। অলপ যোৱাৰ পাহুত সিপাৰৰ ইংৰাজ বসতি দেখা গ'ল। তাৰ পাছত ক্যান্য"ভাৰ এমুহাষ্টবাৰ্গ { Amberstlburgh) বুলি এখন ঠাইত জাহাজ ৰ'ল গৈ। তেওঁলোক নামিল। মুক্তা এতিয়া আৰু গোলাম নহয়। জাহাজ যেতিয়া আকৌ মেলি দিলে, কিছু দূৰৈলৈ যোৱাত জৰ্জ আৰু ইলাইজাই হেৰিক সাবট মাৰি ধৰি আনন্দত কান্দি পেলালে। আৰু আই কাঢ়ি সেই কৰুণাময় পৰমেশ্বৰক কৃতজ্ঞতা জনালে। মিস্ে স্মিথে এওঁলোকক এজন ধৰ্মভীৰু খ্ৰীষ্টানৰ ঘৰলৈ লৈ গ'ল। এই খ্ৰীষ্টানজনে এনে বহু মানুহক আশ্ৰয় দিছিল।