দদাইৰ পজা/তৃতীয় অধ্যায়
[ ৩১ ] ভগবান, তুমি আছা। যদি কোনোবাই তুমি নাই বুলি
কয়, তেনেহলে স্বেনেটৰ (Senator) বাৰ্ড আৰু তেওঁৰ
সহধৰ্ম্মিণীৰ দৰে মানুহ তোমাৰ ৰাজ্যত কেনেকৈ আছে?
যি ঘৰলৈ ইলাইজাই হেৰিক লৈ গ’ল, সেই ঘৰ এওঁলোকৰে।
সাঁজ হল। চাকি লগালে। স্বেনেটৰ বাৰ্ডে কাম কৰি
আহি চটি জোতা পিন্ধিছে। মিসেস্ বাৰ্ডে খোৱা বোৱাৰ
তদাৰক কৰিছে। ঘৰৰ ভিতৰ বাহিৰ চাফ চিকণ। মানুহ
যেনে ঘৰো তেনে। অলপ পৰ পাছত কাজো বু্ঢ়া সেই
খোটালীত সোমাই আহি কলে, “আই, এবাৰ ৰান্ধনী ঘৰলৈ
আহক চোন্।” আই ওলাই গ’ল। মিঃ বাৰ্ডে কাকত
পঢ়িবলৈ ধরিলে। অলপ পৰ পাছত মিসেস্ বাৰ্ডে
মাতিবলৈ ধৰিলে, “জন, জন, এবাৰ ওলাই আহা চোন্,
বেগাই আহা।” জনে ৰান্ধনী ঘৰত যি দেখিলে তেওঁ বিচূৰ্ত্তি
হ’ল। এজনী তন্বী গাভৰু ছোৱালী গাৰ কাপোৰ ফটা আৰু
বৰফে ভৰা। তাইৰ জোতা এপাট নাই, ভৰিৰ পৰা তেজ
ওলাইছে, মোজা নাই। তাই দুখন মাচিয়াৰ ওপৰত শুই
আছে। মুচ্কচ্। মুখ দেখিলে ঘৃণিত জাতি বুলি জানি কিন্তু
শোকেৰে ভৰা মুখ খনত কি সুন্দৰ জ্যোতি। বাৰ্ডে এই দৃশ্য
দেখি এটি হুমুনিয়াহ কাঢ়িলে আৰু একে থৰে চাই ৰ’ল।
ঘৈণীয়েক আৰু লিগিৰী আন্ট ডাইনাই ঔষধ পাতি দি তাইক
শুশ্ৰূষা কৰিছে। কাজো বুঢ়াই লৰাটিক কোলাত লৈ জোতা
মোজা খুলি দি চেচা ভৰি দুখন গৰম হবলৈ ঘঁহি দিছে।
[ ৩২ ] আণ্ট ডাইনাই কলে, “আইঔ দেহি। গৰমৰ নিমিত্তেহে
তাই মূৰ্চ্ছা গ’ল। যেতিয়া ঘৰৰ ভিতৰলৈ সোমাই আহিল
তেতিয়া সুন্দৰকৈ কথা কৈ শুধিলে যে, অলপ জুই পুৱাই যাব
পাৰিব নে তাই। মই মাথোন্ শুধিবলৈহে পালোঁ তাই ক’ৰ
পৰা আহিছে তেতিয়াই তাই মুচ্কচ্ গ’ল। হাতৰ গঢ় দেখি
ভাবিছোঁ যে টান কাম কৰাৰ অভ্যাস নাই। আইও দেহি।”
মিসেস্ বাৰ্ডেও মৰম কৰি তাইৰ বিষয় কিবা ক’লে।
ইলাইজাই লাহে লাহে তাইৰ কলা বৰণীয়া সুন্দৰ ডাঙ্গৰ ডাঙ্গৰ চকু মেলি চাৰিউফালে চাই ক’লে, “হেৰি, মোৰ হেৰি কলৈ গ’ল? সিহঁতে তাক লৈ গ’ল নে?”
লৰাটীয়ে মাকৰ মাত শুনিয়েই কাজোৰ কোলাৰ পৰা নামি আহি মাকক সাবট মাৰি ধৰিলেহি “ও, সি আছে, সি ইয়াতে আছে।”
মিসেস্ বাৰ্ডৰ ফালে চাই তাই বলিয়াৰ দৰে ক’লে, “আই, দুখানি চৰণত ধৰিছোঁ, আমাক ৰক্ষা কৰক। হেৰিক লৈ যাবলৈ নিদিব।”
বাৰ্ড গৃহিণীয়ে তাইক উৎসাহ দিবলৈ ক’লে, “ইয়াত নিৰ্ভয়ে থাক, তোৰ একো ভয় নাই। তোক ইয়াৰ পৰা কোনেও লৈ যাব নোৱাৰে।”
“ঈশ্বৰে আপোনাৰ মঙ্গল কৰক আই।” এই বুলি
মুখখন ঢাকি কান্দিবলৈ ধৰিলে। কন্দা দেখি মাকৰ কোলাত
হেৰি উঠিল গৈ।
[ ৩৩ ] বাৰ্ড গৃহিণীৰ যত্ন আৰু শুশ্ৰূষাত ইলাইজাৰ লাহে লাহে
গা ভাল হ’ল। তাই অলপ শান্ত হ’ল। জুহালৰ ওচৰৰ বহল
বেঞ্চ খনতে এখন বিছনা পাৰি দিয়া হ’ল। তাতে মাক আৰু
লৰাই একে লগে শুলে। হেৰিক আন মানুহে অলপ
মৰম কৰিবলৈ খুজিলেও তাই এৰি নিদিয়ে লৰাক আৰু
আঁকোৱালিহে ধৰে। তাই হেৰিক লৈ শুলে।
বহা-ঘৰলৈ মিঃ বাৰ্ড আৰু সহধৰ্ম্মিণী গুছি আহিল। অলপ পৰ পাছত ডাইনাই আহি ক’লে যে, ছোৱালীজনীয়ে সাৰ পাইছে আৰু আইৰ সৈতে দেখা কৰিব খুজিছে।
মিঃ বাড আৰু ঘৈণীয়েক ৰান্ধনী ঘৰলৈ গ’ল। গৈ দেখে যে, ছোৱালীজনী জুহালৰ ওচৰৰ আসন খনত বহি আছে। মুখত শান্ত কিন্তু অতি দুখৰ ভাব। আৰু জুইৰ ফালে নিশ্চল ভাবে একে থৰে চাই আছে। আগৰ উন্মত্ত ভাব নাই।
ঘৈণী বাৰ্ডে মৰমৰ মাতেৰে শুধিলে, “মোৰে সৈতে দেখা কৰিব খুজিছা নে? এতিয়া অলপ ভাল পাইছা নে?”
তাৰ উত্তৰ এটা অতি দীঘল কঁপা হুমুনিয়াহ। আৰু চকুৰ কাতৰ বিয়াকুল নিঃসহায় ভাৱ। এনেকৈ চালে যে গৃহিণীৰ চকুৰ পানী ওলাল।
“তোৰ একোকে ভয় নাই। ইয়াত তোৰ কোনো শত্ৰু
নাই। ক চোন্ আই, ক’ৰ পৰা আহিছ? তোক নো কি
লাগে, ক চোন্ বাৰু।”
[ ৩৪ ] “মই আজি নিশা কেণ্টাকিৰ পৰা আহিছোঁ।”
“কেনেকৈ আহিলি, এই নিশাখন।”
“বৰফ পাৰ হৈ আহিলোঁ।” “বৰফ পাৰ হৈ!” আটায়ে একে লগে কলে। সকলোৱে তবধ।
“ভগবানৰ সহায় লৈ বৰফ পাৰ হৈ আহিলোঁ। সিহঁত মোৰ পাছে পাছে আহিছিল নহয়। মোক ধৰে আৰু। ভগবানৰ সহায়ত বৰফ পাৰ হলোঁ। আন উপায় একো নাছিল।”
মিঃ বাৰ্ডে শুধিলে, “তুমি গোলাম আছিলা নে কি?”
“হয় দেউতা, কেন্টাকিৰ মানুহ এজনৰ গোলাম আছিলোঁ।”
“তেওঁ তোমাক দুঃখ কষ্ট দিছিল নে কি? তোমাৰ গৰাকীয়াণীয়ে একা?”
“দুখ, কষ্ট! তেওঁলোক দুয়োই যে মোক কিমান মৰম কৰিছিল। মই কি কম?”
“তেনেহলে তুমি এনে মানুহৰ ঘৰ কিয় এৰি আহিলা?”
আৰু ইমান বিপদ নো কিয় সহ্য কৰিলা?” ছোৱালীজনীয়ে
মিসেস্ বাৰ্ডৰ ফালে অলপ পৰ থিৰ হৈ চালে। দেখিলে শোক
পৰিচ্ছদ। সেই ফালে নিজা মানুহ ঢুকালে শোকৰ কাপোৰ
পিন্ধে—যেনেকৈ আমাৰ অশৌচৰ কাপোৰ এঘাৰ দিন কি
এমাহ পিন্ধা হয়। সেই তেনেলোকৰ পৰিচ্ছদ দেখি ক’লে,
“আই, আপোনাৰ কেতিয়াবা কোনো সময়ত লৰা
ঢুকাইছে নে?”
[ ৩৫ ] এনে প্ৰশ্নৰ কথা কেনেও ভবা নাছিল। সকলোৱে
আচৰিত হ’ল। কিয়নো এমাহ আগৈয়ে সেই গৃহিণীৰে
এটি লৰা স্বৰ্গী হৈছিল।
মিঃ বাৰ্ডে আন পিনে চাই খিলিকিৰ ফালে গ’ল। আৰু ঘৈণীয়েকে কান্দিবলৈ ধৰিলে। কিন্তু ধৈৰ্য্য ধৰি কলে, “কিয় শুধিছা? মোৰ এটি সৰু ল’ৰা অলপতে গৈছে, কিয় শুধিছা?”
“তেনেহলে মোৰ মনৰ ভাব অনুভব কৰি আপুনি মোক মৰম আৰু মোৰে সৈতে সহানুভূতি কৰিব। মোৰ একেটি ল’ৰা, মোৰ একেটি মাত্ৰ সম্বল এইটিক সিহঁতে মোৰ বুকুৰ পৰা কাঢ়ি লৈ যাবলৈ খুজিছিল। যেতিয়া দেখিলো দলিল পত্ৰ সকলো ঠিকঠাক, তাক বেচাও হৈ গ’ল, মই তাক লৈ তেতিয়াই পলাই আহিলোঁ। যি মানুহটোৱে এই লৰাকণক কিনিছিল সি আৰু আমাৰ গৰাকীৰ কেজনমান মানুহে তাক লৈ যাবলৈ আমাক খেদি আহিছিল। তেতিয়া মই নিৰুপায়। সিহঁতক দেখিয়েই বৰফৰ ওপৰত ততালিকৈ জপিয়াই পৰিলোঁ। কেনেকৈ যে পাৰ হলোঁ মই কব নোৱাৰোঁ। এজন মানুহে মোক এই পাৰত হাত বঢ়াই উঠাই লোৱাহে মুঠে মোৰ মনত আছে।”
মিঃ বাৰ্ডে ছোৱালীৰ ফালে ঘুৰি চাই খপ্কৈ কলে,
“তেনেহলে তোৰ গৰাকীজন যে মৰমীয়াল মানুহ আছিল।
কেনেকৈ ক’ম?”
[ ৩৬ ] “কিয় কওঁ? তেওঁ সঁচাসঁচিকৈয়ে মৰমীয়াল মানুহ আৰু
ঘৰৰ ঘৈণীৰ যে কথাই নাই। তেওঁ যে মোক কিমান মৰম
কৰিছিল। তেওঁলোকৰো কোনো উপায় নাছিল। তেওঁলোকৰ
বহুত টকা ধাৰ। আৰু সেই ধাৰৰ দলিল পত্ৰ এজন
মানুহৰ হাতত পৰাত হেৰিক তাকে বেচিবৰ কথা হ’ল।
সেই কথা শুনিয়েই মই হেৰিক লৈ পলাই আহিলোঁ। মোৰ
এই একেটি পোণা মাথোন। ই যোৱা হ’লে মই কেনেকৈ
নো জীয়াই থাকিলোঁ হয়।”
“তোৰ গিৰীয়েৰ নাই নে?”
"আছে, কিন্তু তেওঁৰ গৰাকী আৰু এজন, আমাৰ গৰাকীজন নহয়। তেওঁৰ গৰাকী জন বৰ বেয়া মানুহ। এনে নিষ্ঠুৰ মানুহ অতি কম আছে। আৰু মোৰ স্বামীক দক্ষিণ ফালে বেচিব বুলি আমাক ভয় খুৱাই থাকে। আৰু বেচিবও। মোৰ স্বামীক আকৌ ক’ত দেখা পাম!” মিসেস্ বাৰ্ডে শুধিলে, “তই কলৈ যাবি, আই?”
“কেনেডালৈ যাম। যদিহে জানিলোঁ হেতেন কেনেডা ক’ত। বহুত দূৰ ঠাই নে কি কেনেডা, আই?”
“আইও দেহি।”
“বহুত দূৰ নে কি, আই?
“তই যিমান দূৰ ভাবিছ, তাৰ কৈও বহুত দূৰ। বাৰু চওঁচোন্, কি কৰিব পাৰোঁ চাওঁ। ডাইনা, তোৰ খোটালীতে ইলাইজাৰ বিছনা কৰিদে। ৰান্ধনী ঘৰৰ ওচৰতে হব। [ ৩৭ ] ৰাতি পুৱাওক। চাঁও কি কৰিব পাৰোঁ। ইলাইজা, একো ভয় নাই। ভগবানৰ ওপৰত নিৰ্ভৰ কৰা। তেওঁ তোমাক ৰক্ষা কৰিব। জানিবা।”
গিৰীয়েক আৰু ঘৈণীয়েক বহা খোটালীলৈ আকৌ গ’ল? মিসেস্ বাৰ্ডে দোলনী মাচিয়াত বহি দোল খাই খাই চিন্তা কৰিব ধৰিলে আৰু মিঃ বাৰ্ডে সেই খোটালীতে ইফাল সিকাল কৰি ফুৰিবলৈ ধৰিলে। বাৰ্ডে বহুত পৰ পাছত ক’লে, “ঘৈণী, আজি ৰাতিতে তাই ইয়াৰ পৰা যাবলাগিব। নহলে মস্কিল। সেই মানুহটোৱে নিশ্চয় গম পাব যে, তাই ইয়াতে আছেহি। আৰু ৰাতি পুৱাতে সি আহি ওলাবহি। আজিয়েই সিহঁতক ইয়াৰ পৰা পঠাব লাগিব।”
“আজিয়েই নে? কেনেকৈ সম্ভব হব পাৰে আৰু কলৈ লৈ যাবা? জানানে?”
স্বেনেটৰে জোতা পিন্ধি ভাবি ভাবি ক’লে, “মই জানোঁ বুলিয়েই ভাবা। চাঁওচোন্ বাৰু কি হয়। মোৰ বহুত দিনৰ মক্কেল ভেন্ ট্ৰম্প বুলি এজন মানুহ কেণ্টাকিৰ পৰা আহি ইয়াৰে সাত মাইলমান দূৰৈত মাটি বাৰী কিনি আছেহি। তাৰ সকলো গোলামকে সি মুক্তি দিছে। আৰু ঠাই ডোখৰ ইমান নিৰ্জ্জন যে, সেই ঠাইলৈ বিশেষ কাম নেথাকিলে কোনোৱে যাব নোখোজ আৰু নেযায়ো। নৈৰ এচুকত। কোনেও সোনকালে কি সহজে সেই ঘৰ বিচাৰি নেপায়। তালৈকে যোৱা ভাল বুলি ভাবোঁ। তাত [ ৩৮ ] তাই সুন্দৰে, নিৰাপদে থাকিব। বাৰো বজাত লৈ যাম। কাজোই কোনেও নজনাকৈ গাড়ী ঘোড়া যুতি দিয়ক।”
তাৰ পাছত বাৰো বজাত ইলাইজা আৰু সৰু লৰাটীক গাড়ীত উঠাই মিঃ বাৰ্ডে লৈ গ’ল। কিছু পৰ পাছত গাড়ীখন ডাঙ্গৰ এটি ঘৰৰ আগত ৰল গৈ। বহুত পৰৰ পাছত (কিয়নো, গাঁৱলীয়া ঠাই, মানুহবোৰে সোনকালে শুবলৈ যায়, আৰু তেতিয়া সকলো মানুহৰে শোৱাই ভাল। বিশেষ কাম নেথাকিলে মানুহৰ বাহিৰলৈ ওলোৱা ভাল নহয়।) মাতামাতি কৰাৰ পাছত, ঘৰৰ গিৰীহঁত উঠি দুৱাৰ মেলি দিলে। তেওঁ দীঘল শকত মানুহ। ছয় ফিটৰকৈও কেই ইঞ্চিমান ওখ।
কেণ্টাকিত এই সজ ভেন্ ট্ৰম্পৰ বহুত মাটী বাৰী আৰু
বহুত গোলাম আছিল। এই সজ মানুহটীয়ে বহুত দেখি
শুনি ভাবিলে এই গোলামী প্ৰথাটো ভাল নহয়, বেয়া।
ভেন্ ট্ৰম্পৰ দৰে সহৃদয় মানুহে গোলামী প্ৰথাৰ বিষয়ে এই
বুলি ভাবিলে যে, ই গোলামবোৰৰ পক্ষে যেনে বেয়া গৰাকীৰ
পক্ষেও তেনে। এনে কথা ভাবি চিন্তি এদিন টকা কিছু
হাতত লৈ ওহাইওলৈ গ’ল। তাত বহুত হাজাৰ পুৰা মাটী
কিনি গোলামবিলাকক তালৈ পঠাই দিলে। সিহঁতক
দলিল পত্ৰ লেখি দি মুক্তি দিয়াৰ পাছত এই ঠাইলৈ আহি
(আমি যি ঠাইত তেওঁক দেখিছো সেই ঠাইত) থিতাপি
হ’ল হি।
[ ৩৯ ] ক’ব নেলাগে যে, সেই মাটী খণ্ড, (খণ্ড কৈছোঁ কিয়,
সেই মাটী খিনি আমাৰ গুৱাহাটীৰ কৈও সৰহ পৰিমাণৰ,
কামৰূপৰো আধা-আধিমানো হব পাৰে) গোলামক দান
স্বৰূপে দি সিহঁতক মুক্তি দিলে।
আমাৰ স্বেনেটৰ বন্ধুয়ে শুধিলে, “তুমি দুখীয়া তিৰুতা এজনীক গোলাম ধৰা মানুহৰ হাতৰ পৰা ৰক্ষা কৰিবা নে?”
“ৰক্ষা, মই যদি নকৰোঁ কোনে কৰিব? মই কৰিম।”
স্বেনেটৰে কলে, “এৰা, মই তাকে ভাবিহে এইক ইয়ালৈ আনিছেঁ।”
স্বেনেটৰে মানুহ চিনি পাইছিল।
দুখ ভাগৰেৰে ভৰপুৰ হৈ ইলাইজাই হেৰিক কোলাত লৈ দুৱাৰৰ ওচৰলৈ আহিল। ভেন্ট্ৰম্পে মোমবাতি ডাল তাইৰ মুখৰ আগত ধৰি এটা মৰমসূচক ‘হঁহ্” মুখৰ পৰা উলিয়াই কলে, “এই ছোৱালী, তই ইয়াৰ কাষৰ খোটালীত শুই থাক গৈ। তোৰ একো ভয় নাই। তোৰ মাৰৰ কোলাত যেনে নিৰ্ভয়ে শুলি হয় ইয়াতো তেনে নিৰ্ভয়ে শো গৈ যা।” এই বুলি কাষৰে এটা খোটালী মেলি দিলে। ইলাইজা সোমাল। তাৰ পাছত স্বেনেটৰে চমুকৈ ইলাইজাৰ ইতিহাস ক’লে। বাৰ্ডে বিদায় ল’বৰ সময়ত দহ ডলাৰৰ এখন কাকত ভেন্ ট্ৰম্পৰ হাতত দিলে।
‘তাইৰ নিমিত্তে নে কি?”
“হয়”
[ ৪০ ] এই বুলি এই দুই সজ আৰু কৰ্ম্মী মানুহে ইজনে
আন জনৰ পৰা বিদায় ল’লে। এনে সজ মানুহ
বিৰল।