পৃষ্ঠা:দদাইৰ পজা.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(Abraham Lincoln) সৈতে মিসেস্ ষ্টোৰ দেখা হোৱাত (মিসেস্ ষ্টো চুটি চাপৰ আছিল) ৰাজ-প্ৰতিনিধিয়ে হাঁহি শুধিলে “আপুনিয়েই আমাৰ দক্ষিণৰ সৈতে যুজৰ কাৰণ নে?” সঁচাকৈয়ে কবলৈ গ’লে, এই কিতাপখনিয়ে মানুহৰ মনৰ অৱস্থা কেনে কৰিছিল ডাঙ্গৰ কিতাপ এখনি লৈ এতিয়া পঢ়িলেই আমি গম পাওঁ। Abraham Lincolnৰ জীৱনী পঢ়িলেও এই কথা গম পাওঁ। এই মহাত্মাৰ বিষয়ে এখন নাটকও আছে, সেইখনো পঢ়া ভাল। অসমীয়াই Booker Washington (বুকাৰ ওয়াশ্বিংটন) বিষয়ে অলপ জানে। তেওঁলোকে এই বিষয়ে কিছু পৰিমাণে আভাস পাইছে।

 মেৰি কিতাপখনি অতি চমু। এই কিতাপখনিয়ে এটি বস্তুক দূৰৈৰ পৰা জুমি চোৱাৰ দৰে কাম কৰিব। ওচৰৰ পৰা চাবলৈ নেপালে এটি ভাল বস্তু দূৰৈৰ পৰা চোৱাও ভাল। সৰুৰে পৰা শুনি আহিছোঁ, “The be is mightier than the sword” মিসেস্ ষ্টোৰ কাপ অস্ত্ৰৰকৈ ডাঙ্গৰ নহলেও অস্ত্ৰক সহায় কৰিছিল। যেতিয়া কোনো ডাঙ্গৰ মানুহ আমাৰ গাঁও কি নগৰৰ ওচৰেদি যায় আমি তেওঁৰ ওচৰলৈ যাব নোৱাৰিলে কি তেওঁৰে সৈতে কথা কব নোৱাৰিলে তেওঁক দূৰৈৰ পৰা নেচাওঁ নে? চাব নোৱাৰিলেও তেওঁক দূৰৈৰ পৰা চাবলৈ ইচ্ছা নহয় নে? এনে ভাব হয় বুলিয়েই এই মহৎ কিতাপখনিৰ চমু বিৱৰণী মোৰ অসমীয়া বন্ধু সকলৰ আগত উলিয়ালোঁ।