পৃষ্ঠা:দদাইৰ পজা.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাতনি

 এই কিতাপখনি Uncle Tom's Cabin মোৰ অসমীয়া ভাষাত অনুবাদ হোৱা মই শুনা নাই সেই দেখি মোৰ অতি সসীম বুদ্ধিৰে এই কিতাপখনিৰ অলপ আভাস মোৰ ভাষাত লেখি অসমীয়া জনা আৰু পঢ়া মানুহক দিম বুলি এইসৰু কিতাপখনি লেখিলোঁ। এই কিতাপখনি সকলো ভাষাতে লেখা হৈছে। অসমীয়াত নাই। সেই দেখিয়েই শত দোষ থকা সত্ত্বেও এই কিতাপখনি মোৰ ভাষাত ছপা কৰি উলিয়ালোঁ।

 এই কিতাপখনি লেখা মানুহ মুনিহ নহয়। তিৰুতা। যুক্তৰাজ্যৰ The National Era (ন্যাশনেল ঈৰা) নামে এখন কাকতত মিসেস্ হ্যাৰিয়েট বীচৰ ষ্টো নামৰ এজন পাদ্ৰী দুহিতায় ১৮৫১ খৃষ্টাব্দৰ জহ কালি লেখিবলৈ আৰম্ভ কৰি ১৮৫২ খৃষ্টাব্দত শেহ কৰি এই কিতাপখনি যুক্তৰাজ্যক দিয়ে। তাৰ পাছত বষ্টনৰ এজন ছাপাখানাৰ গৰাকীয়ে সেই কাকতবোৰ ১৮৫২ খৃষ্টাব্দত কিতাপৰ আকাৰেৰে ছপায়। তেতিয়া যুক্তৰাজ্যত তোলপাৰ লাগি গল। কোনে লেখিছে? ক’ৰ মানুহ তেওঁ? তেতিয়া যুক্তৰাজ্যত (দক্ষিণ ৰাজ্যবোৰত বিশেষকৈ) দাসত্ব প্ৰথা সজীব আৰু বলবান অৱস্থাত। দহ বছৰ পাছত প্ৰজা—প্ৰতিনিধি (ৰজা) এব্ৰেম লিংকনৰ