দদাইৰ পজা/প্ৰথম অধ্যায়
[ ১১ ]
দদাইৰ পজা।
আমেৰিকাৰ যুক্তৰাজ্য। কেন্টাকি প্ৰদেশ। জাৰৰ দিন। ফেব্ৰুয়াৰী (মাঘ) মাহৰ আবেলি। দুজন ভদ্ৰলোকে এটি সুন্দৰভাবে সজোৱা খোটালীত বহি কথা-বাতৰা পাতি আছিল। সেই খোটালীত তেওঁলোক দুয়োহে আছিল এনেকি চাকৰ নকৰও নাছিল। মাচিয়া ওচৰাওচৰি। ব্যগ্ৰ ভাৱ।
সভ্যতাৰ “খাতিৰেহে” আমি “দুজন ভদ্ৰলোক” কথা
ফেৰি ব্যৱহাৰ কৰিছোঁ। এজনক দেখিলে “ভদ্ৰলোক”
হেন বুলি ভাবিবকে নোৱাৰি। কিয়নো সি যে “ভাল মানুহ”
এই ফেৰি কথা তাৰ সকলো ব্যৱহাৰতে দেখুৱাবলৈ যত্ন
কৰিছিল। যি এনেকৈ “ভাল মানুহ” বুলি সময়ে অসময়ে
জাননী দিব খোজে, সি কেতিয়াও “ভাল মানুহ, জেন্ট্ল্ম্যান”
হব নোৱাৰে। আন জনক, মিষ্টৰ খেলবিক, দেখিলে “ভাল
মানুহ” বুলি জানি আৰু তেওঁৰ ব্যৱহাৰও যেনে ঘৰ-দুৱাৰো
তেনে, ভাল আৰু সুন্দৰ। শ্বেলবিক আনটোৱে ক'লে,
“এনেহ'লে কেনেকৈ কাৰবাৰ কৰোঁ, কওক চোন একেবাৰেই
নোৱাৰি।”
[ ১২ ] “হেলি,” (আন মানুহটোৰ নাম) “টম্ সঁচাসঁচিকৈয়ে বৰ
অসাধাৰণ মানুহ। সি এটী ৰত্ন। সি সজ, কৰ্ম্মদক্ষ, ধীৰ
আৰু গম্ভীৰ। এই টকাৰে টমক য’তে ত’তে বেচিব
পাৰোঁ। সি মোৰ খাত পাম ঘৰ-বাৰি অতি যতনেৰে
পৰিপাটীৰূপে চলায়।”
হেলিয়ে উত্তৰ দিলে, “এৰা, ক’লা মানুহ যেনে সজ হয় তেনে সজৰ কথা কৈছে নহয় নে, বাৰু?”
“নহয়, নহয়, টম্ সঁচাসঁচিকৈ ধৰ্মভীৰু, বিবেকী, সজ, ধীৰ আৰু গম্ভীৰ মানুহ। টমৰ দৰে মানুহক যে বেচিবলৈ ওলাইছোঁ ই কম দুখৰ কথা নহ। মই দুৰ্ভগীয়া দেখিহে তাক বেচিবলৈ ওলাইছোঁ। বাকিখিনি টকা যে তোমাক মোৰ দিব লগীয়া আছে, এই টমকে সেইখিনিৰ সলনি লৈ মোক মুক্তি দিয়া। আৰু সঁচাসঁচিকৈয়ে কবলৈ গলে তোমাৰ যদি অলপ ধৰ্ম্মজ্ঞান কি বিবেক বুলি এটা বস্তু আছে, তুমি এই এজন মানুহ লৈয়েই সন্তুষ্ট হৈ মোক মুক্তি দিব।”
হেলিয়ে ক’ল, “আন আন ব্যৱসায়ী মানুহৰ যেনে ধৰ্ম্মাজ্ঞান আছে, মোৰো তেনে ধৰ্ম্মজ্ঞান আছে। কাৰবাৰ খন চলাব লাগিব তো।”
“তনেহলে হেলি, কি লাগে তোমাক?”
“আৰু এটা ল’ৰা কি এজনী ছোৱালী এই টমৰে লগত ‘ফাও' বুলি এৰি দিব নোৱাৰে নে?”
“নাই, নাই, তেনেকৈ দিব পৰা মোৰ কোনো নাই।”
[ ১৩ ] এই সময়তে এটা পাঁচ ছয় বছৰীয়া কোৱাড্ৰূন
(Quadroon) লৰা সেই খোটালীত সোমালহি। লৰাটোক
দেখিলেই মৰম লাগে।
শ্বেলবিয়ে কলে, “এই জিম্ ক্ৰো, এইফালে আহ, এই আঙ্গুৰ খিনি ধৰ চোন্।”
সৰল লৰাটীয়ে যেতিয়া পৰোঁ নপৰোঁ হৈ সেই আঙ্গুৰ বুতলিবলৈ গ’ল শ্বেল্বিয়ে মনৰ সুখত হাঁহিবলৈ ধৰিলে।”
জিম্ ক্ৰোক্ মাতি আনি মৰম কৰি শ্বেলবিয়ে কলে, “তোৰ গান গাই নাচ নাচি এই ভদ্ৰলোকজনক দেখুৱাচোন্।”
কোৱা মাত্ৰকতে লৰাটীয়ে নীগ্ৰো সঙ্গীত মিঠা মাতেৰে গাই আৰু সুন্দৰ ভঙ্গিৰে নীগ্ৰো নাচ নাচি, তালৰ সামঞ্জস্য ৰাখি, দুয়োকো মোহি পেলালে।
“ব্ৰাভো, বাহ বাহ, শুনক, এই লৰাটোক, টমৰ লগত দিয়ক মই আৰু একো নকওঁ, দিব নে?”
এই খিনি সময়তে পঁচিশ বছৰীয়া এজনী সুন্দৰী কোৱাড্ৰূন গাভৰু ছোৱালী খোটালীত সোমাল দেখিয়েই তাইক সেই লৰাটীৰ মাক বুলি জানা গ’ল। একে কলা বৰণীয়া মনমোহ চকু, একে চকুৰ পাত, একে চুলিৰ বৰণ।
“কি লাগে, ইলাইজা?” শ্বেলবিয়ে শুধিলে।
“দেউতা, হেৰিক বিচাৰি আহিছিলোঁ।”
লৈ যা তাক তেনেহলে।” মাকে তাক বেগাবেগিকৈ
কোলাত লৈ গুছি গ’ল।
[ ১৪ ] হেলিয়ে লৰাটোক লাগে বুলি বহুবাৰ কলে।
শ্বেলবিয়ে কলে, “মই তাক বেচিব নোখোজোঁ। মাকৰ বুকুৰ পৰা তাক নো কেনেকৈ কাঢ়ি আনিম? মানুহৰ অলপ দয়া মৰম আছে নে নাই?”
“তেনেহলে এটা কাম নকৰে কিয়? শুনক, কেদিন মানৰ নিমিত্তে মাকক আঁতৰাই আন ঠাইলৈ নপঠিয়াই কিয়? সেই খিনি সময়তে আমাৰ কাম উদ্ধাৰ কৰিম। যেতিয়া তাই উভতি আহিব আপোনাৰ ঘৈণীয়েকে তাইক কিবা অলপ গহনা, কি কাপোৰ কানি নহলে আন কোনো বস্তু দিব। তাই পাহৰি যাব। আমাৰ বগা মানুহৰ দৰে সিহঁত নহয়। যদি ভালকৈ কাম সিদ্ধি কৰিব পাৰা যায় সিহঁতে অলপতে পাহৰি যায়। আমাৰ দৰে নহয়।”
শ্বেলবি বপুৰীয়ে অলপ পৰ ভাবি ক’লে—“বাৰু তুমি এতিয়া যোৱা গধূলিকৈ আহিবা। মোৰ গৃহিণীয়ে সৈতে পৰামৰ্শ কৰি ভাবি চিন্তি এটা কম।” এই কথা শুনি বেপাৰীয়ে অভিবাদন জনাই গুছি গ’ল।
মিষ্টৰ শ্বেলবী মানুহটী ভাল। মৰমীয়াল আৰু আন আন গোলামৰ অধিকাৰীৰ দৰে হৃদয়হীন নাছিল। তেওঁৰ “জমিদাৰীত” গোলামবিলাকৰ কোনো কষ্টয়েই নাছিল। তেওঁ কাৰবাৰত অলপ হাত খোলা মানুহ আছিল। কোনো কোনো মানুহৰ পৰা টকা ধাৰ কৰাৰ বাবে তেওঁৰ প্ৰাপ্তিস্বীকাৰৰ কাকতবোৰ এই হেলিৰ হাতত পৰিছিল গৈ। [ ১৫ ] সেই গুণেই হেলিয়ে শ্বেলবিৰে সৈতে এনেবোৰ কথা কবলৈ সুযোগ পাইছিল।
ইলাইজাই যেতিয়া হেৰিক বিচাৰি গৈছিল দেউতাকৰ সৈতে কথা পতা মানুহজন যে বেপাৰী তাই গম পাইছিল আৰু কোনোবা গোলামকো যে বেচিবৰ কথা বতৰা হৈছিল তাই তাকো গম পাইছিল। সেই দেখি তাইৰ লৰাৰে বিষয়ে কথা হৈছিল বুলি তাইৰ মনত কিবা এটা আশঙ্কা হল।
তাই দুৱাৰৰ ওচৰত থিয় হৈ অলপ পৰ থাকি সকলো কথা শুনিলেহেতেন কিন্তু ঠিক সেই খিনি সময়তে তাইৰ আইয়েকে মতাৰ নিমিত্তে তাই সেই ঠাই এৰি যাব লগীয়া হ’ল। মাকৰ মন। ল’ৰাৰ বিষয়ে ভয়, সন্দেহ যায় কত?
সেই দিনা ইলাইজাৰ কামত মন নাই। এখন কাপোৰ দিওঁতে আন এখন কাপোৰ দিয়ে, মুখ ধুবৰ লোটা দিবলৈ যোৱাত লোটা পৰি যায়। সি দিনা কামত তাইৰ মন নাই।
মিসেস্ শ্বেলবিয়ে তাইক ক’লে, “ইলাইজা, তোৰ আজি কি হ’ল? কামত মন নাই কিয়?”
“আই, আই, আজি দেউতাৰ লগত বেপাৰী এটাই কথা কোৱা দেখিলোঁ।”
“ছোৱালী জনীয়ে কি কয়, বেপাৰীৰ সৈতে কথা দেউতাৰে ক’লেই বা”।
“আই, দেউতাই মোৰ হেৰিক বেচিব নে?” এই বুলি [ ১৬ ] তাইৰ সুন্দৰ মুখখানি মাচিয়াত থৈ হুক্ হুক্ কৰি কান্দিবলৈ ধৰিলে।
“কি কয় এই জনীয়ে? তই নেজাননে, তোৰ দেউতাৰে দখিণীয়া বেপাৰীবিলাকৰ লগত কেতিয়াও কাৰবাৰ নকৰে? বেচিব! কিয় বেচিব?”
“আই, ঔ আই, যদি দেউতাই মে’ৰ হেৰিক বেচিব খোজে আপুনি বেচিৰ নিদিব দেই।”
“তই কি কৱ, ও। তোৰ হৰিক বেচা যেনে, মোৰ পেটৰ ল’ৰা-ছোৱালীক বেচাও তেনে জানিবি ইলাইজা।”
আইয়েকৰ এই কথা শুনি ইলাইজৰ মন সুস্থিৰ হ’ল। ইলাইজাই আইয়েকক ভক্তি কৰিছিল। ইলাইজাই জানিছিল যে, তাইৰ দেউতাক আৰু আইয়েকে তেওঁলোকৰ গোলামবোৰক মৰম কৰিছিল। আইয়েকৰ কথা শুনি তেতিয়াই তাই নিজৰ কাম আগৰ দাৰ কৰিবলৈ ধৰিলে।
মিসেস্ শ্বেলবিয়ে গিৰীয়েকক মৰমীয়াল ধৰ্ম্মভীৰু বুলি জানিহে এনে কথা কৈছিল। তেওঁ নেজানিছিল যে, মিঃ শেলবিৰ আৰ্থিক অৱস্থা সেইখিনি সময়ত আগৰ দৰে নাছিল। মৰমীয়াল মিসেস্ শ্বেলবিয়ে কাপোৰ কানি পিন্ধি সামাজিক ৰীতি অনুসাৰে বন্ধুবৰ্গৰ সৈতে দেখা কৰিবলৈ ওলাল।