দদাইৰ পজা/বিদেশী কথাৰ অসমীয়া ভাঙ্গনি

ৱিকিউৎসৰ পৰা
[ ১২৩ ]

বিদেশী কথাৰ অসমীয়া ভাঙ্গনি।


মিউলাটো (Mubatto)

 ক’লা (নীগ্ৰো) আৰু বগা মানুহৰ সন্তান।

কোৱড্‌ৰূন্ (Quadroon)

 মিউলাটো আৰু বগা মানুহৰ সন্তান।

কুৱেকাৰ (Quaker)

 জৰ্জ ফক্স নামেৰে এজন মানুহে প্ৰতিষ্ঠা কৰা ধৰ্ম্মসমাজ। ইয়াক বন্ধুসমাজ বুলিও (Society of Friends) কয়। এওঁলোক খ্ৰীষ্টান।

ডৰ্কাস্ (Doreas)

 বাইবেলত এই নামৰ উল্লেখ আছে। জপা বুলি ঠাইৰ এজন সজ কাম কৰা তিৰুতা। এই তিৰুতাজন দয়াশীল আছিল। গৰীব-দুখীক মৰম কৰিছিল। বাইবলৰ “এ্যাক্টস্ (Acts) ত এই তিৰুতাজনৰ উল্লেখ আছে। এওঁক তাত টেবিথা (Tabitha) বুলিও উল্লেখ কৰা হৈছে।

মেথডিষ্ট (Methodist)

 জন্ ৱেস্‌লি (John wesley ১৭০৩-১৭৯১) নামৰ এজন মানুহে প্ৰতিষ্ঠা কৰা এক ধৰ্ম্মসমাজ। এওঁলোকক [ ১২৪ ] ৱেস্‌লিয়ানও (Wesleyan) বোলে। এওঁলোকে অতি নিয়মৰ (Method) বশবৰ্ত্তী হৈ ধৰ্ম্মকৰ্ম্ম কৰে দেখি এওঁলোকক Methodist বোলে।

গুড্‌বাই (Good bye)

 বিদায় সম্ভাষণ। মানে ঈশ্বৰ তোমাৰ লগত থাওক। কেবাদিন কি বহুদিনৰ নিমিত্তে বিদায় ল’লে এই কথা ব্যৱহাৰ হয়। নহলে সাধাৰণতঃ গুড্ মৰ্নিং, গুড্ আফ্‌টাৰনূন, গুড্ ঈভ্‌নিং ব্যৱহাৰ হয়। গুড্ নাইট ৰাতি বিদায় সম্ভাষণ। দেখা হলে এই কথা ব্যৱহাৰ নহয়।

হ্যাণ্ড্‌নোট (Handnote)

 টকা ধাৰে ল’লে যি প্ৰাপ্তি স্বীকাৰ পত্ৰ লেখি দিয়া হয়। ইয়াত টিকট (ষ্ট্যাম্প) থাকিব লাগে, তেহে আইনসঙ্গত হয়।

স্বেনেটৰ

 যুক্তৰাজ্যৰ প্ৰজা প্ৰতিনিধি। যি সকল মানুহে স্বেনেট সভাত বহিব পাৰে।