দদাইৰ পজা/সপ্তম অধ্যায়

ৱিকিউৎসৰ পৰা

[ ৮৫ ]  এতিয়া টমৰ বাতৰি লওঁগৈ আহাঁ। হেলিয়ে শ্বেলবিৰ ঘৰৰ পৰা টমক মিস্বিস্বিপি নৈৰ উজানে লৈ গৈ স্বিন্‌ক্লেয়াৰ বুলি নিউ অৰ্লীন্সৰ এজন ভাল আৰু ধনী মানুহৰ ঘৰত বেচিলে। টম সেই ঘৰত কোচ্‌ম্যান্ হ’ল গৈ। মিঃ স্বিন- ক্লেয়াৰ বৰ মৰমীয়াল আৰু সজ মানুহ আছিল। টম্ সেই ঘৰত সুখে আছিল। কিন্তু টমৰ কপাল বেয়া। এই সজ মানুহ জনৰ ডেকা বয়সতে মৃত্যু হোৱাত তেওঁৰ আন আন গোলামৰ লগত টমকো নীলাম কৰা হল। এই বাৰ টম গ’ল স্বাইমন্‌ লেগ্ৰী বুলি এটা মানুহৰ ঘৰলৈ। তাৰ কপাহৰ বাগিচা ৰঙ্গা নৈৰ পাৰত আছিল। এই মানুহটোৰ দৰে নিষ্ঠুৰ, অসৎ, বেয়া মানুহ পৃথিবীত বিৰল।

 এখন সৰু জাহাজত টম্। হাতত শিকলি, ভৰিত শিকলি। বপুৰি টমৰ মন শিকলিৰকৈও গধুৰ। তল মুৱা হৈ ভাবি আছে।

 লেগ্ৰীয়ে নিউ অৰ্লীন্সৰ ই ঠাইত এটা সি ঠাইত এটা এনেকৈ আঠোটা মান গোলাম কিনি দুটা দুটাকৈ হাত- কড়া লগাই জাহাজলৈ আনিলে। জাহাজলৈ আনি এঠাইত নালপত্ৰ ৰখাৰ দৰে থৈ দিলে। জাহাজ মেলি দিয়াৰ [ ৮৬ ] পাছত নিজ মূৰ্ত্তি ধাৰণ কৰি লেগ্ৰী গোলামবোৰৰ ওচৰলৈ আহিল। টমৰ কাপোৰ কানি ভাল মানুহৰ দৰে আছিল। লেগ্ৰীৰ দৰে মানুহৰ এনে কথা সহ্য নহল। টমৰ আগত থিয় হৈ হুকুম দিলে “থিয় হ।” টম্ থিয় হ'ল।

 “ষ্টক ডাল ( ডিঙ্গিত বন্ধ “নেকটাইৰ দৰে এক ৰকম পৰিচ্ছদ) খুলি পেলা।” টমৰ ভৰিয়ে হাতে শিকলি। কোনো ৰকমে খুলিবলৈ আৰম্ভ কৰোতেই লেগ্ৰীয়ে একে- টানেই তাক খুলি পেলালে। খুলিয়েই নিজৰ জেপত ভৰালে। লেগ্ৰীয়ে টমৰ পেৰা খুলিবলৈ ধৰিলে। পেৰাটোৰ পৰা পুৰণা ফটা কোট পেণ্টেলুন উলিয়াই সেইবোৰ পিন্ধিবলৈ হুকুম দিলে। মালপত্ৰৰ মাজৰ এডোখৰ ঠাইকে আৰ বুলি আশ্ৰয় লৈ টমে কাপোৰ সলাই আহিল।

 "জোতা খোল” আকৌ হুকুম। জোতা খুলিলে। এজোৰ গধুৰ আৰু ডাঠ জোতা টমৰ ফালে পেলাই দি কলে, “এই জোৰ পিন্ধ।”

 টমে কাপোৰ সলাওঁতে আন জোৰ স্যূটৰ জেপৰ পৰা বাইবেল খনি এই স্যূটৰ জেপ এটাত ভৰাইছিল। বাই- বেল খনি ৰক্ষা পৰিল।

 টমৰ হাতকড়া লগাই লেগ্ৰীয়ে টমৰ জেপত হাত দিলে। পাটৰ উৰ্ম্মাল এখন পাই সেই খনো জেপত ভৰালে। ইটো সিটো জেপ বিচাৰোঁতে এখন “মেথডিষ্ট” সকলৰ ঈশ্বৰ-নাম-কিতাপ (Hymn bools) পাই কলে “হোঁ— [ ৮৭ ] ধাৰ্ম্মিক গোলাম তই, নহয় নে? তই গিৰ্জালৈ যাৱ, নহয় নে?”

 “হয়, প্ৰভু।”

 “এনে ভাৰ তোৰ কিমান দিন থাকে চাম। মই এনে কথা “বৰদাস্ত” নকৰোঁ। মোৰ নিগাৰবোৰ, নাম গোৱা, ঈশ্বৰৰ নাম লোৱা, পূজা কৰা বিধৰ মানুহ নহয়, বুজিলি নে?” ভৰিৰে দপ্‌দপাই আৰু চকু পকাই এই কেআষাৰ কথা ক'লে, আৰু ক'লে, “মইয়ে তোৰ এতিয়া গিৰ্জ্জা, বুজিলি নে? মই যি কওঁ তোৰ তাকেই শুনিব লাগিব আৰু যেনে হবলৈ কওঁ ঠিক তেনেই হব লাগিব। বুজিলি নে?”

 টমে শুনিলে। টমৰ অন্তৰত কোনোবা এজনে সেই কথাৰ উত্তৰ “কেতিয়াও নহয়” বুলি দিছিল। আৰু কোনো- বাই যেন অন্তৰত ক'লে,“ভয় নাই, মই তোমাক মুক্তি দিছোঁ মই তোমাৰ নাম কাঢ়ি মাতিছোঁ, তুমি মোৰ।” (এই ফাঁকি বাইবেলৰ আইজাইয়া বুলি কিতাপখনৰ কথা।) লেগ্ৰীয়ে কোনোমাত শুনা নাছিল। সি এনে মাত নুশুনেও কেতিয়া। সি কিছু পৰ টমৰ ফালে চকু পকাই চাই সেই ঠাই এৰি গুছি গল।

 এখন সৰু নগৰ পোৱাত লেগ্ৰী আৰু তাৰ লগৰীয়া সকল নামিল। এখন ৱেগনত লেগ্ৰী আৰু মালপত্ৰ। মালপত্ৰৰ সিফালে দুজনী হাতকড়া বন্ধা গোলামনী। আনবোৰ খোজ কাঢ়ি লেগ্ৰীৰ কপাহৰ বাগিচাৰ ফালে খোজ ল'লে। [ ৮৮ ]  বাট দীঘল। জঙ্গলীয়া। সেই দিন সেই মানুহ সকলৰ মন যেনে আছিল বাটও তেনে আছিল—মানুহবিলাকৰ (লেগ্ৰীব নহয়) মনত বেজাৰ! বাটও অশুৱনী। দীঘল বাটৰো অন্ত আছে। আমাৰ এই বাটৰুৱা সকলৰ বাটৰো অন্ত হ’ল। লেগ্ৰীৰ বাগিচা পঁহুছোতেই তিনটা কি চাৰিটা দেখিলেই ভয় লগা কুকুৰ আহি টম আৰ লগৰীয়া- বোৰক খাঁও খাঁও বুলি ল'ৰি আহি বেৰি ধৰিলেহি। কুকুৰ কেটাৰ পাছে পাছে অহা মানুহ কেটাই হাক নিদিয়া হ'লে সিহঁতে টমহঁতৰ মঙ্গহ টুকুৰাটুকুৰে চিঙ্গি পেলালেহেতেন।

 লেগ্ৰীয়ে কুকুৰ কেটাৰ গাত ৰংমনেৰে হাত বুলাবলৈ ধৰিলে আৰু কিনি অনা গোলাম কেজনক কলে, “দেখিছ নে? তহঁতে যদি পলাব খোজ এই কুকুৰকেটাই তহঁতৰ গাৰ মঙ্গহ ডোখোৰাডোখৰ কৰিব। ইহঁতক নিগাৰ ধৰিবলৈকে বিশেষকৈ শিকোৱা হৈছে। খবৰদাৰ। স্যাম্বো, কিবা বা বাতৰি আছে নে? মই ইয়াত নথকা কেদিন সকলো কাম ভালকৈ চলি আছিল তো?” স্যাম্বোই উত্তৰ দিলে “বৰ ভালকৈ, প্ৰভু”। স্ব্যাম্বো লেগ্ৰীৰ এটা লিগিৰা⸺কাপোৰ কাণি ফটা। স্ব্যাম্বোৰ সৈতে কথা কওঁতে লেগ্ৰীৰ ফালে আৰু এটা নীগ্ৰো চাকৰে একে থিৰে চাই লেগ্ৰীৰ আজ্ঞালৈ বাট চাই আছিল।

 “কুইম্বো মই যি যি কৈ গৈছিলোঁ তই সেই সেই কাম কৰিছিলি তো?” [ ৮৯ ]  “মই নকৰিম নে, দেউতা” এই দুটা নীগ্ৰোই লেগ্ৰীৰ বাগিচাৰ প্ৰধান বিষয়া প্ৰধান ভৃত্য। লেগ্ৰীয়ে কুকুৰবিলাকক যেনেকৈ ভয় লগা কামবোৰ শিকাইছিল তেনেকৈ এই দুটা মানুহকো পশুতকৈও অধম কাম কৰিবলৈ শিকাইছিল। যেনে প্ৰভু, তেনে ভৃত্য। মই “পশুতকৈ অধম” কৈ পশুক অপমান কৰিছোঁ বুলিহে ভাবিছোঁ।

 স্যাম্বো আৰু কুইন্বো মিত্ৰ নাছিল, শত্ৰু। স্যাম্বোই কুইম্বোক কুইম্বোই স্যাম্বোক দোৰ্ঘোৰ ঘিণাইছিল। আৰু বাগিচাৰ সকলো বনুৱাই এই দুটা মানুহক ঘিণাইছিল। লেগ্ৰী টেঙ্গৰ। এই তিনি দল মানুহ হোৱাত লেগ্ৰীৰ সুবিধা হ’ল। বাগিচাত কি হৈছে এদলে থিৰাং বাতৰি দিবই দিব। সেই দেখি লেগ্ৰীৰ ইয়াতো বৰ আনন্দ। অসৎ মানুহে অসৎ কামক প্ৰশ্ৰয় দিয়ে।

 “স্যাম্বো, ইহঁতক থকা ঠাইলৈ লৈ যা।”

 টম্ স্যাম্বোৰ পাছে পাছে গ'ল। লেগ্ৰীৰ ঘৰৰ পৰা বহুত দূৰৈত ইহঁতৰ থকা ঘৰবোৰ সাৰিয়ে সাৰিয়ে আছে। টমে এনে মানুহ থকা এনে ঘৰ কেতিয়াও দেখা নাই। বেচাৰা টমে ভাবিছিল যে, কম হলেও ভগা হওক চিগা হওক এটি সৰু পজা তেওঁৰ ভাগত পৰিব। সেই পজা নিজে চাফ- চিকণ কৰি থব পাৰিব, শ্বেল্‌ফ এখনত বাইবেল থব পাৰিব, নিজে অলপ নিৰ্জ্জনত থাকি ভগবানৰ নাম ল’ব পাৰিব। কিন্তু ঘৰৰ অৱস্থা দেখি টম্‌ নিৰাশ হ’ল। এ খোটালীৰ পৰা [ ৯০ ] এ খোটালীলৈ যায়, দেখে সকলো খোটালীয়েই একে ধৰণৰ। শুবৰ নিমিত্তে খাট কি চাং একো নাই, মজিয়াতে খেৰ পতা আছে, তাৰে ওপৰত শুবৰ ব্যৱস্থা। স্যাম্বোক নতভাবে শুধিলে, “ইয়াৰ কোনটো মোৰ হব?”

 “নোৱাৰো কব, এই খোটালীটোতে থাকিব পাৰ। ইয়াত বহুতো নিগাৰ আছে, এজনৰ নিমিত্তে ঠাই হব পাৰে। ইয়াতে থাক।”

 গধূলি, কাম কৰি, ভাগৰ লাগি এই ঘৰবোৰত থকা মুনিহ তিৰুতা বনুৱাবোৰ জাকে জাকে নিজত ঘৰৰ ফালে আহিল। সিহঁতৰ কাপোৰ-কাণি ফটা, মুখত হাঁহি নাই, গা-মুখ মলিৰে ভৰা। ভোকত জ্বলি পকি আহি সিহঁত ঘৰ পালেহি। নতুন মানুহ আহি সিহঁতৰ সৰু খোটালীৰ ভাগ ল’ব এই কথা নিশ্চয়ে সিহঁতৰ ভাল লগা নাছিল। এই বনুৱাবোৰে পুৱাৰে পৰা গধূলিলৈকে এখন্তক বিশ্ৰাম নোলাৱাকৈ কাম কৰি ঘৰ পালেহি। অলপ জিৰালেই কোব। এতিয়ালৈকে সিহঁতৰ খোৱা হোৱা নাই। যাঁতাত পিহা হ'লেহে আটা হ’ব। তেতিয়াহে খোৱা বস্তু হ’ব। টমৰ বৰ ভোক, কিন্তু কি কৰিব? নিৰুপায়।

 কুইম্বোই এনেতে আহি এটা থৈলা টমৰ ফালে দলি- য়াই দি ক'লে, “এই, নিগাৰ, ধৰ, এইয়া এসপ্তাহৰ খোৰাক। সাতদিনৰ ভিতৰত আৰু একো নেপাৱ। সাৱধান।”

 ৰাতি বহুত পৰ বাট চাই টমে যাঁতা-ঘাৰত ঠাই পালে। [ ৯১ ] দেখে গৈ দুজনী তিৰুতাই লাহে লাহে আমনিৰ ভাবেৰে যাঁতা পিহি আছে। টমে আগৈয়ে সিহঁতৰ কামখিনি কৰি দিহে নিজৰ কাম কৰিবলৈ সাজু হ’ল। এনে কাম লেগ্ৰীৰ বাগিচাত এয়ে প্ৰথম। কোনে কাৰ কাম কৰে? টমৰ এনে ব্যৱহাৰ আৰু মৰম পাই সেই তিৰুতা দুজনীৰ মন গলিল। অশিক্ষিতা, লেগ্ৰীৰ দৰে মানুহৰ গোলামনী হলেও তিৰুতা তো৷ সিহঁতে টমৰ আটা সানি দি ৰুটী তৈয়াৰি কৰি দিলে। টমে জুহালৰ ওচৰলৈ গৈ বাইবেল খন পঢ়িবলৈ ধৰিলে। কিয়নো টমৰ যেনে অৱস্থা সেইখিনি সময়ত বাইবেলেহে সান্ত্বনা দিব পাৰে। আনে নোৱাৰে। বহুত ৰাতিলৈকে বাইবেল পঢ়ি টম্ শোৱা ঠাইলৈ গ'ল। তাত দেখে যে, বহুত মানুহ মাটীত যেনেকৈ যেনিয়েই পাৰে তেনেকৈ তেনিয়েই শুই আছে আৰু টমেও কোনোমত প্ৰকাৰে এখন ফটা কম্বল গাত লৈ ঈশ্বৰক চিন্তি শুবলৈ গ'ল।

 টমে আৰু এনে ঠাইত আগৈয়ে থকা নাছিল। এই ঠাইৰ এনে অৱস্থা দেখি টমৰ ঘিণ আৰু বেজাৰে মন বেয়া হৈ গৈছিল। ভগবান-ভক্ত টমে ভগবানৰ ওপৰত সকলো সঁপি দি শুই থাকিল।