দদাইৰ পজা/একাদশ অধ্যায়

ৱিকিউৎসৰ পৰা

[ ১১৮ ]  এই ঘটনাৰ দুদিন পাছত এজন ডেকা লৰাই গাড়ী ডকাই আহি লেগ্ৰীৰ ঘৰৰ আগত ৰ’ল হি। নামি গৰাকীৰ সৈতে দেখা কৰিব খুজিলে। এওঁ জৰ্জ শ্বেলবি। নৈৰ ভাটিৰ ফালে মাকৰ জমিদাৰীৰ সংক্ৰান্ত কাম তদাৰক কৰিবলৈ আহি এবাৰ টমক বিচাৰি চাবলৈ মন গ'ল। কেবা মাহো [ ১১৯ ] বিচাৰি বিচাৰি টমক নেপালে। অকস্মাৎ এজন মানুহৰ পৰা বাতৰি পালে যে, টম লেগ্ৰীৰ বাগিচাত আছে। সেই কথা শুনিয়েই ইয়ালৈ তৎক্ষণাৎ আহিল। ইচ্ছা যে, টমক আকৌ কিনি লয়। লেগ্ৰীয়ে মাতি পঠিয়ালে।

 জৰ্জে ক'লে, “শুনিছোঁ বোলে নিউ অৰ্লীন্সত আপুনি টম বুলি এটি মানুহ কিনিছে। সি মোৰ দেউতাৰ বাগিচাত কাম কৰিছিল। পাৰোঁ যদি তাক কিনিবলৈ আহিছোঁ।”

 লেগ্ৰীয়ে অলপ খংৰ ভাবেৰে ক'লে, “এৰা, কিনিছিলোঁ। এনে বেয়া অবাধ্য গোলাম মই আৰু দেখা নাই। সি কুকুৰৰ পুতেকটোয়ে এতিয়া মৰিবলৈ ওলাইছে। মৰে নে নাই কব নোৱাৰোঁ।”

 “সি ক’ত? মই তাৰ সৈতে দেখা কৰিব খোঁজো।” এই বুলি মনৰ দুখ আৰু খঙ্গেৰে জৰ্জে অনুমতি খুজিলে। খং বৰকৈ হৈছিল কিন্তু দমন কৰিলে।

 ঘোড়াৰ লাগাম ধৰি থকা মানুহটোৱে টমে থকা ঠাই দেখুৱাই দিলে।

 জৰ্জে আৰু একো নকৈ সেই ফালে খোজ ল'লে। গৈ দেখে যে, টম শুই আছে। শৰীৰত দুখ কি কষ্ট একোকে নাই কিয়নো কষ্ট অনুভব কৰিবৰ শক্তিও টমে এতিয়া হেৰুৱাইছে। এনে বলিষ্ঠ সঁজাৰ পৰা প্ৰাণ ইমান সোনকালে এৰি যাব নোখোজে, সেই দেখিয়েই এই দুইদিন একে ভাবে পৰি আছিল। তেওঁক এনে ভাবে পৰি থকা দেখি জৰ্জৰ [ ১২০ ] মুৰ ঘুৰাল। ক'লে, “ই সম্ভৱ নে, এনে কথা হব পাৰে নে? এই বুলি ওচৰত বহি ক'লে, “টম দদাই, টম দদাই, মোৰ বন্ধু।”

 এই মিঠা মাত টমৰ কাণত সোমাল। টমে লাহেকৈ মুৰটো জৰ্জৰ ফালে লৈ গৈ অলপ হাঁহিলে।

 “টম্ দদাই, উঠা, এবাৰ কথা কোৱাচোন্। তোমাৰ মাষ্টৰ জৰ্জ আহিছে, তোমাৰ নিজৰ মাষ্টৰ জৰ্জ। মোক চিনি পোৱা নাই নে?”

 আচৰিত হৈ ক'লে, “মাষ্টৰ জৰ্জ! মাষ্টৰ জৰ্জ।” এই বুলি অলপ পৰ তলকা মাৰি ভাবিলে, চালে, চাই ক'লে, “ধন্য ভগবান! হয়, হয়, হয়, মই যি বিচাৰিছিলোঁ তাকে পালোঁ। তেওঁলোকে মোক পাহৰা নাই। তেনেহলে মোৰ কি আনন্দ। মই এতিয়া সুখেৰে মৰিম। ধন্য ভগবান, ধন্য ভগবান।”

 জৰ্জে কলে,“তুমি নমৰা, তোমাক মৰিবলৈ নিদিওঁ আমি। তোমাক ঘৰলৈ লৈ যাবলৈ আহিছোঁ টম দদাই ”

 “মাষ্টৰ জৰ্জ, এতিয়া আৰু নোৱাৰোঁ। বহুত পাছত আহিলা তুমি। এতিয়া আৰু সময় নাই। প্ৰভুয়ে মোক কিনিছে, আৰু মোক নিজা ঘৰলৈ লৈ যাবলৈ ওলাইছে। মই যাবলৈ ৰং মনেৰে বাট চাই আছোঁ, মাষ্টৰ জৰ্জ।”

 জৰ্জক দেখি যি আনন্দ হৈছিল, এতিয়া সেই আনন্দ কমি আহিল। টমৰ বল লাহে লাহে কমি আহিল। [ ১২১ ] “খ্ৰীষ্টৰ প্ৰেমৰ পৰা দূৰৈত আমাক কোনে ৰাখিব পাৰে?” এই বুলি মিঠা হাঁহি এটি মুখত লৈ চকু মুদিলে।

 জৰ্জে এই দৃশ্য দেখি অলপ পৰ নিস্তব্ধভাবে সংসাৰৰ অনিত্যতাৰ কথা ভাবি বহি থাকিল। অলপ পৰ থাকি টমৰ গাত নিজৰ “ক্লোক”টো পেলাই দিলে। ভাবিলে সজ্‌ খ্ৰীষ্টিয়ান হোৱা কি সুখৰ কথা।”

 নীগ্ৰোবিলাকক ক'লে, “বোপাইহঁত, আমি এওঁক মোৰ ৱেগনলৈ লৈ যাওঁ বল। মইও তহঁতৰ লগত এওঁক তোলোঁ। এডাল কোৰো আনিবি, বোপাইহঁত দেই।” এটাই কোৰ আনিলে। জৰ্জ আৰু দুটা নীগ্ৰোই লাহে লাহে সসম্ভ্ৰমে টমক, গাড়ীত তুলিলে গৈ। বাগিচাৰ বাহিৰে গছৰ ছাঁ থকা এডোখৰ ওখ ঠাইত টমক কবৰ দিয়া হল। এজনে শুধিছিল, “মাষ্টৰ আপোনাৰ “ক্লোক”টো তুলি লওঁ।” তেওঁ ক'লে, “নেলাগে, নেলাগে, মোৰ বন্ধুক আৰু মই একোকে দিব নোৱাৰোঁ, এই বস্তুটো তেওঁৰ লগতে যাব দিয়া।”


 জৰ্জে সেই পবিত্ৰ ঠাইৰ ওচৰত আঠু কাঢ়ি ভগবানক এই বুলি প্ৰাৰ্থনা কৰিলে “শুনা, অনন্তনাথ, শুনা পৰমেশ্বৰ তোমাক সাক্ষী কৰি আজি মই প্ৰতিজ্ঞা কৰিলোঁ যে, মই মোৰ শক্তি অনুসাৰে মোৰ জন্মভূমিৰ পৰা দাসত্ব প্ৰথা উঠাই দিবলৈ যত্নবান হম। ভগবান, সহায় হোৱা।”


 আমাৰ বন্ধু টমৰ শেষ আবাসভূমিত “এই ডোখৰ টমৰ শেষ আবাসভূমি” বুলি কোনো চিন কি এনে কোনো কথা [ ১২২ ] লেখা নাই কিন্তু টমৰ প্ৰভুয়ে জানে তেওঁৰ প্ৰিয় টম কত আৰু নিৰ্দ্দিষ্ট সময়ত টমক সেই ঠাইৰ পৰা তেওঁ মাতি লৈ যাব।