দদাইৰ পজা/ষষ্ঠ অধ্যায়

ৱিকিউৎসৰ পৰা

[ ৭৪ ]  গাড়ী গৈ আছে, গৈ আছে। জৰ্জৰ কাণ, চকু, মন সেই এক ফালে, যি ফালৰ পৰা বিপদৰ সম্ভৱ। ৰাতি তিনিমান বজাৰ সময়ত জৰ্জে ঘোড়াই দোঁড়ি অহাৰ শবদ শুনিলে। ফিনিএসক সেই বিষয়ে জনোৱাত তেওঁ গাড়ীখন ৰখালে। ক’লে, “সেইয়া নিশ্চয় মাইকেল, তাৰ ঘোড়া চেকুৰুৱাৰ শবদ শুনিয়েই মই গম পাইছোঁ।”

 আটায়ে বাট চাই আছে। অলপ পৰ পাছত মাইকেল ঘোড়া চেকুৰাই সেই খিনি পালেহি। মাইকেলৰ ঘোড়া চেকুৰুৱাৰ কি ক্ষমতা, কি দৃঢ়তা। মাইকেলৰ দৰে বন্ধু থাকিলে, ফিনিএসৰ দৰে সাৰথী থাকিলে বিপদক আগ বাঢ়ি বৰণ কৰিবলৈ মন যায়। জগত-কবি ৰবীন্দ্ৰনাথ ঠাকুৰে কি কৈছে—“বিপদে মোৰে ৰক্ষা কৰ এ নহে মোৰ প্ৰাৰ্থনা, বিপদে যেন না কৰি কোন ভয়”। অতি সুন্দৰ কথা। মাইকেল, ফিনিএস আৰু এনে আন মানুহ লগত থাকিলে বিপদ হয়তো বা সম্পদেই হব পাৰে।

 মাইকেলে কলে, “ফিনিএস তই নে?”

 “হয় কি বাতৰি ভাই? সিহঁত আহিছে নে কি?”

 “আঠটা কি দহটা পাছে পাছে অহিছে—ভোকত—মৰা বাঘৰ দৰে আহিছে।”
[ ৭৫ ]  সিহঁতে ঘোড়া চেকুৰাই মানুহ অহাৰ শবদ পালে।

 গাড়ী আকৌ চলাবলৈ ধৰিলে। বৰফে ঢকা বাটে দি গাড়ী উড়ি যোৱাৰ দৰে যাব ধৰিলে। ফিনিএসে ঘোড়া দৌড়াই লগে লগে গৈ আছে। শত্ৰুৰ ঘোড়া মুহুৰ্ত্তে মুহুৰ্ত্তে ওচৰ চাপি আহিছে।

 গাড়ী গৈ গৈ ফিনিএসৰ আগৰ চিনাকী এখন ঠাই পালে গৈ। সেই তাহানিখন যেতিয়া ফিনিএস্ বন-বীৰ আছিল, তেতিয়াৰ চিনাকী ঠাই। ফিনিএসে গাড়ীৰ আৰোহীবিলাকক নামিবলৈ কৈ কলে, “তহঁত নামি দৌড় মাৰ। যিমান পাৰ দৌড়। মাইকেলক ক’লে, “তই এমেৰাইয়াৰ ঘৰলৈ দৌড়ি যা। তাক মাতি আনিবি আৰু তাৰ কেটামান “ল’ৰাকো” লগত আনিবলৈ কবি আৰু কবি কিয় মাতিছোঁ। আমাক খেদি অহা মানুহৰ সৈতে সিহঁতে “কে আষাৰমান কথা” কৈ যাওক হি।”

 হেৰিক কোলাত লৈ ফিনিএসে নিৰাপদীয়া ঠাইত থ’লে গৈ। সেই ঠাইডোখৰ শিলেৰে ভৰা। ভগবানৰ ইচ্ছাত শিলবোৰৰ পাছত আশ্ৰয় লৈ সিহঁতে যুজিব পাৰিব, সেই দেখিহে ফিনিএসে সেই ঠাইলৈ ইমান বেগাবেগিকৈ গৈছিল। মোৰ আসামত বিশেষকৈ গুৱাহাটীত তেনে শিলেৰে ভৰা ঠাই বহুতো আছে। সেই তেনে কেতবোৰ শিল-খণ্ডৰ আশ্ৰয় লৈ এই মুক্তিপ্ৰয়াসী মানুহবিলাক আৰু সিহঁতৰ বন্ধু সকল শত্ৰুৰ নিমিত্তে বাট চাই থাকিল।
[ ৭৬ ]
 

 ফিনিএসে ক’লে, “ভাল হ’ল। আমি এই খিনি পালোঁহি। সিহঁত যদি এই খিনিলৈ আহে, এজন এজনকৈ আহিব লাগিব। চাওঁ কোন আগ বাঢ়ি আহে।” এবাৰ আমি বালিভাত খাবলৈ (এবাৰ নহয় ১৯২২ খৃষ্টাব্দত তিনিবাৰমান) গৈছিলোঁ। সেই তাতে দেখিলোঁ যে, এডোখৰ ঠাইত (“single file”) একোজন একোজনকৈহে মানুহ যোৱা-অহা কৰিব পাৰে। সেই তেনে এডোখৰ ঠাইত আমাৰ পলাতক সকলে আশ্ৰয় ললে। মুনিহহঁতৰ হাতত একোটি একোটি বন্দুক। তিৰুতা দুজনী আৰু লৰাটী এই মানুহ কেজনৰ পাছত। আমাৰ বন্ধু কেজন নিৰাশা বুকুত লৈ হাতত বন্দুক লৈ শত্ৰু সকলক অভ্যৰ্থনা কৰিবলৈ প্ৰস্তুত।

 ফিনিএসে শুধিলে, “বইজ, (এই বইজ, Boys কথাৰ মানে লৰা সকল, বন্ধু সকল, লগৰীয়া বা সহচৰ সকল হয়)।

 তহঁতৰ হাতত বন্দুক আছে নে?”

 শত্ৰুপক্ষৰ মানুহৰ ভিতৰৰ দুজন গোলাম ধৰা ব্যৱসায় কৰা মানুহ আছিল। সিহঁতৰ নাম টম্‌লোকাৰ, আৰু মাৰ্কস্। এই দুটা হেলিৰ মানুহ। হেৰিক ধৰি লৈ যাবৰ নিমিত্তে ইহঁতক কামত ভৰ্ত্তি কৰা হৈছিল। লগত দুটা কনিষ্ঠবলো আছিল। আৰু আছিল কোন? এটুপি ফটিকা পালেই যি কোনো কাম কৰা মানুহ—এনে মানুহ বহুতো আছিল।

 জৰ্জে থিয় হৈ উঠি সিহঁতক, ধীৰ আৰু শান্তভাবে ক’লে, “জেণ্টেলম্যান” (এই জেণ্টেলম্যানৰ অৰ্থ ভদ্ৰলোকো
[ ৭৭ ]
 

নহয়, ভাল মানুহ নহয়, সভাসদজনো নহয়; কেতবোৰ মানুহ একে লগে থাকিলে এনে এটা সম্ভম বাক্য প্ৰয়োগ কৰিব লাগে। সেই দেখিয়েই জৰ্জে “জেন্টেলম্যান” বুলি সিহঁতক সম্বোধন কৰিছিল। নহ’লে ইহঁত ক’ৰ “জেন্টেলম্যান”?) আপোনা সকল কোন? “আপোনা সকল ইয়ালৈ কিয় আহিছে? আপোনা সকলক কি লাগে?”

 টম্ লোকাৰ বোলা মানুহটোৱে কলে, “আমি কেটামান পলাই অহা নিগাৰ মানুহক বিচাৰি আহিছোঁ। জৰ্জ হেৰিস, ইলাইজা হেৰিস, আৰ তেহেঁতৰ লৰাক বিচাৰি আহিছোঁ। জিম্ স্বেলডেন বুলি মানুহ এটা আৰু এজনী বুঢ়ীকো লাগে। আমাৰ লগত কনিষ্টবল, ৱাৰেণ্ট সকলো ঠিকঠাক আছে। আমি সিহঁতক ধৰি লৈ যামেই যাম। তইয়েই জৰ্জ হেৰিস্ নহৱ নে, কেনটাকিৰ শ্বেলবি কাউণ্টিৰ মিঃ হেৰিস্‌ৰ গোলাম?

 “মই জৰ্জ হেৰিস্ হওঁ, সঁচা। কেণ্টাকিৰ মিঃ হেৰিস্ বুলি এজন মানুহে কিছু দিন আগেয়ে মোক তেওঁৰ সম্পত্তি বুলি কৈছিল। কিন্তু মই এতিয়া মুক্ত, স্বাধীন। মোৰ লৰা আৰু তিৰুতাক মই নিজৰ বুলি এতিয়া ডাঠকৈ কব পাৰেঁ। জিম্ আৰু তাৰ মাকো ইয়াত আছে। আৰু এটা কথা কওঁ শুনা—

আমাৰ হাতত বন্দুকগুলি আছে। আমি সহজে ধৰা নিদিম। তোমালোকে আমাক ধৰিব আহিব খুজিলে আহিব পাৰা, কিন্তু এই কথা থিৰাংকৈ জানি লোৱা, তোমালোকৰ যিজনেই প্ৰথমে
[ ৭৮ ]
 

আগবাঢ়ি আহিব তেওঁক গুলিয়াই মাৰিম, আৰু তেওঁক পাছত যিজন আহিব, তেওঁৰো সেই দশা হ’ব। তৃতীয় জনাৰো তাকে হ’ব। তোমালোকৰ এজনকো শুদাই নেৰোঁ। এই কথা ফেৰি জানি আহিব খুজিলে আহিব পাৰা ”

 জৰ্জৰ মাত আৰু অঙ্গিভঙ্গি দেখি সেই মানুহবোৰ অলপ পৰ তধা লাগি চাই থাকিল। মাৰ্কসৰ মন কিন্তু একণকে নটলিল। সি এই সুযোগ পাই জৰ্জৰ ফালে লক্ষ্য কৰি গুলি মাৰিলে। মাৰিয়েই কলে, “মনত নাই নে? তাক মাৰিব পাৰিলেই আমি বক্সিশ্ পাম।” ভগবানৰ ইচ্ছাত গুলি মৰা দেখিয়েই জৰ্জে পাছ হুঁহকি গল। গুলি জৰ্জৰ মূৰৰ চুলিৰ ওচৰৰে গ’ল। ইলাইজাই চিঁয়ৰ এটা মাৰিলে। জৰ্জে বেগাবেগিকৈ ইলাইজাৰ ওচৰলৈ গৈ কলে, “একোকে হোৱা নাই ইলাইজা, ভয় নেখাবা।”

 ফিনিত্ৰসে কলে, “বক্তৃতা দিবলৈ আৰু সিহঁতৰ আগত তোৰ আৰু থিয় হ’ব নেলাগে। সিহঁত “ছোট লোক”।

 জৰ্জে কলে, “জিম্‌ভাই, তই তোৰ বন্দুক লৈ তৈয়াৰ হৈ থাক্। সিহঁতৰ ফালে চাই থাক্। প্ৰথম মানুহটো ওলালেই মই গুলিয়াম, দ্বিতীয়টো ওলালেই তই গুলিয়াবি।”

 “তই যদি মাৰিব নোৱাৰ।”

 “মই মাৰিমেই” এনে কথা শুনি ফিনিএসৰ বৰ আনন্দ হ’ল।

 মাৰ্কে গুলি মৰাৰ পাছত সেই মানুহ কেটাই কি কৰিব [ ৭৯ ] কি নকৰিব অলপ থেৰোগেৰোত পৰিল। তাৰে এজনে কলে, “কাৰোবাৰ গাত গুলি লাগিল বোধকৰোঁ কোনোবাই চিয়ঁৰা যেন শুনিলোঁ।

 টমে কলে, “মই যাওঁ আগ বাঢ়ি! মই নিগাৰহঁতক কেতিয়াও ভয় কৰা নাই এতিয়াও নকৰোঁ। মই এতিয়াই যাওঁ। মোৰ পাছত কোন আহিবি আহি থাক।” এই বুলি টম্ আগ বাঢ়িল। জৰ্জে এই কথাষাৰ শুনিয়েই বন্দুক ঠিক কৰি ৰাখিলে। জৰ্জহঁত থকা ঠাইডোখৰ আন মানুহবোৰ থকা ঠাইৰকৈ ওখ আছিল। টমে শিলবোৰৰ ওপৰলৈ এটা-দুটাকৈ উঠি আহিল। তাৰ পাছত সেই আটাইতকৈ দলৰ সাহীয়াল মানুহ এটা টমৰ পাছে পাছে আহিল। তাৰ পাছত গোটাই মানুহ কেটা ঠেলাহেচা কৰি আগ বাঢ়ি আহিল। আগ বাঢ়ি আছে ইপিনে আমাৰ বন্ধু সকলেও প্ৰস্তুত হৈ আছে। টমৰ ডাঙ্গৰ দীঘল গা ওলোৱাতে দিলে জৰ্জে এটা গুলি মাৰি। গুলি লাগিল গাৰ একাষে। টমৰ গাত গুলি লগা সত্তেও সি নপলাল, সি আগ বাঢ়ি আহিল। জৰ্জহঁত থকা শিলবোৰত উঠে আৰু, এনেতে ফিনিএসে আগ বাঢ়ি আহি বাটভেটা দি তাক ঠেলা মাৰি দি কলে,“বন্ধু, তোৰ এই ঠাইত একোকে কাম নাই।” ঠেলা খাই টম্ পৰিল তিৰিশ্ ফীট তলত। টমৰ সৌভাগ্য গছগছনি থকাৰ নিমিত্তে তিৰিশ্ ফীট একে লগেই একেবাৰতে নপৰিল। তেনেহলে একেবাৰেই টমৰ ফালে আধ্যাই হ’ল হয়। [ ৮০ ]
 
টম্ পৰা দেখিয়েই মাৰ্কস পলাই যাবৰ উদ্যোগ কৰি আন মানুহহঁতক কলে, “এই ল’ৰাহঁত, তহঁত যা টমক চাগৈ, মই ঘোড়া চেকুৰাই গৈ আৰু মানুহ দুনুহ-আনোঁ গৈ। “এই বুলি আন মানুহহঁতৰ ইতিকিং তাচ্ছিল্য আওকাণ কৰি ঘোড়াত উঠি চাবুক মাৰি দিলে তৰানৰা চিগা চেকুৰাই৷

 হাবি বননিৰ ভিতৰে দি গৈ সেই মানুহ কেটা টমৰ ওচৰ পালেগৈ। শ্বিলঙ্গৰ বাট দেখিছা নহয়—প্ৰায় তেনে।

 টমক ডাঙ্গি সিহঁতে ঘোড়া বাট চাই থকা ঠাইলৈ (বহুত বাৰ জিৰণি পোৱাৰ পাছত) কোনো মত প্ৰকাৰে লৈ গ’ল। টমে কলে, “বোপাইহঁত মোক কোনো ৰকমে দুমাইল বাট সেই হোটেলটোলৈ লৈ ব’ল।”

 টমক ঘোড়াত উঠাবলৈ দুই তিনি বাৰ সিহঁতে চেষ্টা কৰিলে। সি জিনত বহিবকে নোৱাৰিলে। জিনৰ পৰা পৰি গ’ল। ইলাইজাই টম্ পৰা দেখি ক’লে, “আইঔ দেহি, সেই মানুহটো মৰিল হেন পাঁও।”

 “ভাল হ’ল” ফিনিএসে কলে, “যেনে কাম তেনে ফল ভুগিছে। ইস্, সিহঁতে দেখোন্ তাক এৰি যায়।”

 সেই মানুহবোৰে কিছু পৰ পৰামৰ্শ কৰি অলপ হেহোঁ নেহোঁ কৰি তাৰ ফালে চাই সকলো কেটাই ঘোড়াত উঠি পলাই গ’ল।

 সিহঁত কিছু দূৰলৈ যোৱাৰ পাছত ফিনিএসে কলে,
[ ৮১ ] “এতিয়া আমাৰ খোজ ল’ব লাগিল আৰু।” অলপ মান বাট যোৱাৰ পাছতে তেওঁলোকৰে ৱেগনখন উভতি অহা দেখিলে। লগত কেজনমান অশ্বাৰোহী “ভালেই হ’ল, মাইকেল, ষ্টীভেন আৰু এমাইয়া আহি পালেহি। এতিয়া আমাৰপাব লগীয়া ঠাই পোৱাৰ দৰেই হ'ল আৰু। আৰু একোকেই ভয় নাই।”

 “যদি সেয়ে কথা, আমি তেনেহলে অলপ পৰ ৰৈ সেই মানুহটোক অলপ সহায় কৰোঁ গৈ।” এই কথাষাৰ কোনে ক’লে জানানে? ইলাইজাই। যি ইলাইজাক ধৰি লৈ গৈ আকৌ গোলাম কৰিবৰ নিমিত্তে যি মানুহটোৱে লৈ যাব ধৰিছিল, সেই মানুহটোৰ জীৱন ৰক্ষাৰ নিমিত্তে সেই ইলাইজাৰে প্ৰাণ কান্দিছিল। চোৱাচোন তিৰুতাৰ কেনে কোমল প্ৰাণ। তোমালোকে সকলো সময়তে তিৰুতাক ভক্তি-শ্ৰদ্ধা কৰিবা।

 জৰ্জেও ক'লে, “এৰা, এনে কাম কৰাইয়ে তো আমাৰ সকলো খ্ৰীষ্টানেৰে কৰ্ত্তব্য।” চোৱা, এই নীগ্ৰো জাতিৰ কি মহত্ত্ব। সিহঁত গোলাম হব পাৰে কিন্তু সিহঁতৰ মন মহৎ। আমি “ডাঙ্গৰ মানুহ” বুলি কাক কওঁ? যাৰ টকা আছে, যাৰ ক্ষমতা আছে, আমি তেনে মানুহকেই ডাঙ্গৰ মানুহ বুলি কওঁ। কিন্তু প্ৰকৃত ডাঙ্গৰ মানুহ হৈছে যাৰ মন ডাঙ্গৰ। যি আনৰ নিমিত্তে ভাবে। যি দুখীয়াক মৰম কৰে। যি মানুহে আনৰ কোনো দুখ দেখিলে সেই দুখৰ লাঘৱ কৰে, [ ৮২ ] সেইবিলাক মানুহেই হে ডাঙ্গৰ মানুহ। জৰ্জ আৰু ইলাই- জাই ডাঙ্গৰ মানুহৰ বিশেষত্ব বুজাই আজি জগতক ধন্য কৰিলে। চোৱা, এই মানুহটোৱেই সিহঁতক ধৰিবলৈ আহিছিল নহল!

 তেতিয়া ফিনি এসে ক'লে “হয় আমাৰ কুয়েকাৰ সকলৰ তালৈ লৈ গৈ তাক আমি নিৰাময় কৰোঁগৈ ব’লা। হা হা ভাল কথা। বাৰু মোৰ কোনো আপত্তি নাই।” এই বুলি সেই মানুহটোৰ ওচৰলৈ গ'ল। গৈ ক'লে, “চাঁওচোন্‌ বাৰু, ইয়াৰ কি হৈছে।” ( ফিনিএসে অলপ ডাক্তৰী বিদ্যা জানে দেই। ডাক্তৰ বিলাকে ভাবে যে, তেওঁলোকেই হে সৰ্ব্ব আৰোগ্য বিদ্যাত পাৰ্গত। হে ভগবান, তুমি যেতিয়া বেমাৰীক ভাল কৰিবলৈ ইচ্ছা নকৰা ডাক্তৰবিলাকে বিদ্যাৰ বোজা লৈ আৰু আন মানুহৰ পৰা টকাৰ গধুৰ মোনা লৈ বেমাৰীক কেতিয়া, কোন সময়ত ভাল কৰিছে কোৱাচোন। কিন্তু আন মানুহে পঢ়ি শুনি, ডাক্তৰী পৰীক্ষাত উত্তীৰ্ণ নহৈ, যদি কেতিয়াবা কোনো ৰোগীক সেৱা-শুশ্ৰুষা কৰি, পথ্যৰ ব্যৱস্থা কৰে, তেতিয়া ডাক্তৰৰ খং দেখিছা নহয়। সেই বোৰ ডাক্তৰ ক্ষমাৰ পাত্ৰ )। ফিনিএসে অলপ চাই চিন্তি দেখিলে যে, তাৰ তিমান একো বেয়া অৱস্থা হোৱা নাই। জঙ্গলত থকাৰ সময়ত বাধ্য হৈ ফিনিএস ডাক্তৰী বিদ্যা জানিব লগীয়া হৈছিল। টমে ক'লে, মাৰ্কস্, তই আহিছ নে কি? [ ৮৩ ]  বিনিয়োগত ফিনিয়েসে কলে, “এই শুন, মই মাৰ্কস্ নহওঁ, বন্ধু। মাৰ্কসে যে তোক কিমান মৰম কৰে জানিলোঁ। সি তাৰ নিজৰ জীৱটো লৈ পলাই গৈছে, জাননে? সি যোৱা বহুত পৰ হল।”

 টমে ক'লে “কুকুৰটোৱে মই মৰিম বুলি জানি অকলৈ মোক এৰি গ'ল। মোৰ ফালে আধ্যা হ’ল।”

 “লাহে লাহে বন্ধু, মুখ বেকেটাবেকেটি নকৰিবি। তোৰ তেজ ওলোৱা যদি বন্ধ নকৰোঁ তোৰ জীৱনৰ আশা নাই।” এই বুলি সকলোৰে উৰ্ম্মাল গোটাই ডাক্তাৰী “ব্যাণ্ডেজ” সুন্দৰৰূপে বান্ধি দিলে।

 “তুমিয়েই মোক এই খিনিলৈ ঠেলা মাৰি পেলাই দিছিলা নহয়?”

 “তোমাক এনেকৈ পেলাই নিদিয়াহেতেন, তুমি আমাকে পেলাই দিলাহেতেন নহয়। কিন্তু এতিয়া মিত্ৰভাবে হে আমি ইয়ালৈ আহিছোঁ। শত্ৰুভাবে নহয়। তোমাক আমি এতিয়াই এঠাইলৈ লৈ যাম। সেই ঠাইৰ মানুহ সকলে তোমাক সুন্দৰ ভাবে সেৱা-যত্ন কৰিব। তোমাৰ মাৰাই যেনে পতি কৰিলে হয় তেওঁ লোকেও তোমাৰ মাৰাৰ দৰেই পতি আতি কৰিব।”

 টমক চাৰিজন মানুহে অতিকষ্টেৰে ৱেগনত তুলিলে। ৱেগনত তোলাৰ আগৈয়েই টম্ মুচ্‌কুচ্‌ গ'ল। বুঢ়ীয়ে টমৰ মুৰ কোলাত অতি যতনকৈ ল'লে। ৱেগন চলোৱা হ’ল। [ ৮৪ ]  জৰ্জে ফিনিএসক শুধিলে, “বেমাৰীৰ কেনে অবস্থা দেখিছা?”

 “অৱস্থা একো বেয়া নহয়। বহুত পৰ ব্যাণ্ডেজ নকৰাৰ বাবে তেজ গৈ মানুহটোৰ শৰীৰ দুৰ্ব্বল হৈছে তাৰ লগতে তাৰ মনৰো সাহ গৈছে। নেদেখিছা। গুলিয়ে জখম বেছি কৰিব নোৱাৰিলে। কৰাহেতেন তেতিয়াই গ'ল হয়। কিছু দিনৰ পাছত ভাল হব, একো ভয় নাই। ইয়াৰ দ্বাৰাই আশা কৰোঁ তাৰ অলপ শিক্ষা হ'ব।”

 জৰ্জে ক'লে “মই এই কথা শুনি সঁচাই বৰ ৰং পালোঁ। মই তাৰ মৃত্যুৰ কাৰণ হোৱা হ'লে চিৰজীৱন দুখ পালো হয়।"

 “এৰা, বধ কৰা কামটো ভয়ানক। মানুহকে মৰা হয়, কি কোনো জন্তুকে মৰা হয়, দুয়ো একে বেয়া কাম।”

 “এতিয়া তাৰ কি ব্যৱস্থা হব তেনেহলে?”

 “এমেৰায়াৰ তালৈ লৈ যাম। তাত বুঢ়ী আই ষ্টীভেন্স আছে। তেওঁ সাক্ষাৎ দেবী। বেমাৰীক এনে সুন্দৰে সেৱা কৰে। আটায়ে তেওঁক ডৰ্কাস্ (Dorcas) বুলি মাতে। পোন্ধৰ দিনমান বুঢ়ী আইৰ যতন পালে ই ভাল হব।”

 এঘণ্টামানৰ পাছত আমাৰ বন্ধু সকল গৈ অতি পৰিষ্কাৰ ঘৰ এটাত নামিল গৈ। টম লোকাৰক তেতিয়াই চাফ বিছনা থকা এটা খোটালীলৈ লৈ যোৱা হ’ল। তাক যত্নেৰে শুৱাই, আকৌ বেণ্ডেজ বান্ধি দিয়া হল। এনে বিছনাত সি তাৰ ওপজা সময়ৰে পৰা কেতিয়াও শোৱা নাই। [ ৮৫ ]  আমাৰ ভাগৰ লাগি অহা বন্ধু সকলক ঘৰৰ গৰাকী সকলে সুন্দৰৰূপে ভোজন কৰালে। এই সকল দয়াবান অতিথিবৎসল মানুহ।