দদাইৰ পজা/দ্বিতীয় অধ্যায়

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

[ ১৬ ]  ইলাইজাক সৰুৰে পৰা আইয়েক মৰম কৰিছিল। ইলাইজা আইয়েকৰ নিজৰ সম্পত্তি। সেই দেখি জৰ্জ [ ১৭ ] হেৰিস্ বুলি এটি মিউলাটো (Mulatto) লৰাৰ লগত তেওঁ তাইৰ বিয়া দিয়াইছিল। এই জৰ্জ্জ হেৰিস্ ওচৰৰে এখন “জমিদাৰীৰ” গোলাম। জৰ্জ চোকা আৰু কৰ্ম্মদক্ষ লৰা।

 এই জৰ্জৰ গৰাকীয়ে আকৌ নিজে জৰ্জক নাৰাখি আন এজন মানুহক জৰ্জক গতাই দিছিল। জৰ্জে সেই ঠাইত কাম কৰিছিল আৰু গৰাকীটিয়ে জৰ্জৰ কামৰ মূল্য পাইছিল, এই যেনেকৈ এতিয়া আমি ঘোড়া, গাড়ী, ঘৰ কেৰেয়াত দিওঁ সেই তেনে দৰে। আগেয়েই কৈছোঁ জৰ্জ চোকা লৰা। তাৰ চোকা বুদ্ধিৰ চিনাকী দিছিল এটী নতুন জৰি পকোৱাৰ কল সৃষ্টি কৰি। এই কথা যেতিয়াই জৰ্জৰ গৰাকীয়ে শুনিলে সি বেগাবেগিকৈ সেই ঠাইলৈ গৈ জৰ্জক চাব খুজিলে। তাক দেখিয়েই সেই ঠাইৰ আটাই মানুহৰ আনন্দ হল। বিশেষ যি জনক জৰ্জক গতাই দিয়া হৈছিল তেওঁও আনন্দ প্ৰকাশ কৰি অভ্যৰ্থনা কৰি ক’লে, “মিষ্টৰ হেৰিস্ আপোনাক আমি আটায়ে অভিবাদন কৰোঁ। আপুনি যে এনে এটি ৰতন পাইছে সেই নিমিত্তে আমি আটায়ে সুখী।” সকলোৱেই জৰ্জক ভাল পাইছিল। কিন্তু যেতিয়া এই মানুহ সকলে জৰ্জর গৰাকীৰ আগমনৰ কাৰণ শুনিলে সকলোৱে স্তম্ভিত হল।

 সি ক’লে, “মোক জৰ্জৰ দৰমহা খিনি দিয়া, এতিয়াই দিয়া। মই তাকলৈ যাওঁ।”
[ ১৮ ]  কাৰখানাৰ গৰাকীয়ে কলে, “মিঃ হেৰিস্ একো বা বাতৰি নাই, কথা বতৰা নাই, এনেকৈ তাক কিয় লৈ যায়?

 “বা বাতৰি? সি মোৰ নিজৰ সম্পত্তি নহয় নে? সেই মানুহটো মোৰ নহয় জানোঁ? মোৰ মানুহ। মোৰ বস্তু। মোৰ যেতিয়াই ইচ্ছা তাক কেৰেয়াত দিম আৰু যেতিয়াই মন যায় তাক লৈ যাম। ইয়াত কি কথা আছে?”

 “আমি তাৰ দৰমহা অৰু বঢ়াই দিম। বহুত টকা আপুনি পাব। তাক ইয়াতে থাকিবলৈ দিয়ক”

 সেই কথাত সম্মত নহৈ জৰ্জক হেৰিসে লৈ গ’ল। আৰু লৈ গৈ তল খাপৰ অতি হীন কামত লগাই দিলে।

 এই কাৰখানাত কাম কৰাৰ সময়তে জৰ্জে মিসেস্ শ্বেলবিৰ মৰমৰ লিগিৰি ইলাইজাক বিয়া কৰায়। মিসেস্ শ্বেলবিৰ উল্লাস দেখে কোনে? মৰমৰ লিগিৰিৰ বিয়া। তেওঁ দেখিলে জৰ্জ ভাল লৰা আৰু ইলাইজাও ভাল ছোৱালী। কোন তিৰুতাই বিয়াত ৰং নেপায়?

 কাৰখানাত কাম কৰোঁতে জৰ্জে ভাল কিতাপ পঢ়িছিল। আৰু সকলো ঠাইলৈকে (গোলাম হলেও) যাব পাৰিছিল। আমেৰিকাৰ গোলামৰ বিষয়ে মোৰ আসামৰ মানুহে বোধ কৰোঁ ভালকৈ নেজানে। এনে অধিকাৰ সকলো গোলামৰ ভাগ্যত নঘটে।

 কিন্তু এতিয়া? এতিয়া জৰ্জৰ সকলো এন্ধাৰ। কলৈকো [ ১৯ ] … জৰ্জে ইলাহজাৰ সেতে দেখা কৰিবলৈ আহিল। সেই দিনা ইলাইজা বাৰাণ্ডাত থিয় হৈ বহুতো কথা ভাবিছে, আইয়েক নাই, আইয়েক কৰবালৈ ওলাই গৈছে। বাৰাণ্ডাত থিয় হৈ আছে এনেতে ইলাইজাই কাৰোবাৰ হাত তেওঁৰ গাত অনুভব কৰিলে। চাই দেখিলে জৰ্জ।

 “জৰ্জ, তুমি নে? মই ভয় খাই গৈছিলোঁ। আই ঘৰত নাই। আহাঁ মোৰ খোটালীলৈ আহা। আমি অলপ পৰ দুয়ো কথা পাতোঁ গৈ।”

 এই বুলি বাৰাণ্ডাৰ ওচৰৰে এটি খোটালিলৈ জৰ্জক লৈ গ’ল।

 “জৰ্জ, আজি তোমাক এনে দেখিছোঁ কিয়? তুমি নেহাঁহা, কথা নোকোৱা। আমাৰ হেৰিক নোচোৱা নে এবাৰ। সি কেনে ডাঙ্গৰ দীঘল হৈছে। এবাৰ চোৱাচোন্।”

 “ইলাইজা, ইলাইজা হেৰিৰ পৃথিবীলৈ নহা হলেই ভাল আছিল। আৰু মোৰো জনম নেহোৱা হলেই ভাল হ’ল হেতেন।”

 এই কথা শুনি গিৰীয়েকৰ কান্ধত পৰি ইলাইজাই হুক্ হুক্ কৰি কান্দিবলৈ ধৰিলে।
[ ২০ ] কাৰখানাৰ কাম গ’ল। আৰু তোমাৰ গৰাকীজন অতি বেয়া মানুহ। কিন্তু ধীৰ হোৱা জৰ্জ। ধৈৰ্য্য ধৰা।”

 “ধৈৰ্য্য! মই ধৈৰ্য্য ধৰা নাই নে? সি যেতিয়া মোক কাৰখানাৰ পৰা লৈ আহিল, মই কিবা কৈছিলোঁ নে? কিয় মোক সি লৈ আহিল? কাৰখানাত মোক সকলোৱেই ভাল পাইছিল। সেই দেখিয়েই নে? আৰু এতিয়া, এতিয়া সি মোক যে কি কাম কৰিবলৈ দিয়ে, ইলাইজা, মই তোমাক সেই বোৰ কথা নকঁওঁ। কিমান যে খটায়। আৰু মই ভালকৈ কাম কৰা দেখিলে সি আৰু সৰহ কাম কৰিবলৈ দিয়ে। ইলাইজা, মোৰ অসহ্য হৈছে। মই আৰু নোৱাৰোঁ। নোৱাৰোঁ কি মই আৰু একো কামকে নকৰোঁ।”

 দেহি ইলাইজ। গিৰীয়েকৰ এই কথা শুনি তাই কঁপিবলৈ ধৰিলে। জৰ্জে এনেকৈ আগৈয়ে তো কথা কোৱা নাছিল। ইয়াৰ মানে কি?

 “ইলাইজা, মই আৰু নোৱাৰা হলোঁ। যাওঁ গুড্ বাই, বিদায় দিয়া, ইলাইজা, মই যাওঁ।”

 “যাবা, ক’লৈ যাবা জৰ্জ?”

 “কলৈ যাম? কেনেডালৈ। তালৈ গৈ, ইলাইজা, মোৰ উন্নতি কৰি তোমাক আৰু পোনাকণক কিনি লম ইলাইজা। মই সেই কামৰ নিমিত্তে অলপ ঠিকঠাকো কৰিছোঁ। মই পলাই যাম। ভগবানে আকৌ আমাক লগ লগাব ইলাইজা। গুড্ বাই।”
[ ২১ ]  দুয়ো কিছু পৰ মনে মনে থাকি ভগবানক সূৰণ কৰি বিদায় ল’লে।

 আমাৰ দেশত যেনেকৈ চাকৰবিলাকে কয়, “মনিবৰ বাংলা” “হজুৰৰ বাংলা” যুক্তৰাজ্যত তেনেকৈ “মনিবৰ হাউস্” অথবা “হাউস্” কৈছিল। “হাউস্” যাক কয় তাৰ ওচৰতে টম্ দদাইৰ পজা। পজা বুলিলে আমি খেৰৰ ঘৰ বুজোঁ। কিন্তু এই ঘৰ কাঠৰ আছিল। তাক লগ্ ক্যাবিন (Log cabin) কয়। টমৰ ক্যাবিন (এই বাৰৰ পৰা পজা বুলি ক’ম দেই) সুৱনি আছিল আৰু সুন্দৰ ফল মূলৰ বাগিচাৰ সৰু বাৰি এডোখৰ ঘৰৰ আগতে আছিল। নীগ্ৰো গোলামৰ আদৰ্শ ঘৰ আৰু বাৰি টমৰ আছিল।

 গধূলি। ক্লো খুড়ীৰ ৰন্ধা-বঢ়া হ’ল। গিৰীয়েকক এতিয়া খুৱালেই হ’ল। গিৰীয়েকক খুৱাবলৈ ঠিকঠাক কৰিছে। চাফ খোটালী, চিকণ কাপোৰ কাণি।

 খোটালীৰ এফালে সুন্দৰভাবে সজাই পাৰি থোৱা বিছনা আৰু এই বিছনাৰ ওচৰতে তলত এখন ডাঙ্গৰ দলিচা পৰা। এই খিনিতে আন্ট্ ক্লো আহি থিয় দিলেহি। এই ডোখৰেই বিশেষ বহা ঠাই কি বৈঠকখানা, যাক ড্ৰয়িং ৰুম (ইংৰাজীত Drawing roon) কয়। সেই খোটালীৰ আৰু এফালে আৰু এখন বিছনা, সেই বিছনাত শোৱা হয়, আন খন বই মেলাৰ নিমিত্তে।

 এখন বেঞ্চিৰ ওপৰত দুটা নীগ্ৰো লৰা। সিহঁতৰ চুলি [ ২২ ] মেৰছাগলীৰ কলা লোমৰ দৰে। গাল দুখন ভৰা। চকু কলা, উজ্জ্বল। এই দুটা লৰাই এটী শিশুৰ প্ৰথম খোজ কঢ়াৰ “তদাৰক” কৰিছিল।

 জুহালৰ ওচৰত এখন মেজ। মেজৰ ওপৰত ধৌ-ধৌৱা বগা চাদৰ। তাৰ ওপৰত পিয়লা পিৰিচ্ আৰু খোৱা বোৱাৰ প্ৰয়োজনীয় আন আন বস্তু। এই মেজৰ ওচৰতে টম্ দদাই বহি ছিলঠত কিবা লেখি আছিল। টমৰ লেখা তেৰ বছৰীয়া, গৰাকীৰ লৰা, মাষ্টৰ জৰ্জে চাই আছিল। মাষ্টৰ জৰ্জে টমক কিবা শিকাইছিল।

 টম্ ডাঙ্গৰ দীঘল। টম্ শক্তিশালী, বলবান। টমৰ বুকু বহল। টমৰ মুখত দয়া, ধৰ্ম্মৰ ছাপ। দেখিলে বুদ্ধিমান আৰু কৰ্ম্মদক্ষ বুলি মনত হৈছিল। টম্ ভদ্ৰ, সৰল। চমুকৈ কবলৈ গলে টমৰ সকলো সজ গুণেই আছিল। টম মিঃ শ্বেলবিৰ সকলোতকৈ ভাল গোলাম।

 আন্ট্ ক্লোই অলপ পৰ থিয় হৈ সকলো ঠিকঠাক কৰি চাই লৰা দুটাক কলে, “মোজ্, পীট তহঁত এতিয়া ওলাই যা, পলি, সোণ, আই মোৰ তইও যা তোক এতিয়াই খাবলৈ দিম, সোণাই মোৰ। মাষ্টৰ জৰ্জ, বাপা, মেজৰ কিতাপবোৰ আঁতৰ কবা। তোমাক আৰু তোমাৰ আংকল টমক (Uncle Ton) এতিয়া খাবলৈ দিও। তোমালোক দুয়ো একে লগে খোৱা। এতিয়াই মই তোমাক স্বসেজ্ (Sausage) আৰু ভাল ভাল পিঠা আনি দিওঁ।”
[ ২৩ ]  মাষ্টৰ জৰ্জে কলে, “আন্ট্ ক্লো (Aunt Chloe), আজি মোৰ ঘৰত খাবৰ কথা আন্ট। কিন্তু মই জানো আন্ট্, ক’ত খালে ভাল বস্তু খাবলৈ পাম।

 “জানা তো বাপা, জানা তো মৌ (আমেৰিকাত বিশেষকৈ নীগ্ৰোৰ ভিতৰত মৰমৰ পাত্ৰ পাত্ৰীক “মৌ” Honey বুলি সম্বোধন কৰে।) তুমি জানা নহয়, তোমাৰ বুঢ়ী আন্টিৱে তোমালৈ অলপ চৰপ কিবা ৰাখিব, নহয় নে?

 তেৰ বছৰীয়া লৰাই যেনেকৈ খায় মাষ্টৰ জৰ্জে খালে। এনে খোৱাৰৰ অন্ত আছে। মাষ্টৰ জৰ্জে কলে, “আন্টি আৰু খাব নোৱাৰোঁ।” এই বুলি মোজ্ আৰু পীটক বহুত খাবলৈ বস্তু দি কলে, “হোঁ, মোজ্ পীট, ধৰ, খা। আন্ট্ ক্লো, মোজ আৰু পীটক আৰু নকৈ কেইখনমান গৰম পিঠা কৰি দিয়া।”

 তাৰ পাছত টম্ আৰু জৰ্জ জুহালৰ ওচৰত বহিল গৈ। আন্ট্ ক্লোই তেতিয়া বহি নিজেও খালে আৰু মোজ্, পীট্ আৰু পলিকো খুৱালে।

 লৰা-ছোৱালীহঁতক খুউৱা হ’লত আন্ট, ক্লোই সেই শোৱা বিছনাৰ তলৰ পৰা আৰু এখন সৰু বিছনা টানি আনি সিহঁতক শুৱাবলৈ বন্দবস্ত কৰা দেখি জৰ্জে কলে “আন্ট্ কি কৰিছা, সিহঁতো সভাত বহক। সভাখন কি চাওক। সিহঁতে এনে সভা চাবলৈ ভাল পায় মই জানোঁ।”

 আন্ট্ ক্লোই কলে, “বাৰু সিহঁত থাওক। এনে সভাত [ ২৪ ] বহিলে, এনে সভাৰ কথা শুনিলে সিহঁতর মঙ্গলেই হব। সিহঁত থাওক।”

 পাঠক, পাঠিকা, এই সভা কি জানা নে? সেই মঙ্গলময় কৰুণাময়ৰ উপাসনা। এই সভাত চাৰি কুড়ি বছৰীয়া বুঢ়া আছিল, বহুত ডেকা আছিল, গাভৰু আছিল। এই নীগ্ৰো গোলামবিলাকে এনেকৈ টমৰ কেবিনত ভগবানৰ সৈতে কথা পাতিছিল।

 সঙ্গীত, কীৰ্ত্তন ইত্যাদি হোৱাৰ পাছত টমে ঈশ্বৰর চৰণত বহুত কথা জনালে। কি সুন্দৰ ভাব। সৰু লৰাৰ সৰলতা আৰু বুঢ়াৰ গম্ভীৰ্য্যপূৰ্ণ প্ৰাৰ্থনাৰে সকলোৰে মন টমে আৰ্দ্ৰ কৰিলে। টম্ ধৰ্ম্মপৰায়ণ ধৰ্ম্মভীৰু আছিল আৰু টমৰ সকলো আত্মীয়-স্বজন আৰু আন আন গোলাম বন্ধুবিলাকো ধৰ্ম্মপৰায়ণ আছিল। মাষ্টৰ জৰ্জেও এনেবোৰ সভাত যোগ দিছিল। টমৰ গুণৰ নিমিত্তে গোলামৰ ভিতৰৰ বহুতে বেয়া বাট এৰি ভাল বাট লৈছিল। ধন্য টম্।

 ইপিনে মিঃ শ্বেলবি আৰু হেলিয়ে কথা-বতৰা পাতি শ্বেলবিৰ ঘৰত আছে। অলপ পৰ পাছত হেলিয়ে কলে, “আমাৰ সকলো ঠিক হ’ল তো।”

 “শ্বেলবিয়ে কলে, “হ’ল ” কাগজ পত্ৰৰ বিনিময় হ’ল। হেলি গুছি গ’ল।

 শ্বেলবিয়ে অলপ পৰ বহি দুখিত মনেৰে এটা চুৰঠ খাবলৈ ধৰিলে।
[ ২৫ ] ভগবানৰ সৈতে কথা কোৱা হৈ গল। ঘৰৰ ফালে কোনোবা অহাৰ শবদ শুনাত আন্ট্ ক্লোই অলপ লাহে লাহে দুৱাৰ মুকলি কৰি চাই দেখে যে, ইলাইজা ভয়ে ভয়ে আহিছে। কোলাত, বুকুৰ মাজত হেৰি।

 “ইলাইজা, তই দেখোন এতিয়া আহিছ?”

 “কিয় আহিছোঁ, আই আজি এতিয়াই শুনিলোঁ দেউতাই সেই পুৱা অহা বেপাৰীটোক মোৰ হেৰিক বেচিছে আৰু তাৰে লগত জানা, আই, আমাৰ টম্ দদাইকো বেচিলে সেই দেখি মই এতিয়াই পলাই যাওঁ।

 সকলোৱে আচৰিত হ’ল। ই কি কথা। সৰু হেৰিক বেচে, টম্ দদাইক বেচে? সৰু হেৰিয়ে কি কৰিছে যে, তাক বেচে? সৰু লৰা। সজ, ধৰ্ম্মপ্ৰিয়, সকলোৰে প্ৰিয় টম্ দদাইয়েই বা কি কৰিছে? সিহঁতৰ দেউতাকে এই দুজনক বেচিব। আচৰিত। এনেবোৰ কথা সকলোৱে আলচিবলৈ ধৰিলে।

 ইলাইজাই কলে, “আই দেউতা, তেওঁলোকৰ দৰে মানুহ নাই। তেওঁলোেক সঁচাসঁচিকৈয়ে দেৱতা। দেউতা দেৱতা, আই দেবী। দেউতাই কাৰবাৰ কৰি বহুতো টকা লোকচান্ দিলে। আৰু তাৰ “হ্যাণ্ডনোট” (Handnote) আজি পুৱাতে অহা বেপাৰীটোৰ হাতত পৰিছে হি। টকা নিদিলে নিৰুপায়। দেউতা আই বিপদত পৰে। বেপাৰীটোৱে কৈছে, হয় টকাখিনি দে নহলে টম্ আৰু হেৰিক বেচ। [ ২৬ ] যদি তেওঁ টম দদাই আৰু হেৰিক বেপাৰীটোক নেবেচে তেনেহলে তেওঁৰ সকলো সম্পত্তি খিনি যায়।”

 আন্ট ক্লোই মাত লগালে “স্বামি, তুমি ইলাইজাৰ লগত কিয় নোযাৱা? তোমাৰ যলৈকে তলৈকে যাবৰ অধিকাৰ আছে। তুমিও যোৱা। উপায় নাই। তুমিও যোৱা এতিয়াই ততালিকৈ তোমাৰ বস্তু-বেহানিবোৰ ঠিকঠাক কৰোঁ।”

 টমে কলে, “ভগবান আমাৰ সকলো নীগ্ৰো জাতিৰ সহায় হওক। ক্লো, মই নেযাওঁ। ক্লো, মই কেতিয়াও অবিশ্বাসৰ কাম কৰা নাই ক্লো, মই নেযাওঁ। দেউতা, আইৰ কোনো দোষ নাই” এনে বুলি তাৰ সন্তানবিলাকৰ পিনে চাই কলে, “ক্লো, দেউতাই তোমালোকক চাব, দেউতা দুখীয়াৰ বন্ধু, দয়াৰ সাগৰ।” এই বুলি কান্দিবলৈ ধৰিলে।

 টমৰ কান্দোন কমিলে ইলাইজাই কলে, আজিয়েই মোৰ স্বামীৰ সৈতে দেখা হৈছিল। তেওঁক তোমালোকে ক’বা মই ক্যানাডালৈ (Canada) যাওঁ। আৰু কিয় মই তালৈ যাওঁ তেওঁক কবা দেই, যদিহে তোমালোকে তেওঁৰে সৈতে কথা কবলৈ সুযোগ পোৱা।”

 সকলোৰে আশীৰ্বাদ লৈ ইলাইজা লাহে লাহে আঁতৰি গ’ল।

 ইলাইজাৰ দৰে কোনোবা নিৰাশ্ৰয়া আছে নে? তাইৰ গিৰীয়েকৰ দুখ কষ্ট আৰু তাইৰ লৰাৰ কি গতি হব, তাইৰ এইবোৰ বিলাই বিপত্তিৰ কথা ভাবি টম্ দদাইৰ ঘৰৰ [ ২৭ ] পৰা তাই খোজ ল’লে। হেৰিয়ে খোজ কাঢ়িব পাৰে। কিন্তু হেৰিয়ে খোজ কাঢ়ি গ’লে যদি বা কোনোবাই তাক লৈ যায়। সেই দেখি হেৰিক বুকুৰ মাজত সাবট মাৰি বেগ দি খোজ কাঢ়িবলৈ ধৰিলে।

 ইমান দিনৰ চিনাকী এই ঠাইখন এৰি যাবলৈ যে ইলাইজাৰ কি কষ্ট হৈছিল! ইলাইজা ক’লৈ যায়? তাই মিসেস্ শ্বেলবিৰ লগত ওহাইও নৈৰ কাষৰ টি-গাঁৱলৈ কেবাবাৰো গৈছিল। এই টি-গাঁৱৰ ফালেই তাই খোজ ল’লে। তাৰ পাছত পৰমপিতা পৰমেশ্বৰে যি কৰে। বেলি মাৰ যাবৰ এঘণ্টামান আগৈয়ে সেই গাঁওখন পালেগৈ। তাইৰ ভৰিত ঘা, গাত বিষ, শৰীৰ আৰু মনত ভাগৰ। কিন্তু মনৰ বল যোৱা নাই। ভগবানৰ ওপৰত নিৰ্ভৰ কৰি তাই গৈছিল নহয়।

 বসন্তকাল আৰম্ভ হৈছেহে মাথোন। এতিয়াও জাৰ। নৈখন বৰফেৰে ভৰা। বৰফ এতিয়াও পমি যোৱা নাই। কোনো কোনো ঠাইত পানীৰ ওপৰত বৰফ ওপঙ্গি হেন্দোলদোপ খাইছে। সৌভাগ্যবশতঃ ঠাইয়ে ঠাইয়ে কম বৰফৰ টুকুৰাৰে এখন সৰু সুৰা ওপঙ্গা দলংৰ দৰেও হৈছে। পাৰ কৰা নাও সেই নৈত চলা এতিয়া কোনো মতে সম্ভৱ নহয়। কেনেকৈ পাৰ হয়? ইলাইজাই তাকে ভাবি অলপ পৰ তাত থিয় হৈ নৈৰ পিনে চাই থাকিল। চাই থাকিলে তো নহয়। সেই দেখি ইলাইজা নৈৰ কাষৰে এটি সৰু হোটেললৈ গৈ পাৰ হবৰ বা-বাতৰি লবলৈ গ'ল।
[ ২৮ ]  হোটেল গৰাকীয়ণীয়ে জুহালত ৰান্ধি আছিল। ইলাইজাৰ মিঠা মাত শুনি ৰন্ধা এৰি ইলাইজাৰ ফালে চালে। কি লাগে, আই, বুলি শোধাত ইলজাই কলে “বি-নগৰলৈ যোৱা নাও নাই নে কি?” গৰাকীয়ণীয়ে কলে, “আজি কালি নাও চলা বন্ধ হৈছে”। ইলাইজাৰ বিবৰ্ণ মুখ দেখি তাই আকৌ শুধিলে, “কি হৈছে, এতিয়া পাৰ হব খুজিছা? কাৰোবাৰ কিৰা টান নৰীয়া হৈছে নে কি? তোমাৰ মুখত ইমান বিয়াকুল ভব কিয়?” ইলাইজাই “মই এই অলপ আগতে শুনিলোঁ যে, মোৰ এটি লৰাৰ বৰ টান নৰীয়া। শুনিয়েই লৰি ধাপৰি আহিছো পাৰ হবলৈ পাৰিম বুলি আই।”

 গৰাকীয়ণী মাক। মাকৰ মন পমি গ'ল। কলে, “সঁচাই মোৰ বৰ দুখ লাগিছে। “এই--স্বলমন” বুলি কাৰবাক মাতিলে। সি সেই অতিথিশালাৰ চাকৰ। “স্বলমন, আজি ৰাতি পিপাবোৰ কোনোবাই কাঢ়িয়াই লৈ যাব নে?”

 “যদি সুবিধা হয় কঢ়িয়াব লাগিবই।

 ইলাইজাৰ ফালে গৰাকিয়ণীয়ে চাই ক’লে, “আজি এটা মানুহে সুবিধা হলে কিবা বস্তু সিপাৰলৈ লৈ যাব। আজি ৰাতি সি ইয়াতে খাবহি তুমি এতিয়া অলপ জিৰুয়া। দেহি ঐ কেনে চিকুণ লৰাটী।” এই বুলি হেৰিক এডোখৰ পিঠা দিলে।

 লৰাটিৰ বৰ ভাগৰ লাগিছিল, সি কান্দিবলৈ ধৰিলে। গৰাকীয়ণীয়ে ওচৰৰে এটি সৰু খোটালী দেখুয়াই কলে, “এই [ ২৯ ] খোটালীতে তাক শুয়াই থোৱা।” ইলাইজাই বিছনাত লৰাটিক শুয়ালে। টোপনী নহালৈকে তাৰ হাত ধৰি ইলাইজাই ওচৰতে বহি থাকিল। ইলাইজাৰ টোপনী নাই। মনত দোৰ্ঘোৰ চিন্তা। কেনেকৈ আহিব? নিষ্ঠুৰ নৈৰ ফালে চাই আছে। সিপাৰ পালেগৈয়েই মুক্তি।

 এনে কথা ভাবি আছে। এনেতে এঘণ্টামান নৌ হওঁতেই ঘোড়া চেকুৰাই হেলি সেই অতিথিশালালৈ আহিল। লগত মিঃ শ্বেলবিৰ দুজন গোলাম শ্যাম আৰু এণ্ডি। শ্যামে তাইক দেখি সতৰ্ক কৰিবৰ নিমিত্তে তাৰ টুপি বতাহে উৰাই লৈ গল, বুলি এটা চিয়ৰ মাৰি দিলে। সেই ফালে চায়েই ইলাইজা বিচূৰ্তি হ’ল। কি কৰোঁ কি নকৰোঁ হ’ল। বিমোৰ হ’ল। সেই খোটালী ঘৰটোৰ পাছ ফালে আছিল আৰু সেই মানুহ কেটা ঘোড় চেকুৰাই পাছ ফালে দি গৈ আগ বাটত ঘোড়া ৰখালে। পাঠক, ভাবি চোৱা, ইলাইজাৰ কি অৱস্থা তেতিয়া। হেৰি শুইছে। ইপিনে হেলি ঘৰ সোমালেই সিহঁতক সি ধৰিব। ভগবানৰ নাম লৈ সেই খোটালীৰ পৰা পাচ বাটে দি গৈ তাই নৈ পালে গৈ। হেৰিৰ টোপনী। হেৰি বুকুৰ মাজত। তাই বলিয়াৰ দৰে পানীত পৰিল। তাৰ পাছত এডোখৰ বৰফৰ পৰা আন এডোখৰ বৰফলৈ জাঁপ মাৰোঁতে সকলোৱে, এনেকি হেলিয়েও, ভয়ত হাত ওপৰলৈ তুলি “গ’ল গ’ল” বুলি চিয়ৰ মাৰিলে। ভগবান যাৰ সহায় তাৰ কি ভয়। সাধাৰণ অৱস্থাত ইলাইজা কি [ ৩০ ] আন কোনো তিৰুতাই তেনে এটা দীঘল জাঁপ মাৰি এনে ডাঙ্গৰ ব্যৱধান পাৰ হব নোৱাৰিলে হেতেন। ইপাৰৰ সিপাৰৰ মানুহে তবধ মানিলে। এনেকৈ জাপ মাৰি গৈ সিপাৰ পাওঁতে ইলাইজাৰ মুচ্‌কচ্ অৱস্থাত এজন মানুহে পানীৰ পৰা তুলি লৈ গ’ল। সেই মানুহটোক ইলাইজাই চিনি পাই ক’লে “মিঃ স্কীন্স্ ৰক্ষা কৰক। মোক নেৰিব। আপোনাৰো এটি লৰা আছে।”

 “ৰক্ষা কৰিম? তোক ৰক্ষা নকৰিম নে? তোৰ ইমান সাহ। তই শ্বেলবি হঁতৰ লিগিৰী নহঁৱ নে?"

 “হয় ডাঙ্গৰীয়া, ৰক্ষা কৰোক। মোক উদ্ধাৰ কৰক। মোক কৰবাত লুকাই থওক।” “শুন্ য’তে মই এনে সাহৰ মানুহ দেখোঁ, ত’তে মোৰে ভাল লাগে। তই এজনী ছোৱালী। তোক নিশ্চয় সহায় কৰিম। কিন্তু মোৰ নিজৰ কোনো ঠাই নাই। তই সৌ সেই বগা ঘৰটোলৈ যা, তাৰ মানুহবিলাকে তোৰ উপকাৰ কৰিব। একো ভয় নাই, মোৰ আই, তই যা।”

 “আপনি কাকো একো নকয় তো।”

 “তোৰ একো ভয় নাই। মই কাকো নকঁও। আৰু তোৰ দৰে ছোৱালীয়েহে মুক্তি পাব লাগে। সেই ঘৰ ভাল মানুহ।”

 সেই ত্ৰাণকৰ্ত্তাক সেই দেশৰ ৰীতি অনুসাৰে সেৱা কৰি আৰু ধন্যবাদ দি হেৰিক বুকুত লৈ সেই বগা ঘৰটিৰ ফালে ইলাইজাই বেগাই-খোজ ল’লে।