দদাইৰ পজা/অষ্টম অধ্যায়

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
দদাইৰ পজা
লেখক হ্যাৰিয়েট বীচৰ ষ্টো, translated by জ্ঞানদাভিৰাম বৰুৱা
দদাইৰ পজা বা টম্‌ দদাইৰ পজা হৈছে হ্যাৰিয়েট বীচৰ ষ্টোৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ দাসত্ব-প্ৰথাক লৈ লিখা ইংৰাজী ভাষাৰ উপন্যাস Uncle Tom's Cabin-ৰ জ্ঞানদাভিৰাম বৰুৱাই কৰা অসমীয়া অনুবাদ। (ePub ফাইল ৰূপে ডাউনলোড কৰক PDF ফাইল ৰূপে ডাউনলোড কৰক mobi ফাইল ৰূপে ডাউনলোড কৰক)

[ ৯১ ]  বেচাৰা টম, দুখীয়া টম। সৰুৰে পৰা গোলামী কৰি আহিছে। লেগ্ৰীৰ বাগিচাৰ আও ভাও টমে ততালিকৈ জানিলে। য’লৈকে যায় টমে সকলো গৰাকীক সন্তোষ দি [ ৯২ ] আহিছে। লেগ্ৰীকে দিব বুলি ভাবিছিল। কিন্তু নহল। কামৰ ওপৰত কামহে দিয়ে। আৰু লেগ্ৰীৰ গোলামবোৰৰ ওপৰত ব্যৱহাৰ দেখি ঘৃণা আৰু দুখিত টমৰ মন ভৰি গৈছিল। কিন্তু কি কৰিব? গোলাম যেতিয়া, এনেবোৰ অত্যাচাৰ দেখিও একো কৰিব নোৱাৰে। ভগবানৰ ওপৰত নিৰ্ভৰ কবি থাকিল। আশা যে, এদিন এই কামৰ পৰা কোনো মতে অৱসৰ পাব।

 লেগ্ৰীয়ে দেখিলে যে, টম সকলো কামতে পাৰ্গত আৰু প্ৰথম শ্ৰেণীৰ কৰ্ম্মদক্ষ মানুহ। কিন্তু তেওঁ লেগ্ৰীয়ে টমক দেখিব নোৱাৰিছিল। বেয়া মানুহে সজ মানুহক কেতিয়াবা ভাল পাব পাৰে নে? আৰু এটা কাৰণ, যেতিয়া লেগ্ৰীয়ে নিঃসহায়, দুখীয়া গোলামবোৰক অনাহকত দোৰ্ঘোৰ শাস্তি দিছিল, তেতিয়া টমে মনে মনে থাকিলেও তেওঁৰ মুখত ঘৃণা ফুটি উঠিছিল—কথা ওলোৱাৰ একো প্ৰয়োজন নাছিল। নীগ্ৰোৰ প্ৰভুয়েও নীগ্ৰো গোলামৰ ভাব-ভঙ্গিত নিজৰ নীচতা অলপ অনুভব কৰিব পাৰিছিল। লেগ্ৰীয়ে টমক কেনেকৈ ভাল পায়? লেগ্ৰীৰ ইচ্ছা আছিল যে, টমক কিছুদিন কামত ৰাখি “স্যাম্বো” “কুইম্বো”ৰ কামৰ “অভাৰ্সিয়েৰ” কৰি দিয়ে, কিন্তু এনে কোমল। হৃদয়ৰ মানুহে কেনেকৈ লেগ্ৰীৰ গোলম খটুৱাব পাৰিব। সি ভাবিলে যে, টমৰ মন যদি আপুনি টান নহয় তেনেহলে তাৰ মন টান কৰিব লাগিব! সি নিজেই সেই মন টান [ ৯৩ ] কৰিব। সেই বুলি মন টান কৰাৰ দৰব দিবলৈ আৰম্ভ কৰিলে।

 বাগিচাৰ কাম কৰিবলৈ যোৱাৰ সময়ত টমে এদিন পুৱা দেখিলে যে, তেওঁলোকৰ কাম কৰা মানুহৰ ভিতৰত এজনী নতুন ছোৱালী আহিছে। এই ছোৱালীজনীক দেখিলে বয়স পঁয়ত্ৰিশ্ কি চল্লিশ্ বুলি মনত হয়। “ছোৱালী” কথাটী মোৰ, অনুবাদকৰ। মানুহ “লৰা” বয়সত মাথোন্ নহয়, বহুত বুঢ়া মানুহো ল’ৰাৰ সমকক্ষ। আৰু ছোৱালীৰ বিষয়েও সেই একে কথা। সেই দেখিয়েই মই এই মানুহজনীক ছোৱালী বুলিছোঁ। তাইৰ মুখ এবাৰ দৈখিলে কেতিয়াও পাহৰা নেযায়। আৰু মুখখনি দেখিলেই মনত হয়, যেন তাইৰ মনত কিবা দুখ আছে। সেই দুখেৰে ভৰা মুখৰ ভিতৰৰ পৰাও সৌন্দৰ্য ফুটি ওলাইছে। ভৰি হাত তাইৰ সুন্দৰ, কাপোৰ সুন্দৰ, সকলো ব্যৱহাৰেই তাইৰ সুন্দৰ। ইমান বয়সৰ হলেও তাইৰ যৌৱনশ্ৰী এতিয়াও বৰ্ত্তমান। দুখ আৰু সৌন্দৰ্যৰ ইমান সামঞ্জস্য ৰাখি এই বয়সলৈকে অতি কম ছোৱালীকে থকা দেখা যায়। . আমাৰ এই কেসিৰ ইতিহাস বিচিত্ৰ। আশা কৰোঁ, তোমালোকে ইংৰাজীত টম দদাইৰ পজা পঢ়িবা। ডাঙ্গৰ খন। তেনে- হলে সকলো কথা সকলো বিষয়ৰে বহলাই বুজিবা। এই কিতাপ খনিত মুঠেই উনুকিয়াইছোঁহে মাথোন। অসমীয়া ভাষাত এনে এখন কিতাপৰ অনুবাদ মই দেখা [ ৯৪ ] নাই, সেই দেখিয়েই তোমালোকক এই কিতাপৰ বিষয়ে কৈছোঁ।

 এই সুন্দৰী অথচ দেখোঁতে বেমাৰ ছোৱালীজনী ক’ৰ পৰা আহিল, টমে একোকে ঠিক কৰিব নোৱাৰিলে, কিন্তু আনবিলাক গোলামে তাইক দেখিয়েই চিনি পালে। খাবলৈ নোপোৱা, দেখিবলৈ অশুৱনী গোলাম আৰু, গোলামনীবিলা- কৰ এজনে তাইক বেৰি ধৰি কলে, “আহিবই লাগিব, লাগিবই নহয় নে।” আৰু এজনে ক'লে, “আইদেউ, ছি, ছি ছি এতিয়া ইয়াৰ মজাৰ সোৱাদ পাব।”

 এই ছোৱালীজনীয়ে এইবোৰ ককৰ্থনাৰ ফালে মন নিদি বাগিচাৰ ফালে যাব ধৰিলে। টমে ভাল মানুহৰ সৈতেই সকলো সময়তে থাকি আহিছে, সেই দেখি এই ছোৱালী জনীৰ গাত ভাল মানুহৰ ছাঁ পাই তেওঁৰ মন বৰ ভাল লাগিল। কিন্তু যাওঁতে যাওঁতে টমে তবধ মানি গ'ল যে, এনে এজুন ভদ্ৰ ছোৱালী তেওঁলোকৰ লগলৈ কেনেকৈ আহিল। সেই ছোৱালীজনীয়ে কাৰো ফালে নাচাই টমৰ লগ লগে ওচৰা- ওচৰিকৈ বাগিচাৰ ফালে যাবলৈ ধৰিলে। তাইৰ গাৰ বৰণ আৰু আকাৰ-প্ৰকাৰ দেখিলে শুকান, ক্ষীণ, ৰোগী-ছোৱালী বলি মনত হয় কিন্তু চকুৰ কি দৃষ্টি, সেই কলা চকুৰ কি আকৰ্ষণী শক্তি। চকুত কিন্তু তাইৰ নিৰাশাৰ ৰেখা স্পষ্টকৈ দেখা গৈছিল। তাইৰ অঙ্গ-প্ৰত্যঙ্গত খোজ কঢ়াত সকলো ব্যৱহাৰতে “বেপৰোৱা” ভাব এটা আছিল, কিন্তু চকুত [ ৯৫ ] নিৰাশা। তাই কিন্তু সুন্দৰী। ক’ৰ ছোৱালী কি কথা তালৈ তাই কিয় আহিছে এইবোৰ কথা টমে ভাবি ভাবি গৈ আছে। টমে তাইক চিনি নেপায় কিন্তু দলৰ অনবোৰে তাইক ভালকৈ চিনি পাইছিল। তাইক দেখি সিহঁতৰ কুন্ধচ্ মুখতে আনন্দৰ, ৰেখা ওলাইছিল। সিতেৰ ৰং চাই কোনে?

 “অ, পাছত আহিব লাগিল নহয়, বৰ ৰং পাইছোঁ হঁক” এজনে কলে।

 আৰু এজনে.কলে, “কেনে মজা। এতিয়া মজা পাব, আইদেউ এই কামত কি সুখ।”

 তাই এনে কথাবোৰ ফালে কাণ নিদি, কোনো ফালে নেচাই উন্নত মস্তক আৰু মন লৈ যাব ধৰিলে। টমৰ লগত কথা একো নেপাতি তাই টমৰ ওচৰে ওচৰে যাব ধৰিলে।

 কাম আৰম্ভ হ’ল। টম কামত পকা। কাম কৰি আছে। মাজে মাজে তাইৰ ফালে চাই আছে। টমে দেখিলে যে, তাই কাম সুন্দৰে কৰি আছে, পট্-পটকৈ কপাহ তুলি বাগিচাৰ নিৰ্দ্ধাৰিত পাচিত ভৰাইছে (এই আমাৰ আসামত চাহ বাগিচাৰ পাচিবোৰৰ দৰে আৰু)। তাইৰ সকলো কামতে “বেপাৰোৱা” ব্যৱহাৰ। কাম কৰোঁতে কৰোঁতে টমে এজনী মিউলাটো ছোৱালীয়ে কাম কৰা ঠাই পালে গৈ। এই ছোৱালীজনীক:টমৰ লগতে কিনা হয়। টমে দেখিলে যে, তাই সেই দিন আৰু কাম কৰিব নোৱাৰে, তাই বেমাৰী[ ৯৬ ] কিন্তু তেওঁ তাই কাম কৰি আছে। ইয়াকে দেখি তেওঁব। পাচিৰ পৰা টমে কেমুঠামান কপাহ তাইৰ পাচিত ভৰাই দিলে। তাই কলে, “নকৰিবা, নকৰিবা, এনে কাম নকৰিবা। নেজানানে সিহঁতে গম পালে তোমাৰ শাস্তি হব।” টমৰ উত্তৰ কি চোৱাঁ,“তোমাৰকৈ মোৰ সেই শাস্তি সহি লৈ শক্তি আছে।” এই বুলি টম্ ততালিকৈ তেওঁৰ কামৰ ঠাইলৈ গল।

 সেই নতুনকৈ অহা সুন্দৰী ছোৱালীজনীয়ে এই ঘটনা দেখি তেতিয়াই কেমুঠামান কপাহ নিজৰ পাচিৰ পৰা টমৰ পাচিত থলেগৈ আৰু টমৰ ফালে তাইৰ সুন্দৰ কলা চকুৰে অলপ পৰ চাই কলে, “তুমি এই ঠাইৰ আও ভাও একোকে নেজানা। তুমি ইয়াত এমাহমান থাকাচোন্ তেতিয়া আনৰ কথা ভাবিবলৈ আহৰি নেপাবা। নিজৰ কথা ভাবিয়েই তত নেপাবা।”

 “মেম, ভগবানে নৰকক” তাইক অকস্মাৎ “মেম” বুলি সম্বোধন কৰি পেলালে।

 কিন্তু এই ছোৱালীজনীয়ে টমৰ পাচিত কপাহ দিয়া “অভাৰ্সিয়েৰে” দেখি তাইৰ ওচৰ চাপি আহি বেতডাল ডাঙ্গি ক'লে, “ও, ও, তইও দুষ্টালি কৰিছ নে, সেকা পাবি একা। তই এতিয়া মোৰ তলত জান নে নেজান?”

 সেই ক'লা চকুৰ পৰা বিজুলী সদৃশ জ্যোতি ওকাল। ঘৃণা আৰু খং আহি সেই সুন্দৰীৰ মুখ বিকৃত কৰি [ ৯৭ ] পেলালে। অভাৰ্সিয়েৰক কলে, “কুকুৰ, যদি সাহ থাকে, ছোঁ। মোৰ একাষাৰ কথাৰেই কুকুৰৰ হতুৱাই তোৰ মঙ্গহ ছিঙ্গাব পাৰোঁ জান নে? তোক খুটুৰাখুটৰী কৰি কটাই পেলাব পাৰোঁ খবৰদাৰ।”

 "তেনেহলে ইয়াত কিয় তুমি” মানুহটোয়ে অলপ ভয় খাই কলে। কেখোজমান পাছ হুঁহকি গৈ আকৌ ক'লে, “মিস্ কেসি, মোৰ একো বেয়া ভাব মনত নাই দেই”।

 “তেনেহলে দূৰৈত থাক, ওচৰলৈ নাহিবি।” ছোৱালীটিৰ মূৰ্ত্তি দেখি সেই মানুহটোৰ মনত পৰিল যে, বাগিচাৰ আন কালে তাৰ আন কিবা এটা কাম আছে।

 ছোৱালীজনীয়ে পটাপটকে পাচিত কপাহ ভৰাবলৈ ধৰিলে! তাইৰ এনেহে হাত খৰ সাঁজ লগাৰ আগৈয়েই পাচি ভৰপূৰ হৈগল। লাহে লাহে এই কৰ্ম্মী সকল ( ঘৰমুৱা আমি "ঘৰ মূৱা” কব লাগে দেখি কৈছোঁ, সিহঁত য’ত থাকে তাক ঘৰ বুলিব পাৰি নে?) হল। ভৰাল-খোটালীত লেগ্ৰীয়ে দুটা ড্ৰাইভাৰৰ ( গোলাম চলোৱা মানুহ) লগত কথা কৈ লেগ্ৰী থিয় হৈ আছিল।

 স্যাম্বোই গৈয়েই লগালে, “এই টমটো বৰ দুষ্ট দগাবাজ, সি লুসীৰ পাচিত আজি বহুবাৰ কপাহ ভৰাই দিছিল।” “হো, হো” লেগ্ৰীয়ে ক'লে, “তাক এশিকনি দিব লাগিব, নহয় নে, কি কৱ ল’ৰাহঁত?” [ ৯৮ ]  স্যাম্বাে কুইন্বোই এই বাতৰি ডুখৰি পাই বৰ বৰ হুঙ্কাৰেৰে সৈতে হাঁহি দুটা মাৰিলে।

 লাহে লাহে বনুৱাবিলাক জোখা খােটালীলৈ গল । লেগ্ৰীয়ে কোনে কিমান কপাহ আনিছে লেখি ল'লে । টমৰ পাচি “পাচ” হ’ল । এতিয়া সেই বেমাৰী ছোৱালীজনীৰ পাল।

 তাই লাহে লাহে পাচিৰ ভাব বৈ আহি লেগ্ৰীৰ ওচৰত পাচিটো থ’লে। পাচি কপাহেৰে ভৰা আৰু ওজনো নিয়মিত আছিল। কিন্তু লেগ্ৰীয়ে ধমক দি ক'লে, “কি, আকৌ তাকৰকৈ কপাহ আনিছ ? এফালে থিয়া হৈ থাক। এতিয়া সেকা পাবি।”

 হায় হায় । একে গাত বল নাই, তাতে বেমাৰ । লেগ্ৰীৰ এই কথা শুনি তাই বৰ এটা দীঘল হুমুনিয়াহ কাঢ়ি এটা কাঠত বহিলগৈ । লেগ্ৰীয়ে ক'লে “এই টম, এই ফালে আহ। তােক মই সাধাৰণ কামৰ নিমিত্তে কিনা নাছিলোঁ। বুজিছ গােলাম । মােৰ ইচ্ছা যে, তােক এই বাগিচাত এটা ভাল কামত লগাই দিওঁ। হানি নাই, সেই দেখি কওঁ । তােক মই “ড্রাইভাৰেই” (গােলাম চলাওঁতা) কৰিম। শুন্, সেই দেখি মই ভাবিছোঁ যে, আজিয়েই তই সেই কাম আৰম্ভ কৰ। এতিয়া, তুৰন্তে এই ছােৱালীজনীক্ আঁতৰ কৰি লৈ যা আৰু লৈ গৈ বেত মাৰ গৈ। বেত মাৰ গৈ । এই কেদিন বেত মাৰা দেখিছ নহয় আৰু তােৰ দৰে চোকা মানুহে এই কাম নিশ্চয় ভালকৈ কৰিব পাৰিব।” [ ৯৯ ]  টমৰ উত্তৰ চোঁৱা। ইয়াকে কয় সৎসাহস। সৎসাহস মানুহৰ অধিক মাত্ৰাত থাকিলে পৃথিবীত কষ্ট পাব লাগে। কিন্তু মানুহৰ সৎসাহস থাকিব লাগে। টমে সসম্ভ্ৰমে (যেনেকৈ গোলামে প্ৰভুক কোৱা উচিত) লেগ্ৰীক ক'লে, প্ৰভুয়ে মোক ক্ষমা কৰিব, প্ৰভুয়ে যেন এনে কামত মোক কেতিয়াও নলগায়। মই এনে কাম আগৈয়ে কৰা নাই আৰু এতিয়াও নকৰোঁ। এনে কাম মোৰ পক্ষে অসম্ভৱ। প্ৰভুয়ে যেন মোক ক্ষমা কৰে।”

 লেগ্ৰীয়ে তেতিয়াই এডাল চাবুক লৈ টমক এচমটা মাৰিলে। তাৰ পাছত যে কিমান ঘুচি কিল চাপৰ মাৰিলে আৰু ক'লে, “তোক আইধা কৰাৰ আগৈয়ে কটাৰ পো কটা বন্দী মই তোক বহুতো কথা শিকাম, বুজিলি নে, গোলাম?”

 মাৰি মাৰি যেতিয়া তাৰ হাত বিষাল তেতিয়া সি ক'লে, “এতিয়া কবিনে কটাৰ পো বন্দী কটা যে তই তাইক নেমাৰ। মাৰিবই লাগিব, গোলাম। জানিচ নে নাই।”

 ইমান মাৰ খাই টমৰ গাৰ পৰা তেজ ওলাল। সেই তেজবোৰ মচি মচি: কলে, “দেউতা, মই দিনে ৰাতিয়েই আপোনাৰ কাম কৰিম। দিনক ৰাতি কৰিম, ৰাতিক দিন কৰিম। আপোনাৰ কামৰ নিমিত্তে মই মোৰ জীৱন দিম। কিন্তু দেউতা, মোক ক্ষমা কৰিব, মই এনে কাম কেতিয়াও কৰা নাই, মই নকৰোঁও। এনে কাম ভগবানৰ কাম নহয়। ঈশ্বৰে এনে কাম আমাক কৰিবলৈ আদেশ কৰা নাই। মই [ ১০০ ] এনে কাম কেতিয়াও নকৰোঁ, কেতিয়াও নকৰোঁ, নকৰোঁ, নকৰোঁ।”

 লেগ্ৰীয়ে গেলামৰ মুখৰ পৰা এনে কথা কেতিয়াও শুনা নাই। সি আচৰিত হ'ল। কিছু পৰ তবধ লাগি থাকিল। থাকি, থাকি পাছত ক'লে, “কচোন বাৰু, কি কথা ঈশ্বৰৰ আদেশ নহয় ? এই ছােৱালী জনীক বেত মৰা নহয় নে, গােলাম ? সেইয়েই তােৰ কথা নহয় নে ?

 “হয় প্রভু” টমে কলে, “তাই বেমাৰী, তাইৰ শৰীৰত একোকে নাই। তাইৰ গাত হাত ডঙ্গাটো পাপৰ কথা। মই দেউতা এনে কাম কেতিয়াও কৰা নাই আৰু এতিয়াও নকৰোঁ। প্রভু আপােনাৰ মন গ'লে মােক মাৰিব পাৰে, মাৰিবৰ মন গ'লে মাৰক মই একোকে নকওঁ। আপুনি মােৰ গৰাকী, মােৰ দেহা লৈ আপােনাৰ যি মন যায় কৰক। কিন্তু মই কাকো মাৰিব নােৱাৰোঁ। আপােনাৰ যিহকে মন যায় কৰক। এনে কাম মই কৰাৰ আগৈয়ে মােক যেন আপুনি মাৰি পেলায়।”

 এইবােৰ কথা টমে খং কৰি কোৱা নাই। টমব মাত মৃদু আৰু মিঠা। সকলো সময়তে যেনে এতিয়াও তেনে । কিন্তু সেই স্বৰত কি দৃঢ়তা। মাত এনে ডাঠ যে যি এই কথা শুনিছিল সিহে বুজিছিল সেই মাতৰ অর্থ কি। লেগ্ৰীয়ে খঙ্গত কঁপি গৈছিল আৰু তাৰ চকুৰ পৰা অগ্নি ফুলিঙ্গ ওলাইছিল। সজ মানুহক এনেবােৰ অস্ত্রই কি কৰিব ? [ ১০১ ] বাৰ শ ডলাৰ দি কিনা নাই নে? তোক কিনা কি? তোৰ কলা দেহাৰ সকলো খিনিকে মই কিনা নাই নে? তোৰ শৰীৰ, এনে কি তোৰ আত্মাও মোৰ নহয় নে? কচোন্ গোলাম?” এই বুলি লেগ্ৰীয়ে টমৰ গাত এটা লাথি মাৰিলে।

 ইমান কষ্টৰ মাজত লাথি খাইও টমৰ মনত আনন্দ হ'ল। কি আনন্দ। পোন হৈ থিয় দি, আকাশৰ ফালে গৌৰৱ আৰু আগ্ৰহেৰে চাই চকুৰ লো আৰু তেজ বৈ যোৱা মুখেৰে ক'লে, “নহয় নহয়, কেতিয়াও নহয়। মোৰ আত্মা কেতিয়াও নহয়, প্ৰভু। আপুনি মোৰ আত্মাক কিনা নাই; আপুনি এই পৰম বস্তুটীক কিনিব নোৱাৰে। এই বস্তুটীক আগৈয়েই এজনে কিনি থৈছে। কিনি থোৱা জনে এই ফেৰি বস্তুক ৰাখিবও পাৰিছে। কোনো কথা নাই, দেউতা, কোনো কথা নাই দেউতা। আপুনি মোৰ একণকে ক্ষতি কৰিব নোবাৰে, দেউতা।

 “মই নোৱাৰে নে? বাৰু চাবি। চাঁওচোন্ বাৰু কিবা কৰিব পাৰোঁ নে নোৱাৰোঁ। এই স্যাম্বো, কুইম্বো, ইয়াক এনে শিকনি দে এই বাৰ এই কুকুৰৰ পুতেকটোয়ে এমাহলৈ যেন নেপাহৰে।

 অসুৰৰ দৰে নীগ্ৰো দুটাই টমক টানি লৈ গল। [ ১০২ ]  ৰাতি। টমে কেকাই গোথায় বাগৰি আছে। ওচৰত কেনো নাই। গা তেজেৰে ভৰা। মহৰ কামোৰে টমৰ কষ্ট আৰু বঢ়াইছে। ইপিনে পিয়াহত কষ্ট পাইছে। পানী এটুপি দিওঁতাও কোনো নাই। এতিয়া টমৰ পানীৰ নিমিত্তেই কষ্ট। কোনোবা খোটালীৰ ভিতৰলৈ অহাৰ শবদ পাই টমে কলে, “কোন সেইয়া? ঈশ্বৰৰ নাম লৈ খোজো, মোক এটুকি পানী দিয়া, তুমি যোনেই হোৱা।”

 এওঁ আৰু কোনো নহয়। এওঁ কেসি। কেসিয়ে লগত পানী লৈ আহিছিল। পানী এটা পাত্ৰত বাকি দি, টমৰ মুৰ অলপ ভাঙ্গি পানী খুৱাই দিলে। টমে কেবাবাটীও পানী খালে।  কেসিয়ে ক'লে, “যিমান পাৰা খোৱাা। মই জানোঁ তোমাৰ কিমান কষ্ট হৈছে। মই তোমাৰ দৰে বহুত মানুহক এনেকৈ পানী খুয়াই দিছোঁ"

 “মোৰ ধন্যবাদ জানিব, মেম! : “মোক মেম বুলি নেমাতিবা। মই তোমাৰ দৰে এজন গোলাম। মই তোমাৰকৈ অতি তলৰ খাপৰ মানুহ টম।”

 দুৱাৰৰ ফালে গৈ এখন কোমল তুলি আনি টমৰ বিছনা কৰি দিলে। সেই তুলি খনৰ ওপৰত ধৌধৌৱা বগা কাপোৰ পাতি দিলে আৰু সেই কাপোৰত অলপ পানী ছটিয়াই দিলে। তাৰ পাছত টমক সেই জুৰ বিছনাখনত শুৱালে।

 টমৰ গাত ইমান বিষ, আৰু কোব পৰা ঠাইবোৰৰ পৰা [ ১০৩ ] ইমান তেজ বৈছিল,যে,পোন হৈ শোৱা কামটো কৰিবলৈকো বহু পৰ লাগিছিল। কিন্তু চেচা বিছনাত গাটো থব পাৰি অলপ ভাল পাইছিল।

 এই তিৰুতা জনীয়ে লেগ্ৰীৰ এনে নিষ্ঠুৰ ব্যৱহাৰ বহুবাৰ দেখি আহিছে, সেই দেখি তাই সেৱা-শুশ্ৰুষা কৰিব জানিছিল আৰু দৰবাদিও জানিছিল। টমক দৰব জাতি দি বহুতো সুস্থ কৰিলে। দলিয়াই পেলাই দিয়া কপাহ কেতবোৰ বুটলি আনি এটা গাৰু কৰি দিলে।

 টমে ধন্যবাদ দিলে। তাই টমৰ ওচৰত বহি টমৰ ফালে বহু পৰ চাই থাকিল। মনত দুখ বেজাৰ। তাইৰ দীঘল চুলি মুখৰ চাৰিউফালে পৰাত তাইৰ মুখখন আৰু বিষাদেৰে ভৰা যেন দেখা গৈছিল।

 “বন্ধু, এনে কামেৰে একো নহয়। তুমি যি কাম কৰিলা তাৰে একো কাম নহয়। তুমি সাহী, সজ মানুহ। ধৰ্ম্ম তোমাৰ ফালে। কিন্তু মিছা, সকলে মিছা। তুমি নুযুজিবা আৰু। এই মানুহটোৰ ভৰিৰ তলত মই পাঁচ বছৰ আছোঁ। মই তাক ভালকৈ জানোঁ। মই তাক ঘৃণা কৰোঁ, জানা নে? কি হব? এই বাগিচা খনৰ দহ মাইলৰ ভিতৰত কোনো বসতি নাই, আৰু এই ঠাইৰ চাৰিউ ফালে খাল, দ মাটী। এই মানুহটোৰ যি ইচ্ছা তাকে কৰিব পাৰে। ইয়াত ঈশ্বৰৰ আইনো নাই, মানুহৰ আইনো নাই। পৃথিবীত এনে কোনো বেয়া কাম নাই যে, ই কৰিব নোৱাৰে।” [ ১০৪ ]  টমে হাত জোড় কৰিলে। সকলো ফালে এন্ধাৰ। ক'লে “যীশু, প্ৰভু যীশু, এই দুখীয়া প্ৰাণীবিলাকক পাহৰিলা নে প্ৰভু। সহায় হোৱা, প্ৰভু, আমাৰ সহায় হোৱা।”

 তিৰুতাজনীয়ে মন ডাঠ কৰি আকৌ কব ধৰিলে, “চোৱা, টম্ তুমি যিবোৰ মানুহৰ লগত কাম কৰা সেই কুকুবহঁতৰ নিমিত্তে তুমি কিয় দুখ ভুঞ্জিবা? কিবা এটা কথা হলে ইহঁতেই তোমাৰ শত্ৰু হ’ব। এইবোৰ মানুহ ইমান নীচ যে তুমি ভাবিবকে নোৱাৰা। তোমাৰ দৰে মানুহে এনেবোৰ মানুহৰ নিমিত্তে কষ্ট সহা মই একণকে সকাম নেদেখোঁ।”

 “সিহঁতে কি জানে? সিহঁতে জানিলে হে? সিহঁতক এনে নিষ্ঠুৰ কিহে কৰিলে। কোনে কৰিলে? নহয়। নহয়। মই যদি এবাৰ ধৰ্ম্মপথৰ পৰা আন বাটলৈ যাওঁ ইয়াৰ ফল ক’ত শেহ হব কোনে জানে? মইয়েই যে ইহঁতৰ দৰে নহ’ম কোনে জানে? নহয়, নহয়, আই। মোৰ সকলোয়েই গল। ঘৈণী, লৰা-ছোৱালী, ঘৰ, আৰু এনে মৰমীয়াল গৰাকী, সকলোয়েই গ'ল। পৃথিবীত মোৰ আৰু একো নাই। এতিয়া মই ধৰ্ম্মকে হেৰুৱাব নোৱাৰোঁ। মোৰ ঈশ্বৰকো হেৰুৱাব নোৱাৰোঁ।”

 তিৰুতাজনীয়ে, ক'লে আৰু কিবা তোমাক লাগে নে? আৰু অলপ পানী নে?”

 টমে আগ্ৰহেৰে পানী খালে। পানী খাই তাইৰ মুখৰ ফালে চাই থাকিল। ইচ্ছা যে, আৰু কথা কয়। কিন্তু তাই [ ১০৫ ] ক'লে, “আৰু কথা নকবা। অলপ শোৱা এতিয়া।” এই বুলি ওচৰত পানী এঘটি থৈ আৰু আন আন বস্তু অলপ ঠিকঠাক কৰি তাৰ পৰা গুচি গ'ল।