দদাইৰ পজা/দশম অধ্যায়

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
দদাইৰ পজা
লেখক হ্যাৰিয়েট বীচৰ ষ্টো, translated by জ্ঞানদাভিৰাম বৰুৱা
দদাইৰ পজা বা টম্‌ দদাইৰ পজা হৈছে হ্যাৰিয়েট বীচৰ ষ্টোৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ দাসত্ব-প্ৰথাক লৈ লিখা ইংৰাজী ভাষাৰ উপন্যাস Uncle Tom's Cabin-ৰ জ্ঞানদাভিৰাম বৰুৱাই কৰা অসমীয়া অনুবাদ। (ePub ফাইল ৰূপে ডাউনলোড কৰক PDF ফাইল ৰূপে ডাউনলোড কৰক mobi ফাইল ৰূপে ডাউনলোড কৰক)

[ ১১০ ]  আশা কৰোঁ তোমালোকে ডাঙ্গৰ হ'লে এখন Uncle Tom's Cabin পঢ়িবা। ইয়াত সকলো কথা দিয়া হোৱা নই। এইখন অতি চমু কিতাপ্‌। চমু কিতাপ পঢ়ি সোৱাদ পাই ডাঙ্গৰ কিতাপ পঢ়িবা দেই।

 এতিয়া টমৰ তালৈ যাওঁ ব’লা। তেওঁৰ ঘাবোৰ শুকুৱাৰ আগৈয়েই লেগ্ৰীয়ে হুকুম দিলে যে, টমে বাগিচাৰ কাম কৰিব লাগে। টমৰ দুখ আৰু কষ্টৰ মাত্ৰা বাঢ়িল। লেগ্ৰীয়ে টমক বহুত ৰকম কষ্ট যন্ত্ৰণা দিবলৈ আৰম্ভ কৰিলে। এনে নীচপ্ৰকৃতিৰ মানুহৰ আনক কষ্ট দিবৰ ছুতা ওলায়েই থাকে। টমে ভাবিছিল যে, দেৱবাৰে তেওঁ বাইবেলখন পঢ়িবলৈ সময় [ ১১১ ] পাব। কিন্তু ক’ত? সেই/বাগিচাত দেৱবাৰ আনবৰ সমান। আনবাৰে যি কাম দেৱবাৰেও সেই কাম। প্ৰথমে প্ৰথমে কাম কৰি আহি জুহালৰ জুইৰ পোহৰতেই অলপ পৰ বাইবেলখন পঢ়িছিল। পাছত টমে ইমান কামৰ কোব সহিব নোৱাৰা হ'ল। গধুলি ঘৰলৈ উভতি আহোঁতে টমে শেহত মুৰ ঘুৰুৱা আৰু চকুৰে এন্ধাৰ দেখাৰ নিমিত্তে আৰু সেইকণপৰো পঢ়িব নোৱাৰা হ'ল। আনবোৰ বনুৱাৰ দৰে ভাগৰ লাগি আহি ধাৰি-পাটীত দীঘল দি পৰিছিলহি।

 এদিন গধূলি জুহালত তেওঁ ৰান্ধি আছিল। মনত দুখ। ভাবিলে বাইবেলখন অলপ পঢ়ে তাকে ভাবি নুমাই যোৱা জুইত আৰু অলপ ভগা-চিগা খৰি দিলে। বাইবেল-খন উলিয়ালে। সেই পবিত্ৰ কিতাপ খনিত তেওঁৰ ভাল লগা ঠাইবোৰত চিন দিয়া আছে। কিন্তু চকুৰে ভালকৈ নমনে। কি কৰিব? কিতাপ খনি আকৌ জেপত ভৰাই থ’লে। কোনোবা এটাই কৰ্কশ হাঁহিৰে তেওঁক শুধিলে, “তেনেহলে বন্ধু, ধৰ্ম্মে তোক আৰু কাম নিদিলে নহয় নে?”

 এই কথাষাৰে টমক বৰ বিন্ধিলে। তেওঁ মনে মনে থাকিল।

 লেগ্ৰীয়ে ক'লে, “তোৰ অকণো বুদ্ধি নাই। তোৰ ভালৰ নিমিত্তে মই তোক কিনিছিলোঁ। তই এতিয়া স্যাম্বো আৰু কুইম্বোৰকৈও ভাল কাম পালি হয় আৰু তোৰ ইমান দুখ আৰু কষ্টও নহল হয়। টম, মোৰ কথা শুন।” [ ১১২ ]  টমে কলে,“মই যি বাট ধৰিছোঁ, ধৰিয়েই থাকিম। ঈশ্বৰ মোৰ সহায় হওক কি নহওকেই মই তেঁওক কেতিয়াও নেৰোঁ। আৰু এই জীৱনর শেষলৈকে মই তেওঁক নেৰোঁ।”

 “তোক এতিয়াও ঠিক কৰিম, বুজিলিনে? খবৰদাৰ!” লেগ্ৰীয়ে এই বুলি কৈ গুছি গল।

 ঈশ্বৰৰ কি আচৰিত সৃষ্টি। যেতিয়া মানুহৰ দুখ কষ্ট হয়, যেতিয়া আৰু কোনো আশা-ভৰসা মানুহে নেদেখে, তেতিয়া ঈশ্বৰে তেওঁৰ শক্তিক বৰণ কৰি লবলৈ উপযুক্ত বল দিয়ে। টমৰো সেই অৱস্থা হ'ল। টমৰ বেতৰ কোবৰ ঘা শুকুৱা নাই, মনত অশান্তি, সকলো পিনে দুখ কষ্ট কিন্তু এক ঐশ্বৰিক শক্তি আহি টমক নৰশক্তি দিলে। নিৰ্ব্বিকাৰ ভাব উপস্থিত হ'ল। দুখ কষ্টৰ সীমাৰ বাহিৰলৈ টম গ'ল। তেওঁৰ শৰীৰ আৰু মনত যিমানেই দুখ থাকক আনৰ দুখ দেখিলেই টম সেই ঠাইত উপস্থিত হৈ আনৰ দুখ লাঘৱ কৰিছিল। এই মানুহটীয়ে সকলো দুখৰ ভাৰ বহন কৰি- ছিল। কথাতো কামতো। সকলোৰে অন্তৰত সুখ দিবলৈ চেষ্টা কৰিছিল। তোমালোকে ৰবীন্দ্ৰনাথ ঠাকুৰ জগৎ কবিৰ সঙ্গীত (নাম) জানা “আসন তলৰ মাটীৰ পৰে লুটিয়ে ৰব।” টমৰো সেই ভাব। টমে নিজে কোনো বস্তু আগৈয়ে নলৈ সকলোৱে লোৱাৰ পাছত যি বাকি থাকিছিল তাকে লৈছিল। টম, তুমি আদৰ্শ পুৰুষ এজন, তুমি এজন মহাপুৰুষ।

 জাৰ। টমৰ গাৰ কাপোৰ আনি আনক দিছিল। জহ। [ ১১৩ ] তেওঁ মুকলি খিলিকিৰ ওচৰৰ ঠাই সেই জহত কষ্ট পোৱা মানুহটীক দিছিল। তোমালোকে ডাঙ্গৰ কিতাপখন পঢ়িবা। তেতিয়া জানিবা টমৰ মহত্ত্বৰ কথা। গোলাম হলেও, প্ৰপীড়িত হলেও মানুহৰ আত্মা যে এইবিলাক পাৰ্থিব কাৰণৰ অধীন নহয়, টমৰ জীৱনীৰ পৰা তোমালোকে জানিব পাৰিবা। অৱশ্যে জানিবা যে, এই টম সেই নাৰী জাতিৰ ভিতৰৰ এজন প্ৰধানতম মহিলাৰ (হেৰিয়ে বীচাৰ ষ্টো) কল্পনাৰ সৃষ্টি। এই ষ্টো মহিলাই নীগ্ৰো জাতিৰ বহুত কষ্ট আৰু দুখ দেখি এই কিতাপ খনি লেখিছিল। সেই দেখি কওঁ যে টমৰ চৰিত্ৰ কাল্পনিক নহবও পাৰে। এব্ৰেহাম ( এব্ৰেম ) লিংকনৰ (Abraham Lincoln) নাম শুনিছা নে? তেওঁৰ সময়ত যে যুক্তৰাজ্যৰ উত্তৰবাসী মানুহবিলাকৰ সৈতে দক্ষিণবাসী মানুহৰ যুজ হৈছিল, সেই বিষয়ে তোমালোকে বুৰঞ্জী পঢ়ি নিশ্চয় জানিছা। সেই যুজৰ আন কাৰণ থাকিলেও তাৰ এক প্ৰধান কাৰণ এই চুটী-চাপৰ অথচ তেজস্বিনী ষ্টো মহিলাৰ কিতাপ। ডাঙ্গৰ হলে, ডাঙ্গৰ হ'লে কি, যেতিয়াই পাৰা তেতিয়াই ভাল ভাল কিতাপবোৰ পঢ়িবা দেই। কিতাপৰ দৰে বন্ধু নাই, জানিবা। দুখত সুখত সকলো সময়ত জানিবা কিতাপ তোমালোকৰ বন্ধু। মানুহ কপট হব পাৰে। কিতাপ কেতিয়াও কপট নহয়।

 সুবিধা পালেই টমে লগৰীয়া-বিলাকক বাইবেল পঢ়ি ভাল ভাল কথাবোৰ শুনাইছিল। তেঁওৰ সৰল সহৃদয় [ ১১৪ ] ব্যৱহাৰৰ নিমিত্তে সেই বাগিচাৰ সকলোৱে সেই মিউলটো তিৰুজনীৰৰ এনে কি কেসিৰো ভগবানৰ ফালে মন গল। টমৰ ব্যৱহাৰে আটাইৰে মন স্নিগ্ধ কৰিলে। ভাল মানুহৰ লগত থাকিলে সকলোৱেই ভাল হয়। টমৰ লগ পোৱাৰ নিমিত্তে সেই বাগিচাৰ সকলো কাম কৰা মানুহেই ভাল হ'ল। সদাই ভাল মানুহৰ লগত থকা ভাল। বেয়া মানুহ সকলো সময়তে সাপৰ দৰে। সাপক দেখিছা। সাপক মানুহে বশ কৰে, দেখিছা। কিন্তু সাপক পুৰাপুৰি বশ কৰিব কোনেও নোৱাৰে। কিন্তু মানুহৰ কথা বেলেগ। বেয়া মানুহ ভাল মানুহৰ লগত থাকিলে, ভাল মানুহৰ কথা শুনিলে আজি নহয়, কালি নহয়, এদিন ভাল হবই হব। সেই বাগিচাৰ কাম কৰা মানুহবিলাকৰ স্বভাৱেই তাৰ এটি উজ্জ্বল দৃষ্টান্ত।

⸻⸻

 কোনো বস্তুৱেই সকলো সময়তে একে নেথাকে। চিৰ- দিন কেতিয়াও সমানে নাযায়। কেসি আৰু এমেলিন বুলি এজনী তিৰুতাৰ দাসত্ব শেহ হ’ল। সিহঁত পলাল। সিহঁত পলাই যোৱাত লেগ্ৰীৰ খঙ্গৰ মাত্ৰা আৰু বাঢ়িল। খঙ্গৰ কোব পাৰিল গৈ টমৰ গাত। লেগ্ৰীয়ে ভাবিলে যে, টমৰ শিক্ষাতে এনে ঘটনা হ’ল “সি মোৰ নহয় নে? মোৰ যি ইচ্ছা যায় মই তাকে কৰিব নোৱাৰোঁ নে? তাক যদি মই মাৰিব খোজোঁ কোনে ৰাখিব পাৰে? তাৰ সাহ ইমান হয় যে, মোৰ কামত বাধা দিব।” কিন্তু টম ভাল চাকৰ। কাম [ ১১৫ ] সুকলমে কৰে। তাৰ কিবা এটা হ'লে বাগিচাৰ ক্ষতি হ’ব। সেই দেখি লেগ্ৰীয়ে টমৰ একো ক্ষতি তেতিয়াই নকৰে। পাছদিনা পুৱা সি বন্দুক লৈ সেই কুকুৰবোৰ লৈ তাৰ নিজা বাগিচাৰ আৰু আন ওচৰচুবুৰিয়া বাগিচাৰ মানুহ লৈ কেসি আৰু এমেলিনক বিচাৰিব। যদিহে সিহঁতক পায়, তেনেহলে ভাল; নেপালে টমক⸻

 ৰাতিপুৱা ছোৱালীদুটীক বিচাৰিবলৈ মানুহে কুকুৰে ওলাল। কিন্তু বিচাৰি সিহঁত হায়ৰণ হ'ল। সিহঁতক নেপালে। লেগ্ৰী ভাগৰ আৰু কড়া মেজাজ লৈ ঘৰলৈ উভতি গ’ল। গৈয়েই হাওলা মাচিয়াত দীঘলহৈ পৰি কুইন্বোক হুকুম দিলে, “এই কুইম্বো, টমটোক ধৰি আন গৈ। সি কুকুৰৰপোটোৱেই এই কামৰ গুৰি। তাৰ কলাচালৰ আজি আইধা নেৰাখো। তাৰ কলাচালৰ পৰা কথা ফেৰি যদি নুলিয়াঁও আজি তাৰ শেহ কৰিম।”

 স্যাম্বো কুইম্বো শত্ৰু। কিন্তু টমক দুইয়ো দেখিব নোৱাৰিছিল। কিয়নো লেগ্ৰীয়ে প্ৰথমে কৈছিল যে, টমক অভাৰ্সিয়েৰৰ বাব দিব। সি কৰবালৈ গ'লে টমেই বাগিচাৰ তত্ত্বাৱধান কৰিব। এনে কথা স্যাম্বো, কুইম্বোৰ ভাল লাগিব নে? আৰু যেতিয়া দেখিলে যে, টমক সিহঁতৰ গৰাকীয়েও দেখিব নোৱাৰা হল, তেতিয়াতো কথাই নাই। লেগ্ৰীৰ হুকুম পাই কুইম্বোই অতি ৰং মনেৰে টমক আনিবলৈ গ'ল।

 লেগ্ৰীৰ হুকুম শুনি টমে তেতিয়াই জানিলে যে, আজি [ ১১৬ ] কিবা এটা হব। লেগ্ৰীৰ নীচ হৃদয়ৰ কথা টমে ভালকৈ। জানিছিল। কিন্তু টম ঈশ্বৰ-বিশ্বাসী। ঈশ্বৰৰ ওপৰত বিশ্বাস ইমান আছিল যে, তেওঁ মৃত্যুকো ভয় নকৰিছিল।

 তেওঁৰ পাচি এফালে থৈ ওপৰলৈ চাই ক'লে, “তোমাৰ হাতত, হে প্ৰভু, মোৰ আত্মা সঁপি দিছোঁ। তুমি মোক তো কিনি লৈছা, হে মোৰ প্ৰভু, সত্যৰ প্ৰভু।” এই বুলি কুইম্বোক ক'লে, “এতিয়া মোক লৈ যোৱা।"

 অসুৰটোৱে টমক টানি আজুৰি লৈ যাওঁতে যাওঁতে কলে, “হা, হা, এইবাৰ সেকা পাবি। মাষ্টৰ খংত জ্বলি-পকি আছে। মজা পাবি। তোৰ ইমান সাহ যে, মাষ্টৰৰ নিগাৰ- বোৰক তই পলাই যাবলৈ শিকাৱ। চাবি এতিয়া তোৰ কি হয়?” এইবোৰ কথা টমৰ কাণে দি সোমোৱাই নাই। কোনোবাই যেন ওপৰৰ পৰা এই কথা টমক শুনাইছে। “যি তোমাৰ শৰীৰক ধ্বংস কৰে, তাক ভয় নকৰিবা। সি আৰু তোমাৰ একোকে কৰিব নোৱাৰে।”

 টমে ভাবিলে তেওঁৰ মুক্তি ওচৰ।

 লেগ্ৰীয়ে টমক দেখিয়েই তেওঁৰ চোলাৰ কলাৰটো ধৰি কলে, “তই জান নে টম, তোক আজি মই মাৰিম।” টমে ধীৰ ভাবে উত্তৰ দিলে “হব পাৰে প্ৰভু।”

 "হব পাৰে নহয়, মই ঠিক কৰিছোঁ যে, আজি মই তোক মাৰিম। যদি কৱ ছোৱালীদুটা কত আছে, তেনেহলে তোক মই ক্ষমা কৰিম। নহলে তোক মাৰি পেলাম। ক। [ ১১৭ ]  টম নীৰবে থিয় হৈ থাকিল।

 “তই নাই শুনা নে” সিংহৰ গৰ্জ্জনৰ দৰে লেগ্ৰীয়ে সুধিলে, “নকৱ কিয়?”

 “মোৰ একো কবৰ নাই।” টমে ধীৰ আৰু দৃঢ়ভাবে উত্তৰ দিলে।

 লেগ্ৰীৰ আৰু খং বাঢ়িল। কিন্তু খং দমন কৰি কলে, “টম, শুন্‌, তোক মই আগৈয়ে এৰি দিছোঁ দেখি তই ভাবিছ, এইবাৰো এৰিম। নেৰোঁ, বুজিলি নে? মই বহুত ভাবি- চিন্তি এই কথা কৈছোঁ। হয় তোক ঠিক কৰিম, নহলে তোক মাৰি পেলাম। তোৰ প্ৰতি টোপা তেজ গণিম (ইয়াৰ মানে হৈছে গাৰ সকলো তেজখিনিয়েই উলিয়াব) আৰু তই নমৰালৈকে তোক নেৰোঁ।”

 টমে তেওঁৰ গৰাকীৰ ফালে চাই ক'লে, “প্ৰভু, আপোনাৰ যদি কিবা দুখ কি বিপদ হয়, কি বেমাৰ হয় মই আপোনাৰ উপকাৰৰ নিমিত্তে প্ৰাণ দিবলৈ সাজু আছোঁ। এই মহা- পাপ কিন্তু আপনি নকৰিব। আপোনাৰ যিহকে ইচ্ছা হয় কৰোক⸺মোৰ কষ্ট শেষ হব, কিন্তু আপোনাৰ দোষৰ নিমিত্তে যদি আপুনি অনুতাপ নকৰে আপোনাৰ কষ্টৰ শেষ কেতিয়াও নহয়।”

 এনে কথা শুনি টমক মাৰি মাৰি মাটীত পেলালে।

 বহুত পৰ মাৰাৰ পাছত স্যাম্বোৰ মনও গলিল। কলে, “প্ৰভু তাৰ ফালে আইধা হয়—আৰু” [ ১১৮ ]  লেগ্ৰীয়ে ক'লে, “সি সই নেকাঢ়িলে মাৰি থাকিবি, মাৰি থাক, মাৰি থাক। যিমান পৰলৈকে নকয় মাৰি থাকিবি।”

 টমে চকু মেলি লেগ্ৰীৰ ফালে চাই ক'লে, আপোনাৰ আৰু কি কৰিবৰ আছে? একোকে নাই। আপোনাৰ অদৃষ্ট বৰ বেয়া কিন্তু মই আপোনাক মোৰ অন্তৰতম হৃদয়ৰ পৰা ক্ষমা কৰোঁ।” এই বুলি একেবাৰেই মুচকচ্‌ গ’ল।

 লেগ্ৰীয়ে অলপ আগ বাঢ়ি আহি কলে, “ইঃ, সচাকৈয়ে ইয়াৰ ফালে শেষ হ’ল ই গ’ল। ভালেই হ’ল। ইয়াৰ মুখ বন্ধ হ’ল।”

 এই বুলি লেগ্ৰী তাৰ পৰা গুচি গল। লেগ্ৰী যোৱাতে আটাইবোৰ নীগ্ৰো একেলগ হৈ টমক সেৱা কৰিব ধৰিলে। স্যাম্বোই এবাৰ কলে, “আমি আটায়ে বেচাৰাক কি যে নিষ্ঠুৰ ব্যবহাৰ কৰিছোঁ। হায়, হায় কিয় কৰিলোঁ।”

 টমে চকু মেলি চাই লাহে লাহে ক'লে, “একো কথা নাই। মই তোমালোকক আটাইকে ক্ষমা কৰিছোঁ স্যাম্বো।”