দদাইৰ পজা/পঞ্চম অধ্যায়

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
দদাইৰ পজা
লেখক হ্যাৰিয়েট বীচৰ ষ্টো, translated by জ্ঞানদাভিৰাম বৰুৱা
দদাইৰ পজা বা টম্‌ দদাইৰ পজা হৈছে হ্যাৰিয়েট বীচৰ ষ্টোৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ দাসত্ব-প্ৰথাক লৈ লিখা ইংৰাজী ভাষাৰ উপন্যাস Uncle Tom's Cabin-ৰ জ্ঞানদাভিৰাম বৰুৱাই কৰা অসমীয়া অনুবাদ। (ePub ফাইল ৰূপে ডাউনলোড কৰক PDF ফাইল ৰূপে ডাউনলোড কৰক mobi ফাইল ৰূপে ডাউনলোড কৰক)

[ ৫৫ ] [ ৫৬ ] আহে যে, সেই ঘৰৰ গৰাকী কি গৰাকীয়ণী সকলো কামকে নিয়মে কৰে। এই ঘৰৰে ৰান্ধনি ঘৰৰ এখন “ইয়াত বহাঁহি, ইয়াত বহাঁহি” বুলি মতা হাওলা মাচিয়াত এজনী ছোৱালী বহি কিবা সি আছে। এই ছোৱালীজনী কোন কোৱা- চোন? এওঁ আমাৰ সেই আগৰ চিনাকী ইলাইজা।

 এওঁৰে ওচৰতে বহি আছে আৰু এজন মহিলা। তেওঁ এটি সুন্দৰ জকমকিয়া পাত্ৰত শুকান পীচ্, ফল ভৰাই আছিল। বেয়াবোৰ পেলাই দিছিল আৰু ভালবোৰ সেই পাত্ৰত ভৰাইছিল। সুগৃহিণীৰ যেনে কাম। এখেতৰ বয়স তিনি কুড়িমান হ’ব। কিন্তু তেখেতৰ বয়স বঢ়াৰ লগে লগে সৌন্দৰ্য্যও বাঢ়িছে। বুঢ়া হলেই মানুহ অসুৱনী নহয়। যাৰ হৃদয়ত সত্য ভাৱ, সুন্দৰ ভাৱ, তেনে মানুহ বয়সৰ লগত বুঢ়া নহয় আৰু সুন্দৰ হে হয়। এই মহিলাজনও সেই ভাৱৰ।

 কুৱেকাৰৰ (quaker) বিষয়ে কিতাপৰ পাছ ফালে লেখিম। কুৱেকাৰ সকলে মানুহৰ সৈতে “দী” (thee) আৰু “দাউ” (thou) বুলি কথা কৈছিল। যেনেকৈ আমাৰ ভকত সকলে “এখেত” “তেখেত” বুলি কয়। “এখেত” “তেখেত” অলপ ওখ ভাবৰ, দূৰৈ ভাবৰ কিন্তু “দী” “সাউ” বুলিলে আৰু ওচৰ ভাবৰ। এই কুৱেকাৰ সকল ধৰ্ম্মভীৰু মানুহ। এই মহিলাজনে ইলাইজাক শুধিলে :-~- ( “দী” আৰু “দাউ” বুলি কথা কৈছে দেই। মই কেতিয়াবা “তই” লেখিম, কেতিয়াবা “তুমি” লেখিম।) [ ৫৭ ] “ইলাইজা, তেনেহলে তই ক্যানাডালৈ যাবিয়েই হয় নে?” এই মহিলাজনৰ নাম ৰেচেল্ হ্যালিডে।

 “হয়, আই, মোৰ যাবই লাগিব। মোৰ ইয়াত থাকিবলৈ সাহ নহয় আই।”

 “তাত গৈ কি কৰিবি মোৰ আই, কচোন্। তই সেই কথা ভালকৈ ভাবি চিন্তিহে যাবি দেই।”

 ইলাইজাৰ চকুৰ লো ওলাল। সেই চকুৰ লো তেওঁৰ হাতৰ সুৰ কামত পৰিল। হাত কঁপিল। এনে এজন মানুহৰ ওচৰৰ পৰা দূৰৈলৈ যাবলৈ লগাত বেয়া লাগিল কিন্তু তাই ডাঠকৈ কলে, “আই, যিহকে পাওঁ তাকে কৰিম। আপোনাৰ আশীৰ্বাদ থাকিলে কিবা কাম পাম।”

 ৰেচেলে ক'লে, “তই জাননে আই, তোৰ যিমান দিন ইচ্ছা যায়, তই ইয়াত থাকিব পাৰ। আৰু তই যদি ইয়াত থাক মোৰ ভালহে লাগিৰ।”

 “আই, মই জানোঁ। আপুনি মোৰ সঁচাসঁচিকৈয়ে আই মাতৃ। কিন্তু (হেৰিক দেখুৱাই) তাৰ নিমিত্তে মই অকণকে শুব নোৱাৰোঁ। ৰাতি টোপনী নাহে। কালি ৰাতিয়েই সপোন দেখিছিলোঁ যেন সেই মানুহটোৱে তাক লৈ যাবলৈ আহিছে।”

 “আইঔ দেহি” ৰেচেলে চকুৰ লো মচি ক'লে, “তুমি তেনেবোৰ কথা নেভাবিবা মোৰ আই। প্ৰভুৰ আদেশ যে, আমাৰ এই গাঁৱৰ পৰা কাকো কোনোৱে এনেকৈ ধৰি লৈ [ ৫৮ ] যাব নোৱাৰে। তোমাৰেই ল'ৰাকে প্ৰভূয়ে এনেকৈ ধৰাই লৈ যাবনে?”

 এনে খিনি সময়ত দুৱাৰখন কোনোবাই মেলিলে। পকা আপেল ফলৰ দৰে ৰঙ্গচীয়া, চুটী শকত, প্ৰফুল্লময়ী এজনী তিৰুতা দুৱাৰ মুখত থিয় দিলে হি।

 "ৰুথ, ষ্টেডম্যান।” ৰেচেলে সানন্দে আগ বাঢ়ি আগন্তু- কৰ দুয়োখন হাত ধৰি কলে, “তুমি কেনে আছা, ৰুথ,?"।

 “সুন্দৰে আছোঁ।” বুলি মুৰৰ সৰু টুপিটি খুলি উত্তৰ দিলে।

 “ৰুথ, এই বন্ধুজনেই ইলাইজা হেৰিস্। আৰু এই সৰু ল’ৰাটীৰ কথাকে তোমাক কৈছিলোঁ, ৰুথ।”

 ইলাইজাৰ হাত জোকাৰি ৰুথে এনে ভাবেৰে কথা ক'লে, যেন ৰুথৰ সৈতে বহুত দিনৰ চিনাকী “তোমাৰ সৈতে দেখা হোৱাত বৰ ৰং পালোঁ, ইলাইজা—এইটিয়েই তোমাৰ ল’ৰা, নহয় নে? মই তালৈ পিঠা এখন আনিছোঁ” এই বুলি পিঠাখনি লৰাটিক দিলে। ল’ৰাটি সকলো ল’ৰাৰ দৰে লাহে লাহে আগ বাঢ়ি আহি কেঁকোৰা চুলিৰ মাজেদি লাজ- কুৰীয়া চকুৰে চাই পিঠা ডোখৰ ললেহি।।

 ৰেচেলে ৰুথক বেবীটী ক’ত শোধাত ৰুথে উত্তৰ দিলে, “সি আহিছে, কিন্তু তোমাৰ ম্যাৰিয়ে তাক দেখি আন ল'ৰা-ছোৱালীবিলাকক দেখুৱাবলৈ গৈছে।”

 এইখিনি সময়তে মাকৰ দৰে সুন্দৰ চকু থকা ম্যাৰিয়ে বেবীটিক কোলত লৈ ওলালহি। ল’ৰাটিক দেখিয়েই বেচেলে [ ৫৯ ] আহি কোলাত ল’লেহি। তাক মৰম কৰিলে। ৰেচেলৰা, মনতো আনন্দ, ৰুথৰ মনতো আনন্দ। মাকে ম্যাৰিক চাহৰ পানী তপতাবলৈ কলে। ম্যাৰিয়ে ততালিকৈ কুয়ালৈ গৈ কেতেলিত পানী ভৰাই আনি “ষ্টোভত" বহাই দিলে। আৰু জুইৰ তাপ পাই পানী সোনকালে উতলিল। পীচফলবিলাকো তপতোৱা হল।

 স্বাইমন হেলিডে আহিল। এওঁয়েই ঘৰৰ গৰাকী। দীঘল, বলী, হৃষ্টপুষ্ট মানুহ। ৰুথক দেখিয়েই হাত জোকাৰি সকলোৰে কুশল বাৰ্ত্তা শুধিলে। কুশল বাৰ্তা শোধাশুধি হোৱাৰ পাছত ৰেচেলে কিবা বা-বাতৰি আছে নে শুধিলে।

 স্বাইমনে মুখ ধোওঁতে ধোওঁতে ক'লে, “পীটাৰ ষ্টেবিলে আজি মোক ক'লে যে, আজি ৰাতিমানে সিহঁত বন্ধুৰ লগ পাবহি।”

 “হয় নে” এই বুলি ৰেচেলে ইলাইজাৰ ফালে চালে, স্বাইমনে ইলাইজাক কলে, “তোমাৰ নাম হ্যাৰিস বুলি কৈছিলা, নহয় নে?” ৰেচেলে গিৰীয়েকৰ চকুৰ ফালে চালে, এই প্ৰশ্নৰ অৰ্থ কি জানিবলৈ। ইলাইজাই ভয়ে ভয়ে “হয়” বুলি উত্তৰ দিলে। অন্তৰত ভয় যদি বা সিহঁতে তাৰ পৰা কিবা জাননী চাৰিউফালে পঠাইছে।

 তেতিয়া স্বাইমনে ৰেচেলক কলে, “সেই ল’ৰাটিৰ বাপেক আজি কুৱেকাৰ বস্তি পাইছেহি আৰু আজি ৰাতি আমাৰ ঘৰ পাব হি।” [ ৬০ ]  বেচেলৰ মনৰ আনন্দ চাই কোনে? গিৰীয়েকক শুধিলে ‘সঁচাই নে?”

 “সঁচাই, পীটাৰে কালি নগৰৰ গাড়ী লৈ যাওঁতে আমাৰ নগৰৰ ওচৰৰ বজাৰ খনত দুটা মানুহ আৰু এজনী বুঢ়ীক দেখি আহিছে। তাৰে এজনে কলে যে, তাৰ নাম হাবিস্। আৰু সিয়েই যে এই ল’ৰাৰ বাপেক হাৰিস্ ই নিশ্চয়।”

 স্বাইমনে শুধিলে, “তাইক এতিয়াই ক'ম নে?”

 ৰেচেলে ক'লে, “বাৰু আগৈয়ে ৰুথক কৈ চাওঁ। ৰুথ, ৰুথ, এই ফালে আহাঁ।”

 ৰুথ্ তৎক্ষণাৎ আহি পালেহি। “ৰুথ, ৰুথ, শুনিছানে? ম্যাৰিৰ বাপেকে কৈছে ইলাইজাৰ গিৰীয়েক বোলে শেহ দলৰ মানুহৰ লগত আছে। আৰু আজি এই খিনি আহি পাবহি।”

 ৰুথে আনন্দত চিয়ঁৰিব ধৰিলে। ৰেচেলে কলে, “ৰুথ, মনে মনে থাক আই। ক চোন বাৰু এই বাতৰিৰ কথা এতিয়াই তাইক কম নে?”

 “কম নে? অৱশ্যে কবি, এই মুহুত্ততে কবি। চা চোন বাৰু মোৰ জন্ যদি এনেকৈ একে অৱস্থাতে আহি ওলাল হি হেতেন, তেনেহলে মই এনে এটা বতৰা শুনি কেনে আনন্দ পালোঁ হয়, ভাবি চা চোন! এতিয়াই কবিতো।”

 ৰেচেলে ভিতৰৰ বাৰাণ্ডাৰ পৰা ৰান্ধনি ঘৰলৈ গল। তাৰে ওচৰৰ এটি শোৱা খোটালী লৈ ইলাইজাক মাতি লৈ [ ৬১ ] গ’ল। ইলাইজাই ভয়ত কঁপিবলৈ ধৰিলে—ভাবিলে এওঁ বা কি বাতৰি আকৌ দিয়ে। তাইৰ অৱস্থা দেখি ৰুথে কলে, “ভয় নাই ইলাইজা, সুখবৰ, বৰ'ভাল খবৰ, ভিতৰলৈ যা।” এই বুলি তাইক লাহেকৈ ভিতৰলৈ লৈ গৈ দুৱাৰখন মাৰি ওলাই আহিল। আহিয়েই হেৰিক কোলাত লৈ চুমা খাই নাচিব। ধৰিলে। “আজি তোমাৰ দেউতাৰা আহিব, সোণাই। জানা নে, হেৰি? তোমাৰ দেউতাৰা আহিব। ল’ৰাটিয়ে বাৰে বাবে এই কথা শুনাত অবাক্ হৈ ৰুথৰ ফালে চাই থাকিল।”

 সিপিনে আকৌ খোটালিৰ ভিতৰত কি হৈছে শুনা। ৰেচেলে ইলাইজাক নিজৰ ওচৰত মৰম কৰি বহুয়াই এই আষাৰ কথা ক’লে, “প্ৰভুয়ে তোমাক কৃপা কৰিছে, ইলাইজা। তোমাৰ গিৰীয়েৰা দাসত্ব শৃঙ্খলৰ পৰা পলাল।”

 এই কথা শুনি ইলাইজা মুচকচ্ হোৱাৰ দৰে হ’ল।

 “সোণাই, ধৈৰ্য্য ধৰ। সাহী হ।” ৰেচেলে ইলাইজাৰ মুৰত মৰমেৰে হাত দি “তেওঁ বন্ধুৰ লগত। একো ভয় নাই। আজি ৰাতি তেওঁ এই খিনি পাবহি।” “আজি ৰাতি, আজি ৰাতি” ইলাইজাই মুঠেই এই কথা সপোনত কোৱা কথাৰ দৰে ক'লে। আৰু কি শুনিছে, কি কৈছে ততকে নাই।

 সেই নিশা জৰ্জ হ্যাৰিস্ আহি স্বাইমন হেলিডেৰ ঘৰ পালে হি। [ ৬২ ]  সেই কুয়েকাৰ পৰিয়ালৰ ঘৰত তাৰ পাছদিনা বৰ আনন্দ। ল'ৰা-ছোৱালী, মুনিহ-তিৰুতা সকলোৰে আনন্দ। ম্যাৰিৰ মাকে দোকমোকালিতে উঠি আটাইকে জগালে। সকলোৱে গৃহিণীৰ একাষাৰ মাততে বিছনা এৰি উঠিল। যাৰ যাৰ যি কাম সকলোৱে কৰিবলৈ ধৰিলে। সেই ইণ্ডিয়ানা ৰাজ্যত ব্ৰেকফাষ্ট (ৰাতি পুৱাৰ প্ৰথম খোৱা) বহু আড়ম্বৰৰ কাম। বহুত ৰকম বস্তু খোৱা হয়। বহুত ৰকমৰ ৰন্ধা-বঢ়া হয়।

 মেজ, মেজৰ চাদৰ, ছুৰি, কাঁটা, মাচিয়া, সেই খোটালিৰ সকলো সৰঞ্জামৰেই যেন আজি আনন্দ। কিমান যে বস্তু ৰন্ধা হৈছিল। সকলোৰে আনন্দ। যেতিয়া জৰ্জ আৰু ইলাইজা হেৰিকলৈ শোৱা খোটালীৰ পৰা ওলাই আহিল, তেতিয়া সকলোৱে আভিবাদন কৰি আনন্দ ধ্বনি কৰিবলৈ ধৰিলে। আনন্দ প্ৰকাশ কৰাৰ পাছত সকলোৱে একেলগে খাবলৈ বহিল। এয়ে জৰ্জৰ বগা মানুহৰ লগত একে লগে বহি প্ৰথম খোৱা। পোনতে অলপ হেহোঁ নেহোঁ ভাব আহিছিল। পাছত জৰ্জৰ সেই ভাব কলৈ উড়ি গ'ল। মনৰ আনন্দৰ সন্মুখত সেই ভাব পলাল—কেনেকৈ পলাল? যেনেকৈ কুঁয়লি পলায় বেলিৰ সন্মুখত--আমি গুৱাহাটীত সেই তেনে প্ৰাকৃতিক ক্ৰিয়া জাৰকালি দেখোঁ নহয়। জৰ্জৰ মনৰ ভাব হৈছে কুঁয়লি আৰু বেলি হৈছে বেচেল আৰু তেওঁৰ পৰিয়ালৰ মৰম দয়া, সৰলতা।

 বৰ সুন্দৰ পৰিয়াল। এই পৰিয়াল ধৰ্ম্মভীৰু এই [ ৬৩ ] পৰিয়ালে এনেকৈ গোলামক কেবাবাৰো সহায় কৰিছে। এই নিমিত্তে দায়ো লাগিছে।

 ৰং মনেৰে খাঁওতে খাঁওতে নানা ৰকমৰ কথা হৈছে, এনেতে ৰেচেলৰ, ডাঙ্গৰ পুতেকে শুধিলে “দেউতা, তোক যদি আকৌ ধৰে?”

 বাপেকে উত্তৰ দিলে, “মই জৰিমনা দিম।”

 “তোক যদি ফাটকত দিয়ে দেউতা?”

 “তহঁতৰ, আইয়েৰ আৰু তহঁতে খাত পাম চলাব নোৱাৰিবি নে?”

 বাপেকে হাঁহি হাঁহি শুধিলে।

 ল’ৰাটিয়ে উত্তৰ দিলে। কি মাতৃভক্তি। “আইয়ে সকলো ভাল কামকে কৰিব পাৰে। আই আমাৰ দেবী।”

 এনে কথা শুনি—নানান্ কথাৰ মাজত-জৰ্জে, মাত লগালে “দেউতা, মোৰ নিমিত্তে আপোনাসকলৰ কিবা বিপদৰ কি ভয়ৰ কাৰণ আছে নে কি? কওক, দেউতা।”

 “জৰ্জ, একো ভয় নকৰিবা, মুচলুমে ভয় নকৰিবা। ঈশ্বৰে আমাক কিয় পঠিয়াইছে জানা নে? ভাল কাম কৰিবলৈ। যদি আমি দেখোঁ যে কামটো ভাল, ভালকৈ গমি পিটি চাই যদি দেখোঁ যে কামটো সঁচাসঁচিকৈয়ে ভাল, তেনেহলে আমাৰ সেই কামটো কৰা উচিত। যদি আমি এনে ভাল কাম কৰিব নোৱাৰোঁ, আমি মানুহ নামৰ যোগ্যয়েই নহওঁ।” [ ৬৪ ]  “কিন্তু দেউতা, মোৰ নিমিত্তে আপোনা সকলে কিয় ইমান কষ্ট পাব? এই কথা অশোভন হব। আপোনা সকলে মোক ইমান দয়া কৰিছে, তাৰ পাছত যদি মোব নিমিত্তে আপোনাসকলৰ বিপদ হয়, তেনেহলে মই কেনেকৈ নিজক মানুহ বুলি কম?”

 স্বাইমনে ক'লে, “বন্ধু জৰ্জ” তেনেহলে অকণো ভয় নকৰিবি। তহঁতৰ নিমিত্তে আমি এনে কাম নকৰোঁ। ঈশ্বৰৰ কাম বুলিহে এনে কাম আমি কৰোঁ। আৰু মানুহ জাতিৰ নিমিত্তে আমি এই কাম কৰে। জৰ্জ, এতিয়া দিনটো বিশ্ৰাম কৰ। শোগৈ যা। ৰাতি দহ বজাত ফিনিএস্ ফ্লেচাৰ আহি তহঁতক আনটো আড্ডালৈ লৈ যাব কিয়নো তহঁতৰ পাছে পাছে তহঁতক বিচৰা মানুহেবোৰ আহিছে, মই জানোঁ।”

 “তেনেহলে আমি সাঁজলৈ নো কিয় ইয়াত থাকোঁ?”

 “দিনত তহঁতৰ কোনো ভয় নাই। এই বসতিত তহঁতৰ সকলোৱেই বন্ধু। তহঁত বন্ধুৰ মাজত। আটায়ে তহঁতৰ উপকাৰী আৰু তেওঁলোকে তহঁতৰ কেতিয়াও অপকাৰ হবলৈ নিদিয়ে। ৰাতি অহা-যোৱা কৰাই ভাল। তহঁতে ৰাতিতেই যাবি। এতিয়া যা বিশ্ৰাম কৰ গৈ।”

 সেই দিনা আবেলি ৰেচেল হেলিডেই পথিকবিলাকৰ নিমিত্তে বস্তু-বেহাণী গোটাই একেলগ কৰি থৈছিল। গৃহিণীয়ে যেনেকৈ আমাৰ ভাৰতত ঘৰৰ ই সি চাই ফুৰে তাতো সেই তেনে ইলাইজাহঁতে লগত কি লৈ [ ৬৫ ] যাব, কি খাব সেই তেনেবোৰ কথাকে ৰেচেলে সেই দিনা ভাবিছিল।

 বেলি মাৰ যাঁও যাঁও হৈছে এনে সময়ত জৰ্জ আৰু ইলাইজাই তেওঁলোকৰ খোটালীত বহি কথা পাতি আছে। দুইয়ো যেন কান্দিছিল এনে অনুমান হয়।

 “হয়, ইলাইজা, তুমি বৰ ভাল ছোৱালী” জৰ্জে ক'লে,- “মোৰকৈ শতগুণে ভাল। ইলাইজো তুমি কোৱা কথা মই শুনিম। বাইবৈল দিনৌ পঢ়িম আৰু মনৰ পৰা সকলো অসদ্ভাব দূৰ কৰিম। ইলাইজা মই তোমাৰ উপযুক্ত স্বামী হবলৈ চেষ্টা কৰিম।”

 ইলাইজাই ক'লে, “মই কাপোৰ-কাণি সিব জানোঁ, তৈয়াৰ কৰিব জানোঁ। কাপোৰ-কানি ধুবও জানোঁ আৰু ইস্ত্ৰি কৰিবও জানো। কেনেডালৈ গৈ আমি দুয়ো দুইৰো সহায় হৈ দিন কটাম, দেই।”

 “হয় ইলাইজা, তুমি, হেৰি আৰু মই একে লগে থাকিব পাৰিলেই হয়।”

 স্বাইমন হেলিডেই জৰ্জক বাহিৰলৈ মাতি লৈ গ'ল। তেওঁৰ লগত ফিনিএস ফ্লেচাৰ বুলি আৰু এজন কুয়েকাৰ আছিল।

 স্বাইমনে ক'লে, “বন্ধু ফিনিসে তোমালোকৰ সম্পৰ্কীয় বিশেষ এটা বাতৰি লৈ আহিছে। তোমালোকৰ সেই বিষয়ে শুনা ভাল। শুনা।” [ ৬৬ ]  ফিনিত্ৰসে ক'লে “এৰা, মই শুনি আহিছোঁ। মই কোনো কোনো ঠাইত যেতিয়া শেও মই মোৰ এখন কাণসাৰে থৈ শোঁও।” ই যে ভাল কথা মই সদাই কওঁ। কালি ৰাতি এটি খাদ্যাশ্ৰমত ( টেভাৰ্ণ ) জিৰাইছিলোঁ। গোটাই দিন গাড়ী চলাই চলাই বৰ ভাগৰ লাগিছিল। ৰাতি খাই বৈ বস্তা কেত বোৰৰ ওপৰত বহি থাকোঁতে থাকোঁতে এনে টোপনী আহিল যে, মই বাগৰ দিলোঁ।”

 “এখন “কাণ সাৰে থৈ,” ফিনি এস্?”

 নহয় এই বাৰ মোৰ কাণেও শুইছিল। ইমান যে ভাগৰ লাগিছিল কি ক'ম।” দুঘণ্টামান পৰৰ পাছত সাৰ পাই শুনোঁ যে, কেটামান মানুহে ওচৰৰ খোটালী এটাতে মদ খাই কথা পাতি আছে। সিহঁতে “কুয়েকাৰ” “কুয়েকাৰ" বুলি কোৱা শুনিলোঁ হেনে জানি মই ভাবিলোঁ যে, অলপ পব তলকা মাৰি থাকোঁ চোন্ বাৰু কি হয় শুনোঁ। তাৰ পাছত শুনিলোঁ, ‘তেনেহলে সিহঁত কুয়েকাৰ বস্তিত। তেতিয়া মই এখন কাণেৰে শুনা এৰি দুখন কাণেৰে শুনিবলৈ ধৰিলোঁ।

 শুনিলোঁ এই। এই ডেকা-লৰাটীক কেন্টাকিৰ তাৰ গৰা- কীৰ ওচৰলৈ পঠাই দিয়া হব। গৰাকীয়ে তাক উপযুক্ত শাস্তি দি আনবোৰ নিগাৰক পলোৱাৰ কি ফল দেখুয়াব। আৰু তাৰ ঘৈণীয়েকক সিহঁতৰে ভিতৰত দুজনে নিউ অৰলীন্সত ⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻⸻

  • ইংৰাজীত আছে "Sleep with one ear open” ইয়াৰ মানে

কাণ সাৰ কাণ সঁহাৰি মাৰি শোৱাও হয়। [ ৬৭ ] বেচিব গৈ। তাইক বেচি সিহঁতে ষোল শ কি ওঠৰ শ ডলাৰ পাব বুলি ভাবিছে। এই সৰু লৰাটীক যি তাক কিনি- ছিল তালৈ পঠিয়াই দিয়া হ'ব। জিম্ আৰু তাৰ মাকক কেন্টাকিলৈ সিহঁতৰ গৰাকীৰ ঘৰলৈ পঠোৱা হব। সিহঁতে দুটা কনিষ্ঠবলকো লগত আনিব। সিহঁতৰে এজনে জজৰ ওচৰলৈ গৈ শপত খাই কব যে, এই ছোৱালী তাৰ গোলাম। সিহঁতৰ কথা বতৰাৰ দ্বাৰাই গম পালোঁ, আমি কোন বাট্ট আজি ৰাতি লম সিহঁতে জানে। আঠ জন মানুহ, আমাৰ পাছ লব। এতিয়া কি কৰা ভাল তাকেহে আমাৰ আলচা ভাল।” এই কথা শুনি আটায়ে স্তম্ভিত হ’ল। সকলোৱে নিশ্চল, নিৰ্ব্বাক্। ইলাইজাই গিৰীয়েকৰ সাবট মাৰি ধৰি মুখৰ ফালে চালে। জৰ্জে হাত দুখন মুঠা কৰি উত্তেজিত ভাবে থিয় হৈ ৰ'ল। এই ছবিটি চিত্ৰকৰৰহে উপযুক্ত। কাপৰ উপযুক্ত নহয়।

 ইলাইজাই জৰ্জৰ মুখৰ ফালে চাই কলে, “জৰ্জ, আমি এতিয়া কি কৰিম?”

 জৰ্জে নিজৰ খোটালীলৈ গৈ পিস্তল দুটা লাৰি চাই ক'লে, “মই জানোঁ কি কৰিম।”

 ফিনিএসে স্বাইমনক ক'লে, “চোৱা এতিয়া স্বাইমন চোৱা—কি হয় এতিয়া চোৱা।”

 হুমুনিয়াহ এটা কাঢ়ি ইমনে ক'লে, “মই ঈশ্বৰৰ চৰণত এই ভিক্ষা মাগোঁ যেন কোনো দুৰ্ঘটনা নঘটে। [ ৬৮ ]  জৰ্জে কলে, “মোৰ নিমিত্তে যেন কাৰো কোনো ক্ষতি নহয়। মই কাকো মোৰ উদ্ধাৰৰ নিমিত্তে বিপদত পেলাবলৈ নোখোঁজো। আপোনাসকলৰ কোনো চিন্তা নাই। জিম্ আৰু মোৰ গাত বল আছে। জিমৰ অসুৰৰ দৰে বল। মোৰো বল কম নহয়। আপোনাসকলে যদি গাড়ী এখন দি আমাক ইয়াৰে পৰাই বট দেখুৱাই দিয়ে আমাৰ কাম হ’ব। আপোনাসকলে কিয় কষ্ট কৰি আহে?”

 ফিনিএসে কি উত্তৰ দিলে চোৱা। শুনা।

 ফিনিএসে ক'লে “বন্ধু তহঁত বীৰ হ’ল ও, তহঁতৰ গাত অসুৰৰ দৰে বল থাকিলেও তহঁতৰ এজন সাৰথী লাগিব তো। নহলে কোনে গাড়ী চলাব? তহঁতৰ যিমান ইচ্ছা যায় তহঁতে যুজিবি। মই তহঁতৰ ৰথখন ডকাই যাম বোপাই। তহঁত থিৰ হৈ থাক। যুজ কৰিবৰ সকাম হলে ময়ো পাৰোঁ। কিন্তু তহঁতেই যুজ কৰ। মই কিন্তু সাৰথী দেই।”

 “মই আপোনাক কিয় বিপদত পেলাম?” জৰ্জে ক'লে।

 “বিপদত পেলাবি? তই যেতিয়া মোক বিপদত পেলাব খোজ, মোক কবি, দেই।"

 এতিয়া কথা হৈছে, এই আমাৰ ফিনিএস্ “কুয়েকাৰ হোৱাৰ আগৈয়ে হৃষ্টপুষ্ট বলিষ্ঠ, কৰ্ম্মী মানুহ আছিল। তেওঁ যুক্তৰাজ্যৰ অৰণ্যবাসী আছিল। যুক্তৰাজ্যৰ অৰণ্যত থাকিলে মানুহ সবল সুস্থ হব লাগে। কিয়নো পদে পদে বিপদ। এনে বিপদৰ ঠাইত থাকি আহি বন্ধু ফিনিএসে [ ৬৯ ] বিপদক বিপদ বুলিয়েই নেভাবে। কুয়েকাৰ মানুহবিলাক ধৰ্ম্ম- ভীৰু, ভগবান-প্ৰেমিক, ফিনিএসেও ঠিক তেনে। কিন্তু শৰীৰৰ বল আৰু মনৰ বল কলৈ যায়? এই বিপদৰ কথা শুনি ফিনিএসে বিপদক আকোৱালি লব যেন। আনবোৰ কুয়েকাৰে (quaker) ফিনিএসৰ কোনো দোষ ক’তো নেপায়। তেওঁ এজন ভক্ত। কিন্তু শাৰীৰিক বল ক'লৈ যায়? তেওঁ এজন পুৰুষসিংহ বন্দুক মাৰাত তেওঁ পকা। তেওঁৰ কুয়েকাৰ হোৱাৰো ইতিহাস বৰ মিঠা। এটি সুন্দৰী তিৰুতা দেখি তেওঁ সেই কন্যাক বিয়া কৰালে। তেওঁ কুয়েকাৰ। সেই দেখি তেওঁও সেই অৰণ্য বাস এৰি ছোৱালীটিৰ লগত থাকিলহি। ফিনিএসৰ মন ভাল, ভাব ভাল। কুয়েকাৰ বুঢ়া সকলে একো দোষ ধৰিব নোৱাৰে দেই। দোষ নেথাকিলে এনে ধৰ্ম্মভীৰু মানুহ সকলে কেনেকৈ দোষ উলিয়ায়—কিন্তু। বুঢ়া সকলে তেওঁক পুৰাপুৰি ভকত বুলি নেভাবে। কিয়নো তেওঁ বলিষ্ঠ, যুজপ্ৰিয় ( ভাল কামত অবশ্যে )।

 ৰেচেলে ক'লে, “বন্ধু ফিনিএসে যি ভাবে তাকে কৰিব আমি জানোঁ। কিন্তু তেওঁ যে সজ মানুহ আমি আটায়ে জানোঁ।”

 জৰ্জে এই খিনি সময়তে মাত লগালে “তেনেহলে আমি বেগাবেগিকৈ এতিয়া যাওঁ, পাছত গলে বেয়া হব পাৰে।”

 “মই চাৰিটা বজাত উঠি বেগাবেগিকৈ আহিলোঁ। সিহঁতে সাৰ পোৱাৰ মই দুই তিনি ঘন্টা আগৈয়ে সেই ঠাই এৰিলোঁ। [ ৭০ ] কিন্তু আমাৰ আন্ধাৰ হোৱাৰ আগৈয়ে ওলোৱা ভাল নহয়। বহুত বেয়া মানুহ বাটত থাকিব পাৰে। আমাৰ “ৱেগন” খন দেখিলে সিহঁতে আমাক বলেৰে ৰখাব পাৰে আৰু সিহঁতৰ সৈতে তৰ্ক কৰোঁতে বা যুজোঁতে মিছাকৈয়ে সময় ক্ষতি হব। দুঘণ্টামান পাছত আমি যাব পাৰোঁ। মই মাইকেল ক্ৰশৰ তালৈ যাওঁ। তাৰ ভাল ঘোড়া আছে, সি ঘোড়া দৌড়াই আমাৰ পাছে পাছে যাব আৰু যদি কোনো মানুহ আমাৰ পাছ সঁচাসঁচিকৈয়ে লয়, তেনেহলে সি আমাক জনাই থাকিব পাৰিব। তাৰ ঘোড়াৰ যেনে দৌড় বন্দুকৰো তেনে। এতিয়া তেনেহলে জিম্ আৰু তাৰ মাকক মই তপতৈয়াৰ হৈ থাকিবলৈ কৈ আহোঁ গৈ। কোনো ভয় নাই, আমাৰ সিফালৰ বস্তি আমি, শত্ৰু হঁতৰ আগৈয়ে পাম গৈ। কোনো ভয় নাই। বন্ধু জৰ্জ, ভয় নেখাবি দেই। তহঁতৰ জাতৰ মানুহৰ নিমিত্তে মই আগৈয়ে বহুবাৰ এনে কাম কৰিছোঁ। এয়ে প্ৰথম নহয়। ভয় নেখাবি দেই।”

 স্বাইমনে ক'লে যে, ফিনিয়েসৰ দৰে মানুহ যেতিয়া জৰ্জৰ লগত আছে, জৰ্জৰ অকণকে ভয় নাই। কিন্তু জৰ্জৰ উত্তৰ চোৱা “আপোনা সকলৰ লিমিত্তেহে মোৰ দুখ হয়, কিমান কষ্ট এতিয়াই দিছোঁ। আৰু কিমান বিপদ আমাৰ আগত।”

 স্বাইমনে ক'লে, “বন্ধু জৰ্জ আৰু নকবা, কোনো কথা নকবা। আমাৰ বিবেক বুলি এটা বস্তু আছে, সেই বিবেকেই আমাক আদেশ দিছে। তোমালোকক আমি [ ৭১ ] সাহায্য কৰিবই লাগিব। তোমাৰ কোনো এক্তিয়াৰ নাই, আমাৰো কোনো এক্তিয়াৰ নাই।” এই বুলি কৈ ঘৈণীয়েকক মাত লগাই ক'লে, “ঘৈণী, বেগাবেগি কৰা, এওঁলোকক আমি যেন লঘোণে ইয়াৰ পৰা নপঠিয়াও।”

 ৰেচেল আৰু তেওঁৰ ল'ৰা; ছোৱালীৰিলাকে সকলো বস্তু ঠিকঠাক্ কৰি মেজত সজালে। ৰেচেলে ইলাইজাৰ হাতখন ধৰি টেবিলৰ ওচৰৰৰ মাচিয়াত বহুৱালে গৈ। সকলোৱে খাবলৈ বহিছে এনেতে ৰুথ্, সোমালহি।

 তেওঁ ক'লে, ( আহা, এই কুয়েকাৰ মানুহবিলাক কেনে মৰমিয়াল ) “গৰম উলৰ মোজা কেজোৰমান এই লৰাকণলৈ বুলি আনিছোঁ। তিনি জোৰ—কেনেডাত যিমান জাৰ। লৰাটীয়ে বৰ কষ্ট পাব।” ইলাইজাৰ ওচৰলৈ গৈ হাত জোকাৰি কলে, “ইলাইজা, মনত বল ৰাখিবি। হেৰিৰ নিমিত্তে অলপ কিবাকিবি খাবলৈ আনিছোঁ। ল'ৰা- হতঁৰ যেনে ভোক্। হোঁ, আই, ল।”

 ইলাইজাই ধন্যবাদ দি কলে, “আই, আপোনাৰ মৰম কেতিয়াও নেপাহৰোঁ।”

 “ৰুথ, আঁহা, অলপ খোৱাহি ৰেচেলে ক'লে।  “ও, মই কেনেকৈ খাম? সৰু ল'ৰাটীক জনৰ কোলাত দি আহিছোঁ আৰু কেখনমান পিঠাও বহাই আহিছোঁ। মই এখকো বহিব নোৱাৰোঁ। মই বহিলে কি হব জানানে,,

জনে এই বিস্কুটবোৰ পুড়ি পেলাব আৰু বেবীয়ে কান্দিলে [ ৭২ ]
 

বেবীক নিচুকাবৰ নিমিত্তে বাটীৰ গোটাই চেনি খিনি বেবীক খুৱাব। তেতিয়া কি হ’ব কোৱাচোন? মই যাওঁ দেই। ইলাইজা, গুড বাই (ভগবান তোমাৰ লগত সকলো সময়তে থাকক), জৰ্জ, গুড বাই । প্ৰভুয়ে যেন তোমালোকক নিৰাপদে ৰাখি তোমালোকৰ উদ্দেশ্য সিদ্ধি কৰে।” ৰুথ,তুমি দয়াশীলা ৰমণী। তোমাৰ দৰে ৰমণী যেন সকলো সময়তে এই পৃথিবীত বিৰাজ কৰে। বেচেলৰ কথা কি ক’ম? এনে ৰমণী, তিৰুতা, মহিলা আছে দেখিয়েই আমি ভাৰতবৰ্ষত দেবী পূজা কৰোঁ ৷

 ভাত পানী খোৱাৰ পাছত এখন ৱেগন দুৱাৰমুখলৈ আহিল। ভগবানৰ কি ইচ্ছা। সেই দিনা এইবোৰ মানুহে দাসত্বৰ পৰা মুক্তি পাব বুলিয়েই নে কি তেওঁ প্ৰকৃতিক আদেশ দিলে যে, চন্দ্ৰ তাৰকামালা সাক্ষী হৈ সকলোকে কব যে, দাসত্ব ভগবানৰ বিধান নহয়। সি বাৰু যি হওক—এই কথা ফেৰি এই অনুবাদকৰ সপোন মাথোন

 ফিনিয়েসে সকলো ঠিক‌্ঠাক্ কৰিলে। জৰ্জ ওলাই আহিল। এফালে ঘৈণীয়েক, এফালে হেৰি। মুখত একণকে ভয়ৰ চিন্ নাই, ভৰিৰ খোজ বীৰৰ দৰে। এনে বিপদত পৰিলে যেন সকলোৰে এনে পুৰুষসিংহৰ ভাব হয়। বেচেল, স্বাইমন ওলাই আহিল। সেই বসতিৰ সকলোৱেই এই দুৰ্ভগীয়া পথিক সকলক আশীৰ্ব্বাদ দিবলৈ ওলাই আহিল।


————————

[ ৭৩ ]
 
 বস্তু-বেহানী ৰখা হ’ল। ৱেগন্ খন্ ঠিকঠাক কৰা হল ৷ ৰেচেলে গাড়ীৰ তত্ত্বাৱধান কৰিছে, ক’ত কি থাকিব, কেনেকৈ থাকিব। ফিনিয়েসে তিৰুতা আৰু শিশু সকলৰ বহাৰ বন্ধবস্ত কৰিলে।

 জিমক জৰ্জে শুধিলে “জিম তোৰ পিস্তল কেটা ঠিক আছে তো?”

 জিমে কলে, “ঠিক আছে। আকৌ আইক সিহঁতক লৈ যাবলৈ দিম নে? সিহঁতে আমাক ধৰিবলৈ আহিলে কি কৰিব লাগিব, আমি জানোঁ নহয়।” এই দুটী ল’ৰাই দুখ পাই পাই আৰু সহিব নোৱাৰি এই শেষ অৱস্থালৈ আহিছে, ধৰিবলৈ আহিলে ধৰা নিদিওঁ। হয় মৰিম, নহলে মাৰিম।

 ইলাইজাই সকলোৰে সৈতে কথা কৈ বিদায় ল’লে। আন সকলোৱেও বিদায় ল’লে। স্বাইমনে ক’লে, “বন্ধুসকল, বিদায়”(Farewell my friends). চোৱা, ধাৰ্ম্মিক মানুহ হ’লে সকলোকে বন্ধু বুলি ভাবে। কিন্তু স্বাইমন, আমি যাক ধাৰ্ম্মিক বুলি কওঁ তেনে ধাৰ্ম্মিক নাছিল। আমি ধাৰ্ম্মিক বুলিলেই সংসাৰ ত্যাগী, গৈৰিকধাৰী আৰু আন এনে বসনধাৰী মানুহৰ কথাহে ভাবোঁ ৷ কিন্তু স্বাইমনে ধৰ্ম্ম আৰু কৰ্ম্ম দুয়োৰো উপাসক আছিল ৷

 স্বাইমনৰ কথা শুনি গাড়ীৰ ভিতৰৰ পৰা সকলোৱে ক’লে, “ভগবানে অপোনালোকৰ মঙ্গল কৰোক।” [ ৭৪ ]
 

 বৰফে ঢাকা বাটে দি গাড়ীখন ঘৰ গৰ্গৰ কৰি হেলি দুলি নিজৰ যাব লগীয়া বাটে দি গ’ল।

——০——

 গাড়ী গৈ আছে, গৈ আছে। জৰ্জৰ কাণ, চকু, মন সেই এক ফালে, যি ফালৰ পৰা বিপদৰ সম্ভৱ। ৰাতি তিনিমান বজাৰ সময়ত জৰ্জে ঘোড়াই দোঁড়ি অহাৰ শবদ শুনিলে। ফিনিএসক সেই বিষয়ে জনোৱাত তেওঁ গাড়ীখন ৰখালে। ক’লে, “সেইয়া নিশ্চয় মাইকেল, তাৰ ঘোড়া চেকুৰুৱাৰ শবদ শুনিয়েই মই গম পাইছোঁ।”

 আটায়ে বাট চাই আছে। অলপ পৰ পাছত মাইকেল ঘোড়া চেকুৰাই সেই খিনি পালেহি। মাইকেলৰ ঘোড়া চেকুৰুৱাৰ কি ক্ষমতা, কি দৃঢ়তা। মাইকেলৰ দৰে বন্ধু থাকিলে, ফিনিএসৰ দৰে সাৰথী থাকিলে বিপদক আগ বাঢ়ি বৰণ কৰিবলৈ মন যায়। জগত-কবি ৰবীন্দ্ৰনাথ ঠাকুৰে কি কৈছে—“বিপদে মোৰে ৰক্ষা কৰ এ নহে মোৰ প্ৰাৰ্থনা, বিপদে যেন না কৰি কোন ভয়”। অতি সুন্দৰ কথা। মাইকেল, ফিনিএস আৰু এনে আন মানুহ লগত থাকিলে বিপদ হয়তো বা সম্পদেই হব পাৰে।

 মাইকেলে কলে, “ফিনিএস তই নে?”

 “হয় কি বাতৰি ভাই? সিহঁত আহিছে নে কি?”

 “আঠটা কি দহটা পাছে পাছে অহিছে—ভোকত—মৰা বাঘৰ দৰে আহিছে।”