দদাইৰ পজা/চতুৰ্থ অধ্যায়

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
দদাইৰ পজা
লেখক হ্যাৰিয়েট বীচৰ ষ্টো, translated by জ্ঞানদাভিৰাম বৰুৱা
দদাইৰ পজা বা টম্‌ দদাইৰ পজা হৈছে হ্যাৰিয়েট বীচৰ ষ্টোৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ দাসত্ব-প্ৰথাক লৈ লিখা ইংৰাজী ভাষাৰ উপন্যাস Uncle Tom's Cabin-ৰ জ্ঞানদাভিৰাম বৰুৱাই কৰা অসমীয়া অনুবাদ। (ePub ফাইল ৰূপে ডাউনলোড কৰক PDF ফাইল ৰূপে ডাউনলোড কৰক mobi ফাইল ৰূপে ডাউনলোড কৰক)

[ ৪০ ]  ফেব্ৰুয়াৰী মাহৰ সেই ৰাতি পুৱাৰ দিনা বৰ এন্ধাৰ আৰু গোটাইখিনি সময় কিনকিনাই বৰষুণ দি আছিল। বিশেষ টম্ দদাইৰ পজাৰ খিলিকিৰ পৰা চালে সেই দিনা বাহিৰত বৰ দুৰ্য্যোগ হেন লাগিছিল। বাহিৰেও দুৰ্য্যোগ, ভিতৰও দুৰ্য্যোগ। পজাৰ ভিতৰৰ মানুহবোৰৰ আজি বৰ দুখ। সিহঁত শোকত অধীৰ। আজি টমক লৈ যাব।

 লৈ যাব। এবাৰ ভাবি চোৱাচোন। নিজৰ গৃহিণী, ল’ৰা-ছোৱালীৰ পৰা লৈ যাব। এনেকৈ শত সহস্ৰ গোলামবোৰক নিজৰ আত্মীয়-স্বজন পৰিয়ালৰ বুকুৰ পৰা দিনৌ কাঢ়ি লৈ যোৱা সেইখিনি সময়ত বিৰল নাছিল। কিন্তু আমাৰ টম্, ধৰ্ম্ম-ভীৰু, ধাৰ্ম্মিক, সজ টমক লৈ যোৱাত টমৰ পৰিয়ালৰ দুখৰ লগে লগে আমাৰ বুকুতো যে শোকে খুন্দা মাৰি ধৰে।

 আণ্ট ক্লোই টমৰ কাপোৰবোৰ ঠিক কৰিছে। তাৰ লগতে খোৱা-বোৱাৰ বস্তুবোৰো এখন চাফ-চিকণ টেবিলৰ ওপৰত সজাই থৈ দি আছে। মাজে মাজে চকুৰ পানী হাতেৰে মছি আছে। টমে বাইবেলখন হাতত লৈ তেওঁৰ ঘৈণীয়েকৰ ওচৰত বহি আছে। কাৰো মুখত কথা নাই। [ ৪১ ] এতিয়াও বৰ পুৱা। লৰাহতে এতিয়াও সাৰ পোৱা নাই। আটাই কেটাই একে লগে শুই আছে।

 টমে বাইবেলখন পঢ়ি ল’ৰাহঁতৰ বিছনাৰ ফালে গ’ল। “এই শেষ-বাৰ“ তেওঁ ক’লে। এই নীগ্ৰো জাতিৰ অপত্য-স্নেহ আৰু ঘৰৰ আত্মীয়-স্বজনলৈ মৰম বৰ। এই নিমিত্তেও সিহঁতে এনেকৈ নিজৰ মানুহৰ কাষৰ পৰা টনা আজোৰাৰ বিচ্ছেদত বৰ দুখ পাইছিল।

 আন্ট্ ক্লোই একো নকৈ কাম কৰি থাকিল। যি ইস্ত্ৰিলৈ কাম কৰি আছিল, সেই ইস্ত্ৰিলৈয়ে কাম কৰি থাকিল। কিন্তু অলপ , পৰ পাছত আৰু থাকিব নোৱাৰি হুক হুক কৰি কান্দিবলৈ ধৰিলে। ই কান্দোন একেবাৰেই নিৰাশাৰ বুক ফটা কান্দোন।

 “ভগবানৰ ভৰিত সকলোকে সঁপি দিব লাগে জানো। কিন্তু মই কেনেকৈ পাৰিম ঐ। যদিহে জানিলোঁ হয় তুমি ক’লৈ যাবা, তোমাক সিহঁতে কেনেকৈ ৰাখিব, তেওঁ এটা কথা আছিল। তাকো তো নেজানাঁ। আইয়ে কৈছে হয় তোমাক দুই এ বছৰৰ ভিতৰতে আকৌ মোকলাই আনিব, কিন্তু এবাৰ গ’লে দেখোঁ কোনেও উভতি নাহে। সিহঁতে কাম কৰাই সেই বাগিচা বোৰত মাৰি পেলায়।”

 “ক্লো, ইয়াত যি জন ঈশ্বৰে আমাক ৰাখিছে তাতো সেই একেজন ঈশ্বৰেই।”

 চোৱা, ঈশ্বৰৰ ওপৰত কিমান ভৰসা কিমান ভক্তি। টমৰ দৰে মানুহ থাকিলে নীগ্ৰো জাতি কিয় হীন হব?
[ ৪২ ]  আন্ট্ ক্লোই ক’লে, “এই কথাই মোৰ একণকে আশা নিদিয়ে। কিন্তু আশা হোৱা ভাল, নহয় নে? আৰু কথা কৈয়েই বা কি হব? তোমাক এ সাঁজি ভালকৈ খুৱাঁও এতিয়া। আকৌ কেতিয়াবা বা খাবলৈ পোৱা।”

 এই বুলি খোৱা-বোৱাৰ বন্দবস্ত কৰিবলৈ ধৰিলে। সেই দিনা মিসেস্ শ্বেলবিয়ে ক্লোক্ ঘৰৰ কাম কৰিবলৈ দিয়া নাই। সেই দেখি আজৰি পাই ক্লোই যিমান দূৰ শকতি সিমান দূৰ ভালকৈ টমে ভাল পোৱা বস্তুবোৰ ৰান্ধিবলৈ সময় পাইছিল। সেইবোৰ বস্তু সুন্দৰকৈ ৰান্ধি ধৌ ধৌ কৰে বগা মেজৰ চাদৰৰ ওপৰত সজাই থ’লে। নিজৰ হাতৰ আচাৰ নিজৰ হাতৰ চাট্‌নিবোৰ মেজত সজাই থলে। ক্লো যেনে আদৰ্শ দাসী আছিল, তেনে আদৰ্শ গৃহিণীও আছিল। এই আচাৰ, মোৰোব্বাবেৰ বিশেষ সকাম হ’লে হে উলিউৱা হয়।

 ল’ৰাবিলাকে খোৱা বস্তুবোৰ দেখি বেগাবেগিকৈ মুখ ধূই আহি খাবলৈ বহিল হি। খোৱা-বোৱাৰ পাছত মাকক কান্দা দেখি সিহঁতেও কান্দিবলৈ ধৰিলে। কিয় যে আজি ভোজৰ দৰে খোৱাৰ বন্দবস্ত হৈছে আৰু কিয় যে মাকে কান্দিছে সিহঁতে নেজানে। কেৱল মাথোন দেখিলে ভাল খোৱা বস্তু বহুতো আছে খালে, আৰু দেখিলে মাকে কান্দিছে বাপেকে মনৰ দুখেৰে বহি আছে, তেওঁলোকৰ তেনে অৱস্থা দেখি কান্দিলে। এনেকৈ কান্দি থাকোতে থাকোতে এজনে ক’লে “সৌৱা, আই আহিছে।”
[ ৪৩ ]  আন্ট্ ক্লোই ক’লে, “তেওঁ আহিছে? তেওঁ কোনো সজ কামলৈ অহা নাই।”

 মিসেস্ শ্বেলবি অহা দেখি আন্ট ক্লোই মাচিয়া এখন দিলে কিন্তু মাচিয়াখন দিয়াত আগৰ দৰে হৃদ্যতা নাই, আগৰ দৰে মৰমৰ চিন নাই। আৰু কি, মাচিয়াখন থপ কৰি পেলাই দিয়াৰ দৰে দিলে। মিসেস্ শ্বেলবিৰো মন গধূৰ, তেওঁ আগৰ দৰে নেহাঁহিলে, আগৰ দৰে সকলোৰে পিনে চাই কথা নকলে। টমৰ ফালে চাই ক’লে, “টম্, তোমাক মই একো দিব নোৱাৰোঁ। যিহকে দিওঁ, সিহঁতে সকলোকে ল’ব। কিন্তু মই এনেখিনি সময়ত থিয় হৈ তোমাক কৈছোঁ যে, মোৰ যেতিয়াই প্ৰথমে সুবিধা হয় তেতিয়াই তোমাক মই মোকলাই আনিম। ঈশ্বৰ সাক্ষী। আৰু তেতিয়ালৈকে, টম্, তুমি ভগবানৰ ওপৰত নিৰ্ভৰ কৰি থাকা। মই তোমাক নিশ্চয়েই আনিম।”

 এনেকৈ কথা কৈ থাকোঁতে ল’ৰাহঁতে কলে, মাষ্টৰ হেলি আহিব লাগিছে। এই কথা কোৱাৰ পাছতে দুৱাৰখন কোনোবাই গুৰিয়াই মেলিলে আৰু হেলি মাষ্টৰ গোৰৰ লগে লগে ভিতৰলৈ সোমালহি বৰ খং।

 কলে হি “এই নিগাৰ” (নিগাৰ মানে কলা মানুহ। কিন্তু নিগাৰ কথাটো হেলিয়ে মুঠেই কলা মানুহ বুলি কোৱা নাছিল। নিগৰি বুলি “অধম” কি তাৰ কৈও অধম এনে ভাব হে প্ৰকাশ কৰিছিল) “এই নিগাৰ, তই যাবলৈ সাজু [ ৪৪ ] হৈছ নে?” মিসেস্ শ্বেলবিক দেখি মুৰৰ পৰা টুপি খুলিলে আৰু একাষাৰ ভদ্ৰতাৰ কথা কলে।

 টমে, সজ টমে এই কথা শুনি আৰু একো কথা নকৈ নতুন মালিকৰ পাছে পাছে যাবলৈ ধৰিলে। টমৰ ঘৈণীয়েকে সৰু কেচুৱাটিক কোলাত লৈ গিৰীয়েকৰ পাছে পাছে গল। সকলোৱে কান্দি কান্দি, লৰাই ছোৱালীয়ে ওচৰ চুবুৰিয়া সকলোৱে গাড়ীৰ ওচৰলৈ গল। মিসেস্ শ্বেলবিয়ে অলপ পৰ হলিটোক কথা কৈ ৰাখিলে। ইচ্ছা যে, টমে নিজৰ মানুহৰ পৰা ভালকৈ বিদায় লৈ যাওক। টমক সকলোৱে ভাল পায়, সেই কৰ্ম্মক্ষেত্ৰৰ সকলো মানুহ, মুনিহ, তিৰুতা, বুঢ়া-বুঢ়ী, ডেকা-গাভৰু, লৰা-ছোৱালী সকলোৱে টমক বিদায় দিবলৈ আহিল।

 অলপ পৰ পাছত হেলিয়ে টমক কলে, “ভিতৰলৈ সোমা!” সকলো গোলামে হেলিৰ ফালে দুখ আৰু খঙ্গত কেৰাহিকৈ চালে।

 হেলিয়ে কি কৰিলে শুনা। টম গাড়ীত সোমাল। হেলিয়ে তেতিয়াই টমৰ ভৰি দুখন শিকলিৰে বান্ধি দিলে। এটা জন্তুহে যেন।

 টমে ক’লে, “জৰ্জ বোপা নাই, সেই দেখিহে মোৰ দুখ লাগিছে। জৰ্জ বোপাক মৰম দিব দেই।”

 জৰ্জ, শ্বেলবিৰ লৰা। তিনদিনমান আগৈয়ে কোনো বন্ধু এজনৰ ঘৰলৈ গৈছিল। টমৰ এনে বিপদৰ কথা জৰ্জে শুনা নাছিল। [ ৪৫ ]  হেলিয়ে ঘোড়াক চাবুকেৰে কোবালে। ঘোড়া চেকুৰিব ধৰিলে। আৰু টমে সকলোৰে ফালে যিমান পৰলৈ দৃষ্টি যায় চাবলৈ ধৰিলে।

 এ্যামেৰিকা ( America) আৰু ইউৰোপত সকলো ঠাইতে হোটেল আছে, বিশ্ৰামাগাৰ আছে ( আমাৰ দেশৰ ডাক-বঙ্গলাৰ দৰে নহয়)। সেই এনে এটি বিশ্ৰামাগত এদিন ডাৱৰীয়া আবেলি এজন মানুহ আহি কেন্টাকিৰ এখন গাড়ীৰ পৰা নামিলহি। সেই বিশ্ৰামাগৰৰ এটি খোটালিত। সোমাই সেই মানুহটীয়ে বহুত মানুহ দেখিলে। ডাৱৰীয়া বতৰ। কাকো লাগে মদ, কাকো লাগে চাহ, কাধ বা কফী, সকলেৱে কেনেকৈ জাৰত উম পায় সেই ভাবি সকলোৱে সেই খোটালিত সোমাই আছে। মদ খোৱা মানুহে জহকালি মদ খায় জহ খেদাবলৈ, জাৰকালি মদ খায় জাৰ খেদাবলৈ। মদ খোৱা মানুহৰ “কাৰণ একো নাই। মদ খাবই। মন বেয়া লাগিছে। মদ খাব। মন। ভাল লাগিছে। মদ খাব। মন ভালো লগা নাই, বেয়াও, নগা নাই। মদ খাব। সি বাৰু যি হওক। এনে এটি খোটালিত আমাৰ পথিক জন সোমালহি। কেন্টাকিৰ মানুহ- বোৰ সবল সুস্থ শৰীৰৰ, অসুৰ বুলিলেও ক্ষতি নাই। এই এনেবোৰ মানুহে নিজৰ সবল সুস্থ শৰীৰৰ আনন্দত, নিজৰ দৰ্পৰ ভাৰত, নিজৰ স্বাবলম্বী আত্মম্ভৰিতাত মদ খাই [ ৪৬ ] সেই খোটালিত বহি, থিয় হৈ আছে। এনে খিনি সময়ত আমাৰ পথিকজন সোমাল হি। খোটালিৰ চাৰিউফালে বন্দুক গুলিৰ মোনা, কুকুৰ আৰু সৰু সৰু নীগ্ৰো লৰা

 সেই মানুহটি শকত আবত চুটি চাপৰ। কাপোৰ কাণি ঠিকঠাক। মুখখন প্ৰফুল্ল, আৰু সকলো পিনে চাফ-চিকণ। কাপোৰৰ টোপোলা ( ব্যাগ ) আৰু ছাতা কাকো নিদিয়ে। চাৰিওপিনে জুই চাই চাই চিন্তি কাপোৰ কাণি ছাতা আৰু আন আন নিজৰ বস্তু-বেহানী লৈ সেই খোটালীৰ আটাইতকৈ যি। ফালে গৰম সেই ফালে বহিল গৈ। বস্তু বেহানী মাচিয়াৰ তলত থলে গৈ। চাকৰ-নকৰে ব্যস্তভাবে লবলৈ অহাতে নিদিলে।

 বুঢ়া মানুহটীয়ে কেটামান মানুহে একে লগে বাতৰি কাকত এখন পঢ়ি কিবা কথা কোৱাকুৱি কৰি থকা দেখি শুধিলে “কি হৈছে?”

 তাৰে এজনে কলে, “নিগাৰ এটাৰ বিষয়ে বিজ্ঞাপন।”

 এই মানুহজনৰ নাম উইলসন্। মিষ্টৰ উইলসনে এই কথা শুনি ব্যাগ আৰু ছাতা ডুখৰি সাৱধানে থৈ কাকতখন হাতত ললে। হাতত লৈ বীত চকু জোৰ জেপৰ পৰা উলিয়াই, নাকত লগালে। লগাই অটোৱাৰ পাছত ধীব ভাবেৰে কাকতখন পঢ়িবলৈ ধৰিলে কাকতত আছিল :⸺

 “তলত নাম লেখা মানুহ জনৰ ঘৰৰ পৰা এটা মিউলাটো লৰা জৰ্জ পলাই গৈছে। এই জৰ্জ আপা দীঘলে ছয় ফুট, [ ৪৭ ] মিউলাটোৰ ভিতৰৰ বগা বৰণৰ, চুলি অলপ ৰঙ্গচীয়া, কেঁকোৰাকেঁকোৰি, বৰ বুদ্ধিমান, ভালকৈ কথা কব পাৰে, লেখিব পঢ়িব পাৰে। বগা মানুহ বুলি চিনাকীও দিব পাৰে। পিঠিত আৰু কান্ধত বহুত দাগ আছে। সোঁও হাতত এইচ “H” আখৰটো মছিব নোৱাৰাকৈ ছাপ মৰা আছে। যি মানুহে সেই মানুহটোক মোক জীয়াই ধৰি আনি দিব পাৰে, তেওঁক মই চাৰি শ ডলাৰ পুৰষ্কাৰ দিম। আৰু সঠিককৈ তাক হত্যা কৰাৰ বাতৰি আনি দিলেও সেই একে খিনি টকাকে বটা দিম।”

 এই ভদ্ৰলোক জনে আগৰ পৰা গুৰিলৈকে সেই জাননী- খন ভালকৈ পঢ়িলে।

 এনে খিনি পৰতে এটা ঘোড়াই টনা এখন বগি (Buggy) গাড়ী আশ্ৰম খনৰ আগত ৰল হি। গাড়ীখন দেখিলে ভাল মানুহৰ গাড়ী যেন দেখি। সুন্দৰকৈ কাপোৰ-কাণি পিন্ধা এজন ভাল মানুহ তাত বহি আছে, আৰু এটি ক'লা ( Coloured এই কথাৰ অৰ্থ ৰং থকা, কলা নহৈ বগাতকৈ অলপ কলা মানুৰবোৰক এই আখ্যা দিয়া হয় ) চাকৰে গাড়ীখনি চলাই আনিছে। এলেহুৱা মানুহে কোনো নতুন মানুহ আহিলে যেনেকৈ চায় সেই তেনেকৈ নতুনকৈ অহা অতিথিবোৰক সেই আশ্ৰমৰ মানুহবোৰে চাবলৈ ধৰিলে। তাতে ডাৱৰীয়া বতৰ-এনে বতৰত মানুহৰ এলাহ আৰু বাঢ়ে। মানুহটী বৰ দীঘল, সুন্দৰ কলা বৰণীয়া ভাব প্ৰকাশক চকু [ ৪৮ ] স্পেইন দেশৰ মানুহৰ দৰে, চুলি কলা, মসৃণ, সৰু সৰু কেঁকোৰাকেঁকোৰি, নাক দীঘল, পুৰুৰসিংহৰ দৰে আকৃতিৰ মানুহটি দেখি সকলোৱে স্তম্ভিত হ’ল আৰু তেওঁক এজন অসাধাৰণ পুৰুষ বুলি ভাবিলে। তেওঁ অতি ধীৰ আৰু সহজ ভাবে সেই মানুহ জুমৰ ওচৰলৈ আহিল। আৰু মুৰ দোঁৱাই আশ্ৰম-লিগিৰাক তেওঁৰ পেৰাটো ক'ত থব দেখুৱাই দি, মানুহবিলাকক অভিবাদন কৰি লাহে লাহে গৈ আশ্ৰম- গৰাকীক নিজৰ নাম ধাম শ্বেলৰি কাউন্টিৰ, ওকলেণ্ডৰ হেনৰি বাটলৰি বুলি ক'লে।

 নতুন অতিথিজন অহাৰে পৰা মিঃ উইলসনে তেওঁৰ ফালে ব্যগ্ৰভাবে একে থৰে চাবলৈ ধৰিলে। মনৰ ভাব দেখি এনেহে ধাৰণা হৈছিল তেওঁ যেন সেই মানুহটিক কৰবাত দেখিছে কিন্তু ক’ত যে দেখিছিল তাক থিৰাং কৈ কব যেন নোৱাৰে।

 সেই ফালে একে থৰে চাই থাকে কিন্তু নতুন আলহিৰ উজ্জ্বল চকু তেওঁৰ ফালে গলেই আন ফালে তেওঁ চায়। লুকাভাকু আৰু। নতুন আলহৰি দৃষ্টিত কোনো সঙ্কেতেই নাই। কিন্তু মিঃ উইলসনে ভাবি ভাবি উলিয়ালে তেওঁক কত দেখিছে—তাৰ পাছত যেতিয়া মনত পৰিল তেওঁ নতুন আলহিৰ ফালে ভীত আৰু বিয়াকুল ভাবে চাই তেওঁৰ ফালে আগ বাঢ়ি আহিল। নতুন আলহিয়ে তেতিয়া চিনি পোৱা ভাও কৰি হাত আগ বঢ়াই দি ক'লে,-[ ৪৯ ]  “মিঃ উইলসন, নহয় নে? মোক ক্ষমা কৰিব দেই। মই ভাবিবকে পৰা নাছিলো। আপোনাৰ দেখোন মোক মনত আছে—শ্বেলৰি কাউন্টিৰ ওকলেণ্ডৰ মিঃ বাটলাৰ।”

 “হ-হ-হ-য় হয় স্যৰ, মোৰ মনত পৰিছে” সপোনত কথা কোৱা মানুহৰ দৰে এই আষাৰ কথা ক'লে।

 এনে সময়তে এটি নীগ্ৰো আপা আহি ক'লে, “মাষ্টৰৰ ( নীগ্ৰোবিলাকে এনেকৈ ভাল মানুহৰ কথা কৈছিল, আমাৰ যেনে এখেত”) খোটালী তপতৈয়াৰ। মাষ্টাৰ গলেই হয়।

 নতুন আলহিজনে তেওঁৰ নগ্ৰো কোচম্যানক কলে, “জিম, মোৰ পেৰা বোৰ তদাৰক কৰিবি দেই” এই আষাৰ কথা জিমক কৈ, মিঃ উইলসনৰ ফালে চাই ক'লে, “মিঃ উইলসন, মোৰ খোটালীলৈ আহকচোন আপোনাৰে সৈতে এটি বিশেয কামৰ কথা আছে। অনুগ্ৰহ কৰি আহিলে ভাল পাম।”

 কথাকেই উইলসন কোন? জৰ্জে এওঁৰে কাৰখানাত কিছুদিন কাম কৰিছিল। তেওঁ টোপনীত খোজ কৰা মানুহৰ দৰে সেই নতুন আলহিৰ পাছে পাছে যাবলৈ ধৰিলে। এটা ওপৰৰ তলৰ ডাঙ্গৰ খোটালীত দুয়ো সোমালগৈ। সেই খোটালীত নতুনকৈ বৰ একুড়া জুই আছে, আৰু চাকৰ নাকৰবিলাকে খোটালীটি ঠিকঠাক কৰিব লাগিছে। চাকৰ- বোৰৰ কাম শেহ হলত ডেকা মানুহটিয়ে দুৱাৰখন গম্ভীৰ [ ৫০ ] ভাবে চাবিৰে বন্ধ কৰি চাবিটো জেপত ভৰালে। ভৰাই বুকুত হাত সাবটি মিঃ উইলসনৰ ফালে একে থৰে চাই থাকিল।

 মিঃ উইলসনে কলে, “জৰ্জ!”

 “হয়, জৰ্জ।” ডেকা-লৰাটিয়ে উত্তৰ দিলে।

 “মই এনে কথা ভাবিব পৰা নাদিলোঁ। জৰ্জে হাঁহি উত্তৰ দিলে, “মোৰ বেশ ছদ্ম, সুন্দৰকৈ সাজিছোঁ, কোনে গম পাব? মোৰ হালধীয়া বৰণত আখৰো টৰ চাল ঘঁহি অলপ ৰঙ্গচীয়া কৰি লৈছোঁ। মোৰ চুলিত কলা কলপ দি লৈছোঁ। সেই জাননীৰ লেখা বিৱৰণৰ সৈতে মোৰ কিবা মিল আছে নে?”

 “কিন্তু জৰ্জ কি কাম কৰিছা, তুমি? নেজানানে এনে কাম কৰিলে কি হয়? মই তোমাক এনে কাম কৰিবলৈ। কেতিয়াও নকঁও।”

 জৰ্জে সেই একে ধৰণৰ হাঁহি মাৰি উত্তৰ দিলে, “মই নিজৰ গধূৰ দায়িত্ব বুজিহে এনে কাম কৰিছোঁ।”

 মিঃ উইলসন্ বৰ ভাল মানুহ আছিল–-কিন্তু তেওঁ সকলো কামকে অতি সাবধানে কৰিছিল। নেদেখিলা নে তেওঁব বস্তু-বেহানীবোৰ কেনেকৈ সাবধানে ৰাখিছিল। কথা কৈ থাকোতেও হাতত ব্যাগ আৰু লাঠি তেওঁ খোটালিৰ চাৰিউফালে ফুৰি ফুৰি জৰ্জক এনেকৈ ক'লে, “জৰ্জ, তেনেহলে তই পলাইছ, তোৰ নিজৰ গৰাকীৰ ঘৰৰ পৰা তই পলাইছ। [ ৫১ ] জৰ্জ ইয়াত মই অকণো আচৰিত হোৱা নাই। কিন্তু জৰ্জ, মই বেজাৰ পাইছোঁ, তোৰ ব্যৱহাৰত বৰ বেজাৰ পাইছোঁ। মোৰ এই কথা কবই লাগিব, জৰ্জ, এই কথা কোৱা মোৰ কৰ্ত্তব্য।”

 “দেউতা, আপুনি বেজাৰ কৰিছে কিয়?”

 “কিয় বেজাৰ? তুমি তোমাৰ দেশৰ আইনক অগ্ৰাহ্য কৰিছা দেখি।”

 “মোৰ দেশ? মোৰ দেশ কত? মোৰ দেশ মোৰ নিজৰ কবৰ হব, মোব আন কোনো দেশ নাই।”

 চুটি চাপৰ বুঢ়া মানুহটিয়ে কবলৈ ধৰিলে,"জৰ্জ, তুমি জানা যে, মই সকলো সময়তে সকলো ঠাইতে তোমাৰ বন্ধু। আৰু যদি কেতিয়াবা তোমাক কিবা একাষাৰ বেয়া কথা কৈছোঁ তোমাৰ ভালৰ নিমিত্তেহে কৈছোঁ কিন্তু এতিয়া তুমি যে কি বিপদত ভৰি দি আছা তুমি নেজানা। কেতিয়াও কৃতকাৰ্য হব নোৱাৰা। তুমি ধৰা পৰিলে তোমাক সিহঁতে আৰু কষ্ট দিব তোমাক আধাম-ৰা কৰিব। তোমাক নৈৰ ভাটিৰ ফালে বেচিব।”

 মিঃ উইলসন,"জৰ্জে কলে, “মই সকলো জানোঁ সকলো বুজোঁ। মোৰ বিপদৰ কথা কথা মই জানোঁ”-এই বুলি ওভাৰকোটৰ বুতাম খুলিলে। তেওঁ দেখিলে যে, দুটা পিস্তল আৰু এখন ডাঙ্গৰ কটাৰী জেপৰ ভিতৰত।--“সিহঁতৰ নিমিত্তে মই প্ৰস্তুত। দক্ষিণ ফালে মই কেতিয়াও নেযাওঁ। [ ৫২ ] যদি কিবা যেন দেখোঁ ছফিট মাটিৰ বন্দবস্ত কৰিব পাৰিম তো। সেই মাটিয়েই কেণ্টাকিত মোৰ প্ৰথম আৰু শেহ মাটী হব।” এই ছয় ফিট মাটিৰ অৰ্থ হৈছে কবৰ। জৰ্জে যে ধৰা নিদিয়ে আৰু ধৰা পৰাৰ আগৈয়ে নিজেই আত্মহত্য কৰিব ইয়াৰ দ্বাৰাই বুজাইছে।

 "জৰ্জ, কি কোৱা, বোপাই, এনে মনৰ অৱস্থা যে বৰ শোক লগা। জৰ্জ, মই বৰ ভাৱনাত পৰিছোঁ। তোমাৰ দেশৰ আইনক তুমি অমান্য কৰিছা!"

 "দেউতা, মোৰ নিজৰ দেশ নাই; কিন্তু মোৰ দেশ এখন কৰি ল’ম। আপোনাৰ দেশ মোক নালাগে আপোনাৰ দেশে যেন মোক শান্তিত থাকিবলৈ আৰু ইয়াৰ পৰা যাবলৈ সুযোগ দিয়ে। এই দেশে যেন মোক আৰু একোকে নিদিয়ে, আপোনাৰ দেশৰ পৰা মই আৰু একো নেখোজো। মই যেতিয়া ক্যানাডা পামগৈ, সেইখন মোৰ দেশ হ'ব। কিয়নো ক্যানাডাই মোক প্ৰতিপালন কৰিব, মোক ৰক্ষা কৰিব, সেই দেখি ক্যানাডাৰ আইন মই গ্ৰাহ্য কৰিম, সেই আইন মই মুৰ পাতি ল’ম। যদি মোক কোনোবাই এই দেশ এৰি যাওঁতে বাধা দিবলৈ আহে, তেওঁ যেন সাবধান হয়। মোৰ মুক্তিৰ বাট যেন কোনোৱে ৰোধ নকৰে। যদি কোনোবাই কৰে মই তেওঁৰ সৈতে যুজিম, আৰু শেহলৈকে যুজিম!”

 “বাৰু জৰ্জ, যা যা আগ বাঢ়। কিন্তু সাৱধান আপা, সাৱধান! কাকো গুলি নামাৰিবি, জৰ্জ, গুলি নামাৰিবি, [ ৫৩ ] কিন্তু যদি—যদি মাৰ,মাৰ যদি মাৰিবি-গুলি যেন গাত নেলাগে। তোৰ ঘৈণীয়েৰ কত?” এই বুলি আকৌ খোটালীৰ চাৰিউফালে ফুৰিবলৈ ধৰিলে।

 “দেউতা, গ'ল, পলাই গল। ক’লৈ গ'ল কব নোৱাৰোঁ। ভগবানেহে জানে তেওঁৰ লগত কত দেখা হব, ইহলোকত নে পৰলোকত।”

 “এনে কথা হব পাৰে নে? আচৰিত। এনে মৰমীয়াল পৰিয়ালৰ ঘৰৰ পৰা গলাই গ'ল।”

 জৰ্জে ততালিকৈ উত্তৰ দিলে, “মৰমীয়াল পৰিয়ালৰৰ ধাৰ লাগে, আৰু মৰমীয়াল পৰিয়ালকো আমাৰ দেশৰ আইনে মাকৰ বুকুৰ পৰা সন্তানক কাঢ়ি নি বেচিবলৈ হুকুম দিয়ে।”

 “বাৰু, বাৰু হৈছে হৈছে” সজমানুহজনে জেপত হাত ভৰাই খপজপাই কিবা বিচাৰিব ধৰিলে। তেওঁ বিচাশক্তিৰে কাম কৰিছে নে নাই ভাবিব ধৰিলে। তাৰ পাছত “যাওক বিচাৰশক্তি” বুলি জেপৰ পৰা কেতবোৰ নোট উলিয়াই দি : জৰ্জক কলে, “জৰ্জ, ধৰ।”

 “নলওঁ, মোৰ দেউতা, নলওঁ। আপুনি মোৰ নিমিত্তে বহুতো কৰিছে আৰু মানুহে এই কথা শুনিলে বা জানিলে আপোনাৰ বিপদ হবৰ সম্ভাবনা। মোৰ টকা আছে। আৰু যিখিনি আছে সেই খিনিৰেই যথেষ্ট হব।”

 “জৰ্জ, নহয় লবই লাগিব। টকা যিমান লগত থাকে [ ৫৪ ] ভাল--বিশেষ যেতিয়া বেয়া উপায়েৰে সেই টকা অহা নাই। ল, বোপাই, ল।”

 “আপুনি তেনেকৈ কলে ল’ম দেউতা, কিন্তু মই এই টকা ধাৰ বুলি ললোঁ আৰু সুজিম।

 “বাৰু জৰ্জ এনেদৰে কিমান দিন ফুৰিবি। তোৰ বুদ্ধি আছে কিন্তু বৰ ভয়, বৰ ভয়, বৰ ভয়ো আছে জৰ্জ। এই কলা মানুহটীয়েই বা কোন?”

 “বৰ ভাল মানুহ ই। এবছৰ আগৈয়ে ক্যানাডালৈ পলাই গৈছিল। তাত গৈ শুনিলে যে, সি পলাই যোৱাৰ বাবে তাৰ গৰাকীৰ ইমান খং যে তাৰ মাকক মাৰি মাৰি কষ্ট দিছে। তাকে শুনি মাকক চাবলৈ আহিছে আৰু যদি সুযোগ পায় মাকক লৈ যাবলৈকো আহিছে। তাৰ মাকৰ সৈতে দেখা হৈছে নে?”

 “এতিয়া ও হোৱা নাই। ই ছেগ্ চাই আছে। এতিয়াও সুবিধা হোৱা নাই। এতিয়া সি মোৰ লগত অহাইওলৈকে (Ohio) যাব। তাক যিবোৰ বন্ধুয়ে পলাবলৈ সহায় কৰি- ছিল, সেই মানুহ সকলৰ ওচৰলৈ মোক লৈ যাব। তাৰ পাছত সি আকৌ মাকক চাবলৈ উভতি আহিব।

 বুঢ়া মানুহজনে কলে :—“বৰ সাহৰ কথা, বৰ ভয় লগা কথা বোপাই।”

 জৰ্জ এই কথা শুনি বৰ ওখ হৈ থিয় হৈ, হাঁহি কলে, “দেউতা, আপুনি যে মোক চিনি পাইছো, আপনাৰ ফালে [ ৫৫ ] চায়েই গম পালোঁ। আপোনাৰ মুখৰ ভাৱ দেখি মই বৰ ভয় খালো—যদি বা মই ধৰা পৰোঁ। আপুনি ধৰাই নিদিয়ে জানোঁ, কিন্তু আপুনি মোক চিনি পোৱা যেন দেখিলেই আনে ধৰাই দিয়াব পাৰে, সেই দেখিয়েই মই আপোনাৰে সৈতে কথা কৈ আপোনাক ইয়ালৈ আনিলোঁ। মই কাইলৈ দোকমোকালিতে যাম আৰু নিশা ওহাইও পামগৈ। মই গোটাই দিনটো যাম, ভাল ভাল হোটেলত এই দেশৰ “প্ৰভু” সকলৰ লগত বহি একে লগে খাম। বিদায় মাগোঁ এতিয়া দেউতা। দেউতাই যদিহে শুনে যে মই ধৰা পৰিছোঁ, জানিব যে মোক জীয়াই ধৰা নাই। মোৰ মৰা শৱটোহে ধৰিছে।

 জৰ্জে তেতিয়া ৰাজকোঁৱৰৰ দৰে থিয় হৈ তেওঁৰ হাতখন বঢ়াই দিলে। আৰু এই সহৃদয়, মৰমীয়াল বুঢ়াজনে জৰ্জ হাত জোকাৰি ক'লে, “ভালকৈ যাবি, বোপাই। অতি সাৱধানে চলিবি। এই কথাকৈ এই মহৎ মানুহজন খোটালিৰ পৰা ওলাই গ'ল।

 এতিয়া আমি এটি সুন্দৰ, সকলো বস্তুয়েই যত যি ভাবে থাকিব লাগে এনে ভাবে সজোৱা ঘৰলৈ যাও গৈ বলা। ঘৰৰ মাজিয়াত অকণেই ধূলা নাই, ৰান্ধনী ঘৰৰ চুল পৰিষ্কাৰ, ঘৰৰ মাচিয়াবোৰ দেখিলে বহিবলৈ মন গৈ আৰু উঠিবৰ মন নেযায়। ৰান্ধনি ঘৰৰ চাৰিউফালে থাল, বাটি, বস্তু-বেহানী ফফটিয়া চিকণ। সকলো বস্তু দেখিলে এই কথা মনলৈ