সৰাপাত

ৱিকিউৎসৰ পৰা
[ বেটুপাত ]

সৰাপাত

— বেণুধৰ ৰাভা

[ প্ৰথম পৃষ্ঠা ]
 

সৰাপাত


 

— বেণুধৰ ৰাভা

[ মুদ্ৰণ ] Sorapat: A Collection of Assamese Poem by Benudhar Rabha,

Published also Benudhar Rabha, Majebari, Kamrup, Assam.
Price: Rs. 25.00 First edition : 2018.


প্ৰকাশক   ⵓ বেণুধৰ ৰাভা
  মজেবাৰী, কামৰূপ, অসম
 
সৰ্বস্বত্ব   ⵓ লেখক
  ৮৪৭৪০ ৯৬৬৩৭
 
অৰিহণা   ⵓ পঁচিশ টকা মাথোন
 

মুদ্ৰণ   ⵓ সুকুমাৰ প্ৰিণ্টিং ওয়াৰ্কচ্
  ধূপধৰা, ৭৮৩ ১২৩

[ উছৰ্গা ]

 

অৰ্পণ

বিকালী মহাবিদ্যালয়ৰ
কবিতা লিখি আৰু পঢ়ি ভাল পোৱা
মোৰ সমূহ বন্ধু-বান্ধৱীৰ হাতত
‘সৰাপাত’
অপৰ্ণ কৰিলোঁ।


- বেণুধৰ ৰাভা।

[ সূচীপত্ৰ ]

সূচীপত্ৰ

□ কহুঁৱা  
□ মই কবি  
□ শ্বিলঙলৈ  
□ জাগৰণ  
□ বৰষুণ  
□ শব্দৰ টোপাল  
□ চুলি মেলি তই নাহিবি  
□ জোনাক ভালপাওঁ কিয়  
□ পদুলিলৈ  
□ তোমাৰ অপেক্ষাত  
□ প্ৰেমৰ পৃষ্ঠাবোৰ  
□ সাগৰিকা  
□ ফাগুন   ১১
□ শীতৰ সেমেকা ৰাতি   ১১
□ চিত্রলেখা   ১২
□ তুমি হাঁহিলে   ১৩
□ ঠিকনা বিহীন   ১৩
□ হঁহুৱা   ১৪
□ অৰুণাচলত প্ৰেম   ১৫
□ শৰৎ   ১৬
□ প্ৰেমৰ দোমোজাত   ১৬
□ মোৰ ভাল লগা গাভৰুজনী   ১৭
□ তুমি আহিছিলা এজাক বৰষুণ হৈ   ১৮
□ ব্যৰ্থতাৰ বচন   ১৮
□ সৰাফুলৰ বাটেৰে আকৌ উভতিবা   ১৯
□ সপোনে সজা ঘৰখন   ২০
□ সলনি হোৱা বন্ধু   ২০
□ হৃদয়ে বিচাৰে প্ৰেম   ২১
□ প্রিয় নাৰী তুমি নিৰাশ নহবা   ২১
□ মা   ২২
□ তোমাক ভাল পাবলৈ মোৰ একো নাই   ২২
[  ]

কহুঁৱা

এচাটি অচিনা
প্ৰেমৰ বতাহত মাতাল হৈ
মোৰ বুকুত কহুঁৱা হালিছে,
নাচিচে বাগিচে
আনন্দত মতলীয়া হৈ
অচিনা সুৰ তুলিছে
মোৰ হৃদয় বীণাত।
কিন্তু কিমান দিন?
মোৰ এই মনৰ কহুঁৱা
নিষ্ঠুৰ সময়ে হয়তো
কাঢ়ি লৈ যাব,
চঞ্চল ফাগুনেও
সময়ৰ সৈতে খোজ লৈ
উদং কৰি যাব
মোৰ কহুঁৱাৰে ভৰা
মনৰ দলিচা।

   
 

মই কবি


 

মই কবি
কবিতা লিখোঁ
সৃষ্টিৰ দুৱাৰত সপোন সাজি
নীলা চিয়াঁহীৰে শব্দ গাঁথো,
মোৰ শব্দ আবিৰ সনা
নীলাভ আকাশৰ পৰা বুটলি অনা,
শব্দবোৰ এখনি নৈ হৈ বৈ যায় দূৰ দূৰণিলৈ
আৰু ঢৌ খেলি ছন্দবোৰ
ভাঁহি যায় কুল কুলকৈ হৃদয়ৰ পানচৈ ঘাটলৈ।
কবি মই পশ্চিমৰ আবেলিত সৃষ্টি হোৱা
হেঙুলীয়া সপোন লৈ নামি অহা,
কতো যে কবিতা ৰচো
শইচ পথাৰৰ সোণোৱালী কবিতা
ৰাতিৰ আকাশত ৰূপোৱালি মালিতা,
ৰ’দ কাঁচলিৰ মিঠা শিহৰণ
আৰু ক’তো যে কবিতা সৰি পৰে
মোৰ কঁপা হাতৰ আঙুলিৰ ফাকেৰে,
শুকান পাতেৰেই কেতিয়াবা
জীয়া প্ৰেমৰ শ্লোগান ৰচোঁ,
শুকুলা মেঘৰ আঁৰতেই
ছাইৰঙী ডাৱৰ লুকুৱাই থওঁ,
দুখৰ হুমুনিয়াহ দেখি হাঁহি মুখৰ কবিতা শুনাও
কাৰণ মই যে কবি পশ্চিমৰ আবেলিত
সৃষ্টি হোৱা।

[  ]

শ্বিলঙলৈ

আহিবা এদিন
মই লৈ যাম তোমাক
শ্বিলঙৰ একা বেকা নিৰ্জন পথেৰে,
মাজে মাজে গাড়ীখন ৰখাই
দুয়ো শ্বেলফি মাৰিম,
আমি বিলীন হৈ
এক অবুজ হেঁপাহত,
শিহৰণবোৰে আকোঁৱালি
ল’ব আমাক,
নিশাবোৰে সাৰে ৰ’ব
কুঁৱলিবোৰে বাৰে বাৰে আমনি কৰিব
চেঁচা চেঁচা অনুভৱে
সোঁৱৰাই দিব
শ্বিলঙত আমাৰ
প্ৰেমৰ গভীৰতা কিমান,
কিমান গভীৰতালৈ...!

   

জাগৰণ

নিদ্ৰাত মগ্ন তুমি
এন্ধাৰক খেদিবা কেনেকৈ?
ঘন অন্ধকাৰে ছানি ধৰা
কঠোৰ বাটত তুমি
চিনিব পাৰিবা জানো নিজক?
দেশৰ হাজাৰ জনতা,
তৰাফুলা সপোনৰ আকাশক
তুমি আঁতৰাই দিয়া,
জগায় তোলা আশাৰ
কোমল পাপৰিক,
খেপিয়াই ফুৰা
গভীৰ অৰণ্যৰ মাজত,
এদিন নিশ্চয় দেখিবা
সূৰুযৰ স্নিগ্ধ কিৰণ
পূৱ আকাশৰ বিশাল বুকুত।

[  ]
 

বৰষুণ

বৰষুণ নামিলেই
সপোন জাগে সেউজ ধৰাত,
কুঁহিপাতে হাঁহে প্ৰতি বিৰিখৰ ডালে
দুৱৰিয়ে ঠন ধৰে আকাশলৈ চাই
বৰষুণৰ টোপে টোপে
তৃষ্ণাতুৰৰ হেঁপাহ থাকে,
চিৰাল ফঁটা আইৰ বুকুত
বৰষুণে ৰহণ সানে,
খেতিয়কে নাপায় আহৰি
কঠিয়াৰ সপোনে আঁতৰাই
জিৰণিৰ পাতনি।
বৰষুণ নামিলেই ধুলিয়ৰি আকাশে
মলিয়ন বস্ত্ৰ সলায়
হেঙুলীয়া আকাশ ৰচে
বিৰিঙাই নতুনত্বৰ হাঁহি।
গাঁৱে ভূঞে চহৰে নগৰে
হিংসা কপটতা ধোঁৱাই লৈ যায়
প্ৰতি বৰষাৰ বানে,
বৰষুণে আনে সজল সপোন,
বৰষুণতেই থাকে হেঙুলীয়া
আৱেগৰ নাচোন,
বৰষুণ যেন এজাক চেঁচা হুমুনিয়াহ।

   

শব্দৰ টোপাল

মোৰ দুহাতত এটি শব্দৰ টোপোলা
আছে
গাঁঠিটো কেতিয়াবা খুলি দিওঁ
সৰি পৰে ৰঙা নীলা হাজাৰটা পখিলা
উৰি যায় বকুল বনৰ সুৱাস বিচাৰি
উৰি যায়.....।
দুপৰৰ মোহোনাত
হৃদয়ৰ সাঁচিপাতে
অনুভূতিৰ বৰষা হৈ
হেঁপাহৰ শিৰে শিৰে বৈ যায়
সৰি পৰে সেই একেখন হাতৰ
লিহিৰি আঙুলিৰ ফাঁকেৰে
টোপ টোপকৈ
শব্দৰ বৰষুণ।

[  ]

চুলি মেলি তই নাহিবি

 

চুলি মেলি মেঘালী
কলেজলৈ তই নাহিবি
কপৌফুল গুজিম ক’ত,
পদুলিৰ ৰক্ত জৱা
বাৰীৰে মদাৰ ৰঙা
সানিম গৈ তোৰে দুগালত।

আকাশৰ তলতে মই
লিখো বহুত কবিতা।
চেনাই ঐ তোৰে কথা ভাৱি,
ৰ’দালিৰ পোহৰত
চাট্ মাৰে শৰীৰে
কিনো তোৰ ৰং ৰূপ চাবি।

বাটে ঘাটে ডেকায়ে
তোকে দেখি জোকালে।
চেনাই মোৰ নকৰিবি ভয়,
গাভৰু চাঙতে
তোৰে নাম সুঁৱৰি
বহুজনে বহু কথাও কয়।

সপোন তোৰে হেঙুলীয়া
আশাবোৰ ডাৱৰীয়া
ওঁঠতে মিচিকিয়া হাঁহি,
দেহি ঐ তোৰে বুকুত
কেতিয়ানো ফুলিলে
গুপুতে পদুমৰ পাহি।

ফাগুনৰ বাটেৰে
কঁহুৱা তই ফুলাবি
ঐ মোৰে আজলি প্ৰিয়া,
কুঁহিপাতৰ আঁৰে আঁৰে
মৰম মোক যাচিবি
ব’হাগতে দিবাহি হিয়া।

   

কলেজৰ বাকৰিতে
কৃষ্ণচূড়াৰ তলতে
তোকে ঐ থাকোঁ মই ৰয়
প্ৰেমৰ বৰষাৰে
নৈ সোঁতৰ গতিৰে
ভাহি আহা মোৰ বুকুলৈ।

ঐ ছোৱালী তই মেঘালী
বুকুৰ বাগিছাতে মোৰ
হবি তই ৰাণী,
কুঁৱলীৰ ফাঁকেৰে
নিৰৱতা ফালি
লৈ যাবা তই মৰম এধানি।
তই যে মোৰ সপোনৰ
তই যে মোৰ দিঠকৰ
প্ৰিয় অৰ্ধাঙ্গিনী।

[  ]

জোনাক ভালপাওঁ কিয়

তোমালৈ ৰৈ ৰৈ
হেঁপাহৰ পাপৰি
মৰহি গ’ল।
কেঁচা মাটিৰ সুৱাস
হেৰাই গ’ল
সোণোৱালী শস্যৰ পথাৰত।
নাজাননা তুমি ভাৱিছা কি?
হয়তো তোমাৰ পৃথিৱী
মোৰ পৰা এতিয়া বহু দূৰৈত।
ক্ৰমশঃ উৰি গ’ল
প্ৰতিটো পল অনুপল
দিনবোৰ নিদ্ৰা হৈয়ে ৰ’ল,
সাৰে থাকিল মাথোঁ জোনাক
মোৰ বিননিৰ সমভাগী হৈ
সেয়ে জোনাক মোৰ প্ৰিয়।

   
 

পদুলিলৈ

এদিন আহিবাচোন
মোৰ নিজান পদুলিলৈ,
পদুলিত ফুলি থকা
নাহৰ তগৰৰ সুৱাস লৈ
চাবাহিচোন মোৰ উৰুঙা
পঁজাৰ দুয়োকাষে
দেখিবা মোৰ ৰঙীন বাগিছাৰ
ফুলববাৰে তোমাক
ৰিঙিয়াই মাতিছে
ফুলবোৰে যেন মতলীয়া হৈ পৰিছে
তোমাৰ আগমনত!
সঁচাকৈয়ে এদিন আহিবাচোন
মোৰ পদুলিলৈ
এচাতি মলয়া বতাহৰ স’তে
লৈ আহিবাচোন
এজাক প্ৰেমৰ বৰষা,
হয়তোবা সেই বৰষাতে
মাতাল হৈ ফুলবোৰ
চিৰদিন ফুলি
হালি জালি ৰয়ে।

[  ]
 

তোমাৰ অপেক্ষাত

মোৰ দুচকুৰে
চকুলো নিগৰে
এটি বোঁৱতি নদীৰ দৰে।
পাৰ ভাঙি আহিব খোজে
বেদনাৰে উপচি পৰা ঢোল
মোৰ নয়ন জুৰিৰ
স্বচ্ছ ঘাটেৰে।

তথাপিতো মই
তোমাৰেই অপেক্ষাত
ৰৈ আছো প্ৰেমৰ
কোনোবা মোহোনাত।
কিজানি তুমি আহি
সেই মোহোনাতেই
মাতাল হৈ
আকৌ বিলীন হোৱা
মোৰ নিসংগ হৃদয়ত।

   

প্ৰেমৰ পৃষ্ঠাবোৰ


 

এয়া চোৱাচোন—
মই প্ৰেমৰ পৃষ্ঠাবোৰ বিচাৰি
কেনেদৰে হাবাথুৰি খাইছোঁ....
তোমাৰ হয়তো হাঁহি উঠিছে
মোৰ এনে অৱস্থা দেখি।
সিদিনা তুমিয়েই চিঙি দিলা
মোৰ ৰঙীন প্ৰেমৰ পৃষ্ঠাবোৰ,
হয়তো ভাবিছিলা চাগে
পৃষ্ঠাবিহীন প্ৰেম মূল্যহীন।
কিন্তু তুমি জানো বুজা,
প্ৰকৃত প্ৰেমৰ অৰ্থ?
মই বুজো;
মোৰ প্ৰেম,
মোৰ ভালপোৱা
সদায় চিৰস্থায়ী।

[  ]

সাগৰিকা

সাগৰিকা
তুমি সঁচাকৈয়ে বৰ ধুনীয়া,
তোমাৰ ৰূপ আৰু যৌৱনৰ ছবি
আঁকিব নোৱাৰোঁ মই
মোৰ স্বপ্ননীল কবিতাৰ বুকুত।
তোমাৰ মিচিকিয়া হাঁহিত
ভাহি উঠে নিশাৰ
স্নিগ্ধ জোনাকৰ সেমেকা পোহৰ,
আৰু মোৰ ক্ষুব্ধ হৃদয়
হৈ পৰে মুগ্ধ
তোমাৰ কণ্ঠৰ হেজাৰ লহৰত।

সাগৰিকা
মই প্ৰেমিক তোমাৰ
সংগ্ৰামী জীৱনত
নিষ্ঠুৰভাৱে মাগিছো মই
প্ৰেমৰ ভিক্ষা
জীৱন ব্যৰ্থৰ ভয়ত।

   

জানা সাগৰিকা
তোমাৰ সেই নিমজ গালত
মই সানি দিব খোজোঁ
ফুলৰ ৰহন,
আৰু যৌৱনে ভৰা দেহত তোমাৰ
আঁকি দিব খোজো
প্ৰেমৰ চাপ।

সাগৰিকা
তুমি নকৰিবা বহিঃস্কাৰ
মোৰ ক্লান্ত হৃদয়ক,
মই যে এতিয়াও মগ্ন
তোমাৰ হৃদয়ৰ গভীৰতাত।
তুমি চশমাযোৰ পিন্ধিলে
জানা সাগৰিকা,
ৰঙীন হৈ পৰা এই বিশ্ব জননীত,
আৰু তোমাৰ দ’ ওঁঠত
হাঁহি বিৰিঙিলে
সাত সাগৰতো যেন

[  ]

অশান্ত হৈ পৰে শান্ত উৰ্মিমালা।
সাগৰিকা
তোমাৰ বাবে পাগল
কলেজৰ প্ৰেমিক ডেকাবোৰ,
তোমাৰ অভিমানৰ পুখুৰীত
স্নান কৰিব খোজে,
আৰু উৰুৱাই দিব খোজে
তোমাৰ হৃদয় দলিচাত
স্বচ্চ প্ৰেমৰ শুক্ল পতাকা।

সাগৰিকা
মই জ্ঞাত তোমাৰ চিত বাৰ্তাবোৰ,
মোৰ কবিতাই
আকাশ লংঘিব পাৰে,
ৰক্ত হৈ সোমাব পাৰে
নিৰ্বলী হৃদয়ত,
অৱস্থান কৰিব পাৰে
সুউচ্চ হিমালয়ৰ
শুকলা টিঙত,
কিন্তু আজিও ব্যৰ্থ মই
তোমাৰ শিলাময় হৃদয়ৰ
আৱৰণ ভঙাত ৷সাগৰিকা
মোৰ শব্দ চন্দৰ অযুত কবিতা
তোমাৰ তেজত নহয় বন্দী,
মাথোঁ বতাহৰ দৰে
চুই যায়
তোমাৰ চৰণ আচম্বিতে।

সাগৰিকা
তোমাৰ লাহৰী খোজত
স্বপ্ন জাগৰিত মোৰ
মায়াবী নিদ্ৰাত।
আৰু তোমাৰ ঘন কলা চুলিত

   

স্তব্ধ হয় ব্ৰত
মোৰ দৰে পাগল জোৱানৰ।
তোমাৰ লিহিৰি আঙুলিত
জেতুকাৰ বোল নাই,
শুভ্ৰ দুগালত নাই
চঞ্চলতাৰ চিন,
অসীমত বিৰাজ তোমাৰ মোহময় শৰীৰে
আৱিৰ সানিছেহি আজি
যৌৱনৰ ঢোলত।

সাগৰিকা
মই প্ৰেম পূজাৰী
হৃদয় থাপনাত মোৰ
মূৰ্তি তোমাৰ
আলিংগন কৰিছোঁ
জোঙা অস্ত্ৰৰ ঢাৰেৰে।
সাগৰিকা
তোমাৰ প্ৰেমত মই নিৰ্বিকাৰ,
জীৱনৰ প্ৰতিটো ছন্দে ছন্দে
থাকিবা মোৰ সমন্ধিতে,
যন্ত্ৰনাৰ জীয়া মন্ত্ৰ
বুকুত লৈ
সৰ্বকাল নিতে।
তুমি নহ’বা সাগৰিকা
প্ৰেমৰ হিংস্ৰ যোদ্ধা,
নিদিবা পথাৰত ৰণৰ সংকেত
বৰটোপ, হিলৈৰ ধ্বনি,
মই যে নহয় শত্ৰু তোমাৰ
আতংকত চুৰমাৰ হ’বলৈ।
মোৰ অস্ত্ৰ প্ৰেম শাস্ত্ৰ।
প্ৰেমেৰেই কৰিম বশ
তোমাৰ ক্ষুদ্ৰ হৃদয়।

[  ]

সাগৰিকা
মই শুনো তোমাৰ পাৱ ভৰি থকা
পায়েলৰ (নুপুৰৰ) ধ্বনি,
ৰিণিকি ৰিণিকি
আলসুৱা মেঘৰ দৰে ভাহি আহে
মোৰ কৰ্ণ পৰ্দাৰ সীমান্তত।
মোৰ প্ৰেম পৰীক্ষা
তুমিও কৰিব পাৰিবা সাগৰিকা,
শ্ৰীকৃষ্ণৰ দৰে
অযোধ্যাৰ জুইৰ লেৱৰটৰিত।
মোৰ চেনেহী সাগৰিকা।
তুমি নিৰৱ গভীৰ সাগৰৰ দৰেই,
কেতিয়াও ক্ষান্ত নোহোৱা
মোৰ অন্ত প্ৰেমত।
মাথোঁ বৈ যোৱা নিৰন্তৰে
স্বতঃস্বিনীৰ দৰে
বিমূৰ্ত হৈ আপোন কৰ্তব্যত

সাগৰিকা।
তুমি বাৰু কি সূতাৰে
বান্ধিলা মোৰ সুকোমল হৃদয়,
মুক্তিৰ কঠোৰ চেষ্টাও দেখোন
আজি পৰাজয়
মাথোঁ অপৰাজয়
উন্মুক্ত ভাৱেৰে লিখা
মোৰ জ্বলন্ত প্ৰেমৰ শ্লোগান।

সাগৰিকা
তুমি বাৰু প্ৰেমিক নেকি
একবিংশ শতিকাৰ?
নৱ নৱ প্ৰভাতৰ
নৱ প্ৰেম বন্ধনত
তোমাৰ হৃদয় বিচ্যুৎ কিয়,

   

অস্ত যোৱা বেলিৰ দৰে
অদৃশ্য হৈ কিম্বা
ভাৱনাৰ স্বপ্নত মোৰ
কিয় অন্ধকাৰৰ
অন্ধচালি ওলোমাই দিয়া।

সাগৰিকা
নহ'ব পাৰে মোৰ
অৰ্থৰে ভৰা বিশাল কোঠালী,
হাৱাত (বতাহত) উৰিব পৰা
দুচকীয়া বাহন
মই যে নহয় কোনো মহাজনৰ
মহান পুত্ৰ,
কিন্তু মোৰ আছে
এখনি হৃদয়
মোৰ প্ৰতিটো কথাৰ
পৃষ্ঠাৰ ভাঁজত গমি চালে
দেখিবা তাৰেই ইংগিত।

সাগৰিকা
হয়তো অবুজন
তুমি মোৰ বুজন ভাষাত,
অভিধানৰ অভিধান
পাঠ কৰিও দেখোন নাপালোঁ
তোমাৰ চিনাকী
শব্দৰ শিকলি।
সাগৰিকা
তোমাৰ ক্ৰোধ জ্বালামুখী হৈ
স্বচ্চ নয়ন ঘাটেৰে
পাৰ ভাঙি বৈ আহিব খোজে,
আৰু তোমাৰ অহংকাৰ,
নাই নাই ময়েই কৰিম সেয়া বিনাশ
মোৰ অহংকাৰী চিৰচেনেহী।

[ ১০ ]

সাগৰিকা
তোমাৰ কোমল ঘাঁহনিত
ৰচীৰে বান্ধিব খোজোঁ
মোৰ চঞ্চল হৃদয়ক।
জানা সাগৰিকা
আৱেগত উতলা মই
প্ৰেমৰ পিয়াহত ভ্ৰষ্ট তোমাৰ
অনাকাংক্ষিত আশা
সৃষ্টিৰ দুৱাৰত
অচিন প্ৰলয়ে দিয়েহি খুন্দা।

সাগৰিকা
তোমাৰ ৰঙা ওঁঠত
নতুনত্বৰ সপোন
সৃষ্টি হয় অকাল ভাৱনাত
অযুত কল্পনাত অজানিতে,
আৰু জানানে সাগৰিকা
মোৰ নষ্ট চৰিত্ৰৰ কথা
মই অংকন কৰিব খোজোঁ
এটি চুম্বন,
হাঁহি বিৰিঙা তোমাৰ
কোমল ওঁঠৰ বাকৰিত।

সাগৰিকা
মই মানৱ, নহয় দানৱ
কোনো পাশৱিক প্ৰহাৰ কৰি
নকৰো ৰক্তপান মই
তোমাৰ কেঁচা কলিজা।
মোৰ চিফুং বাঁহীৰ কৰুণ সুৰত
নিৰলে বৈ যোৱা
অশ্ৰুধাৰাৰ সোঁতত
ঢালি দিয়া না সাগৰিকা
এমুঠি হাঁহিৰ খোৰাক।

   

মোৰ যাত্ৰা পথত
এয়া অন্ধকাৰ আৰু
অন্ধকাৰ নামিছে,
অমাৱশ্যাৰ এই ৰাতিত
এগছি বন্তিৰে
তুমি পাৰিবা নিক্ষেপ কৰিব
মোৰ শত্ৰু এন্ধাৰক,
কিন্তু তুমি নুবুজা
বন্তিৰ শিখাত
উত্তাপৰ প্ৰখৰ কিমান!

সাগৰিকা
তুমি জানো বুজিবা
মোৰ তেজস্বী কবিতাৰ
তেজাল অৰ্থ?
হয়তো নুবুজিবা চাগে
মোৰ শব্দৰ মায়াজাল
তোমাৰ হেমকোষত যে
আজিও অদৃশ্য।

সাগৰিকা
মই আকাশী চৰাই,
আকাশৰ বিশালতাত
মোৰ সৃষ্টিৰ চানেকি,
চঞ্চলতাৰ ডেউকা মেলি
খেপিয়াই ফুৰিছোঁ মই
তোমাৰ সুবাস বিচাৰি,
নিবিছাৰো সাগৰিকা মই
মহাশূণ্যত শূণ্যতাৰ স্থল,
মাথোঁ বিচাৰো তোমাৰ হৃদয়ত
মৰম ভালপোৱা আৰু
আকুলতাৰ
এক বৃহৎ জোঁৱাৰ।

[ ১১ ]
 

ফাগুন

 

আকৌ ফাগুন নামিল
গছ বন বিৰিখৰ ডালে ডালে
সৰাপাতৰ ঠিকনাৰে,
ফাগুনে শুভ্ৰ ডাৱৰৰ ৰহন সানে
ধূলিয়ৰি আকাশত বাউলি হৈ
উতনুৱা ফাগুনে নাচে হেঁপাহৰ তালে তালে
অ’ নিলাজ ফাগুন,
তোৰ আঙুলিৰ স্পৰ্শত
উলংগ হৈ পৰে পলাশ শিমলু
আৰু মদাৰৰ সুঠাম দেহ।

ফাগুন চঞ্চল
পলৰীয়া মেঘৰ আঁৰে আঁৰে গীত ৰচে তৃষ্ণাৰ,
ব'হাগৰ বতৰা লৈ নামি আহে বৰষুণ
লচপচি ফাগুনৰ বাটেৰে,
তৰুলতাৰ ডালে পাতে
আনন্দৰ স্পন্দন
ঘৰ্মাক্ত ধৰালৈ কুঁহিপাতৰ আগমন
কুঁহিপাতে মাথোঁ ৰচি যায় সুৰ ফাগুনৰ,
অ’ দুষ্ট ফাগুন
অ’ চতুৰ ফাগুন
তোৰ সানিধ্যতে ৰচোঁ আমি
আশা ভৰা জীৱনৰ হেজাৰ সপোেন।

   

শীতৰ সেমেকা ৰাতি

সেমেকা শীতৰ ৰাতিত
হিমচেঁচা হৈ নামি আহে কুঁৱলি
কুচি মুচি সোমায় পৰো কম্বলৰ বুকুত
মাজনিশা কেতিয়াবা খিৰিকি মেলি চাওঁ
আকাশৰ ৰূপোৱালী জোনাকলৈ
আৰু গুণি চাওঁ তৰাফুল,
শুভ্ৰ ডাৱৰবোৰে কিনো কৰিছে
শীতৰ সেমেকাত
সিহঁতে অনুভৱ নকৰে নেকি
চেঁচা কুঁৱলিৰ কাতৰ স্পৰ্শ।
দুখীয়া ঘৰৰ মই সুকীয়া ল'ৰা
শীত নাশিবলৈ আৰ্থিক অনাটন,
ফটা কম্বলেৰে দেহ মেৰিয়াও
অ’ অঘৰী কুঁৱলি
নুবুজা কিয়?
অন্তত নিশাবোৰ তুমি শুই থাকা
মোৰ দৰে প্ৰতিজনক
প্ৰতিঘৰক শান্তিৰে শুৱলৈ দিয়া
শান্তিৰে জিৰাবলৈ দিয়া।

[ ১২ ]

চিত্ৰলেখা

 

তুমি চিত্ৰলেখা
এখনি ছবি আঁকা
গভীৰ নিদ্ৰাত
সপোন জগাৱলৈ
জীৱন ষ্টেচনত মোৰ
আছেনে কোনোবা?
চিত্ৰলেখা
তুমি সেই ছবিখনি আঁকা।

তুমি চিত্ৰলেখা
আঁকা নাই কিয়
সাতাইশৰ দুৱাৰত
মোলৈ ৰৈ থাকিব কোনে,
প্ৰতিখোজ মিলাব কোনে
মোৰ প্ৰতিটো পথত?

তুমি চিত্ৰলেখা,
ৰামধেনুৰ ৰঙীন তুলিকাৰে
তুমি সেই নাৰীৰ
ছবিখনি আঁকা।

চিত্ৰলেখা
তুমিতো ভৱিষ্যতৰ ছবি আঁকা
সপোনৰ ছবি আঁকা
প্ৰভাতৰ ছবি আঁকা
তেন্তে মই কোৱা
সেই ছবিখনি কত?
শীতৰ সেমেকাত
দেহ শেঁতা পৰি
কোনে সোমায় পৰিব মোৰ দুবাহুৰ মাজত?

   

তুমি চিত্ৰলেখা
আঁকি দিয়া নিৰ্ভয়েৰে
কোন সেই সন্ধ্যা ৰাগিনী
মই চাব খোজোঁ তাইৰ প্ৰতিচ্ছবি।

চিত্ৰলেখা তুমি
শীঘ্ৰেই আঁকি দিয়া
সেই ছবিখনি।
যদি নাই পোৱা
দাপোনত গৈ নিজকে এবাৰ চোৱা,
কোনে জানে
হয়তো তুমিয়েই
দিহিঙে দিপাঙে বিচাৰি ফুৰা
মোৰ সেই সপোন কুঁৱৰীজনী।

[ ১৩ ]

তুমি হাঁহিলে

 

তুমি হাঁহিলে
মোৰ মন নাচি উঠে,
প্ৰাণ পাই উঠে
শুকান বালিত
পোত খাই থকা
মোৰ ৰঙীন সপোনবোৰ,
আৰু মোৰ মন সাগৰতো
এক অচিনাকী জোৱাৰে
প্ৰচণ্ড ঢৌ তোলে,
যি টৌত ভাহি আহে
তোমাৰ জোন যেন লগা মুখনি।
তুমি হাঁহি দিলে
মোৰ কোমলীয়া মনে
ধুমুহাৰ গতিৰে উৰি যায়,
তোমাৰ কাষলৈ,
কি বিচাৰি
সেয়া ময়ো নাজানো,
জানো মাথোঁ সেয়া
তুমি হাঁহি দিলে
মই প্ৰেমৰ বৰষাত
তিতি যাওঁ।

   
 

ঠিকনাবিহীন

নৈৰ সোঁতৰ দৰে
জীৱনৰ সোঁতে সোঁতে
মই বৈ থাকে, মাথোঁ বৈ থাকে।
মই ঠিকনাবিহীন
সোঁতৰ কোনো ঠিকনা নাথাকে,
আনৰ ঠিকনাতেই পৰিচয় দি
মই হেৰাই যাওঁ
অচিনা পৃথিৱীৰ ছাঁত।
কেতিয়াবা চৰাই হৈ
আকাশত পাখি মেলো
গোলাপ হৈ বাগিছাত হাঁহি বিৰিঙাও;
প্ৰখৰ ৰ'দত শুকান পাতখিলা হৈ
সৰি পৰোঁ ডালৰ পৰা বহু তললৈ,
তেন্তে মোৰ ঠিকনানো ক'ত
আকাশত নে সেউজ কত?
সেয়ে হয়টো মই ঠিকনা বিহীন।
ঠিকনা হ’বলৈ নাম লাগে
পৰিচয় হ’বলৈ মাখো হৃদয় লাগে,
ঠিকনা হ’বলৈ স্থান লাগে
পৰিচয় হ'বলৈ মাথো সময় লাগে,
মোৰ কোনো নাম নাই
মোৰ কোনো স্থান নাই
সেয়ে মোৰ পৰিচয় ঠিকনাবিহীন
সঁচাকৈয়ে ঠিকনাবিহীন মই।

[ ১৪ ]
 

হঁহুৱা

প্ৰতি নৱবৰ্ষৰ আগমনত
মিলনৰ দলিচা পাৰি
ভোদাভেদৰ প্ৰাচীৰ তৰি
ডেকা-গাভৰুৰ ওঁঠত ফুলা
হেজাৰ ফুলেৰে
হঁহুৱাই মালা গাঁঠে,
পানীৰ প্ৰতি স্পৰ্শই
ধোৱাই লৈ যায় তুলষিত হৃদয়ৰ ধুলিয়ৰি
হঁহুৱাৰ দুয়ো পাৰে
আনন্দৰ বন্যা বয়
শিলে শিলে চিক্‌ মিকাই
সোণ বৰণীয়া পানীৰ স্ফটিক্‌
যেতিয়া সংগীতে ঢৌ খেলে
চঞ্চল হৈ উঠে হৌহোৱাৰ গছ বন বিৰিখ,
একা বেঁকা সোঁতৰ গতিৰে বৈ যায়।
নাচোনৰ তাল দূৰ মোহললৈ।

   

সুদূৰৰ আলহী আহে
যোৰহাট, নলবাৰী অথবা ৰঙিয়া
কহুৱা ফুলা হেঁপাহৰ মানসেৰে
ছটিয়াই আৱেগৰ দেৱদাৰু।
দক্ষিণে অসম মেঘালয়ৰ সীমান্তত হঁহুৱা,
গাৰো, ৰাভা,বড়ো অথবা কিম্বা জনগোষ্ঠীৰ
বুকুৰে পাৰ হয়
শিকায় প্ৰতিজনক মৰম জৰীৰ বান্ধোন।
ভৰ বাৰিষাৰ বৰ বেজাৰ
কোলাহলৰ বৃহৎ জোঁৱাৰ
সহনশীল হঁহুৱাই তথাপি হাঁহে
তথাপি হাঁহিব
দূৰ দিগন্তৰ দৰে
হাঁহিয়েই থাকিব।

[ ১৫ ]


অৰুণাচলত প্ৰেম

তুমিতো পাহাৰী ছোৱালী
ওখ চাপৰ খোলা বমা
সৌ সুউচ্ছ পাহাৰৰ জিয়ৰী
অৰুণাচলৰ গাভৰু,
চাকৰিসূত্ৰে মই লগ পাইছিলো
তোমাক কোনোবা এক
নিৰিবিলি সন্ধিয়াত।
দুয়ো দুয়োতে মগ্ন হৈছিলোঁ
এক মৌ মিঠা কথাৰ আঁৰত।
এদিন লাজৰ ওৰণি গুচাই
জনাইছিলা তুমি
মোক ভালপোৱাৰ কথা
মোৰ হৃদয়ত প্ৰেমৰ কঠিয়া
সিঁচি দিয়াৰ কথা
আৰু মই?
ময়ো খুলি দিছিলো
মোৰ ভালপোৱাৰ দুৱাৰ
তোমাৰ প্ৰেমৰ আগমণত।
দিবোৰ ক্ৰমশঃ পাৰ হৈছিল।
ৰাতিৰ অন্ধকাৰে বিৰাজ কৰিছিল,
কিন্তু ভালাপোৱাৰ নিৰ্লজতাই
সেয়া সোঁৱৰাই দিয়া নাছিল।
দিনৰ পিছত দিন
ৰাতিৰ পিছত ৰাতি
পাৰ কৰিছিলোঁ তোমাৰ স’তে,
স্নিগ্ধ জোনাকৰ পোহৰেই আছিল
আমাৰ সাক্ষী।

   
 

চেঁচা অনুভৱৰ কোমল অনুভূতিয়েই আছিল
প্ৰেমৰ জোৱাৰ,
এতিয়াতো আৰু সেই দিন নাই
অৰুণাচলৰ প্ৰেম মই লৈ আহিছিলোঁ
এতিয়া আৰু সেই ক্ষণো নাই।
আছে মাথো স্মৃতিবোৰ
ৰুমালৰ ভাঁজত।
কিন্তু তুমি এতিয়াও আগৰ দৰেই
ধুনিয়া হৈ আছা জানা,
এতিয়াও অৰুণাচলৰ
সেই লাজুক হাঁহিটো
একেই আছে,
যদিও বাৰ্ধক্যই
বাউলি মাতিছে আমাক।

[ ১৬ ]

শৰৎ

শৰৎ
তুমি আকৌ আহিলা
বৃষ্টিৰ সৰু সৰু টোপালবোৰ
চেঁচা চেঁচা কুঁৱলীবোৰ
তুমি নমাই আনিলা
এই ধুনীয়া ধৰাৰ বুকুত সংগোপনে।

শৰৎ
তুমি মোৰ নিচেই আপোন
তুমিয়েই ৰচাহি নৱ নৱ সপোন।
তোমাৰ প্ৰেমিকা সেই শুকুলা শেৱালি
আশাৰে বাট চাই ৰয়
মাথোঁ তোমাৰ বাবেই।
এতিয়া তুমি আহিলা
শেৱালিৰ ওঁঠত তুলিলা
ৰঙীন হাঁহি।

সেই দুৱৰিক চুমি থকা
নিয়ৰৰ ফুলবোৰে;
জিলিকে মুকুতা মনিৰ দৰে
আৰু পদুলিৰে ভৰা শেৱালি
যেন পশ্চিমৰ আবেলি।
অনাদৰত শুকাই গৈ
শেৱালি পাহিবোৰ যায় মৰহি
এইবোৰ যেন শৰতৰেই ধেমালী।

   

প্ৰেমৰ দোমোজাত

মোৰ পৃথিৱীত
মই প্ৰেমিক চৰাই
অন্তহীন আশালৈ
অসীমত উৰিছোঁ
দিগন্তলৈ যে কিমান দিন বাকী,
অনাগত দিনৰ
উশাহ হ’বলৈ
আছেনে কোনোবা
মোৰ ব্যতিক্ৰমী জগতত,
নাই মোৰ পৃথিৱীত কেৱল ধোৱা আৰু ধোৱা
কিন্তু বৰষুণো দিয়ে,
বৰষি বৰষি বৰষা যেতিয়া নামে,
তেতিয়া সৱাতকৈ
শীতলোতম হয় মোৰ ধৰা,
প্ৰেয়সী তুমি ক’ত বুজিবা।