পৃষ্ঠা:সৰাপাত.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সৰাপাত


 

ফাগুন

 

আকৌ ফাগুন নামিল
গছ বন বিৰিখৰ ডালে ডালে
সৰাপাতৰ ঠিকনাৰে,
ফাগুনে শুভ্ৰ ডাৱৰৰ ৰহন সানে
ধূলিয়ৰি আকাশত বাউলি হৈ
উতনুৱা ফাগুনে নাচে হেঁপাহৰ তালে তালে
অ’ নিলাজ ফাগুন,
তোৰ আঙুলিৰ স্পৰ্শত
উলংগ হৈ পৰে পলাশ শিমলু
আৰু মদাৰৰ সুঠাম দেহ।

ফাগুন চঞ্চল
পলৰীয়া মেঘৰ আঁৰে আঁৰে গীত ৰচে তৃষ্ণাৰ,
ব'হাগৰ বতৰা লৈ নামি আহে বৰষুণ
লচপচি ফাগুনৰ বাটেৰে,
তৰুলতাৰ ডালে পাতে
আনন্দৰ স্পন্দন
ঘৰ্মাক্ত ধৰালৈ কুঁহিপাতৰ আগমন
কুঁহিপাতে মাথোঁ ৰচি যায় সুৰ ফাগুনৰ,
অ’ দুষ্ট ফাগুন
অ’ চতুৰ ফাগুন
তোৰ সানিধ্যতে ৰচোঁ আমি
আশা ভৰা জীৱনৰ হেজাৰ সপোেন।

   

শীতৰ সেমেকা ৰাতি

সেমেকা শীতৰ ৰাতিত
হিমচেঁচা হৈ নামি আহে কুঁৱলি
কুচি মুচি সোমায় পৰো কম্বলৰ বুকুত
মাজনিশা কেতিয়াবা খিৰিকি মেলি চাওঁ
আকাশৰ ৰূপোৱালী জোনাকলৈ
আৰু গুণি চাওঁ তৰাফুল,
শুভ্ৰ ডাৱৰবোৰে কিনো কৰিছে
শীতৰ সেমেকাত
সিহঁতে অনুভৱ নকৰে নেকি
চেঁচা কুঁৱলিৰ কাতৰ স্পৰ্শ।
দুখীয়া ঘৰৰ মই সুকীয়া ল'ৰা
শীত নাশিবলৈ আৰ্থিক অনাটন,
ফটা কম্বলেৰে দেহ মেৰিয়াও
অ’ অঘৰী কুঁৱলি
নুবুজা কিয়?
অন্তত নিশাবোৰ তুমি শুই থাকা
মোৰ দৰে প্ৰতিজনক
প্ৰতিঘৰক শান্তিৰে শুৱলৈ দিয়া
শান্তিৰে জিৰাবলৈ দিয়া।

পৃষ্ঠা/১১