পৃষ্ঠা:সৰাপাত.pdf/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সৰাপাত


চিত্ৰলেখা

 

তুমি চিত্ৰলেখা
এখনি ছবি আঁকা
গভীৰ নিদ্ৰাত
সপোন জগাৱলৈ
জীৱন ষ্টেচনত মোৰ
আছেনে কোনোবা?
চিত্ৰলেখা
তুমি সেই ছবিখনি আঁকা।

তুমি চিত্ৰলেখা
আঁকা নাই কিয়
সাতাইশৰ দুৱাৰত
মোলৈ ৰৈ থাকিব কোনে,
প্ৰতিখোজ মিলাব কোনে
মোৰ প্ৰতিটো পথত?

তুমি চিত্ৰলেখা,
ৰামধেনুৰ ৰঙীন তুলিকাৰে
তুমি সেই নাৰীৰ
ছবিখনি আঁকা।

চিত্ৰলেখা
তুমিতো ভৱিষ্যতৰ ছবি আঁকা
সপোনৰ ছবি আঁকা
প্ৰভাতৰ ছবি আঁকা
তেন্তে মই কোৱা
সেই ছবিখনি কত?
শীতৰ সেমেকাত
দেহ শেঁতা পৰি
কোনে সোমায় পৰিব মোৰ দুবাহুৰ মাজত?

   

তুমি চিত্ৰলেখা
আঁকি দিয়া নিৰ্ভয়েৰে
কোন সেই সন্ধ্যা ৰাগিনী
মই চাব খোজোঁ তাইৰ প্ৰতিচ্ছবি।

চিত্ৰলেখা তুমি
শীঘ্ৰেই আঁকি দিয়া
সেই ছবিখনি।
যদি নাই পোৱা
দাপোনত গৈ নিজকে এবাৰ চোৱা,
কোনে জানে
হয়তো তুমিয়েই
দিহিঙে দিপাঙে বিচাৰি ফুৰা
মোৰ সেই সপোন কুঁৱৰীজনী।

পৃষ্ঠা/১২