পৃষ্ঠা:সৰাপাত.pdf/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সৰাপাত


কহুঁৱা

এচাটি অচিনা
প্ৰেমৰ বতাহত মাতাল হৈ
মোৰ বুকুত কহুঁৱা হালিছে,
নাচিচে বাগিচে
আনন্দত মতলীয়া হৈ
অচিনা সুৰ তুলিছে
মোৰ হৃদয় বীণাত।
কিন্তু কিমান দিন?
মোৰ এই মনৰ কহুঁৱা
নিষ্ঠুৰ সময়ে হয়তো
কাঢ়ি লৈ যাব,
চঞ্চল ফাগুনেও
সময়ৰ সৈতে খোজ লৈ
উদং কৰি যাব
মোৰ কহুঁৱাৰে ভৰা
মনৰ দলিচা।

   
 

মই কবি


 

মই কবি
কবিতা লিখোঁ
সৃষ্টিৰ দুৱাৰত সপোন সাজি
নীলা চিয়াঁহীৰে শব্দ গাঁথো,
মোৰ শব্দ আবিৰ সনা
নীলাভ আকাশৰ পৰা বুটলি অনা,
শব্দবোৰ এখনি নৈ হৈ বৈ যায় দূৰ দূৰণিলৈ
আৰু ঢৌ খেলি ছন্দবোৰ
ভাঁহি যায় কুল কুলকৈ হৃদয়ৰ পানচৈ ঘাটলৈ।
কবি মই পশ্চিমৰ আবেলিত সৃষ্টি হোৱা
হেঙুলীয়া সপোন লৈ নামি অহা,
কতো যে কবিতা ৰচো
শইচ পথাৰৰ সোণোৱালী কবিতা
ৰাতিৰ আকাশত ৰূপোৱালি মালিতা,
ৰ’দ কাঁচলিৰ মিঠা শিহৰণ
আৰু ক’তো যে কবিতা সৰি পৰে
মোৰ কঁপা হাতৰ আঙুলিৰ ফাকেৰে,
শুকান পাতেৰেই কেতিয়াবা
জীয়া প্ৰেমৰ শ্লোগান ৰচোঁ,
শুকুলা মেঘৰ আঁৰতেই
ছাইৰঙী ডাৱৰ লুকুৱাই থওঁ,
দুখৰ হুমুনিয়াহ দেখি হাঁহি মুখৰ কবিতা শুনাও
কাৰণ মই যে কবি পশ্চিমৰ আবেলিত
সৃষ্টি হোৱা।

পৃষ্ঠা/০১