পৃষ্ঠা:সৰাপাত.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সৰাপাত

জোনাক ভালপাওঁ কিয়

তোমালৈ ৰৈ ৰৈ
হেঁপাহৰ পাপৰি
মৰহি গ’ল।
কেঁচা মাটিৰ সুৱাস
হেৰাই গ’ল
সোণোৱালী শস্যৰ পথাৰত।
নাজাননা তুমি ভাৱিছা কি?
হয়তো তোমাৰ পৃথিৱী
মোৰ পৰা এতিয়া বহু দূৰৈত।
ক্ৰমশঃ উৰি গ’ল
প্ৰতিটো পল অনুপল
দিনবোৰ নিদ্ৰা হৈয়ে ৰ’ল,
সাৰে থাকিল মাথোঁ জোনাক
মোৰ বিননিৰ সমভাগী হৈ
সেয়ে জোনাক মোৰ প্ৰিয়।

   
 

পদুলিলৈ

এদিন আহিবাচোন
মোৰ নিজান পদুলিলৈ,
পদুলিত ফুলি থকা
নাহৰ তগৰৰ সুৱাস লৈ
চাবাহিচোন মোৰ উৰুঙা
পঁজাৰ দুয়োকাষে
দেখিবা মোৰ ৰঙীন বাগিছাৰ
ফুলববাৰে তোমাক
ৰিঙিয়াই মাতিছে
ফুলবোৰে যেন মতলীয়া হৈ পৰিছে
তোমাৰ আগমনত!
সঁচাকৈয়ে এদিন আহিবাচোন
মোৰ পদুলিলৈ
এচাতি মলয়া বতাহৰ স’তে
লৈ আহিবাচোন
এজাক প্ৰেমৰ বৰষা,
হয়তোবা সেই বৰষাতে
মাতাল হৈ ফুলবোৰ
চিৰদিন ফুলি
হালি জালি ৰয়ে।

পৃষ্ঠা/০৫