পৃষ্ঠা:সৰাপাত.pdf/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সৰাপাত

তুমি হাঁহিলে

 

তুমি হাঁহিলে
মোৰ মন নাচি উঠে,
প্ৰাণ পাই উঠে
শুকান বালিত
পোত খাই থকা
মোৰ ৰঙীন সপোনবোৰ,
আৰু মোৰ মন সাগৰতো
এক অচিনাকী জোৱাৰে
প্ৰচণ্ড ঢৌ তোলে,
যি টৌত ভাহি আহে
তোমাৰ জোন যেন লগা মুখনি।
তুমি হাঁহি দিলে
মোৰ কোমলীয়া মনে
ধুমুহাৰ গতিৰে উৰি যায়,
তোমাৰ কাষলৈ,
কি বিচাৰি
সেয়া ময়ো নাজানো,
জানো মাথোঁ সেয়া
তুমি হাঁহি দিলে
মই প্ৰেমৰ বৰষাত
তিতি যাওঁ।

   
 

ঠিকনাবিহীন

নৈৰ সোঁতৰ দৰে
জীৱনৰ সোঁতে সোঁতে
মই বৈ থাকে, মাথোঁ বৈ থাকে।
মই ঠিকনাবিহীন
সোঁতৰ কোনো ঠিকনা নাথাকে,
আনৰ ঠিকনাতেই পৰিচয় দি
মই হেৰাই যাওঁ
অচিনা পৃথিৱীৰ ছাঁত।
কেতিয়াবা চৰাই হৈ
আকাশত পাখি মেলো
গোলাপ হৈ বাগিছাত হাঁহি বিৰিঙাও;
প্ৰখৰ ৰ'দত শুকান পাতখিলা হৈ
সৰি পৰোঁ ডালৰ পৰা বহু তললৈ,
তেন্তে মোৰ ঠিকনানো ক'ত
আকাশত নে সেউজ কত?
সেয়ে হয়টো মই ঠিকনা বিহীন।
ঠিকনা হ’বলৈ নাম লাগে
পৰিচয় হ’বলৈ মাখো হৃদয় লাগে,
ঠিকনা হ’বলৈ স্থান লাগে
পৰিচয় হ'বলৈ মাথো সময় লাগে,
মোৰ কোনো নাম নাই
মোৰ কোনো স্থান নাই
সেয়ে মোৰ পৰিচয় ঠিকনাবিহীন
সঁচাকৈয়ে ঠিকনাবিহীন মই।

পৃষ্ঠা/১৩